কেৰকেৰ ঘেৰঘেৰ শব্দ কৰি গাড়ীখন
মিতালিহঁতৰ পদূলিত ৰৈ গল , বাঁহৰ জপনাখন লাহেকৈ খুলি ৰত্নাকৰ আৰু মাধুৰী গেৰেপ গেৰেপ কৰি সোমাই গল , ......ঘৰত কোন আছে ..? অলপ বাহিৰলৈ আহকচোন....? মাধুৰীয়ে মাত লগালে , কোনো কাণসাৰ নাই , পাঁচ মিনিট মান অপেক্ষা কৰি চালে বন্ধ দুৱাৰখন আৰু খোল নাখালে , .....ৰত্নাকৰ আপুনি কাষৰ মানুহঘৰত সুধি আহাচোন , ৰত্নাকৰক নিৰ্দেশ দিলে মাধুৰীয়ে , বাৰাণ্ডাত থকা তোলখন চোতাললৈ উলিয়াই মাধুৰী অলপ বহি ললে , হঠাৎ মিতালিয়ে কোৱা কথাষাৰ মনত পৰিল মাধুৰীৰ , লগে লগেই তাই তিনিবাৰ মিতালিৰ নামটো উচ্চাৰণ কৰিলে , মিতালি.... মিতালি...... মিতালি......, কিছুসময়ৰ পাছত ছায়ামূৰ্তিটোৱে মাধুৰীৰ সমুখত ধৰা দিলে...
( Assamese Storyboard )
: কিয় মাতিছিলে মোক ,
: এই সময়ত তহঁতৰ ঘৰত মানুহ নাথাকে নেকি....!
: মা চাগৈ কৰবাত ওলাই গৈছে , আহিব আপুনি অলপ ধৈৰ্য ধৰক ,
: ok, শুন , তোৰ লগৰটোক আজি মই এবাৰ লগ পাব বিচাৰোঁ ,
: ঠিক আছে সন্ধিয়া লগ কৰাই দিম , কিবা সুধিবলগীয়া থাকিলে সুধি লব ,
: মেডাম..., মেডাম...., আপুনি কাৰ লগত কথা পাতি আছে ? কোনো নাই দেখোন .....! .......ৰত্নাকৰৰ উপস্থিতি জানিব পাৰি ছায়ামূৰ্তিটো অদৃশ্য হৈ গৈছিল ,
: হা....! উচপ খাই উঠিল মাধুৰী , নাই একো হোৱা নাই , এনেয়ে কথাবোৰ গুণগুনাই আছিলোঁ , কি কলে ,
: এইসময়ত মিতালিৰ মাক পথাৰলৈ যায় , গৰু ছাগলী কেইটাক পানী খুৱাবলৈ ,
: আচ্ছা...! তেন্তে আমি অলপ সময় ৱেইট কৰোঁ ,
: ok মেডাম...., আপুনি যি ভাল দেখে ,
ইফালে সিফালে ঘূৰি পকি থাকোঁতেই ককালপৰা মানুহ এগৰাকী দুৱাৰখন খুলি ওলাই আহিল , চোতালত মাধুৰী বহি থকা দেখি মিতালিৰ মাক আচৰিত হৈছিল... পু.. পুলিচ....!
: ভয় কৰিব নালাগে খুড়ী , মোক অলপ তথ্য লাগে , মানে আপোনাৰ ছোৱালী মিতালিৰ...!
: সেইজনীৰ কথা নুসুধিব , চুকত খাই বুকতে গুৰিয়ালে মোক , থানাৰে কোনোবা এজন কনিষ্টবলৰ লগত পলাই গল , আজিলৈকে তাইৰ খবৰ এটা নাই , বেমাৰী মাকজনীয়ে কি খাইচো , কেনেকৈ আছোঁ ,তাই খবৰ এটা লব নাপায় নে..! তিনিটা বছৰে মাকজনী হৈ কেনেকৈ জীয়াই আঁচো সেয়া কেৱল মই জানো
: খুড়ী , মই আপোনাৰ মনৰ কথা বুজি পাইছোঁ , কিন্তু আপুনি ভবাৰ দৰে মিতালি কাৰো লগত পলাই যোৱা নাই , তাইক হত্যা কৰা হৈছে , মিতালিৰ বিষয়ে মোক কিছু তথ্য লাগে , সেই হত্যাকাৰীক বিচাৰি উলিয়াবৰ বাবেই মই আপোনাৰ ঘৰলৈ আহিছোঁ , কিছু তথ্য বিচাৰি ,
মিতালি মৃত্যু হোৱা খবৰটো পাই মাক দুখত ভাগি পৰিছিল , .........এইবোৰ মই কি শুনিছোঁ...! হে ভগৱান....! ইমানদিনে তাই জীয়াই আছিল বুলি ভাবিয়ে শান্তনা লৈ আছিলোঁ , তাইক নিয়াতকৈ মোকে কিয় লৈ নগল অ'....... মাধুৰীয়ে যিমান পাৰে মাকক বুজাই বঢ়াই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিলে , ...... আপুনি কন্দা কটাখন নকৰিবচোন , মই আছোঁ নহয় , মই আপোনাক ন্যায় দিম , মিতালিৰ হত্যাকাণ্ডৰ লগত জড়িত এজনো দোষীক মই সাৰি যাবলৈ নিদিওঁ , দোষীয়ে উপযুক্ত শাস্তি পাবই লাগিব , খুড়ী মিতালি ঘৰৰ পৰা নিৰুদ্দেশ হোৱাৰ সময়ত তাইৰ বয়স কিমান আছিল বাৰু...!
: মোৰ ইমান মনত নাই অ' আই , তথাপিও একুৰীৰ দেৱনাখন পাৰ হোৱা নাছিল , থোকাঠুকি মাতেৰে মাকে কলে
: ৰত্নাকৰ আপুনি পইণ্টবোৰ নোট কৰি যাবা ,
: ok , মেডাম ।
: খুড়ী ওচৰ চুবুৰীয়াৰ লগত মিতালিৰ কিবা শত্ৰুতা আছিল নেকি !
: মই জনাত নাই , চুবুৰীৰ সকলোৱে লগত তাই মিলাপ্ৰীতিৰেই থাকে , তথাপিও আজিকালি মানুহবোৰ পানীৰ তলৰ কাঁইট , মুখত এটা পেটত এটা অ' আই ।
: আপুনি মিতালিৰ ফটোএখন দিব পাৰিব নেকি...?
: ফটো....! পেৰাটোতে সকলো সোমোৱাই থৈছোঁ , খুচৰিলে ওলাবও পাৰে , মই পেৰাটোকে বাহিৰলৈ লৈ আনো....
( Assamese Storyboard )
: আপুনি পেৰাটো দেখুৱাই দিয়ক , এখেতে লৈ আহিব , ৰত্নাকৰ আপুনি এখেতৰ লগত ভিতৰলৈ যাওঁক আৰু বাকচটো চোতাললৈকে উলিয়াই আনক
.......আদেশৰ সুৰত কথাটো কলে মাধুৰীয়ে , ৰত্নাকৰে টিঙৰ বাকচটো উলিয়াই আনি চোতালৰ মাজতে থলে , মিতালিৰ মাকে খুচৰি খুচৰি এটা এটাকৈ বস্তুবোৰ উলিয়াই মাটিতে থলে , কলহ , কাঁহী - বাতি - চৰিয়াৰে বাকচটো ভৰি আছিল , পলিথিনৰ মোনা এটা উলিয়াই ভিতৰত সোমাই থকা কাগজপত্ৰবোৰ জোকাৰি দিলে , সৰু সৰু ফটোকেইখন মান থলকৈ মাটিত পৰিল , চাঁদৰৰ আচলেৰে ফটোকেইখন মোহাৰি মাধুৰীলৈ আগবঢ়াই দিলে , ........সেইজনীয়ে মোৰ ছোৱালী , পাঠচেলাত নামভৰ্ত্তি কৰিবলৈ তোলা ফটো । মাধুৰীয়ে ফটোখন ভালদৰে চালে , মিচিকিয়া হাঁহিটোৰ সৈতে মৰম লগা এজনী ছোৱালী , ......এতিয়া আমি আহিছোঁ খুৰীদেউ , প্ৰয়োজন হলে আকৌ আহিম , অ' আৰু এটা কথা আপুনি পল্লৱ লোচন শৰ্মাক লগ পাইছিল নেকি ...!
: এদিন লগ পাইছিলোঁ , কিন্ত চাকিৰ পোহৰত মুখখন ভালকৈ ধৰিবই নোৱাৰিলোঁ ,
: ৰত্নাকৰ , ড্ৰাইভাৰক গাড়ী ঘূৰাবলৈ কওঁক
মাধুৰীয়ে মিতালিৰ মাকক নমস্কাৰ জনাই খৰধৰকৈ আহি গাড়ীত বহিল , .....ৰত্নাকৰ ,
: yes মেডাম,
: নিৰুদ্দেশ হোৱা কনিষ্টবলজনৰ ঘৰ আপুনি চিনি পাই নেকি ...?
: পাওঁ মেডাম , কিন্তু বৰ ভিতৰুৱা ঠাই , ৰাস্তা পদূলিও বৰ ভাল নহয় ,
: কাইলৈ তেওঁৰ ঘৰলৈ যাব লাগিব এপাক ,
: মেডাম তেওঁৰ কোনো নাই ,
: what...?
: হয় মেডাম সৰুতেই মাক দেউতাক ঢুকাইছিল , খুড়াক খুড়ীয়েকৰ লগত থাকি ডাঙৰ দীঘল হৈছিল ,
: চাকৰিত জইন কৰা পাছত তেওঁ কাৰ লগত আছিল ,
: খুড়াকহঁতৰ লগতেই আছিল ,
: তেন্তে খুড়াক খুড়ীয়েকে আমাক কিছু তথ্য দিব পাৰিব , তেওঁলোকে নিৰুদ্দেশ হোৱাৰ পাছত থানাত খবৰ দিছিল নেকি ...?
: নাই , নাই দিয়া মেডাম ,
: মানুহবোৰৰ এইটোৱেই ভুল , ইমান এটা পুৰণি কেচ , দোষীক উপযুক্ত শাস্তি দিবলৈ বহুত প্ৰমাণ গোটাব লাগিব ,
: মেডাম , তেন্তে কেচটো ইমানতেই সামৰি থওক ,
: আপুনি কি কথা কৈছে হৈ , মই এই পলায়নবাদী স্বভাৱটো বৰ বেয়া পাওঁ , কোনে জানে , কাইলৈ এনে ঘটনা আপোনাৰ মোৰ লগতো হব পাৰে , এই মাধুৰীয়ে কেতিয়াও হাৰ নামানে , হয়টো কিছু সময় লাগিব , তথাপিও সত্য পোহৰলৈ আনিবই লাগিব , সেইটো আমাৰ দায়িত্ব ৰত্নাকৰ ।
: sorry মেডাম ,
: It's ok ...., মোৰ লগত কাম কৰিবলৈ হলে অলপ সাহস লাগিব , জুইৰ লগত খেলা কৰিব পাৰিব , চৰকাৰে আমাক দৰমহা দিছে কিয়...? সাধাৰণ জনতাক ন্যায় দিবলৈ , আপুনি মই যদি দায়িত্বৰ পৰা পলাব বিচাৰোঁ তেন্তে সৰ্বসাধাৰণ মানুহে কাৰ ওপৰত আস্থা ৰাখিব , নে মই কিবা ভুল কথা কৈছো....!
ক্ৰমশঃ......
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment