ফুলশয্যাৰ নিশাটোত যেতিয়া নামি আহে ঘোৰ অমানিশা ( খণ্ড ৮ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 16, 2021

ফুলশয্যাৰ নিশাটোত যেতিয়া নামি আহে ঘোৰ অমানিশা ( খণ্ড ৮ ) : Assamese Storyboard

Assamese Storyboard

 

কোনো এটা কামেই তই ভালদৰে কৰিব নোৱাৰ, কি হৈছে তোৰ ..? কথাবোৰ তই কিয় মনালিছাক খুলি নকলি...! কাইলৈ ৰক্তিম গুচি যোৱাৰ পাছত কথাবোৰ কলে জানো তোক বিশ্বাস কৰিব...! জকজকাই উঠিল মৃণালিনী। ( Assamese Storyboard )

: ৰক্তিমৰ বিয়া হৈ যোৱা এমাহ সম্পূৰ্ণ হৈছেহে, মই তাইক অন্তৰত দুখ দিব বিচৰা নাই, মই ভাবো কথাবোৰ লাহে ধীৰে কলেও হব নেকি, তেতিয়া দুয়োৰে মাজত সম্পৰ্ক অধিক গাঢ় হব, খেলখনৰ মজাটো তেতিয়াহে ওলাব নে কি কোৱা ...,

: ৱাহ:...., তই দেখুন কথাবোৰ বৰ গভীৰকৈ চিন্তা কৰিব পৰা হলি....! অৱশ্যে কথাটো মিছাও নহয়, যিমানেই দিন বাঢ়ি যাব সিমানেই সিহঁতৰ সম্পৰ্ক গাঢ় হব, ঠিক সেইখিনি সময়তে যদি মনালিছাৰ মনত সন্দেহৰ বিজটো ৰোপণ কৰি দিয়া যায় তেতিয়া খেলখনৰ মাজাই বেলেগ হব, মই মিছাতে তোক বুৰ্বক বুলি ভাৱি আছিলোঁ, তই দেখুন মোতকৈও বেছি খিলাৰী হৈ গলি..., 

: এই সকলোবোৰ তোমাৰ পৰাই শিকিছোঁ,  তোমাক পিচে মই এটা বুদ্ধি দিব পাৰোঁ....!

: কি বুদ্ধি দিবি মোক..., আৰু তই দিয়া বুদ্ধি যে কামত আহিব মনে নধৰে, তথাপিও কচোন...

: তুমি এটা কাম নকৰা কিয়..., এবাৰ ৰক্তিমৰ ঘৰলৈ যোৱা, খবৰ এটা লোৱা, 

: খবৰ....? কি খবৰ লবলৈ যাম..

: তুমি পাহৰি গৈছা নেকি..! তুমি যে এগৰাকী সমাজ সেৱিকা, গতিকে ৰক্তিমৰ বিয়াৰ খবৰ লবলৈ যোৱা, বিয়াৰ আগত সকলোৱে খবৰ কৰে কিন্তু পাছত খবৰ লবলৈ কোনো নাহে, এইখিনি সময়তে তুমি যদি খবৰ লবলৈ যোৱা..., ৰক্তিমৰ দেউতাক আৰু মনালিছাই তোমাক ভাল পাব, তুমি যদি তেওঁলোকৰ লগত এটা ভাল সম্পৰ্ক গঢ় দি লোৱা, তেতিয়া খেলখন উপভোগ কৰি ভাল লাগিব, 

: আইডিয়াটো অৱশ্যে বেয়া নহয়, আজি আবেলিকৈ পাক এটা মাৰিব লাগিব, 

: তুমি ভবাৰ দৰেই মই এতিয়া সৰু হৈ থকা নাই মা, কিবা এটা কৰাৰ আগতে মই ভৱিষ্যত সম্পৰ্কে এটা ধাৰণা কৰি লওঁ...., তাৰ পাছতহে মই কামটোত হাত দিওঁ, 

: ঠিক আছে বাৰু..., মোৰ মিটিং এখন আছে, মই অলপ সময় পাছত ওলাই যাম, তই ভাত কেইটা ৰান্ধি খাবি, আহোঁতে অলপ পলম হব..., ৰক্তিমৰ ঘৰত সোমাই আহিম...,

: ঠিক আছে, তুমি আশ্ৰমলৈ গৈছিলা নে ?

