প্ৰেম মানে বিয়া নহয়,প্ৰেম জীৱনৰ এটা অংশ মাথোঁ : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 6, 2021

প্ৰেম মানে বিয়া নহয়,প্ৰেম জীৱনৰ এটা অংশ মাথোঁ : Assamese Storyboard

Assamese Storyboard


প্ৰেমত ফুলিছে শতদল

প্ৰেমত ঘূৰিছে ভূমণ্ডল ।

          ---লক্ষ্মীনাথ বেজবৰুৱা

মানৱজাতি সৃষ্টি হোৱাৰ সময়ৰ পৰাই প্ৰেম সৃষ্টি হৈছেনে? নাই প্ৰেমৰ অলৌকিক শক্তিত মানৱজাতি

সৃষ্টি হৈছে ।সেই প্ৰশ্নৰ উত্তৰ অতি ৰহস্যময় ।কিন্তু এটা কথা ধাৰণা কৰিব পাৰে যে প্ৰেম অবিহনে সেই কাৰ্য সম্ভৱ হ'ব নোৱাৰে।সেই কাৰ্যত প্ৰেম নিবিড় ভাৱে জড়িত হৈ আছে।প্ৰেমৰ অনন্য শক্তিৰ জৰিয়তে সেই কাৰ্য সম্ভৱ সম্পাদিত হৈছে।( Assamese Storyboard )

         প্ৰেম শাশ্বত চিৰপ্ৰবাহমান...।প্ৰেমৰ অনন্য শক্তিত জাগ্ৰত হয় অন্তৰৰ নিভৃত কোণত সুপ্ত হৈ থকা অনুভূতিবোৰ ।প্ৰেমৰ শক্তিৰ যোগেদি জাগ্ৰত হোৱা অনুভূতিবোৰে জীৱনক স্বৰ্গীয় সুখ দিয়ে। জীৱনক নতুন মাত্ৰা প্ৰদান কৰে।জীৱন উপত্যকা চিৰসেউজ কৰি তোলে ।য'ত নুফুলা ফুলবোৰ ফুলি সুগন্ধি বিলায় ।য'ত নগজা বনবোৰ গজি শোভা বর্ধন কৰে ।


        প্ৰেমৰ সংজ্ঞা দিয়া টান।সাধাৰণ কথাত সঁচা অকৃত্ৰিম ভালপোৱাই হৈছে প্রেম ।কিছুমান মনোবিদে প্ৰেমৰ তিনিটা উপাদান উল্লেখ কৰি প্ৰেমৰ সংজ্ঞা আগবঢ়াইছে ।সেই তিনিটা হ'ল অন্তৰঙ্গতা,আন্তৰিকতা,অংগীকাৰবদ্ধতা ।ইয়াৰ উপৰিও প্ৰেমত অতি নিবিড় ভাৱে জড়িত হৈ আছে অভিমান আৰু কিছুমান সৰু সৰু কাজিয়া।অভিমানে প্ৰেমৰ মধুৰতা বৃদ্ধি কৰাত সহায় কৰে আৰু ঠিক তেনেকৈ সৰু সৰু কাজিয়াই প্ৰেমৰ মৰম,আৰু গভীৰ কৰি তুলি অধিক ওচৰ চপাই আনে।প্ৰেমে সুখ-দুখৰ সময়ত ইজনে সিজনৰ কাষত থিয় কৰাত সহায় কৰে আৰু আনৰ লগত নপতা গোপনীয় মিঠা মিঠা কথাবোৰে জীৱন অতুলনীয় কৰে।সেয়াই চাগৈ প্ৰেম ভালপোৱা।

           প্ৰেম কেতিয়া হয় ? প্ৰশ্নটো সাধাৰণ যেন লাগিলেও বৰ সহজ নহয় ।উদাহৰণ স্বৰূপে এজন ডেকা ল'ৰাই বহুজনী ছোৱালীৰ স'তে প্ৰেমত পৰিব নোৱাৰে।বহুজনীৰ মাজত এজনীয়ে চকুত পৰি তেওঁৰ প্ৰেম ভালপোৱাৰ শিহৰণ জাগিব পাৰে। বহুতে কয় চাৰিচকুৰ মধুৰ মিলনত প্ৰেম হয়।কিন্তু চাৰিচকুৰ মিলন মানে প্ৰেম নহয়।কাৰণ পৰো বুলি কোনেও কাৰো প্ৰেমত পৰিব নোৱাৰে আৰু পৰিব নিবিচাৰে।হয়তো যেতিয়া বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হৈ দুখন হৃদয় এখন হয় তেতিয়া প্ৰেম হয়।সেই প্ৰেমে লাহে লাহে প্ৰেমিক-প্ৰেমীকাৰ সম্পৰ্ক আৰু অধিক গতিশীল কৰি তুলি মধুৰৰ পৰা মধুৰতালৈ লৈ যায়।অহৰহ বোৱাই আনে গভীৰতা সৃষ্টি কৰা এখনি মৰম ভালপোৱাৰ আৱেগৰ নৈ ।য'ত মাজে সময়ে চপৰা-চপৰে খহে আবেগৰ গৰা।য'ত আবেগৰ ঢৌ তুলি বৈ।

           প্ৰেমে নামানে বয়সৰ সীমা।প্ৰেমে জাতি-ধৰ্ম, ধনী-দুখীয়াৰ বাট-বিচাৰ নকৰে।প্ৰেমে কেৱল সঁচা অন্তৰেৰে প্ৰেমৰ ঠিকনা বিচাৰে ।প্ৰেমে ইজনে সিজনৰ সঁচা মৰম বিচাৰি ফুৰে ।প্ৰেমে বাধাৰ প্ৰাচীৰ নামানে ।প্ৰেমে সমাজৰ নীতি -নিয়ম উলঙ্গা কৰে ।সেয়ে চাগৈ প্ৰেমত সকলোবোৰ ন্যায় ।


          প্ৰেমৰ সম্পৰ্ক স্থায়ী ৰূপ দিবলৈ ইজনে সিজনক বুজি পোৱাতো খুবেই প্ৰয়োজন।কাৰণ প্ৰত্যেকৰে ভাল পোৱা বেয়া পোৱাৰ কথা জড়িত হৈ থাকে।যিহেতু প্ৰেম মানে শাৰীৰিক সম্পৰ্ক নহয় ।প্ৰেম মানে চুম্বন নহয়।সেইবোৰ নকৰাকৈও প্ৰেমক মধুৰ কৰিব পাৰে।প্ৰেমক চিৰসেউজ কৰিব পাৰে। সন্দেহ,ভুল বুজাবুজিয়ে প্ৰেমৰ ৰসাল সম্পৰ্ক শেষ কৰে।বন্ধুত্ব সুলভ মনোভাৱেৰে প্ৰেমৰ এনাজৰী ডাল অধিক স্থায়ী ৰূপ দিব পাৰে।

         প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠাৰ লগে লগে ইজনে সিজনৰ প্ৰতি বহুত আকৰ্ষিত হৈ হেৰুৱাব নোৱাৰা আন্তৰিকতা সৃষ্টি হয় ।সেয়ে চাগৈ ইজনে সিজনৰ কথা-বতৰাবোৰ শ্ৰুতিমধুৰ হৈ পৰে।ইজনে সিজনক নেদেখাকৈ থাকিব নোৱাৰাৰ অনুভৱৰ শিহৰণ জাগে।সেই বাবে কোনোবা পণ্ডিতে কৈ গৈছিল প্ৰেম অন্ধ ।( Assamese Storyboard )

          প্ৰেম মানে বিয়া নহয় । প্ৰেম জীৱনৰ এটা অংশ মাথোঁ।ভুল বুজাবুজিৰ ফলত প্ৰেম পূৰ্ণতা নাপায় আধৰুৱা হয় ।সেই বাবে প্ৰেমক বিশ্বাসঘাটকত বুলি বহুতে বদনাম কৰে।কিন্তু সঁচা প্ৰেমে বিশ্বাসঘাটক নকৰে ।যিসকল প্ৰেমিক-প্ৰেমীকাই সঁচা অন্তৰেৰে ভাল নাপাই কেৱল ভালপোৱাৰ অভিনয় কৰে সেইসকলে প্ৰেমক প্ৰতাৰণা কৰে ।তেওঁলোকে প্ৰেমক আন্তৰ্দৃষ্টিৰে চাব নোৱাৰে।প্ৰেমৰ প্ৰকৃত সত্যক আৱিষ্কাৰ কৰিব নোৱাৰে ।

          সঁচা প্ৰেমৰ সম্পৰ্কক কোনেও বাধা দি ৰাখিব নোৱাৰে। পানৈ-জঙ্কিৰ পৰা   ৰোমিঅ'-জুলীয়েটলৈ সঁচা জীয়া প্ৰেমৰ উদাহৰণ পৃথিৱীত আজিও সজীৱ হৈ আছে।তেওঁলোকে ঘৰ আৰু সমাজৰ বাধা জয় কৰি প্ৰেমক চিৰযুগমীয়া কৰিছে।প্ৰসংগঃ ক্ৰমে অনিৰুদ্ধ আৰু উষাদেৱীৰ প্ৰেমৰ কথাই উনুকিয়াব পাৰে।তেওঁলোকে চিত্ৰলেখাৰ ঐশ্বৰিক শক্তিৰ জৰিয়তে সঁচা প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল। অগ্নিগড়ৰ বাধা আৰু যুদ্ধক জয়ী কৰি মিলন হৈছিল ।সেই বাবে হয়তো প্ৰেমক অমৰ বুলি কোৱা হয় ।


        প্ৰেমক যোগাত্মক দৃষ্টিৰে চোৱা উচিত।যোগাত্মক দৃষ্টিৰে প্ৰেমৰ সম্পৰ্ক আগবঢ়াই নিলে সুদৃঢ় হয় ।সম্পর্কৰ মাজত ফাট নেমেলে।চিৰযুগমীয়া হয়।নেতিবাচক দৃষ্টিয়ে প্ৰেমৰ সাৰ্থকতা ধ্বংস কৰে।প্ৰেমৰ মাদকতাবোৰ নোহোৱা কৰে।মধুৰ সম্পর্কৰ কালিমাৰ দাগ লগায়।

        প্ৰেম অনন্য চিৰপ্ৰৱাহমান....।প্ৰেমৰ শক্তিয়ে জীৱনক যৌৱনৰ শক্তি জগাই তোলে।আধৰুৱা জীৱনক পৰিপূৰ্ণ কৰে।চিৰ নতুন কৰি তোলে জীৱন।জীৱনৰ যিবোৰ আশা ভগৱাননে পূৰ্ণ কৰিব নোৱাৰে সেইবোৰ আশা প্ৰেমে পূৰ্ণ কৰিব পাৰে।প্ৰেমৰ শক্তি অনন্য।যিটো শক্তিত পৰাভূত হয় জাতি-ধৰ্মৰ বাট-বিচাৰ।

Assamese Storyboard

এনেধৰনৰ আৰু লেখা বা গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

Assamese Storyboard


জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages