এটা বহুত পুৰণা প্ৰতিশ্ৰুতি : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 20, 2021

এটা বহুত পুৰণা প্ৰতিশ্ৰুতি : Assamese Storyboard

Assamese Storyboard

 " তুমি বেয়া পালেও বিভূতি এজন ভাল মানুহ।  আমাৰ ছোৱালী জনীক তেওঁ যিমান মৰমত ৰাখিছে তুমি জানো দেখা নাই। "( Assamese Storyboard )

        কথাখিনি শুনি পৰিতোষ চক্ৰবৰ্তীৰ যে খং টিকনিত উঠিছে সেইকথা ঘৈণীয়েকক ইন্দুয়ে ঠিকেই বুজিলে। মাথো পৰিতোষৰ প্ৰতিক্ৰিয়া কি হয় তাকে চাবলৈ তেওঁ উদগ্ৰীৱ হৈ ৰ'ল। চকীখনত বহী থকা পৰিতোষ উঠি ভিতৰলৈ খোজ ল'লে। যাওঁতে ঘৈণীয়েকে চাই কৈ গ'ল। 
     "মোৰ আৰু তাৰ মাজত আকাশ পাতাল পাৰ্থক্য। মোৰ ছোৱালীক বোৱাৰী কৰি নিলেও সি মোৰ সমান হ'ব নোৱাৰে। " ইন্দুয়ে কোনো উত্তৰ নিদিলে। গিৰিয়েকৰ একেষাৰ কথাকে তেওঁ কিমান শুনিব? কিয় বাৰু মানুহজনে বিভূতি বৰুৱাক ইমান বেয়া পায় ? সৰুতে হেনো দুয়োজন নলেগলে লগা বন্ধু আছিল। 
         পৰিতোষ ইন্দুৰ একেজনী ছোৱালী মেঘালী। 
এদিন মেঘালীয়ে অফিচৰ পৰা আহি দেউতাকক সুধিছিল -" দেউতা তোমাৰ বিভূতি বৰুৱা বুলি কোনোবা বন্ধু এজন আছিল নেকি? "
       পৰিতোষে তীক্ষ্ণ ভাৱে তাইলৈ চাই সুধিছিল -"কিয় সুধিলা? "
         "নহয় , মানে আজি এজন ল'ৰা মোৰ লগত চিনাকি হৈছিল। নামটো জ্যোতিৰ্ময়। তেওঁৰ দেউতাক হেনো বিভূতি বৰুৱা। "
         পৰিতোষে গৰজি উঠিছিল।" সেইবোৰ মানুহৰ লগত কিয় কথা পাতিছিলা?একদম কথা নাপাতিবা ।
কোনো দৰকাৰ নাই। 


      মেঘালীকলৈ পৰিতোষৰ চিন্তাৰ অন্ত নাই। তেওঁ তাইক এপাহ ফুলৰ দৰে আতোলতোলকৈ ৰাখিবলৈ বিচাৰে । কিন্তু ছোৱালীজনী বৰ দুৰ্ভগীয়া। 
     মেঘালীক পৰিতোষে চহৰৰ ধনী মানুহ এঘৰলৈ বিয়া দিছিল।  টকা- পইচা, মান - মৰ্যদা থকা ঘৰখনত ছোৱালীজনীয়ে কেতিয়াও কষ্ট পাব নোৱাৰে বুলি তেওঁৰ দৃঢ়বিশ্বাস আছিল। বিয়াখন ঠিক হোৱাৰ এসপ্তাহ মান পিছত বিভূতি বৰুৱা পৰিতোষৰ ঘৰলৈ আহিছিল। সহজ সৰল মানুহজনৰ কথা বতৰা, আচাৰ আচৰণ ইন্দুৰ ভাল লাগিছিল। কিন্তু বিভূতিক দেখি পৰিতোষ বিৰক্ত হৈছিল। ইন্দুয়ে যেতিয়া বিভূতিক চাহ খাবলৈ মাতিবলৈ আহিছিল, তেতিয়া তাই দেখিছিল পৰিতোষ আৰু বিভূতি দুয়োজন যথেষ্ট উত্তেজিত হৈ পৰিছে। "পুৰণা কথাবোৰ এতিয়া আৰু উলিয়াই লাভ নাই। সেইবোৰ কথা মই নুশুনো।"- পৰিতোষে বিভূতিক কৈছিল। 
      বিভূতিয়ে কিবা ক'ব খুজিছিল, কিন্তু ইন্দুক দেখি তেওঁ ৰৈ গ'ল। ইন্দুয়ে চাহ খাবলৈ মাতোতে তেওঁ হাতযোৰ কৰি কৈছিল-- "চাহ নাখাওঁ, এতিয়া মই উঠোহে। " নমস্কাৰ জনাই মানুহজন গৈছিলগৈ। মুখেৰে ভোৰভোৰাই পৰিতোষ নিজৰ কোঠাত সোমাইছিল। 
         মেঘালীৰ বিয়াখন ধুম - ধামকৈ হৈ গ'ল। ছোৱালীজনীক উলিয়াই দি তেওঁ যিমান দুখী হ'ল, দৰাঘৰখনলৈ চাই তেওঁ তাৰ দুগুণ সুখী হ'ল। কিন্তু সেই সুখ স্থায়ী নহ'ল। দুমাহমানৰ মূৰতমেঘালী গাত জুয়ে পোৰা দাগ লৈ মাকৰ ঘৰলৈ উভতি আহিল স্বামীৰ ঘৰলৈ কেতিয়াও ঘূৰি নোযোৱাৰ সংকল্প লৈ। 
      মেঘালীৰ বিবাহ বিচ্ছেদৰ কামত সহায় কৰা উকীলজনৰ নামেই আছিল জ্যোতিৰ্ময় বৰুৱা। এদিন এই জ্যোতিৰ্ময়েই মেঘালীক বিভূতি বৰুৱাৰ পুতেক বুলি চিনাকী দিছিল। আৰু সেই জ্যোতিৰ্ময়েই এদিন পৰিতোষৰ ওচৰত মেঘালীক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিলে। পৰিতোষ ধৰ্ম সংকটত পৰিল। 
          পুণৰ এদিন বিভূতি বৰুৱা পৰিতোষৰ ঘৰলৈ আহিল। সেইদিনা চাহৰ টেবুলত বহি তেওঁ পৰিতোষক ক'লে - "হেৰৌ! আমাৰ বিয়া হোৱাৰ আগতেই আমি এইখন বিয়া ঠিক কৰা নাছিলোঁ জানো? তুমিহে সেই প্ৰতিশ্ৰুতি কিয় ভংগ কৰিব খুজিছিলা মই আৰু বুজি নাপাওঁ। "


     " আচলতে কি জানা?তুমি আৰু মই সমান নহওঁ। সেয়েহে তোমাৰ আৰু মোৰ মাজত বন্ধুত্ব থাকিব নোৱাৰে। আৰু বন্ধুত্বই যদি নাই প্ৰতিশ্ৰুতি কেনেকৈ থাকিব? মোৰ এইখন বিয়াত সন্মতি আছে, কিন্তু আমাৰ মাজত বিয়ৈৰ সম্বন্ধটোত সন্মতি কেতিয়াও নাই। " - কথাখিনি কৈ পৰিতোষ উঠি গৈছিল। উপস্থিত সকলো শিল পৰা কপৌৰ দৰে ঠৰ লাগিছিল। 
    জ্যোতিৰ্ময়ৰ লগত মেঘালী সুখী হৈছিল। বিভূতি বৰুৱাৰ পৰিয়ালত মেঘালীক নিজ কণ্যাৰ দৰে সকলোৱে আদৰি লৈছিল। মেঘালীৰ সুখ দুগুণে বঢ়াই জ্যোতিৰ্ময় আৰু মেঘালীৰ মাজলৈ মুকুতা আহিছিল। 
       মুকুতা আৰু মেঘালী মাকৰ ঘৰত দীঘলীয়াকৈ থাকিবলৈ আহিলে কেতিয়াবা বিভূতি পৰিতোষহঁতৰ ঘৰলৈ আহে। পৰিতোষে বৰকৈ কথা বতৰা নাপাতে। জীয়েকৰ হকে বিপদে ইন্দু বিভূতিহঁতৰ ঘৰলৈ যায়, কিন্ত পৰিতোষ নাযায়। 
       সেইদিনা মেঘালীয়ে মাকলৈ ফোন কৰিলে। পূজাৰ বন্ধত সিহঁত ফুৰিবলৈ যাব অসমৰ বাহিৰলৈ। 
ইন্দুয়ে কথাটো পৰিতোষক ক'লে। লগে লগে পৰিতোষে ইন্দুক সুধিলে "ঘৰত কোন থাকিব? "
"বৰুৱা অকলে থাকিব পাৰিব বোলে।"ইন্দুয়ে সাধাৰণভাৱেই ক'লে।" কিন্তু বুঢ়া মানুহটো অকলে থৈ যোৱাটো ভাল নহ'ব। তুমি তাইক ক'বা। " - পৰিতোষৰ কথাষাৰ শুনি ইন্দু আচৰিত হ'ল। হঠাতে কৌতুকেৰে ইন্দুয়ে পৰিতোষক ক'লে--"তুমিয়েই যোৱা নহ'লে। "( Assamese Storyboard )
        মেঘালীহঁতৰ যোৱা নহ'ল। হঠাতে বিভূতি বৰুৱাৰ    ষ্টোক এটাহৈ হস্পিতেলত ভৰ্তি হ'ব লগীয়া হ'ল। 
       খৱৰ পাই পৰিতোষ বিভূতিৰ ওচৰলৈ গ'ল। হস্পিটেলৰ বিচনাত পৰি থকা বিভূতিৰ হাতখনত ধৰি পৰিতোষে উত্তেজিত সুৰত ক'লে-- " সোনকালে সুস্থ হৈ ঘৰলৈ ব'লা। "
       "মোৰ নিচিনা সামান্য মানুহ এটা জীয়াই থাকিনো কি লাভ? আৰু ভগৱানে ঘৰলৈ নিলেও মোৰ আপত্তি নাই, তেওঁৰ কাষলৈ নিলেও আপত্তি নাই। " বিভূতি বৰুৱাই উদাসভাৱে উত্তৰ দিলে। 
     "মোৰ আপত্তি আছে। ভগৱানে তোমাক তেওঁৰ ওচৰলৈ লৈ গ'লে তোমাৰ নিচিনা ভাল মানুহ আৰু ক'ত পাম? " পৰিতোষে উত্তেজিতভাৱতে কৈছিল। 
 বিভূতি বৰুৱাৰ চকুত বিশ্বাস -অবিশ্বাসৰ দোমোজা।মেঘালী, ইন্দু সকলো হতবাক। 
       "তুমি বহুত ভাল মানুহ। সেইবাবেই তোমাৰ আৰু মোৰ মাজত আকাশ পাতাল পাৰ্থক্য। তুমি গ'লেগৈ পৃথিৱীখনৰ ক্ষতি হ'ব। তাতকৈ ভগৱানে মোকেই লৈ যাওক। "-বিভূতি বৰুৱাৰ হাতদুখন পৰিতোষে খামুচি ধৰিলে। বৰুৱাই এটা হাতেৰে পৰিতোষৰ মুখখন ডাঙি ধৰিলে। 
         "মই  বুজিছিলো। তুমি শৈশৱৰ পৰিতোষটো হৈয়েই আছা এতিয়াও। " বিভূতি বৰুৱাই পৰিতোষক আকোৱালি ধৰিলে। 
     তেন্তে  হাজাৰ প্ৰশ্নৰ সৌধ বান্ধি পৰিতোষেনো বিভূতিক ইমান বেয়া পোৱা দেখুৱাইছিল কিয়?  ইন্দুৰ চকুৰ সেই প্ৰশ্ন বিভূতি আৰু পৰিতোষ দুয়োজনে বুজিলে। বিভূতিয়ে হাঁহি মাৰি ক'লে" ই মোক যে বেয়া নাপাই মই জানো। সেয়েহে গালি পাৰিলেও হাঁহি হাঁহি সামৰি থওঁ ।"


      "আৰু তেতিয়াই মোৰ খং উঠে। মা, আৰু দেউতা, স্কুলৰ শিক্ষক সকলোৱে সদাই তোমাকে প্ৰশংসা কৰে। মই হেনো তোমাৰ নিচিনা কেতিয়াও হ'ব নোৱাৰো। তোমাক মই কম হিংসা কৰিলোনে? তথাপি তুমি মোক সদাই ক্ষমা কৰিলা। আনকি মাজনীক তোমাৰ ল'ৰালৈ বিয়া নিদিওঁ বুলি তোমাক অপমান কৰি পঠিয়াই দিয়াৰ পিছতো তুমি মোক ক্ষমা কৰিলা। আৰু সকলোৱে লেই লেই-চেই চেই কৰাৰ আগতেই তুমি তাইক নিজৰ বোৱাৰী কৰি ল'লা। মই আৰু কেনেকৈ তোমাৰ সমান হ'ম। "
              পৰিতোষে কথাখিনি কৈ ৰ'ল। তেওঁৰ ভাগৰ লাগিছিল হবলা। 
        লাহে লাহে বিভূতি উঠি বহিছিল। পৰিতোষক তেওঁ নিজৰ কাষত বহিবলৈ অনুৰোধ কৰিছিল ।পৰিতোষ বিভূতিৰ কাষত বহিছিল। খুব মনোযোগেৰে তেওঁ পৰিতোষৰ মুখলৈ চাই সুধিছিল -  গৰু চৰাবলৈ গৈ ধনশিৰিত সাঁতুৰি নাদুৰি গা ধোৱাৰ কথা পাহৰি গ'লা? আহিনৰ গধূলি নদীৰ পাৰত বহি বাঁহী বজোৱাৰ কথা পাহৰি গ'লা? জোনাক নিশা বননিত শুই শুই সজা কল্পনাৰ কাৰেং ঘৰটোৰ কথা পাহৰি গ'লা? মই জানো! তুমি নাই পাহৰা। মাথো জোৰকৈ পাহৰিব খুজিছিলা। পাহৰাৰ অভিনয় কৰিছিলা। আমি অভিন্ন হৃদয়ৰ পৰিতোষ। মই আৰু নিশ্চয় সঁচা কথা কৈছো। "


   পৰিতোষে মূৰ জোকাৰি সমৰ্থন কৰিলে। আবেগৰ এছাটি বতাহে দুয়োজনৰে কঁপাই দিলে। পৃথিৱীৰ সমস্ত অভিমান, অভিযোগ মনৰ পৰা দলিয়াই দি ইজনে সিজনক আকোৱালি ধৰিলে। 
      এদিন এনে এটি পাৰ ভগা আনন্দৰ মূহুৰ্ততে পৰিতোষে বিভূতিক কৈছিল-- "বিয়া বাৰু হৈ যোৱাৰ পিছত তোমাৰ যদি ল'ৰা হয় আৰু মোৰ ছোৱালী হয় তেন্তে সিহঁতৰ বিয়া পাতি দিম দেই। আমি বন্ধুৰ পৰা আত্মীয় হৈ পৰিম। "।

-গায়ত্ৰী গোস্বামী 

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24

No comments:

Post a Comment

Advertisement

Pages