: নাই যোৱা, তয়ে এপাক মাৰি আহিবি, নতুনকৈ অহা আইতা গৰাকীয়ে যাতে কষ্ট নাপায় সেইটো ধ্যান ৰাখিবি, 

: হব মা , তুমি চিন্তা কৰিব নালাগে ,  কথাষাৰ কৈয়ে নিহা ভিতৰলৈ সোমাই গৈছিল, 


       নীহাই মোক বৰ সুন্দৰ আইডিয়াটো দিলে , মই গৈ থিয় হোৱাৰ লগে লগেই কুনাল উচপ খাই উঠিব, হয়টো মোৰ জনপ্ৰিয়তাক লৈ সি অলপ জ্বলিব, তেতিয়া তাৰ মুখখন চাবলগীয়া হব, নাই নাই, এইবোৰ ভাবি সময় অপচয় কৰাতকৈ খৰখেদাকৈ ওলাই যোৱাই ভাল, কিমান কান্দিলোঁ মই.. , কান্দি কান্দি চকুৰ পানী শুকাই গৈছিল, কিন্ত এতিয়া চকুলোবোৰ গোট মাৰি এতিয়া এটুকুৰা কঠিন শিললৈ ৰূপান্তৰিত হৈছে, এইবাৰ দুৱৰাৰ পাল, এইবাৰ দুৱৰাই কান্দিম আৰু মই নিচুকাম... হা:...., হা:...., হাঁহি হাঁহি উলাই গল মৃণালিনী..., ঘৰুৱা কাম কেইটা কৰি নীহাও আশ্ৰমলৈ ওলাই গল...., পশ্চিমৰ আকাশত ৰাঙলী বেলি লাহে লাহে ডুব গৈছে, সমগ্ৰ আকাশখন ৰঙচুৱা হৈ পৰিছে, আশ্ৰমৰ সকলো লোকে নিজৰ নিজৰ কৰ্ম কৰি আছে, কোনোৱে যদি পদূলিৰ ফুলিনীখনত পানী দিছে, কোনোৱে আকৌ ফুলনিৰ বন চিকুণাই আছে, মুঠৰ ওপৰত সকলো ব্যস্ত , সংসাৰিক দুখ কষ্ট সকলো পাহৰি নিজৰ মাজতেই বিলীন হৈ পৰিছে তেওঁলোক , ঠিক চিকিমিকি সন্ধিয়া হোৱাৰ লগে লগেই সকলোৱে একেলগে বাৰাণ্ডাত বহি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে, সেই সময়খিনিত এক সুন্দৰ আধ্যাত্মিক পৰিবেশ সৃষ্টি হয় আশ্ৰমখনত, গাত শুভ্ৰ বসন.., ডিঙিত ফুলাম গামোচা, প্ৰাৰ্থনা সভাৰ পাছত সকলো আকৌ নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰে, তাৰমাজতেই দুই এজনে খুহুতিয়া কথা কৈ সকলোৱে মুখত হাঁহি বিৰিঙাই তোলে, নীহাই এই দৃশ্যবোৰ উপভোগ কৰাৰ পাছত, প্ৰতিভাৰ সন্ধানত নামি পৰিল..., তাই আৰম্ভ কৰিলে বিয়ানাম প্ৰতিযোগিতা..., উৰুলি জোকাৰ দি মিনা আইতাই আৰম্ভ কৰিলে


     ....... ওলাই আহাঁ আইদেউ এ..

            মূৰত কাপোৰ লৈ

           মাৰ হাতত চাবি দিয়া চিৰদিনলৈ....,

গীতফাকি শেষ নৌহতেই আনএগৰাকীয়ে আৰম্ভ কৰিলে....... 

                   মাৰাৰ অলংকাৰ থোৱা কাতি কৰি

                    দেউতাৰাৰ অলংকাৰ থোৱাহে....

               অযোধ্যাৰ ৰামচন্দ্ৰই পঠাইছে অলংকাৰ

                 ঐ ৰাম হাতে যোৰে কৰি লোৱা হে.....! 


          বিয়ানাম শুনাৰ লগে লগেই দুই এগৰাকী আইতাৰ চকুলো নিগৰি আহিল, কৰুণ গীতবোৰ শুনাৰ পিছত নীহাৰো চকুলো নিগৰি আহিল..., তাই আৰু ৰৈ থাকিব নোৱাৰিলে উধাতু খাই ওলাই আহিল ঘৰলৈ বুলি...., আনফালে সন্ধিয়া লগাৰ পাছতেই মৃণালিনী উপস্থিত হলগৈ কুনাল দুৱৰাৰ ঘৰত, কলিং বেলটো বজাৰ লগে লগেই মনালিছা মিঠা হাঁহি এটা মাৰি ওলাই আহিল....,


: এইটো মি: কুনাল দুৱৰাৰ ঘৰ হয়নে !

: হয়...! হয়...! আহক..., বহকচোন , দেউতা অলপ ওলাই গৈছে আহিবই এতিয়া, 

: তুমি চাগৈ মোক চিনি পোৱা নাই , মই মৃণালিনী চলিহা, কুনালৰ ভাল বন্ধু আছিলোঁ, অৱশ্যে বয়সত সি মোতকৈ অলপ ডাঙৰ, তুমি  মনালিছা নহয় জানো..! 

( Assamese Storyboard )

: হয় , মই মনালিছা দুৱৰা, আপুনি অকণমান বহকচোন মই চাহ একাপ কৰোগৈ...

: চাহ নালাগে দিয়া..! কথাকে পাতো অলপ..., 

: এহ.. সেইটো কেনেকৈ হব...! আপুনি আমাৰ ঘৰলৈ আজিহে আহিছে, গতিকে চাহ একাপ নোখোৱাকৈ যাব, চাহকাপ খায়ো কথা পাতিব পাৰিম...., 

: হব দিয়া, ইমান যোৰ কৰিছা যেতিয়া চাহ একাপ আনাগৈ , নোখোৱাকৈ গলে তুমি জানো ভাল পাবা ,

: ঠিক আছে, আপুনি অকণমান বহক , 


        মনালিছাই চাহ কাপ আনে মানে মৃণালিনীয়ে ড্ৰয়িং ৰূমটোৰ চুকে কোণে এবাৰ চকুফুৰালে , ড্ৰয়িং ৰূমটোৰ এচুকত সুন্দৰকৈ সজাই থোৱা ৰক্তিম আৰু মনালিছাৰ ফটোখন লিৰিকি বিদাৰী চালে, হঠাৎ মৃণালিনীৰ চকু পৰিল কুনাল আৰু তাৰ ঘৈণীয়েকৰ ফটোখন, চাওঁ বুলি হাতলৈ আনি পকাত পেলাই দিলে, শব্দটো শুনি মনা উধাতু খাই ওলাই আহিল..., কি পৰিলে বাৰু..!

: sorry......! sorry.....! মনালিছা হাতৰ পৰা যে কেনেকৈ সৰি পৰিল একো ধৰিবই নোৱাৰিলোঁ...

: its ok, আপোনাৰ একো হোৱা নাইটো...!

: নাই...! মোৰ একো হোৱা নাই...., চেহ... মনটো বেয়া লাগি গল...., কুনালে কথাটো বৰ দুখ পাব, তুমি ফটোখন কৰবাত লুকুৱাই থোৱা.... দুয়ো কথাপাতি থাকোঁতেই কুনাল সোমাই আহিল...., 


: অ'....! মিছ চলিহা...! আমাৰ যে আজি কি সৌভাগ্য....

: কিয়নো তেনেকৈ কৈছা...! সামাজিক কামত ঘূৰি ফুৰিব লগা হয় বাবেই সময় নাপাওঁ, আজি তোমালোকৰ গাওঁতে মহিলা সমিতিৰ মিটিং এখন তালৈকে আহিছিলো, ভাবিলো এপাক সোমায় যাওঁ, 

: দেউতা.. ! আপুনি চাহ খাবনে...!

: খাম..., একাপ দিবা, 

: মনা... ফটোখন ইয়াত কেনেকৈ পৰিল.., বৰ বেয়াকৈ ভাগিল.., 

: কুনাল ফটোখন মোৰ হাতৰ পৰাই পৰিলে.., ফটোখন চাই থাকোতে হঠাৎ হাতৰ পৰা পিছলি পৰিল...., 

: সেইবোৰ বাদ তোমাৰ খবৰ কোৱা...,? অৱশ্যে তোমাৰ খবৰ মাজে সময়ে কাকতে পত্ৰই পঢ়িবলৈ পাওঁ...., তুমি সঁচাকৈ বৰ ভাল কাম এটা কৰি আছা, 

: কিমান কি কৰিব পাৰিছোঁ সেয়া মই নকওঁ, কিন্তু সাধ্য অনুসৰি যিমান পাৰোঁ কৰি গৈছোঁ, 

: চাহ খাব.., চাহৰ ট্রেখন টেবুলত থৈ মনা আকৌ ভিতৰলৈ সোমাই গল..., 

...... তুমি কিন্ত বৰ সাদৰী ছোৱালী এজনী বোৱাৰী হিচাপে পাইছা, কথাই বতৰাই বৰ অমায়িক ছোৱালীজনী, 

: হয়, পিছে তোমাৰ ল'ৰা ছোৱালী...?

: মোৰ ছোৱালী এজনী, বৰ্তমান মোৰ লগতে আশ্ৰমখন চোৱা চিতা কৰি আছে , আৰু NGO এটা চলাই আছে.., 

: ভালেই কৰিছে..., মোৰো লৰা এটাই ডিফেনচত কৰে.., ভাল লাগিল দেই...! তোমাক যে এনেকৈ লগ পাম মই কল্পনাই কৰিব পৰা নাছিলোঁ........, 

: মই যে তোমাক লগ পাবলৈ বহু দিনৰ পৰাই চেষ্টা কৰি আছিলোঁ.., কিন্তু সময় মিলাব পৰা নাছিলোঁ, ঠিক আছে বাৰু দিয়া...,  আজিলৈ আহোঁ..., আকৌ কেতিয়াবা লগ পাম ,

: নিশ্চয়....., নিশ্চয়...., 

 ( ক্ৰমশঃ )

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

Assamese Storyboard
বিজ্ঞাপন


No comments:

Post a Comment

Advertisement

Pages