অন্তৰৰ এক অবুজ বেদনা : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 9, 2021

অন্তৰৰ এক অবুজ বেদনা : Assamese Storyboard

Assamese Storyboard

নিজৰ একমাত্ৰ ভনীজনীক এঘৰকৈ উলিয়াই দিওঁতে ককায়েকজনৰ বুকুৰ যন্ত্ৰণা কিমান গভীৰ হৈ উঠে সেইকথা মই বুজি পাওঁ( Assamese Storyboard )। মোৰ প্ৰতিটোপাল তেজত সেই দুখ প্ৰৱাহিত হৈ আছে বাবেই মই তাক কান্দিবলৈ এৰি দিছোঁ। সি কান্দক, কান্দি কান্দি ভাগৰি পৰক। মোৰ দৰেই তাৰ তেজত মিলি নাযাওক সেই বিষাক্ত দুখ। কোনেও নেদেখা আন্ধাৰজাকৰ মাজতো দেখিছোঁ তাৰ বুকুখন কেনেকৈ ভাগিছে। মই অনুভৱ কৰিব পাৰিছো তাৰ সাহসী বুকুখনৰ পৰা ওলাই অহা প্ৰতিটোপাল চকুলো কিমান অৰ্থপূৰ্ণ। শূন্য ৰভাতলীখনৰ এটা চুকত সি জুপুকা মাৰি বহি আছে। মোৰ দৰেই হয়তো সদায় তিতা-কেঁহা মাত দিয়া ভনীজনীক এষাৰ মাথোঁ মৰমৰ মাত দিবলৈ তাৰ ভিতৰৰ মানুহটোৱে হাঁহাকাৰ কৰি উঠিছে। মোৰ বুকুৱেদি এক বুজাব নোৱাৰা শোক উজাই অাহি ডিঙিটোত সোপা মাৰি ধৰিছে। কন্দাৰ অভিনয় কৰা আটাইতকৈ সহজ, কিন্তু ওলাই অহা চকুপানী লুকুৱাই ৰখা টান।


কালিলৈ, মোৰ দৰেই সি দুখী নোহোৱাৰ অভিনয় কৰিবলৈ গৈ ভনীয়েকে সজোৱাৰ দৰে বিচনাখন সজাব! মোৰ দৰেই কেইদিনমানৰ পাছত লক্ষ্য কৰিব, তাইৰ অনুপস্থিতিত তাৰ কোঠাটো মকৰাজালেৰে ভৰি পৰিছে! মই তাক জানো বাবেই এইটো কথা নিশ্চিতভাবে ক'ব পাৰোঁ- তাইৰ স্থান তাৰ পত্নী, ল'ৰা-ছোৱালীয়ে কেতিয়াও দখল কৰিব নোৱাৰে। আচলতে কোনো সম্পৰ্কই নোৱাৰে। ভনী ভনীয়েই, ককায়েকৰ বাবে ভনীয়েক কি এই বিষয়ৰ কোনো মূল্যাংকন নাই! ইয়াক মাথোঁ অনুভৱ কৰিব পাৰি, এটা সংবেদনশীল মনে জুখি চাব পাৰি এই অনুভৱৰ বিশালতাক।( Assamese Storyboard )


এজাক শিশুৰ কিৰিলি, পদূলিমুখৰ পৰা দুৱাৰমুখলৈকে ৰভাতলীয়া বাটতোত ব্যস্ত মানুহবোৰৰ অগাডেৱা, মাথোঁ কেইটামান মুহূৰ্ত বাকী, শিশুৰ কিৰিলিৰ অৱসান ঘটিব, ব্যস্ত মানুহবোৰ থমকি ৰ'ব। ৰং-বিৰঙৰ বিচিত্ৰ খেলাৰ মাজত কঁপি কঁপি এহাল ৰঙীন ভৰি আগবঢ়িব। আগে আগে গৈ থকা তাৰ আপোন পৃথিৱীখন আমি দুয়ো বন্ধুৱে চাই থাকিম। চকুলোৰ বন্যাত দুটি মন এক হ'ব। চেঁচা বুকুত কঁপি থাকিব গধূৰ বাস্তৱ- 'তাই গ'লগৈ!'


Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পুৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages