ফুলশয্যাৰ নিশাটোত যেতিয়া নামি আহে ঘোৰ অমানিশা ( খণ্ড ২০ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 28, 2021

ফুলশয্যাৰ নিশাটোত যেতিয়া নামি আহে ঘোৰ অমানিশা ( খণ্ড ২০ ) : Assamese Storyboard

 

Assamese Storyboard

দিনটো ব্যস্ততাৰ অজুহাত দেখুৱাই  ঋত্বিকে নূপুৰ ফ'ন বাৰে বাৰে কাটি দিলে, আৰু নূপুৰলৈ এটা মেচেজ কৰিলে.... মই অলপ ব্যস্ত আছো....( Assamese Storyboard )

, জৰুৰী মিটিং এখনত আছোঁ, সন্ধিয়া ফ্ৰী হৈ ফোন কৰিম..., miss you dr..., ঋত্বিকে ঘন্টাৰ পাছত ঘন্টা মুন্নাৰ লগত কথা পাতিলে আৰু নূপুৰক কেনেকৈ বদনাম কৰিব পাৰি তাৰ পৰিকল্পনা কৰিলে...,  সন্ধিয়াৰ চাহ কাপ হাতত লৈ বাৰাণ্ডাতে বহি ঋত্বিকৰ ফোনটোৰ বাবে অপেক্ষা কৰিলে , অৱশ্যে দুই তিনিবাৰ নূপুৰেও চেষ্টা নকৰা নহয় , কিন্তু ঋত্বিকৰ ফোনটো সংযোগ সীমাৰ বাহিৰত আছিল, প্ৰচণ্ড খং উঠিছিল নূপুৰৰ , চাহৰ কাপটো পাকঘৰত থৈ ওলাই গৈছিল বাহিৰলৈ ,  উপায়বিহীন হৈ নীহালৈ ফোন কৰিলে নূপুৰে..... good evening নীহা বা, কি কৰিছা...

: same to you নূপুৰ, মই এনেয়ে আছোঁ , তুমি কি কৰিছা..?

: মই চাহকাপ খাই চোঁতাললৈ ওলাই আহিছোঁ, 

: অ' ...., বাকী খবৰ কোৱা , 

: ভালেই.... নূপুৰে লাহেকৈ কলে...

: বৰ দুখ মনেৰে কলা যে...! কাজিয়া হ'ল নেকি..!

: সেইবোৰ একো হোৱা নাই, 

: তেন্তে...!


: দিনৰ দিনটো ফোন কৰি আছোঁ এবাৰো ৰিচিভ কৰা নাই, মাত্ৰ মেচেজত কৈছিল , মিটিংত ব্যস্ত আছোঁ , সন্ধিয়া ফোন কৰিম, এতিয়া আঠ বাজীবৰ হল, তেওঁলৈ সন্ধিয়া হোৱাই নাই নেকি ...!

: তুমিটো জানাই, সি কিমান ব্যস্ত , কিবা জৰুৰী মিটিংও হব পাৰে , সেয়ে চাগৈ তোমাৰ ফোন ৰিচিভ কৰা নাই...., 

: বৰ কষ্টত আঁচো বা , তাক মই বহুত ভাল পাওঁ , দিনটোত এবাৰ তাৰ মাত নুশুনিলে বুকুখন বৰকৈ বিষাই , 

: অ'......! তাৰমানে দুয়োৰে মাজত গভীৰ প্ৰেম চলি আছে , 

: কি যে কথাবোৰ কোৱা তুমি...! ঋত্বিকে তোমালৈ ফোন কৰিছিল নেকি ...

: নাই...! নাই...! বহুদিন তাৰ লগত কথা পতা হোৱাই নাই, ময়ো নতুনকৈ প্ৰজেক্ট এটা আৰম্ভ কৰিছোঁ , তাতেই ব্যস্ত হৈ আছোঁ , 

: কিহৰ প্ৰজেক্ট ? 

: থলুৱা মহিলা সকলৰ সৈতে মিলি হস্ত্ৰতাত বস্ত্ৰ উদ্যোগ এটা গঢ়ি তুলিব বিচাৰিছোঁ, তাৰবাবে অলপ মাটি প্ৰয়োজন , তাকে বিচাৰি হাবাথুৰি খাই ফুৰিছিলোঁ, আজি অৱশ্যে ৰংজুলী গাওঁত মাটি এটুকুৰা পালো , ওচৰৰ মহিলাসকলক লগ ধৰি কথাটো কলো, তেওঁলোকে কথাটো শুনি বৰ ভাল পাইছে , এতিয়া ভগৱানেহে জানে কিমান দূৰ সফল হব পাৰোঁ..

: চিন্তা কৰিব নালাগে , তুমি কোনো কামতেই বিফল হোৱা দেখা নাই , মই পাহৰিছিলোঁৱেই বা তোমাক কথা এটা সুধিব লগা আছিল, 

: কি কথা নূপুৰ...!

: সেইদিনা তুমি দিয়া ফটোবোৰ মই চালোঁ , কিন্তু মই এটা কথা বুজি নাপালোঁ , তুমি ফটোখিনি বৌৰ হাতত কিয় দিলা...! দাদা বৌৰ সুখৰ সংসাৰ খনত তুমি কিয় জুই লগাই দিলা .... হেল্ল.... , হেল্ল.... , ফোনটো কাটি দিছিল নীহাই....., নূপুৰে বাৰে বাৰে চেষ্টা কৰিও নীহালৈ ফোন লগাব নোৱাৰিলে , নূপুৰৰ মনত নানা প্ৰশ্নৰ উদয় হবলৈ ধৰিলে, .......নীহাই ইচ্চা কৰিয়ে ফোনটো কাটি দিয়া নাইটো...! নে নীহাই কিবা কথা লুকুৱাই ৰাখিব বিচাৰিছে....., কথাবোৰ ভাবি নূপুৰৰ মনটো খেলিমেলি হৈ পৰিছে,, তেনেতে ঋত্বিকে নূপুৰ লৈ ফোন লগালে.... হেল্ল, swethart, 

: শুভ সন্ধিয়া , ফ্ৰী হলা নে , 

: তুমি এবাৰ ঘড়ীটোলৈ চোৱা , ৰাতি দহ বাজীবৰ হল, এতিয়া সন্ধিয়া হৈ থকা নাই , ৰাতি হল , 


: নহয় মানে , তুমি সন্ধিয়া ফোন কৰিম বুলি কৈছিলা যে সেয়ে তোমাৰ ফোনটোলৈ অপেক্ষা কৰি লাইট অফ কৰি বিচনাত বাগৰি আছিলোঁ ,দহ বাজীবৰ হল যদি বহু ৰাতি হল দেখুন , ইমান দেৰিলৈকে কিহৰ মিটিং আছিল , 

: ঠাট্টা কৰিছা, তোমাক আজি সময় দিব নোৱাৰা বাবে মই দূষিত , মই এটা কথা ভাবিছোঁ , কাইলৈ দেওবাৰ , মোৰ ছুটি আছে গতিকে আমি দুয়ো কামাখ্যাৰ পৰা আহোগৈ নেকি ...!  প্ৰেমৰ পূৰ্ণতা বিচাৰি মাৰ চৰণত সেৱা এভাগ লৈ আহিম...

: কিন্তু ঘৰত যে মোক ওলাই যাবলৈ নিদিব , দাদাও আছে ঘৰত , কি বুলি কৈ ঘৰৰ পৰা ওলাই যাম..., 

: অ' মোৰ কলিজাজনী , , মোৰ বাবে তুমি ঘৰত মিছা কথা এটা কব নোৱাৰীবা নে.......!

: ভয় লাগে যদি ধৰা পৰি যাওঁ , বাৰু মই চেষ্টা কৰিম,

: চেষ্টা কৰিম নহয় ...! Sure কোৱা, 

: ঠিক আছে দিয়া , কেইটামান বজাত ওলাই যাবা, 

: ৰাতিপুৱা ৬টা বজাত ওলাই যাম, তুমি ৰেডী হৈ থাকিবা, 


      নূপুৰ.... কত আছা..., মনাই নূপুৰক মাত লগালে, 

: ঋত্বিক মই তোমাক অলপ পাছত ফোন কৰি আছোঁ, বৌয়ে মাতি আছে, নূপুৰে ফোনটো কাটি দিলে, ...... মই ইয়াতে আছোঁ, 

: কাইলৈ দাদা আৰু মই ঘৰলৈ যাম , তুমিও ওলাবা ,

: অ' হয়নেকি...! মই যাব নোৱাৰিম বৌ..., মই কাইলৈ ৰাতিপুৱাই বান্ধৱী এজনীৰ বিয়াৰ খবৰ লবলৈ যাম, নগাঁওত ঘৰ , 

: তেতিয়া হলে , তুমি আহি লোৱা, তাৰ পাছত যাম, 

: মই যোৱা নোযোৱানো কি , দাদা আৰু তুমি গলেই হল, 

: কিয় তেনেকৈ কৈছা নূপুৰ..!

: বিহুত জী জোঁৱাইহে ঘৰলৈ যায়......, হাঁহি এটা মাৰি কথাটো পাতল কৰি দিলে নূপুৰে,

: যোৱা নোযোৱা সেয়া তোমাৰ কথা, ৰক্তিমে সুধিবলৈ কোৱাৰ বাবেহে মই তোমাক কথাটো সুধিছিলোঁ....., আৰু এটা কথা দাদাই তোমাৰ বিয়াৰ কথা দেউতাৰ লগত আলোচনা কৰিছিল, লৰাজন দেউতাৰ পছন্দ হৈছে, দুই এদিনতে লৰাজনে তোমাক চাবলৈ আহিব , গতিকে ঋত্বিকৰ লগত বেছিকৈ হলীগলী কৰি নাথাকিবা, ( Assamese Storyboard )

: বৌ... তুমি দাদাক কৈ দিবা , মোৰ বাবে দৰা বিচাৰি দাদাই অযথা কষ্ট কৰিব নালাগে, 

: দাদাই তোমাৰ ভালটোহে চিন্তা কৰিছে নূপুৰ., তুমি কথাবোৰ কিয় আওপকীয়াকৈ ভাবিচা,

: মই ঋত্বিকক ভালপাওঁ ..., মই তাৰ লগতেই বিয়া হম বৌ , তুমি দাদাক কৈ দিবা,

: দাদাক তুমি নিজেই কবা , মই এইবোৰৰ মাজত সোমাব নিবিচাৰোঁ..... বুলি কৈ মনা ভিতৰলৈ সোমাই গৈছিল...


                   নূপুৰো বাৰাণ্ডাৰ পৰা ভিতৰলৈ সোমাই আহিল , মন্দিৰলৈ যোৱাৰ কথা, বৰ জাকজমককৈ গলেও ভাল নহব, সেয়ে নূপুৰে সাধাৰণ ফুল থকা পাতৰ মেখেলা এখন আৰু গুণা ফুলৰ চাদৰ এখন ইস্ত্ৰী কৰি ললে , চাদৰখন সৰু সৰুকৈ কোচ দি পিন এটা মাৰি আলনাতে জাপি থলে, ঘৰৰ পৰা চাদৰ মেখেলা পিন্ধি গলে সন্দেহ কৰিবও পাৰে , সেয়ে নূপুৰে ৰক্তিমে বিহুত দিয়া লেহেঙ্গাজোৰো উলিয়াই ললে, ভিতৰটোতে সোমাই নূপুৰে ইটো সিটো কৰি থাকোতেই পৰ্দাখন দাঙি ৰক্তিম সোমাই আহিল..... এইবোৰ মই কি শুনিছোঁ ভন্টী....?

: তই ঠিকেই শুনিছ দাদা, মোৰ বাবে দৰা বিচাৰি তই মিছা কষ্ট কৰিব নালাগে, মই ঋত্বিকক ভাল পাওঁ, বিয়া হলে তাৰ লগতেই হম..., 

: তই প্ৰেমত অন্ধ হৈ আছ ভন্টী , ঋত্বিকৰ আছে কি ? 

: সি ব্যৱসায় কৰে , 

: কিহৰ ব্যৱসায় কৰে তই ভালদৰে জান জানো , চা ভন্টী ....! আজিকালি ডাক্তৰৰ বহুত পইচা , মোৰ বিশ্বাস সি তোক বহুত সুখত ৰাখিব পাৰিব , 

: দাদা টকা পইচাই সৰ্বস্ব নহয় , সেই লৰাজনৰ লগত বিয়া হলে হয়টো মই ধনৰ সুখ পাম..., কিন্ত মনৰ সুখ কেতিয়াও নাপাম, নীহা বাৰ লগত তই ইমানখিনি আগবঢ়াৰ পাছত বৌক বিয়া কৰাই তই জানো সুখী হব পাৰিছ....! ঋত্বিকক মই মনে প্ৰাণে ভাল পাওঁ , গতিকে মই তাৰ বাহিৰে আন কাৰোৰে লগত সুখী হব নোৱাৰিম দাদা....!


         নূপুৰৰ কথা শুনি ৰক্তিম নিমাত হৈ গৈছিল, বহু সময় নীৰৱে থাকি সি ওলাই গৈছিল, ভাতৰ টেবুলত বহুতে দেউতাকে নূপুৰৰ বিয়াৰ কথাটো আকৌ উলিয়াইছিল ..... নূপুৰ..., বাবাই তোৰ বাবে  ঠিক কৰা লৰাজন বৰ ভাল লৰা , পৰিয়ালটোও ভাল , ডাক্তৰ কৰে ,

: দেউতা....! মই এটা কথা বুজি পোৱা নাই, তোমালোকে মোৰ বিয়াখনৰ পাছত কিয় ইমান লাগি আছা...! 

: চা মাজনী , এইয়া মোৰ দায়িত্ব আৰু কৰ্তব্য , প্ৰতিজন পিতৃৰ দৰে ময়ো বিচাৰিছোঁ তোক এখন ভাল ঘৰলৈ বিয়া দি উলিয়াই দিবলৈ , তোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে বাবা আৰু মই তোৰ বিয়াৰ কথা চিন্তা কৰিছোঁ , 

: মোৰটো ইচ্ছা অনিচ্ছা বুলি কিবা এটা আছে , তোমালোকৰ ভাল লগা লৰাজনক মোৰ ভাল নালাগিবও পাৰে..., 

: সৰুৰে পৰাই মই তোৰ ইচ্ছাৰ বিৰুদ্ধে কোনো কাম কৰা নাই, কিন্ত এইবাৰ  মোৰ ইচ্ছাক তই সন্মান জনাবই লাগিব , মই ফোনট লৰাজনৰ কথা পাতিছিলোঁ, তোৰ ফটোখন চায়ে সি তোক পচন্দ কৰিছে, দুই এদিনতে আমাৰ ঘৰলৈ আহিব , তই কোনো কাৰণতে না নকৰিবি...., 


          দেউতাকৰ কথা শুনি নূপুৰৰ বৰ খং উঠিছিল , টেবুলৰ পৰা উঠি চিধাই নিজৰ ৰূমত সোমালগৈ..., দুৱাৰখন বন্ধ কৰি ঋত্বিকলৈ ফোন লগালে..... হেল্ল...! ঋত্বিক , বৰ ডাঙৰ কথা এটা হল, ঘৰত বিয়াৰ কথা ওলাইছে , দুই এদিনতে মোক চাবলৈ লৰা আহিব , ফটো চাই মোক পচন্দ কৰিছে, গতিকে কাইলৈ মন্দিৰতেই তুমি মোক শিৰত সেন্দুৰ দিব লাগিব...., 

: তুমি একো চিন্তা নকৰিবা নূপুৰ , মই তোমাক বিপদত পৰিবলৈ নিদিওঁ..., কাইলৈ মন্দিৰৰ পৰা চিধাই আমাৰ ঘৰলৈ লৈ আহিম, 

: সঁচাকৈয়ে কৈছা নে ঋত্বিক ...! 

: বিশ্বাস হোৱা নাই..! এতিয়া শুই থকা নূপুৰ , ৰাতিপুৱা নহলে সাৰেই নাপাবা, good night

: good night....

    ( ক্ৰমশঃ )

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages