এটা ৰহস্যৰ পম খেদি এগৰাকী মহিলা আৰক্ষী বিষয়া ( খণ্ড ১ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 22, 2021

এটা ৰহস্যৰ পম খেদি এগৰাকী মহিলা আৰক্ষী বিষয়া ( খণ্ড ১ ) : Assamese Storyboard

Assamese Storyboard

সুন্দৰপুৰ থানালৈ চাব ইন্সপেক্টৰ মাধুৰী অহাৰ খবৰটো পাই অঞ্চলটোৰ মানুহখিনিৰ মনত আনন্দৰ জোৱাৰ উঠিল , ইটোৰ পাছত সিটো হত্যাকাণ্ডই জোকাৰি গৈছে অঞ্চলটোক , কিন্তু হত্যাকাৰীক কৰায়ত্ত কৰিব পৰা নাই প্ৰশাসনে। 

( Assamese Storyboard )


থানাৰ কাষতে থকা ঘৰটোলৈ মাধুৰীক আগবঢ়াই নিলে কনিষ্টবলজনে , দুৱাৰ খিৰিকীবোৰ মেলি কোঠাটো অলপ চাফ চিকুণ কৰি কনিষ্টবলজন গলগৈ , দিনটো গাড়ীত আহি আহি মাধুৰী যথেষ্ঠ ভাগৰি পৰিছিল , ভৰি হাত কেইটা ধুই লাইটো জ্বলাই বিচনাখন ঠিক কৰি ললে মাধুৰীয়ে , ম'বাইলটো চাৰ্যত লগাই মাধুৰীয়ে বিচনাতে অলপ দীঘল দিলে , চকুহাল জপাই দিওঁতেই কিবা ছায়া এটা মুখৰ আগেদি পাৰ হৈ যোৱা যেন লাগিল , মনৰ ভ্ৰম বুলি মাধুৰী আকৌ শুই পৰিল , হঠাৎ কিবা এটা শব্দ শুনি মাধুৰী লাহেকৈ বিচনাৰ পৰা নামি গল , হাতত পাঁচবেটেৰীয়া তৰ্চটো লৈ তাই ঘৰটোৰ চাৰিওদিশে এপাক চালে , সকলো ঠিকেই আছে , বন্ধ হৈ থকা খিৰিকীখন প্ৰকাণ্ড শব্দ এটা কৰি খোল খাই গল, মাধুৰী অলপ আচৰিত হল , অৱশ্যে ভূত বা ভগৱানৰ ওপৰত অলপো আস্থা  নাই মাধুৰীৰ...., দুৱাৰখন জপাই তাই আকৌ ভিতৰলৈ সোমাই আহিল , খিৰিকীখন জপাই চাহ একাপ কৰিবলৈ তাই পাকঘৰলৈ গল , ৱাচৰূমৰ পৰা ভাহি আহিল টেপৰ পৰা পানী পৰা শব্দ , টেপটো বন্ধ কৰিবলৈ বুলি মাধুৰী ৱাচৰূমলৈ গল টেপটো বন্ধ হৈয়ে আছে , হঠাৎ চকুত পৰিল ৱালখনত তেজৰ চিটিকনি, মাধুৰী অলপ চিন্তিত হল , তাই আহোঁতে সকলো ঠিকেই আছিল কতো একো দাগ নাছিল , মাধুৰীয়ে খৰখেদাকৈ ৰূমলৈ আহি কনিষ্টবল জনলৈ ফোন লগালে...


: হেল্ল'...., মই মেডামে কলো....

: yes মেডাম , কওঁক...

: কত আছা তুমি....? 

: ঘৰতে আঁচো ...., কিবা অসুবিধা হৈছে নেকি আপোনাৰ...?

: ঠিক অসুবিধা নহয় , ঘৰটো বৰ অস্বাভাৱিক যেন লগিছে..., 

: মেডাম....., সেই ঘৰটোত আগৰ ছাৰজনো শান্তিত থাকিব পৰা নাছিল সেয়ে তেওঁ ট্ৰেন্সফাৰ লৈ গলগৈ...., 

: what....? 

: হয় , মেডাম , সেই ঘৰটোত ৰাতি কিছুমান অস্বাভাৱিক ঘটনা ঘটে , মাজৰাতি কিহবাই উচুপি উঠে , 

: সেইবোৰ সকলো অন্ধবিশ্বাস...., আজিৰ যুগত এইবোৰ বিশ্বাস কৰিব নোৱাৰি..., 

: আপুনি বিশ্বাস কৰক বা নকৰক , আপুনি অলপ সাৱধানে থাকিব , 

( Assamese Storyboard )

: ঠিক আছে দিয়া ,

: ঠিক আছে মেডাম , কিবা অসুবিধা হলে মোক ফোন কৰিব...     


            ফোনটো কাটি দিছিল মাধুৰীয়ে , মাধুৰীয়ে পাছফালে কিবা এটা থিয় হৈ থকা যেন অনুভৱ কৰিলে , লাহেকৈ পাছলৈ ঘূৰি চালে , নাই , একো নাই , তেনেতে ৰোমৰ দৰ্জাখন নিজেই নিজেই বন্ধ হৈ গল , বহুবাৰ চেষ্টা কৰিও দুৱাৰখন খুলিব নোৱাৰিলে , এটা বিকত চিঞৰ তাইৰ কাণত ভাঁহি আহিল , তাৰ পাছত হাঁহি , মাধুৰীৰ সৰ্ব শৰীৰ কপি উঠিল , মুখমণ্ডলত ঘাঁমৰ টোপাল বিৰিঙি উঠিল,


...... ভয় কৰিব নালাগে মিছ মাধুৰী..., মই আপোনাক সহায় কৰিব বিচাৰো ....., মই বৰ অশান্তিত আঁচো , 

: কোন তই...? মুখৰ আগলৈ নাহ কিয়...? কোন হয়.., সাহস আছে যদি সমুখলৈ আহ..... বুলি কৈ ড্রয়াৰৰ পৰা পিষ্টতলটো উলিয়াই ললে , নাই কোনো নাই , ঘতং কৈ শব্দ এটা কৰি বন্ধ দুৱাৰখন খোল খাই গল , ভৰিৰ তলৰ মাটিখিনি নোহোৱা যেন অনুভৱ হল মাধুৰীৰ , তাইৰ সমুখত থিয় দি আছে এটা ছায়ামূৰ্তি...., কোন তই ....? কি লাগে তোক....?

: মোক ন্যায় লাগে , ন্যায় .....! 

: কিহৰ ন্যায় লাগে তোক , ভালে ভালে কৈছোঁ তই ইয়াৰ পৰা আতঁৰহৈ যা , 

: যাম..., কিন্তু ন্যায় নোপোৱালৈকে মই ইয়াতে থাকিম , 

: ঠিক আছে , মই কিদৰে সহায় কৰিব লাগিব তোক...? 

: দোষীক উপযুক্ত শাস্তি দিব লাগিব , মোৰ বিশ্বাস আপুনি মোক ন্যায় দিব পাৰিব , আজিৰ পৰা প্ৰায় তিনিবছৰ আগতে সুন্দৰপূৰ থানালৈ এজন ডেকা ইন্সপেক্টৰ আহিছিল , ঘৰ শিৱসাগৰত , তেঁওৰ নাম পল্লভ লোচন শৰ্মা , মই তেওঁক ইটো সিটো ঘৰুৱা কাম কৰি দিছিলোঁ আৰু গধুলি হোৱাৰ আগতেই ঘৰলৈ ঘূৰি গৈছিলোঁ , ৬ অক্টোবৰ নিশা ছাৰে তেওঁৰ জন্মদিন উদযাপন কৰিবৰ বাবে মোক জোৰ কৰি ৰাখিছিল , ছাৰৰ অনুৰোধ ৰক্ষা কৰি মই সেইনিশা ইয়াত আছিলোঁ , ছাৰে তেওঁৰ বন্ধুসকলৰ সৈতে সুৰাপ্ৰাণ কৰি মোৰ ওপৰত জপিয়াই পৰিছিল , থানাৰ কনিষ্টবল এজনে এই সকলো ঘটনা নিজ চকুৰে দেখিছিল , সেই নিশাই মোৰ লগতে সেই কনিষ্টবলজনকো হত্যা কৰা হৈছিল , দুয়োৰে মৃতদেহ দুটা চোঁচৰাই নি পাছফালে বগৰিজোপাৰ তলত গাঁত খান্দি পুতি থৈছিল ............, কথাবোৰ কৈ ছায়ামূৰ্তিটো অদৃশ্য হৈ গৈছিল......, মুহূৰ্ত্বৰ বাবে মাধুৰী মৌন হৈ ৰৈছিল , কিছুসময়ৰ পাছত মাধুৰীয়ে আকৌ কনিষ্টবলজনলৈ ফোন লগালে , 


.... হেল্ল'.... তুমি ইমিডিয়েট মোৰ কোৱাটাৰলৈ আহাচোন ,      কি সঁচা , কি মিছা একো উৱাধি নাপায় বিচনাতে অলপ বহিলে , বিৰিঙি থকা কপালৰ ঘামবোৰ মচি হৈ যোৱা ঘটনাটোৰ কথা ভাবিবলৈ ধৰিলে , কথাবোৰ ভাবি থাকোঁতেই কনিষ্টবল জনে কলিংবেল বজালে , মাধুৰীয়ে দুৱাৰখন মেলি দিলে , ...... মেডাম কিবা অসুবিধা হৈছে নেকি আপোনাৰ....?

: সেইবোৰ পাছত কৈ আছো....., তুমি কোৰখন লৈ পাছফালে আহাঁচোন..., 

: মেডাম এই ৰাতিখন কি কৰে ...?

: তোমাক যিটো কৈছোঁ সেইটো কৰা , 

: ok, মেডাম ।


          মাধুৰিয়ে তৰ্চটো লৈ পোহৰ কৰি দিলে , কনিষ্টবলজনে যিমান পাৰে সিমান খৰখেদাকৈ গাঁতটো খান্দিবলৈ ধৰিলে , নৰকংকাল এটা দেখি  কনিষ্টবলজন থমিক ৰ'ল ....... stop....., stop....,

স্পৰ্শ নকৰিবা , এই নৰকংকাল দুটা মেডিকেল পঠাব লাগিব , ..... মাধুৰীয়ে গহীনকৈ কলে , 

: ok...., ok... মেডাম ,


       বাহিৰত গাড়ীএখন ৰখোৱা শব্দ শুনি মাধুৰী দুৱাৰখন খুলি বাহিৰলৈ ওলাই গল.....

      ক্ৰমশঃ....

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages