বিদায় সভাৰ দিনা ৰিয়াই ৰাতিপুৱাৰ পৰাই ৰিংকুক তালৈ আহিবৰ বাবে মান্তি কৰাই আছিল।( Assamese Storyboard )
ৰিয়া: আপোনাক ইমান দেৰীৰ পৰা একেটা কথাকে কৈ আছো কিয় বুজি নাপায়?
ৰিংকু: তোমাৰ কলেজৰ অনুষ্ঠান তালৈ মই গৈ কি কৰিম?
ৰিয়া: সেইবোৰ মই নাজানো আপুনি আহিবই লাগিব।
ৰিংকু: ঠিক আছে চাওচোন বুলি কৈ সি অফিচলৈ ওলাই গল।
এইবাৰ ৰিয়াই বেদান্তক আমনি কৰিব ধৰিলে যে ৰিংকু আহিব নে নাই। তেতিয়া মাকে হাঁহি কলে," মাজনী , চিন্তা নকৰিবা সি তোমাৰ কলেজলৈ নিশ্চয় যাব।"
ৰিয়া: সচাকৈ নে?
কল্পনা: অ সচাকৈ।
বেদান্তই তাতে বহি মনে মনে হাঁহি আছিল। সি জানিছিল যে ৰিয়াই ৰিংকুক কলেজলৈ কিয় মাতিব বিচাৰিছে। মনতে সি ও প্ৰাৰ্থনা কৰিলে যাতে ৰিংকু কলেজলৈ আহে কিয়নো সি জানে ৰিংকুয়ে পাৰ্টি, ফাংক্সনলৈ গৈ বৰ ভাল নাপায়। আচলতে ৰিয়াই এই অনুষ্ঠানটোত গীত পৰিবেশন কৰিব। তাই গীতটিৰ জৰিয়তে নিজৰ মনৰ কথা ৰিংকুক ব্যক্ত কৰিব বিচাৰে। মজাৰ কথা এইটো যে সেইটো গানতেই উৰ্মি আৰু বেদান্তই নাচিব।
বেদান্তই মনে মনে ৰিংকুক মেছেজ পঠিয়ালে," দাদা তুমি কলেজলৈ প্লিজ আহিবা, তোমাৰ বাবে এটা ছাৰপ্ৰাইজ আছে।"
ৰিংকু অফিচত বহি আছিল। যেতিয়া সি মেছেজটো পঢ়িলে তাৰ মনত হাঁহি বিৰিঙি উঠিল। কিছুসময় পাছত ৰিয়াৰ ফোন আহিল," ৰিংকুদা আপুনি প্লিজ আহিব না, প্লিজ প্লিজ প্লিজ"
ৰিংকু: বাৰু ঠিক আছে মই নিশ্চয় যাম। কিন্তু মোৰ এটা চৰ্ত আছে।
ৰিয়া: কি চৰ্ত আছে? মোৰ সকলো মঞ্জুৰ আছে।
ৰিংকু: অনুষ্ঠান শেষ হোৱাৰ পাছত তুমি মোৰ লগত দিনাৰৰ বাবে যাব লাগিব।
ৰিয়া: ঠিক আছে বাৰু মই যাম।
ৰিংকু: ঠিক আছে তেন্তে মইও নিশ্চয় যাম, ঠিক আছে বাই বুলি কৈ ফোনটো কাটি দিলে।
ৰিয়াই কল্পনাক কৈ উৰ্মিৰ হোষ্টেললৈ গল। নেহাও তালৈ আহিল। তাৰ পৰাই ৰেডী হৈ তিনিউজনীয়ে অনুষ্ঠানলৈ যাবলৈ আলোচনা কৰিছিল।
ইফালে যেতিয়াই স্বাতিয়ে শুনিলে যে বিবাহ বাৰ্ষিকিৰ দিনা ৰিংকুয়ে সকলোৰে আগত ৰিয়াৰ লগত তাৰ বিয়াৰ কথাটো অৱগত কৰিব , তেতিয়াৰ পৰা তাই খঙত গোটেইজনী ৰঙা নীলা পৰি আছে । তাই যিকোনো পৰিস্থিতিত ৰিংকুক তাইৰ পৰা দূৰ কৰিব খোজা নাছিল। তাই সিদিনা ৰেষ্টুৰেণ্টৰ পৰা ওলাই যোৱাৰ পাছত মনে মনে ৰিংকুৰ পিছফালৰ টেবুলখনত বহি ৰিয়া আৰু তাৰ কথাবোৰ শুনি আছিল। ঘৰলৈ আহি তাই ৰাজুক ফোন কৰিলে।
ৰাজু: মোৰ বা,তুমি চিন্তা কিয় কৰিছা? মই এনেকুৱা কিছুমান ফটো গোটাইছোঁ যি জুই লগাবলৈ যথেষ্ট।
স্বাতি: ঠিক আছে তেন্তে সেইবোৰ মোক দি দিয়া।
ৰাজু: ৰ'বা ৰ'বা, আচল মজাতো পৰহি ৰাতি কলেজৰ ফাংক্সনত হব। মাত্ৰ তুমি জুইত ঘিউ ঢালিবলৈ আহিবা।
স্বাতি: ঠিক আছে তেন্তে লগ পাম
ইফালে তিনিউজনী ছোৱালি ৰেডী হৈ অনুষ্ঠানত উপস্থিত হোৱাত সকলোৰে চকু সিহঁতলৈকে পৰিল। কলা ৰঙৰ শাৰীত উৰ্মি বহুত ধুনীয়া লাগিছিল আৰু নেহাও ৰঙা শাৰীত ধুনীয়া হৈ পৰিছিল কিন্তু সকলোতকৈ বেছি ৰিয়াৰ ওপৰত চকু পৰিল সকলোৰে।
ৰঙা ৰঙৰ শাৰীত ক'লা পাৰি লগতে সদায়ৰ দৰে মেক আপৰ নামত গুলপীয়া ৰঙৰ লিপষ্টিক আৰু এটা ৰঙা সৰু ফোঁট। সাধাৰণ ভাৱে থকাৰ পাছতো মেক আপেৰে ভৰি থকা ছোৱালীবোৰৰ মাজত তাইক বহুত বেলেগ দেখিছিল। আজিলৈকে তাই সেন্দুৰ কোনেও নেদেখাকৈ লগাইছিল কিন্তু আজি তাই সকলোকে দেখুৱাবলৈ অলপ দীঘলকৈ সেন্দুৰ ললে। তাইৰ এইটো ৰূপ দেখি যিসকলে তাই বিয়া হোৱা বুলি গম পাইছিল সেইবোৰে গুৰুত্ব নিদিলে কিন্তু যিবোৰে গম পোৱা নাছিল সেইবোৰ আচৰিত হল। কেইজনমান লৰাইটো আজি ৰিয়াক প্ৰপ'জ কৰাৰ কথা ভাবিছিল। কিন্তু ৰিয়াৰ এইটো ৰূপ দেখি সিহঁত নিজৰ ভাৱনাৰ পৃথিৱীৰ পৰা খহি পৰিল। সকলোৱে ভাবিব ধৰিলে," কোন সেইজন ভাগ্যবান যিয়ে ৰিয়াক পত্নী হিচাপে পাইছে?"
বেদান্ত সিহঁত তিনিজনীৰ ওচৰলৈ বিক্ৰম আৰু বিতুৰ সৈতে আহিল।
বেদান্ত: ৱাহ!ৰিয়া আজিটো ৰিংকুদা গল।
ৰিয়া: 'অলপ এইফালে ও চোৱা।' উৰ্মিক আগলৈ দি কলে।
বেদান্তই উৰ্মিক শাৰীত দেখি আচৰিত হল," উৰ্মি এইজনী তুমি হয় নে?"
উৰ্মিয়ে খঙত কলে,"নহয়, মোৰ ভূত হয়।"
বেদান্ত: আৰে খং কিয় কৰিছা? আজি প্ৰথমবাৰ তোমাক শাৰী পিন্ধা দেখিছোঁ বাবে কি কওঁ ভাবি পোৱা নাই। অৱশ্যে তোমাক দেখিবলৈ বহুত হত লাগিছে।
নেহা: উৰ্মিয়ে লাজ কৰিবলৈও শিকিলে।
সকলোৱে হাঁহি দিলে। ৰিয়াই ইফালে সিফালে চাই আছিল। বেদান্তই সকলো বুজি পায় তাইক আমনি কৰিবলৈ কলে," কোনোবা আহিবলগা আছে নেকি?"
ৰীয়াই ৰিংকুক কতো দেখা নাপায় উদাস হৈ পৰিল," তেওঁ এতিয়ালৈকে নাহিল ন? মোৰ মতে তেওঁ আৰু নাহে
বেদান্ত: চিন্তা নকৰিবা দাদা নিশ্চয় আহিব।
ইফালে অনুষ্ঠান আৰম্ভ হোৱাত উৰ্মিয়ে গৈ নিজৰ সাজ পিন্ধিলে। মঞ্চত সিহঁত তিনিউটাৰ নাম মতাৰ পাছত সিহঁত মঞ্চত আহি উপস্থিত হল। ৰিয়াৰ দুচকুৱে এতিয়াও ৰিংকুক বিচাৰি আছিল। ৰিংকু এতিয়ালৈকে নহা বাবে তাই উদাস হৈ পৰিল।
বেদান্তই তাইক দেখি হাঁহিবলৈ ইঙ্গিত দিলে। তেতিয়াই সন্মুখৰ পৰা ৰিংকুক আহি থকা দেখা গল। তাক দেখি ৰিয়াৰ মন ফুৰ্তি হৈ গল। ৰিংকুয়েও যেতিয়া ৰিয়াক দেখিলে সি অবাক হৈ পৰিল। সি প্ৰথমবাৰ ৰিয়াক এনেদৰে সাজি কাঁচি থকা দেখিছে। ৰিয়াই তাক ইঙ্গিতেৰে কি হল বুলি সোধাত সি দুইটা আঙুলি জোৰা লগাই বহুত ধুনীয়া লাগিছে বুলি তাইক দেখালে।
এইবাৰ ৰিয়াই মঞ্চত মাইকতো লৈ নিজৰ স্থান ললে। ইফালে উৰ্মি আৰু বেদান্ত নাচিবৰ বাবে সাজু হল। ৰিয়াই ৰিংকুৰ ফালে চাই গাবলৈ আৰম্ভ কৰিলে। বেদান্ত আৰু উৰ্মিয়েও তাইৰ গানৰ তালে তালে নাচিব আৰম্ভ কৰিলে।
..........
..........
...........
...........
গান শেষ হোৱাৰ পাছত ৰিয়াই ৰিংকুক চকুৰে সুধিলে গানটো কেনে হল বুলি আৰু সি তাইক তাৰ উছৰলৈ মাতিলে। কিছুসময় পাছত দুয়ো মঞ্চৰ পিছফালে আছিল। ৰিংকুয়ে তাইৰ হাতত ধৰি চকুলৈ চাই কলে," বহুত ধুনীয়া লাগিছে তোমাক। মন গৈছে যে এতিয়া তোমাক ইয়াৰ পৰা উঠাই বহুত দূৰলৈ লৈ যাওঁ।"আৰু ইফালে সিফালে চাই তাইৰ গালত চুমা এটা খালে।
ৰিয়াই খং কৰা দি কৰিলে," লাজ নালাগে আপোনাৰ? এতিয়া কোনোবাই দেখা হলে।"
ৰিংকু: চাবলৈ দিয়া, আৰু এতিয়া সকলো মঞ্চৰ সন্মুখত আছে পিছফালে কোনো নাই।
তেতিয়া ৰিয়াৰ চকু সন্মুখত পৰিল। তাত এহাল নিজৰ মাজত লিন হৈ থকা দেখা পালে। অলপ ধ্যান দি চোৱাত দেখিলে সেইয়া বেদান্ত আৰু ৰিয়া হয়। তাই লাহেকৈ ৰিংকুক সেইফালে চাবলৈ কলে।
ৰিংকুয়ে ইফালে
ৰিংকুয়ে সিফালে চাই দেখিলে," ৱাহ! মোৰ সৰু ভাই বহুত আগবাঢ়িল দেখোন।" তাৰ পাছত ৰিয়াক জোকাই কলে," এতিয়া মোৰো মন গৈছে, মোকো আৰু এটা চুমা লাগে।"
ৰিয়াই তাক চকু দেখুৱাই কলে," এতিয়া আপুনি যি ললে সেইয়া কি আছিল?"
ৰিংকু: সেইয়াটো মই লৈছিলো, এতিয়া মোক তোমাৰ পৰা লাগে সিহঁত দুয়োৰে দৰে।
তাৰ কথা শুনি ৰিয়া গুচি গল,"বেছি আকাশত উৰিব নালাগে, এনেকুৱা একো নাপায় আপুনি।" আৰু মঞ্চৰ ফালে গুচি গল।
"ৰিয়া ৰিয়া, প্লিজ ৰ'বা না। কিবা তো শিকা ইহঁতৰ পৰা।" ৰিংকু তাইৰ পিছে পিছে আহি কলে।
ৰিয়া: কোনো দৰকাৰ নাই মোৰ শিকাৰ।
তাই চকী এখনত বহি পৰিল। ৰিংকু তাইৰ ওচৰত বহি কলে," দৰকাৰ আছে। এতিয়া কোনজনী পত্নী এনেকুৱা আছে যিয়ে নিজৰ স্বামীৰ চুমাবোৰৰ হিচাপ ৰাখে।"
ৰিয়া: মই আছোঁ নহয়, মই হিচাপ ৰাখোঁ।
ৰিয়াক কোনোবাই মাত লগুৱাত তাই ৰিংকুক কলে,"মই আহিছোঁ ৰব। আপুনি ইয়াতেই বহি থাকক।"
ইফালে স্বাতিয়ে বহুত দেৰীৰ পৰা সিহঁত দুইটাৰ ওপৰত চকু দি আছিল আৰু হাতৰ গিলাছটো মাটিত দলিয়াই দিলে খঙত।
ৰাজু: ৰ'বা আৰু অলপ সময়।
স্বাতি: যি কৰিবলগা আছে সোনকালে কৰা। মাত্ৰ ইহঁত দুয়োটাকে বেলেগ কৰি দিয়া।( Assamese Storyboard )
তাৰ পাছত পৰিকল্পনা মতেই কিছুসময় পাছত এজনী ছোৱালীয়ে কোল্ড ড্ৰিংক্সৰ গিলাছ লৈ ৰিংকুৰ কাষেৰে যাওঁতে জানি বুজি তাৰ চাৰ্টৰ ওপৰত পেলাই দিয়ে,"চ'ৰি চ'ৰি ছাৰ, ভুলতে পৰি গল চ'ৰি।"
ৰিংকুয়ে তাৰ চাৰ্ট তো চাফা কৰি কলে,"কোনো কথা নাই মই চাফা কৰি লম।" সি তাৰ পৰা উঠি গুচি গল। সি অলপ আঁতৰি গৈ চাৰ্ট তো চাফা কৰিব ধৰিলে। তাৰ কাষতে ৰাজুয়ে ৰিংকুক শুনাই কথা পাতিব ধৰিলে," এই ৰিয়াজনীটো বৰ টেঙৰ ছোৱালী দেই। তাই কাৰ লগত বিয়া হল ঠিক নাই আৰু কাকো গম পাবলৈও নিদিলে।"
" হয় অ, কাৰ লগত নো বিয়া হব নিশ্চয় বেদান্তৰ লগত হব চাগে। সিহঁতৰ প্রেমলিলা গোটেই কলেজতে ফেমাছ।"
" অ, কিন্তু মোৰ উৰ্মিৰ বাবেহে বেয়া লাগে।"
"বাদ দিয়া হয়, তাইও দেখোন সিহঁত দুইটাৰ লগত অনবৰতে থাকে। তাইৰ একো মতলব নাই যেতিয়া আমাৰ নো কি দৰকাৰ?"
"আচৰিত এই তিনিটাৰ মাজত। এপাহ ফুল দুজন মালি বুলি শুনিছিলো। কিন্তু ইয়াত দুপাহ ফুল আৰু এজন মালি।"
"বাদ দিয়া হে, সিহঁতৰ লাজ নাই যেতিয়া আমি কি কৰিম?"
তাৰ পাছত লৰাকেইটা তাৰ পৰা গুচি গল। ইফালে ৰিংকুৰ সিহঁতৰ কথা শুনি খং উঠিল। তাৰ পাছত নিজক শান্ত কৰি তালৈ উভটি গল। তাক ভিতৰলৈ যোৱা দেখি ৰাজুয়ে স্বাতিক কাম হৈ গল বুলি ইঙ্গিত দিলে। এইবাৰ তাই দ্বিতীয় ষ্টেপলৈ আগবাঢ়িল।
ৰিংকুয়ে ভিতৰলৈ আহি ৰিয়াক বিচাৰিব ধৰিলে। ইফালে ৰাজুয়ে ৰিয়াক কোল্ড ড্ৰিংক্স বুলি মদ খুৱাই দিলে। যাৰ বাবে তাইৰ অৱস্থা বেয়া হৈ গৈছিল। তাইক দেখি উৰ্মি আৰু বাকীবোৰ বন্ধু চিন্তাত পৰিল।
উৰ্মি: আমি এতিয়া কি কৰিম বেদান্ত?
বিতু: সেইফালে চোৱা, ৰিংকুদা ৰিয়াক বিচাৰি এইফালে আহিছে।
উৰ্মি: বেদান্ত তুমি তেওঁক সম্ভালা যোৱা, তেওঁ ৰিয়াক এইটো অৱস্থাত দেখিলে আমাক বহুত খং কৰিব।
বেদান্ত: কিন্তু মই দাদাক কি কম? ৰিয়াক ড্ৰিংক্স খুৱালে কোনে? যদি গম পাওঁ নহয় সুদাই নেৰো।
বিক্ৰম: প্ৰথমে ৰিংকু দাক ৰখোৱা। দাদাক কিবা এটা কৈ দিয়া। তুমি তেওঁক এইটো কৈ দিবা যে আমি সকলোৱে দিনাৰ একেলগে কৰিম। আৰু আজি ৰিয়া উৰ্মিৰ লগতেই থাকিব।
বেদান্ত: এইটোৱেই ঠিক হব, ৰিয়াক এইটো অৱস্থাত ঘৰলৈ লৈ যোৱাটো ভাল নহব।
বেদান্ত ৰিংকুৰ ওচৰলৈ আহিল। ৰিংকুয়ে তাক দেখি সুধিলে," ৰিয়া কত আছে ভাইটি?"
বেদান্ত: দাদা, আজি আমাৰ গ্রুপটোৱে একেলগে দিনাৰ কৰাৰ প্লেন কৰিছে। আৰু আমি কেতিয়া লগ পাম ঠিক নাই, গতিকে...
ৰিংকু:কিন্তু ৰিয়া আজি মোৰ লগত দিনাৰ কৰিবলৈ যোৱাৰ কথা আছিল।
বেদান্তই মনতে কলে," অ'হ আজিটো দাদাহঁতৰ দিনাৰৰ প্লেন আছিল। হে ভগবান এতিয়া কি কৰিম মই?"
তেতিয়াই বিতুও তালৈ আহিল,"দাদা চ'ৰি, মই গম পোৱা নাছিলোঁ। ৰিয়াইটো আমাৰ লগত যাবলৈ মান্তি হোৱাই নাছিল। আমি বহুত জোৰ কৰি তাইক মান্তি কৰাইছো। দাদা প্লিজ, আপোনালোকটো এতিয়া সদায় একেলগে থাকিব। আমিতো আৰু কেতিয়া লগ পাম তাৰ কোনো ঠিক নাই। আজিৰ কাৰণে তাইক আমাৰ লগত যাব দিয়ক প্লিজ"
ৰিংকুয়ে কিবা ভাবি কলে,"ঠিক আছে কিন্তু সোনকালে আহিবা।বেছি দেৰি নকৰিবা।"
বেদান্ত: কিন্তু দাদা আজি ৰাতি আমি ইয়াতেই থাকিম। মই বিতু আৰু বিক্ৰমৰ লগত সিহঁতৰ ৰুমলৈ যাম। ৰিয়া উৰ্মি আৰু নেহা লগতে অৰ্পিতাৰ লগত থাকিব। প্লিজ দাদা, থাকিব দিয়া।
ৰিংকু:" ঠিক আছে কিন্তু ৰিয়া আৰু নিজৰ ধ্যান ৰাখিবা।" তাৰ পাছত সি উদাস মনেৰে ঘৰলৈ গুচি গল। তাৰ মন বেয়া হৈ গল। তাক এনেদৰে উদাস দেখি স্বাতি তাৰ ওচৰলৈ আহিল,"হাই ৰিংকু, তুমি ইয়াত।"
ৰিংকুয়ে স্বাতিক দেখি," হাই স্বাতি মইতো ৰিয়া আৰু বেদান্তই জোৰ কৰা বাবে প্ৰগ্ৰেম চাবলৈ আহিলোঁ। তেওঁলোকে তাত গীত পৰিবেশন কৰিছিল।"
স্বাতি: মইও সেইকাৰণেই আহিছিলো। আচলতে মোৰ সম্বন্ধীয় ভাইটি এজনো ইয়াতেই পঢ়ে। আৰু সি ৰিয়া আৰু বেদান্তৰ ক্লাছমেট।ৰিংকু: মই গম নাপাওঁ।
স্বাতি: অকলে ঘৰলৈ গৈছা, বেদান্ত আৰু ৰিয়া ৰাতিৰ পাৰ্টীৰ বাবে ৰৈ গল যেন পাওঁ।
ৰিংকু: অ, লগৰবোৰে ৰাতি প্ৰগ্ৰেম বনালে সেইবাবে সিহঁত দুইটা থাকিল।
স্বাতি: অৱশ্যে এতিয়া কলেজ শেষ হল যেতিয়া আৰু নো সিহঁতে এনেকুৱা সুযোগ কত পাব? মোৰ মতে তুমি সিহঁতক অকলে এৰি ভালেই কৰিলা। তাৰ পাছত তো বেদান্ত দিল্লীলৈ গুচি যাব আৰু সিহঁতে এনেদৰে সময় কটাবলৈ কত পাব?
স্বাতিৰ কথাবোৰ ৰিংকুৰ ভাল লগা নাছিল। স্বাতিয়ে এইটো কথা বুজি পাইছিল। তাই ৰিংকুক কলে," ৰিংকু ব'লা আমিও কৰবাত দিনাৰৰ বাবে যাওঁ।"
ৰিংকুৰ মন বেয়া আছিল," নাযাও স্বাতি বহুত দেৰি হল। ঘৰত মা অকলে আছে গতিকে ঘৰলৈ যোৱাটোৱেই ভাল হব। দিনাৰৰ বাবে আমি বেলেগ এদিন যাম।"
স্বাতি: 'ঠিক আছে তেন্তে গুড নাইট' বুলি কৈ নিজৰ গাড়ীৰ ফালে গল।
ইফালে ৰিংকু যোৱাৰ পাছতেই বেদান্ত আৰু বিতুৱে গভীৰ উশাহ ললে।
বেদান্ত: বাছিলো, যদি দাদাই ৰিয়াৰ এইটো অৱস্থাত দেখিলে হেতেন আমাৰ বেণ্ড বজাই দিলে হয়।
বিতু: অ মোৰো বহুত বেয়া লাগিছে। আজি তেওঁলোকৰ ফুৰিবলৈ যোৱাৰ কথা আছিল আৰু এইবোৰ হৈ গল।
বেদান্ত: কিন্তু ৰিয়াৰ ড্ৰিংক্সত কোনে ৱাইন মিলাই দিলে?
বিতু: এতিয়া এইটো কালিলৈ গম পাম।
ইফালে ৰিয়াৰ নিচা বাঢ়ি গল। এতিয়া তাই সকলোকে আমনি কৰিব আৰম্ভ কৰিলে।
ৰিয়া: উৰ্মি মই ৰিংকুদাৰ ওচৰত যাম।
উৰ্মি: এতিয়া নালাগে,কাইলৈ যাবা দাদাৰ ওচৰত।
ৰিয়া: নাই এতিয়া মই কথা পাতিম ।
উৰ্মি: বহুত ৰাতি হল এতিয়া কি কথা পাতিবা?
ৰিয়া: তুমি নাজানা, তেওঁ মোক খং কৰি আছে।
উৰ্মি: এতিয়া আকৌ কি হল তোমালোকৰ মাজত?
ৰিয়া: মই একো নাই কৰা। মই মাত্ৰ তেওঁৰ চুমা বোৰৰ হিচাপ কৰিছিলো।
তাই সৰু লৰা ছোৱালীৰ দৰে মুখ খন কৰাত উৰ্মিৰ হাঁহি উঠিল," দাদাই তোমাক চুমা খালে আৰু মোক এতিয়ালৈকে নাই কোৱা। আৰু কোনে নো বাৰু চুমাৰ হিচাপ ৰাখে?"
ৰিয়া: চ'ৰি, আকৌ যেতিয়া কৰিম তেতিয়া তোমাক কম।
ৰিয়াৰ কথা শুনি নেহা আৰু অৰ্পিতাইও মুখত হাত থৈ হাঁহিলে।
উৰ্মিৰ বাবে ৰিয়াক চম্ভালা কঠিন হৈ পৰিল," এই বেদান্তৰ পুৱালী যে কত থাকিল ঠিক নাই?"
ৰিয়া: নাই উৰ্মি বেয়া কথা নকবা। বেদান্তৰ কোনো পোৱালি নাই। এতিয়া তো মই তোমালোকৰ বিয়া কৰাই দিম। তাৰ পাছত হে গোল মূল পোৱালি হব।
উৰ্মিয়ে তাইক গালি পাৰি কলে," মনে মনে থাকা, কৰ পৰা খাই ললে ঠিক নাই। মই তোমাৰ বেদান্তৰ লগত বিয়া নহওঁ।"
ৰিয়াই কান্দিব ধৰিলে," নহয় নহয় মই ভাল ননদ হম। অলপো আমনি নকৰো। প্লিজ বেদান্তৰ লগত বিয়া কৰোৱা।"এইবাৰ উৰ্মিয়ে ৰিয়াৰ কাণ্ডবোৰৰ পৰা বহুত আমনি পালে। বেদান্ত আহি নোপোৱা বাবে তাইৰ ভয় লাগিল কেনেবাকৈ ৰিংকু দাই গম পোৱা নাই তো। তাই নেহা আৰু অৰ্পিতাক ৰিয়াক চাবলৈ কৈ বেদান্তৰ ওচৰলৈ গল।
কিছুসময় পাছত যেতিয়া উৰ্মি বেদান্ত আৰু বিতুৰ লগত উভতি আহিল তেতিয়া তাত ৰিয়া নাছিল।
উৰ্মি: অৰ্পিতা ৰিয়া কত গল?
ৰিয়াক নেদেখি বেদান্তই খঙত চিঞৰি দিলে," তোমালোকে ৰিয়াৰ ধ্যান নাৰাখিলা কিয়? এইটো অৱস্থাত কলৈ গুচি গল ঠিক নাই।"
অৰ্পিতাই কান্দি কান্দি কলে," আমি গমেই নাপালো কোন সময়ত ৰিয়া আমাৰ ওচৰৰ পৰা উঠি গুচি গল।"
বিতুৱে তাইক শান্ত কৰাই কলে," এতিয়া আমি তাইক বিচাৰিব লাগে।" আৰু সকলো তাইক বিচাৰিবলৈ ওলাই গল। কিছুসময় পাছত বেদান্তই ৰীয়াই চিঞৰা শুনি পালে আৰু সকলো সেই চিঞৰতোৰ ফালে গল।
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment