সাৱধান হঁওক অতিথিবৃন্দ.... বুকুৰ ধপধপনি বোৰ কন্ট্ৰল কৰক .....ৰাতিৰ সপোনবোৰ জুপিয়াই লঁওক .....মাতাল কৰক ......চাৱনিবোৰত নিচা লগাওক ....( Assamese Storyboard ) ..কাৰণ মই এজনী পাগলী হঁও......নাচি নাচি নিজেও পাগল হঁও আৰু আনকো পাগল কৰোঁ.....then guys....let's start the music...!!!!!!*"
_আৱাহন থিয়েটাৰৰ জনপ্ৰিয় নাটক *মা কালী* ৰ দৃশ্য এটি পুনৰ ৰচনা কৰাত ব্যস্ত হৈ আছিল সঞ্জু ।তাৰ ককায়েকে পূজাৰ বন্ধত বহুত দিনৰ মূৰত গাঁৱৰ ঘৰলৈ আহিছে ।সেয়ে ভায়েকে নাটকৰ দৃশ্য টো ককায়েকৰ লগতে আলোচনা কৰি আছিল ।সঞ্জুৱে নাটক চাই খুব ভাল পায় আৰু নিজেও অনুকৰণ কৰে । তেনেতে ওচৰৰে টুটুমণি সিহঁতৰ ঘৰত আহি ওলালহি । ককায়েকহঁত আজি চহৰলৈ উভতি যাব ।সেয়ে টুটুমণিয়ে মাত এষাৰ লগাবলৈ আহিলে । এইকেইদিন টুটুমণিৰ লগত সঞ্জুৰ ভতিজা ছোৱালী গীতাই সদায় খেলা ধূলা কৰি আছিল । টুটুবাৰ ঘৰত থকা পুতলাৰ আলমাৰিটোৰ বিভিন্ন পুতলা গীতাই হাতেৰে লিৰিক বিদাৰি চাই ফূৰ্তি পাইছিল ।কিন্তু গীতাই আজি টুটুবাৰ লগত বেছি কথা পতা নাই ....!!! কিবা যেন অন্যমনস্ক হৈ আছে । টুটুৱে মন কৰিলে গীতাৰ হাতত কিবা এটা তাই লুকুৱাই আছে । তাই মন কৰি দেখিলে সেইটো এটা পুতলা । চকু দুটা আচৰিত ধৰণে ডাঙৰ আৰু উজ্জ্বল । কিন্তু মুখখন বৰ মৰমলগা । পিছে গীতাই কিয় লুকুৱাইছে পুতলা টো ।তাই বা কʼত পালে সেইটো পুতলা , তাই ভাবি নাপালে ।
_বাৰু , তাইৰ ঘৰত বহুত কাম বাকী আছিল । সেয়ে সোনকালে সকলোকে মাত দি ঘৰলৈ আহিল ।ঘৰত এতিয়া বৰমাক আৰু তাইহে আছে ।বাকী সকলো সদস্য ঘৰৰ বাহিৰতে থাকে ।গীতা থকা কাৰণে টুটুমণিৰো ভাল লাগি আছিল । কিন্তু কাইলৈৰ পৰা সকলো আৰু সেমেকা সেমেকা লাগিব ।কথাটো ভাবি অলপ বেজাৰ পালে তাই !!_
_টুটুমণিয়ে ৰাতি বৰমাকক ভাত পানী খুৱাই ঔষধ দিলে । তাৰ পিছত নিজেও ভাতমুঠি খাই আজৰি হৈ ৰʼল । বাচনখিনি বেচিনতে ধুই অলপ টি.ভি. টোকে চাও বুলি অন কৰিলে । নিউজৰ চেনেল চাবলৈ মন যোৱা নাই আজি চিনেমা এখনকে চাও । এনেদৰে চেনেল বদলাই থাকোতে এখন ভুতৰ চিনেমা আহি গ'ল । এইখন আছিল এনাবেলা .... বহুত ভয়লগা চিনেমা ।যোৱাকালিয়ে এইখন তাই চাই আছিল । কিন্তু ভয়তে সম্পূৰ্ণ চাব নোৱাৰিলে তাই । তাই প্ৰথমে ধৰিব পৰা নাছিল কিন্তু পিছত মন কৰিলে কালি চোৱা চিনেমাখনকে আকৌ আজি দি আছে ।"_
*এহ... এইখন বৰ ভয় লাগে । নেচাও মই"*
_এইবুলি তাই চেনেলটো বদলাব বিচাৰিলে । কিন্তু কি আচৰিত ৰিমট টো বিকল হৈ গ'ল ।বেলেগ চেনেল দেখোন নহাই হ'ল আৰু টিভিত হঠাতে ভয়ানক গান এটা বাজি উঠিল_
_টুটুমণিৰ বুকুখন কঁপি উঠিল আৰু অলপ ভয় ভয় লাগি গ'ল । ইফালে সিফালে চালে ক'তো একো নাইছোন । মাথো ঘৰৰ বাহিৰৰ ৰাস্তাৰ কাষৰ নলাৰপৰা ভেকুলীবোৰৰ_
টুৰ টুৰ টুৰ টুৰ টুৰ
টুৰ টুৰ টুৰ টুৰ টুৰ
_শব্দ কিছুমান কানত ভাহি আহিল ।_
*ফিচ ফিচ ফিচ ফিচ ফিচ*
*ফিচ ফিচ ফিচ ফিচ ফিচ* কৈ
_হঠাৎ চিলিং ফেন খন লাহে লাহে ঘূৰিবলৈ আৰম্ভ কৰি জোৰে জোৰে ঘুৰিব ললে । কোঠাটো যেন চেঁচা পৰি গ'ল ।_
টুটুমণিৰ পৰিবেশটো কিবা আচহুৱা যেন লাগিল ।
*বৰ মা ....অ বৰ মা*
*শুনিছেনে..!!?*
*আপুনি ক'ত আছে..!!?*
_তাই জোৰে জোৰে চিঞৰিব খুজিলে । কিন্তু মাততো দেখোন নোলোৱা হৈ গ'ল ।_
*মিউ মিউ মিউ মিউ মিউ*
*মিউ মিউ মিউ মিউ মিউ.....*
_পাকঘৰৰপৰা হঠাৎ মেকুৰীৰ মাত শুনা গʼল । নিশ্চয় ৰাতিৰ ৰোৱা খাদ্য খাবলৈ আহিছে । কিন্তু পাছ মূহুৰ্ততে মেকুৰী জনী টিভি ৰুমত তাইৰ একেবাৰে সন্মুখত থিয় হৈ তাইলৈ চাই চাই যেন মাতি আছে । তাই তেতিয়া চোফাত বহি আছিল ।_
_মেকুৰীজনীৰ ৰঙা চকু দুটা যেন তিৰেবিৰাই উঠিল ।টি ভিৰ পোহৰত জিলিকি উঠিল চকু দুটা !!_
_তেতিয়া টিভিৰ পৰ্দাত পুতলা জাতীয় ভুত এটাই সৰু ছোৱালী এজনীক ভয় খুৱাই আছিল । টুটুমণিয়ে এইবাৰ মন কৰিলে সেই সৰু ছোৱালী জনীচোন সাইলাখ আমাৰ কনমানী গীতাজনী আৰু তাইৰ লগত সেই ভয়ংকৰ পুতলাটো.... হয় হয় ......গীতাই পাচফালে লগতলৈ দৌৰ মৰা সেই পুতলাটোৱেই হয় সেইটো । পুতলাৰ চকু দুটা তাইৰ স্পষ্ট কৈ মনত আছিল ।_
_এইবোৰ কি হৈ আছে ইয়াত তাই একো বুজা নাই ।_
_তাইৰ ভয়বোৰ লাহে লাহে কৌতূহললৈ পৰিণত হৈছে । কʼলা মেকুৰীজনীয়ে এইবাৰ টিভিতোৰ ফালে চালে যেন সিও গীতা আৰু তাইৰ পুতলাটো আগৰ পৰাই চিনি পায় ।_
_টুটুমণিৰ মনত পৰিল , সৰুতে আইতাকে কৈছিল বেয়া শক্তি ৰোধ কৰিবলৈ সদায় ভাল শক্তিৰ প্ৰয়োজন হয় । ভগবানৰ নাম ললেই হেনো অশুভ শক্তি আঁতৰি যায় । তাই চোফাৰপৰা উঠি আহি টিভি ৰ সম্মুখত হনুমান চলিচাখন পাঠ কৰিবলৈ ধৰিলে_
দোহা
শ্রী গুরু চরণ সরোজ রজ নিজমন মুকুর সুধারি |
বরণৌ রঘুবর বিমলযশ জো দাযক ফলচারি ‖
বুদ্ধিহীন তনুজানিকৈ সুমিরৌ পবন কুমার |
বল বুদ্ধি বিদ্যা দেহু মোহি হরহু কলেশ বিকার ‖
ধ্যানম্
গোষ্পদীকৃত বারাশিং মশকীকৃত রাক্ষসম্ |
রামাযণ মহামালা রত্নং বংদে-(অ)নিলাত্মজম্ ‖
যত্র যত্র রঘুনাথ কীর্তনং তত্র তত্র কৃতমস্তকাংজলিম্ |
ভাষ্পবারি পরিপূর্ণ লোচনং মারুতিং নমত রাক্ষসাংতকম্ ‖
চৌপাঈ
জয হনুমান জ্ঞান গুণ সাগর |
জয কপীশ তিহু লোক উজাগর ‖ ১ ‖
রামদূত অতুলিত বলধামা |
অংজনি পুত্র পবনসুত নামা ‖ ২ ‖
মহাবীর বিক্রম বজরংগী |
কুমতি নিবার সুমতি কে সংগী ‖৩ ‖
কংচন বরণ বিরাজ সুবেশা |
কানন কুংডল কুংচিত কেশা ‖ ৪ ‖
হাথবজ্র ঔ ধ্বজা বিরাজৈ |
কাংথে মূংজ জনেবূ সাজৈ ‖ ৫‖
শংকর সুবন কেসরী নংদন |
তেজ প্রতাপ মহাজগ বংদন ‖ ৬ ‖
বিদ্যাবান গুণী অতি চাতুর |
রাম কাজ করিবে কো আতুর ‖ ৭ ‖
প্রভু চরিত্র সুনিবে কো রসিযা |
রামলখন সীতা মন বসিযা ‖ ৮‖
সূক্ষ্ম রূপধরি সিযহি দিখাবা |
বিকট রূপধরি লংক জলাবা ‖ ৯ ‖
ভীম রূপধরি অসুর সংহারে |
রামচংদ্র কে কাজ সংবারে ‖ ১০ ‖
লায সংজীবন লখন জিযাযে |
শ্রী রঘুবীর হরষি উরলাযে ‖ ১১ ‖
রঘুপতি কীন্হী বহুত বডাযী |
তুম মম প্রিয ভরত সম ভাযী ‖ ১২ ‖
সহস্র বদন তুম্হরো যশগাবৈ |
অস কহি শ্রীপতি কংঠ লগাবৈ ‖ ১৩ ‖
সনকাদিক ব্রহ্মাদি মুনীশা |
নারদ শারদ সহিত অহীশা ‖ ১৪ ‖
যম কুবের দিগপাল জহাং তে |
কবি কোবিদ কহি সকে কহাং তে ‖ ১৫ ‖
তুম উপকার সুগ্রীবহি কীন্হা |
রাম মিলায রাজপদ দীন্হা ‖ ১৬ ‖
তুম্হরো মংত্র বিভীষণ মানা |
লংকেশ্বর ভযে সব জগ জানা ‖ ১৭ ‖
যুগ সহস্র যোজন পর ভানূ |
লীল্যো তাহি মধুর ফল জানূ ‖ ১৮ ‖
প্রভু মুদ্রিকা মেলি মুখ মাহী |
জলধি লাংঘি গযে অচরজ নাহী ‖ ১৯ ‖
দুর্গম কাজ জগত কে জেতে |
সুগম অনুগ্রহ তুম্হরে তেতে ‖ ২০ ‖
রাম দুআরে তুম রখবারে |
হোত ন আজ্ঞা বিনু পৈসারে ‖ ২১ ‖
সব সুখ লহৈ তুম্হারী শরণা |
তুম রক্ষক কাহূ কো ডর না ‖ ২২ ‖
আপন তেজ সম্হারো আপৈ |
তীনোং লোক হাংক তে কাংপৈ ‖ ২৩ ‖
ভূত পিশাচ নিকট নহি আবৈ |
মহবীর জব নাম সুনাবৈ ‖ ২৪ ‖
নাসৈ রোগ হরৈ সব পীরা |
জপত নিরংতর হনুমত বীরা ‖ ২৫ ‖
সংকট সে হনুমান ছুডাবৈ |
মন ক্রম বচন ধ্যান জো লাবৈ ‖ ২৬ ‖
সব পর রাম তপস্বী রাজা |
তিনকে কাজ সকল তুম সাজা ‖ ২৭ ‖
ঔর মনোরধ জো কোযি লাবৈ |
তাসু অমিত জীবন ফল পাবৈ ‖ ২৮ ‖
চারো যুগ প্রতাপ তুম্হারা |
হৈ প্রসিদ্ধ জগত উজিযারা ‖ ২৯ ‖
সাধু সংত কে তুম রখবারে |
অসুর নিকংদন রাম দুলারে ‖ ৩০ ‖
অষ্ঠসিদ্ধি নব নিধি কে দাতা |
অস বর দীন্হ জানকী মাতা ‖ ৩১ ‖
রাম রসাযন তুম্হারে পাসা |
সদা রহো রঘুপতি কে দাসা ‖ ৩২ ‖
তুম্হরে ভজন রামকো পাবৈ |
জন্ম জন্ম কে দুখ বিসরাবৈ ‖ ৩৩ ‖
অংত কাল রঘুপতি পুরজাযী |
জহাং জন্ম হরিভক্ত কহাযী ‖ ৩৪ ‖
ঔর দেবতা চিত্ত ন ধরযী |
হনুমত সেযি সর্ব সুখ করযী ‖ ৩৫ ‖
সংকট ক(হ)টৈ মিটৈ সব পীরা |
জো সুমিরৈ হনুমত বল বীরা ‖ ৩৬ ‖
জৈ জৈ জৈ হনুমান গোসাযী |
কৃপা করহু গুরুদেব কী নাযী ‖ ৩৭ ‖
জো শত বার পাঠ কর কোযী |
ছূটহি বংদি মহা সুখ হোযী ‖ ৩৮ ‖
জো যহ পডৈ হনুমান চালীসা |
হোয সিদ্ধি সাখী গৌরীশা ‖ ৩৯ ‖
তুলসীদাস সদা হরি চেরা |
কীজৈ নাথ হৃদয মহ ডেরা ‖ ৪০ ‖
দোহা
পবন তনয সংকট হরণ - মংগ মূরতি রূপ্ |
রাম লখন সীতা সহিত - হৃদয বসহু সুরভূপ্ ‖
সিযাবর রামচংদ্রকী জয | পবনসুত হনুমানকী জয |
_কিছু সময় পিছত টিভিটো হঠাৎ অফ হৈ গ'ল । টুটুমণিৰ মন্ত্ৰ সম্পূৰ্ণ হোৱা নাছিল । তাই ৰৈ গ'ল আৰু টিভিৰ পৰ্দাত চকু থলে ।( Assamese Storyboard )_
*বুমমমমমমম....*
_এক তীব্ৰ শব্দ শুনা গ'ল.. টিভিৰ ভিতৰত যেন কিবা বিস্ফোৰণ হ'ল ।_
_তাই ভাবিলে টিভি টো জ্বলি গ'ল নেকি...উফ সৰ্বনাশ । হঠাৎ কোঠাটোৰ চাৰিওফালে ধোৱাৰ গোন্ধ বিয়পি গ'ল । তাই ভাবিলে ফিউজ উৰি গল চাগে।_
_এইবাৰ সকলো পাহৰি তাই টিভিৰ মেইন ছুইছটো অফ কৰিবলৈ হাতখন মেলিলে কিন্তু ....._
_হঠাৎ টিভি টো আকৌ নিজে নিজে অন হৈ চলিবলৈ ল'লে । আকৌ একেটা ভয়ংকৰ গান আৰু একেটা ভয়ংকৰ পুতলাৰ দৃশ্য ......তাইৰ চকু পুনৰ টি.ভি.ৰ পৰ্দাত নিবদ্ধ হৈ ৰʼল।
_কিন্তু হঠাৎ_
_এয়া কি?.._
_এইবাৰ চোন টিভি ৰ পৰ্দাত গীতা নাই । তাইৰ ঠাইত টুটুমণিয়ে দেখিলে কোনোবা প্ৰাপ্তবয়স্ক ডাঙৰ ছোৱালীৰ অবয়ব । পলকতে ছোৱালী জনীয়ে নিজৰ মুখ খন ফেঁচাটোৰ দৰে এপাক ঘূৰাই দিলে । টুটুমণিৰ বিশ্বাস হোৱা নাই । কি এইবোৰ ......_
*আআআআআআআআআ.........*
_তাই এটা বিকট চিঞৰ মাৰিলে ।_
_এয়া টিভি ৰ পৰ্দাত থকা ডাঙৰ ছোৱালী জনী আন কোনো নহয়.....
*টুটুমণি নিজেই দেখোন .......!!!!!!!!!_ *
_তাই এইবাৰ ৰুমটোৰপৰা দৌৰি পলাবলৈ চেষ্টা কৰিলে । কিন্তু লৰিব পৰা নাই । যেন কোনোবাই সম্মোহনী মন্ত্ৰেৰে তাইক শিলৰ মূৰ্তি বনাই দিলে ।_
_তাইৰ ভৰি দুখন যেন এহেজাৰ টন গধুৰ হৈ পৰিছিল । তাই নিজেই দাঙিব পৰা নাই .....!!!_
*মিঊ মিঊ মিঊ মিঊ মিঊ*
*মিঊ মিঊ মিঊ মিঊ মিঊ*
_আকৌ একেটা শব্দই তাইৰ কাণত আঘাত কৰিলেহি.._
_মেকুৰী জনী তেতিয়াও টিভি টোৰ ওচৰতে বহি তাইক চাই আছিল ...!!!_
_টুটুমণি এইবাৰ আকৌ আচৰিত হ'ল ।_
_মেকুৰীটো দেখোন জাঁপ মাৰি টিভিৰ ভিতৰলৈ সোমাই গ'ল .......!!!টিভি টো চোন ভাঙি যোৱা নাই ।যেন মেকুৰীটোৱে খোলা খিৰিকীখনেৰেহে জাঁপ দিলে !!
_এইবাৰ টিভি ৰ ভিতৰত টুটুমণিৰ অবয়বটোয়ে কʼলা মেকুৰীটোৰ ৰূপ লৈছে । মেকুৰীটোৱে টিভিৰ ভিতৰৰ পৰাই তাইৰ ফালে ঘোপাকৈ চাই ৰৈ আছে ।_
_এইবোৰ দেখা পায় টুটুমণি ঘামত তিতি গৈছিল । তাইৰ মগজুতো যেন কোনো অপশক্তিয়ে বিকল কৰি পেলাইছিল ।_
_এইবাৰ টিভিৰ ভিতৰত গীতাৰ পুতলাটো দেখা গ'ল । হঠাৎ মৰমিয়াল পুতলাটোয়ে ভয়ংকৰ ৰূপ লৈছিল । তাৰ চকু কেইটা টিভিৰ পৰ্দাত ডাঙৰ ডাঙৰকৈ ওলাই পৰিল ।_ 
_টুটুমণিক আৰু আচৰিত কৰি পুতলাটোয়ে চকুহাল তিব্ৰ বেগত লৰাই দিলে ।_
_এইবাৰ ......_
_পুতলা ভূততো ওলোটা হৈ হাতেৰে খোজ কাঢ়ি TV টোৰ পৰা ওলাই আহিলে ।_
_টুটুমণিৰ চিঞৰ_ .......
*মা মা ......মা.......কোন আছে মোক বছোৱা..*
_কাৰো কোনো সহাৰি নাই.. তাই নিৰুপায় হৈ পৰিল । .._
_পুতলা টোৱে তাইক চুলিত ধৰি টানি চোঁচৰাই টিভিতোৰ ভিতৰলৈ লৈ যায় .._
_লগে লগে তাই অজ্ঞান হৈ যায়_
_কিছু সময় পিছত ,_
_TV ৰ ভিতৰত এটা কোঠালি ত টুটুমণিক দেখা যায় । কোঠাটোত চাৰিওপিনে আইনাৰ দেৱাল । টুটুমণিয়ে চকু মেলি নিজকে ৰুমটোত আৱিষ্কাৰ কৰে । তাই উঠি বহি চাৰিওপিনে নিজকে আইনাৰ চাৰিবেৰৰ মাজত পায় । তাই ওলোৱা ৰাস্তা বিচাৰি ফুৰে । তাইৰ মনত পৰে গীতা, লগত তাইৰ পুতলাটো আৰু সেই কʼলা মেকুৰীজনী !!!_
*গীতা , গীতা , গীতা তুমি ক'ত আছা..*
_তাই মাতিবলৈ ধৰে । তাইৰ মাত চাৰিওদিশে প্ৰতিধ্বনি হৈ তাইক আৰু ভয় খুৱায় । এবাৰ ওপৰলৈ চকু যায় তাইৰ । দেখা পায় এখন কলা অমাবস্যাৰ আকাশ । য'ত তৰা চ'ৰা একো নাই । লাহে লাহে তাত কিছুমান পোহৰৰ সৰু ডাঙৰ বিন্দু ওলাব ধৰে । বিন্দুবোৰ এটা এটা পুতলা হৈ আকাশত ওলমিবলৈ ধৰে ।তাই ভয়ত তললৈ মূৰ কৰে ।_
_হঠাৎ তাইৰ কান্ধত কিবা পৰা যেন লাগিছে ।_
_কিবা_ _জুলীয়া ....বিজবিজীয়া....আঠা আঠা...._
টুপ টুপ টুপ টুপ টুপ
টুপ টুপ টুপ টুপ টুপ
_যেন কিবা জুলীয়া পদাৰ্থৰ বৰষুণ পৰিছে আকাশৰ পৰা ......._
_টুটুমণিয়ে পানীখিনি হাতেৰে চুই চাই দেখে ....সেয়া পানী নহয় .....তেজ !!!!!!!!!!_ 
_তাই ওপৰলৈ চাই দেখে পুতলাবোৰৰ পৰা তেজ নিগৰি তললৈ বৰষুণৰ দৰে টপ টপ কৈ পৰি আছে । তাই পুতলাবোৰৰ মুখখন চাবলৈ ধৰে । গীতাৰ পুতলা টো নেকি বাৰু !!_
_ভালকৈ চাই তাই দেখে সেইটো গীতাৰ পুতলা নহয় ......বৰং গীতা নিজে ..….....!!!!!!!!_
_এইবাৰ চাই চাই তাই আইনাৰ কোঠাটোৰ মাটিত ঢলি পৰে । ইতিমধ্যে তেজৰ টোপালবোৰ আইনাবোৰত লাগি ৰঙা হৈ পৰিছিল । এখন আইনাৰ পিনে তাই নিজৰ প্ৰতিবিম্বটো চালে । প্ৰতিবিম্বত তাইৰ কপালৰপৰাও তেজবোৰ নিগৰি নিগৰি ওলাব ধৰিছে । ভয়ে ভয়ে হাতখন তাইৰ কপাললৈ তাই লৈ যায় ।_
_তাই তেজ তেজ অনুভৱ কৰে ....!!!!!_
_হঠাৎ সেই ভয়ংকৰ সংগীত টো আকৌ বাজিবলৈ ধৰে । এইবাৰ তাই ওপৰলৈ চাই দেখে এটাও পুতলা নাই ......!!!_ _গীতাও নাই ....!!!_ _আইনাবোৰতো তেজৰ দাগ নাই ....আৰু তাইৰ কপালৰপৰাও তেজ ওলোৱা নাই ...!!!!!!_
_বহু সময় পিছত তাই উশাহ এৰে আৰু এইবাৰ কাণ থিয় কৰি গানটো শুনি থাকে ।_
_হঠাৎ আইনাত থকা তাইৰ প্ৰতিবিম্ব নোহোৱা হৈ পৰে আৰু তাৰ ঠাইত কʼলা মেকুৰীজনীৰ প্ৰতিবিম্ব দেখা পায় । তাৰে এখন আইনাত সেই ভয়ংকৰ পুতলাজনী ও দেখা যায় । টুটুমণিয়ে এইবাৰ পুতলাজনীলৈ চাই দেখে তাইৰ ওঁঠ দুটি লৰচৰ কৰি আছে আৰু গানটো তাইয়েই গাই আছে ...!!!!!!_
_টুটুমণিয়ে ভয়তে ...._
*আহহহহহহহহহহহহহহহহহহহহহহহহহ*
_বুলি চিঞৰে । লগে লগে পুতলাই আইনা ভাঙি ওলাই আহে আৰু তাইক মাটিত বগৰাই বুকুত হেঁচা মাৰি ধৰে........!!!!! পুতলাতোয়ে হেঁচা মাৰি তাইৰ উশাহ বন্ধ কৰিবৰ উপক্ৰম হয় .....তাই যেনি তেনি নিজৰ হাত ভৰি এচাৰিব ধৰে , কিন্তু পুতলাৰ হেঁচা নকমে । এইবাৰ পুতলা টোৱে তাইৰ কাণত গান এটা গুনগুনাবলৈ ধৰে । সেই গানৰ প্ৰতিটো শব্দই যেন তাইৰ কাণৰ পৰ্দা ফালি তেজ ওলাব ধৰে ..............._
*আআআআআআআআআআআআআআআআআআআআআহ.....*
_এটা বিকত চিঞৰি মাৰি টুটুমণি সাৰ পাই উঠে ..........!!!
কা কা কা কা কা
কা কা কা কা কা
বাহিৰত কাউৰী বোৰে তেতিয়া ৰমলিয়াই আছিল । পুৱাৰ ৰʼদজাক খিৰিকীৰে তাইৰ কোঠালৈ সোমাই আহিছিল ।_
_টুটুমণিৰ সৰ্বশৰীৰ তেতিয়াও তিতি আছিল । তাইৰ অন্ঠকন্ঠ শুকাই গৈছিল । সেপ এটা ঢুকিবলৈও তাইৰ এতিয়া কষ্ট পাইছিল ।_
*কি যে এক ভয়ংকৰ সপোন*
_তাই মনতে ভাবি পানী খাবলৈ বুলি পাকঘৰলৈ যাওতে দেখিলে TV টো ৰাতিৰ পৰা অন হৈয়ে আছিল ।লগতে খিৰিকীৰে বাহিৰলৈ চাই দেখিলে গীতাই হাতত সেই পুতলাটো লৈ দেউতাকৰ লগত গাড়ীত বহিবলৈ সাজু হৈছে ।
কি আচৰিত..!!!!!
( সমাপ্ত)
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24
No comments:
Post a Comment