আৰাধনাৰ টুপনি অহা নাছিল। যোৱাবছৰে তাইৰ স্বামীৰ মৃত্যু হৈছিল। তাইৰ বৈবাহিক জীৱনৰ সুখ মাথো এবছৰহে আছিল। স্বামীৰ মৃত্যুৰ পিছত আৰাধনা শহুৰৰ ঘৰতে থাকিছিল( Assamese Storyboard )। তাইৰ স্বামী, শাহু আৰু শহুৰেকৰ এক মাত্র সন্তান আছিল। আৰাধনাৰ শহুৰৰ ঘৰখন আৰু মাকৰ ঘৰখন, দুয়ো ঘৰই আৰ্থিক ভাবে সৱল আছিল। আৰাধনা নিজৰ মাকৰ ঘৰখনত চাৰি সন্তানৰ ভিতৰত আটাইতকৈ সৰু আৰু একমাত্র ছোৱালী আছিল।
মাক দেউতাক আৰু তিনি ককায়েকৰ আলসুৱা আৰাধনাই হায়াৰ চেকেণ্ডেৰী পাছ কৰাৰ পাছতে বিবাহ পাশত আৱদ্ধ হৈছিল। স্বামীৰ মৃত্যুৰ পাছতে, তাইৰ দেউতাকে আৰাধনাক নিজৰ ঘৰলৈ লৈ যাবলৈ আহিছিল।
কিন্তু তাই দেউতাকৰ লগত নগল আৰু দেউতাকক কলে যে, দেউতা, আপোনাৰ তিনিটা সন্তান আছে, কিন্তু মোৰ শাহু শহুৰৰ কোনো নাই? মই ইয়াতে থাকি তেওঁলোকৰ সেৱা কৰিম। আৰাধনাৰ শহুৰ দেউতাক বহু ধন সম্পত্তিৰ গৰাকী আৰু গাঁৱৰ গাওঁবুঢ়া আছিল।
কিছু দিনৰ পাছত এদিন নিশা বহু জোৰেৰে এটা প্ৰচণ্ড শব্দ হল। আৰাধনাই ভয় খায়, চিন্তিত হয়, নিজৰ শাহু শহুৰৰ ওচৰলৈ দৌৰি আহিল। তাইৰ শহুৰ দেউতাকে লাখুটি ডাল আৰু টৰ্চ লৈ বাহিৰলৈ চাবলৈ যাবলৈ ওলাল।
তেতিয়া আৰাধনাই কলে, দেউতা মই আপোনাক ৰাতি অকলে যাব নিদো। মইও আপোনাৰ লগত যাম। বহু বুজোৱাৰ পাছত দেউতাকে আৰাধনাকো লগত লৈ বাহিৰলৈ গল। যেতিয়া আৰাধনা আৰু দেউতাক বাহিৰলৈ আহিল, তেতিয়া আৰাধনাই কিছু দূৰত পথাৰৰ মাজত জুইৰ শীখা দেখা পালে। গাওঁৰ অন্য লোকেও সেই প্ৰচণ্ড শব্দত বাহিৰত গোট খাইছিল। আৰাধনাহঁতে ওচৰলৈ গৈ দেখা পালে যে, এখন হেলিকপ্টাৰ খণ্ড বিখণ্ড হৈ পৰিছিল।জুইৰ শিখা বহুত ওখ আছিল। কোনোৱে ওচৰলৈ যাবলৈ সাহস কৰা নাছিল। সেই সময়তে আৰাধনাৰ দৃষ্টি জুইৰ শিখাৰ পৰা কিছু নিলগত এজন ব্যক্তিৰ ওপৰত পৰিল। তাই নিজৰ শহুৰ দেউতাকৰ লগত সেই ব্যক্তিজনে ওচৰলৈ কাষ চাপি গল। সেই ব্যক্তিজনৰ মুখ মণ্ডল জ্বলি যোৱা বাবে কলা হৈ গল। দেহটো জ্বলাৰ চিহ্ন আছিল। আৰাধনাই বুজিলে যে, এই ব্যক্তিজনক চিকিৎসাৰ প্ৰয়োজন। তাৰে পাছত সেই ব্যক্তিজনক গাওঁৰ লোকে হস্পিটাললৈ লৈ যায়। আৰাধনাইও গাওঁৰ লোকৰ লগত চহৰলৈ হস্পিটাললৈ আহে। হস্পিটাল গৈ পোৱাৰ পাছতে ডক্টৰে তৎক্ষনাত সেই ব্যক্তি ব্যক্তিজনক আই, চিউ, ত, ভৰ্তি কৰি দিয়ে। কিন্তু সেই ব্যক্তিজনৰ ওচৰৰ পৰা কোনো প্ৰমাণ পত্র বা আইডি কাৰ্ড পোৱা নগল। যাৰ দ্বাৰা সেই ব্যক্তিজনৰ চিনাক্ত কৰিব পৰা যায়। ডক্টৰে নিজৰ কাম আৰম্ভ কৰি দিলে। আৰু গাওঁবুঢ়াই নিজে সেই ব্যক্তিজনৰ সকলো দায়িত্ব ললে। অৰ্থাৎ হস্পিটালৰ সকলো খৰচ গাওঁবুঢ়াই বহন কৰিব।
পুৱা হলত এই ঘটনাৰ খবৰ ৰেডিঅ', টেলিভিচন, মোবাইলত সকলোতে বিয়পি পৰিল। আৰু পুলিচো আহি পাইছিল। পুলিচক ঘটনাৰ বিষয়ে বিবৰি কৈয়ে গাওঁবুঢ়াই নিজৰ বোৱাৰী আৰাধনাৰ লগত ঘৰলৈ আহিল। লাহে লাহে এসপ্তাহ পাৰ হৈ গল। কিন্তু সেই ব্যক্তিজনৰ কোনো পৰিচয় উদ্ধাৰ হোৱা নাছিল। । আৰু ইফালে সদায়ে গাওঁবুঢ়া হস্পিটাললৈ আহে আৰু লগত প্ৰায় আৰাধনাও আহিছিল। আৰাধনাই নিজৰ শহুৰ দেউতাকক অকলে এৰিব বিচৰা নাছিল। কাৰণ গাওঁবুঢ়াও হৃদয় ৰোগী আছিল। কিছু দিনৰ পাছত ডক্টৰে কলে, এতিয়া সেই ব্যক্তিজন সংকটৰপৰা মুক্ত। কিন্তু সেই ব্যক্তিজন অচেতন অৰ্থাৎ ক'মা অৱস্থালৈ গুচি গল। ক'মাৰ পৰা আহিবলৈ কিমান সময় লাগিব! সেই বিষয়ে একো কব পৰা নাযাব। আৰু দ্বিতীয় কথা এয়া যে, তাৰ মুখ মণ্ডল একেবাৰে জ্বলি গৈছিল, যদি সি ক'মাৰ অৱস্থাৰ পৰা ঘূৰিও আহে, তেতিয়া নিজকে আইনাত দেখা পায়, পুনৰ ক'মালৈ গুচি যাব পাৰে। সেই ব্যক্তিজনৰ মুখ মণ্ডল প্লাষ্টিক চাৰ্জাৰী কৰিব পৰা যাব। কিন্তু তেনে কৰিবলৈ হলে বহুত খৰচ হব। এতিয়ালৈকেটো যি খৰচ হৈছে,আপুনিয়ে বহন কৰি আহিছে।
গাওঁবুঢ়াই কলে, ডাক্টৰ ছাৰ, আপুনি পইচা কথা চিন্তা নকৰিব। যদি সি ভাল হয় যায়, তেতিয়া মই বুজিম যে, মই মোৰ লৰাক পুনৰ ঘূৰাই পালো। আৰাধনাও দিনে ৰাতিয়ে সেই ব্যক্তিজনৰ শুশ্রূষা কৰি আহিছিল। লাহে লাহে সময় পাৰ হৈ গল। অৱশেষত দুমাহৰ পাছত সেই ব্যক্তিজনৰ প্লাষ্টিক চাৰ্জাৰী হল। সেই ব্যক্তিজনে এখন নতুন মুখ পালে। তাৰ মাজতে সেই ব্যক্তিজনৰ এডাল বেল্ট পোৱা গল। যত বি, দ, লিখা আছিল। এই কথা লাহে লাহে সকলোতে বিয়পি গল। পাছদিনা পুৱা এহাল বয়সীয়াল দম্পতিয়ে সেই ব্যক্তিজনক চাবলৈ হস্পিটাললৈ আহিল। তেওঁলোকৰ চহৰখনত বহুত ডাঙৰ ব্যৱসায় আছিল। কিন্তু সেই ব্যক্তিজনৰ মুখ মণ্ডল সলনি হোৱা বাবে সেই দম্পতি হালে তাক চিনি পোৱা নাছিল। বেল্ট ডালকো পুলিচক দি দিয়া হৈছিল। সেই দম্পতি হালে, তাৰ ওচৰত আৰাধনাক দেখা পালে। যিয়ে একান্ত মনে তাৰ শুশ্রূষা কৰি আছিল। হস্পিটালৰ পৰা ওলায়ে, সেই দম্পতি হালে পোনে পোনে পুলিচ ষ্টেচনলৈ আহিল। আৰু পুলিচ ষ্টেচনত বেল্ট ডাল দেখা পায় কলে যে, এনেকুৱাই এডাল বেল্ট তেওঁলোকৰ লৰাৰ ওচৰটো আছিল। যত বি, দ, লিখা আছিল, আমাৰ লৰাৰ নাম বিশ্ব দত্ত হয়। কিন্তু নিজৰ লৰাৰ কোনো প্ৰমাণ নোপোৱাত সেই দম্পতি হাল নিজৰ ঘৰলৈ গুচি আহিল।( Assamese Storyboard )
এমাহ পাৰ হৈ গৈছিল। গাওঁবুঢ়া আৰু আৰাধনা দুয়োয়ে তাৰ শুশ্রূষা কৰি আহিছিল। এদিন আৰাধনাই দেখা পালে যে, সেই ব্যক্তিজনে ওঁঠ লৰচৰ কৰিছে। আৰু হাতেৰে কিবা দেখুৱাই আছে। আৰাধনাই তক্ষনাৎ এই কথা ডক্টৰক কলে। ডক্টৰে কলে যে, এতিয়া তেওঁলোকৰ সম্পূর্ণ আশা যে, সি এতিয়া সম্পূর্ণ ৰূপে সুস্থ হৈ উঠিব। কিছু দিনৰ পাছত যেতিয়া আৰাধনাই তাক কিবা খুৱাই আছিল তেতিয়া বিশ্ব দত্তই তাইক ধৰি কিবা কবলৈ চেষ্টা কৰিলে। সেইদিনা আবেলি যেতিয়া আৰাধনা ঘৰলৈ যাবলৈ ওলালত পুনৰ বিশ্ব দত্তই আৰাধনাৰ হাতখন ধৰি কিবা কোৱাৰ চেষ্টাৰে, বহু কষ্ট কৰি অৱশেষত কলে যে, মই ইয়ালৈ কেনেকৈ আহিলো! মইটো হেলিকপ্টাৰতহে আছিলো। মই নিজৰ ব্যৱসায় কামৰ বাবে বাহিৰলৈ গৈছিলো। বিশ্ব দত্তৰ মাত ওলোৱাত আৰাধনা আৰু গাওঁবুঢ়া বহু আনন্দিত হৈ পৰিছিল। তেওঁলোকে ডক্টৰক মাতিলে। ডক্টৰে বিশ্ব দত্তক পৰীক্ষা কৰি কলে যে, এতিয়া এওঁ সম্পূর্ণ সুস্থ। এতিয়া এওঁৰ মাক দেউতাকলৈ খবৰ পথিয়াই দিব লাগে। আৰাধনা আৰু গাওঁবুঢ়াই হস্পিটালতে থাকি বিশ্ব দত্তৰ মাক দেউতাকলৈ অপেক্ষা কৰি ৰৈছিল। বিশ্ব দত্তৰ মাক দেউতাকেও খবৰ পায়ে লৰালৰিকৈ আহি পালেহি। বিশ্ব দত্তই নিজৰ মাক দেউতাকক চিনি পাইছিল। আৰু দুৰ্ঘটনাৰ আগৰ সময়লৈ কথাবোৰ কলে। দুৰ্ঘটনাৰ পাছত আৰু কি হল, সেইবোৰ তাৰ মনত নাছিল।
বিশ্ব দত্তৰ দেউতাকে, গাওঁবুঢ়া আৰু আৰাধনাক ধন্যবাদ দি কলে যে, আপোনালোকৰ এই উপকাৰৰ বাবে আমি সদায়ে আপোনালোকৰ আগত চিৰ কৃতজ্ঞ হৈ থাকিম। এই ছোৱালীজনী আপোনাৰ জীয়ৰী হয় ন! গাওঁবুঢ়াই কলে, কবলৈ গলে এই আমাৰ বোৱাৰী হয়। কিন্তু এতিয়া নিজৰ জীয়ৰীতকেও বেছি আপোন। বিয়াৰ এবছৰৰ পাছতে আমাৰ একমাত্র পুত্র সন্তানে আমাক অকলশৰীয়া কৰি এই পৃথিৱীৰ পৰা গুচি গল। কিন্তু আৰাধনাই আমাক অকলশৰীয়া নকৰিলে। মই বিচাৰিছিলো, এই নিজৰ মাক দেউতাকৰ ওচৰলৈ যাতে উভতি যায়, আৰু দ্বিতীয় বিবাহ কৰি নিজৰ জীৱন অতিবাহিত কৰে। কিন্তু এই মান্তি নহলে।
বিশ্ব দত্তৰ দেউতাকে কলে, আপুনি যদি বেয়া নাপাই, তেনেহলে মই আৰাধনাক মোৰ বোৱাৰী ৰূপে বিচাৰো। বিশ্ব দত্তইও দেউতাকৰ কথাত মান্তি হৈ নিজৰ মূৰ জোকাৰিলে। তাৰপিছত বিশ্ব দত্তৰ দেউতাকে মাকৰ ফালে চাই হাঁহি মাৰি সুধিলে, তুমিও টো কিবা এটা কোৱা।
তেতিয়া মাকে কলে, আপোনালোকেটো মোৰ মুখৰ কথাকে কলে। এতিয়া মই কিবা কবলৈ আৰু বাকীকে নাই। তাৰ পাছত তেওঁ আৰাধনাৰ ফালে চাই কলে, মাজনী তোমাৰ টো কোনো আপত্তি নাই ন!
এই কথা শুনি আৰাধনাৰ চকুলো বৈ আহিল আৰু কলে, মই আপোনালোকৰ ভাৱনাক সন্মান কৰোঁ, কিন্তু মই মোৰ শাহু মা আৰু শহুৰ দেউতাক অকলশৰীয়া কৰি এৰি যাব নোঁৱোৰো।
গাওঁবুঢ়াই আৰাধনাক বুজাই লৈ কলে, মাজনী, তুমি আপত্তি নকৰিবা। এতিয়া নো আমি কিমান দিন আৰু জীয়াই থাকিম! কিন্তু তোমাৰ সন্মুখত সম্পূর্ণ জীৱনটো আছে।
বিশ্ব দত্তৰ দেউতাকেও গাওঁবুঢ়াৰ কথাত হয়ভৰ দি কলে, তুমি যেতিয়াই বিচাৰা আৰু যিমান দিন বিচাৰা, গাওঁবুঢ়াৰ ঘৰলৈ গৈ থাকিবা।
আৰাধনাই, বিশ্ব দত্তৰ দেউতাকক কলে, বিশ্ব দত্তক আপোনালোকে জন্ম দিলে, আৰু মোৰ দেউতাই এওঁক পুনৰ জন্ম দিলে। তেতিয়া হলে এওঁৰো দায়িত্ব আহি পৰে মোৰ শহুৰ দেউতাৰ প্ৰতি।
বিশ্ব দত্তৰ দেউতাকে কলে, মই বুজিপাওঁ আৰু মোৰ লৰাৰো এয়া জ্ঞান আছে যে,বিশ্বই এতিয়া দুজন দেউতাকৰ স্নেহ পাব। বিশ্বই গাওঁবুঢ়াৰ সিমানেই চোৱা চিতা কৰিব, যিমান সি আমাৰ প্ৰতি ৰাখে।
আৰাধনা আৰু বিশ্বই এজনে আনজনক চাই ৰৈছিল। তেওঁলোকৰ কথা শুনি আৰাধনা সন্তুষ্ট হৈছিল। আৰাধনাৰ মাকৰ ঘৰটো গাওঁবুঢ়াই এই বিষয়ে কলে। সকলোৱে এই সম্বন্ধৰ দ্বাৰা সুখী হৈছিল। তাৰপাছত অতি উলহ মালহেৰে গাওঁবুঢ়াই নিজৰ ঘৰৰপৰা আৰাধনাক বিয়া দি ওলিয়াই দিলে।।।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment