শেষত সেই দিনটো আহি পাইছিল | যিটো দিন কোনো ছোৱালীয়ে বিয়াৰ পাছত কেতিয়াওঁ আশা নকৰে | এখন ঘৰ পাতিব গৈ কেতিয়াওঁ উভতি অহা চিন্তা নকৰে( Assamese Storyboard ) | কিন্ত সকলো মানুহ পৰিস্থিতিৰ দাস | এদিন পৰিস্থিতিয়ে মানুহক মনে নিবিচৰা কাম কৰিব বাধ্য কৰাই | ঠিক তেনেকে ৰিংকি ও আজি পৰিস্থিতিৰ ওচৰত হাৰ মানিলে | আজি সিহতৰ দিভ'ৰ্চ হ'ল |
তাই একমাত্র সন্তান বাবুক বুকুত সাৱতি ওলাই গ'ল সিহতৰ ঘৰৰ পৰা | তাই এতিয়া এটা সৰু কোঠালি ভাড়ালৈ ল'লে |আৰু তাই এখন ব্যক্তিগত স্কুলত শিক্ষকতা কৰিলে | তাইৰ এতিয়া একমাত্র সপোন বাবু | বাবুক মানুহ কৰিব পাৰিলে তাই আৰু কেতিয়াওঁ অভাগিনী হৈ নাথাকে |
তাই নিৰ্জনতা বহুত ভাল পাইছিল | এতিয়াওঁ তাই তেনেকুৱা পৰিবেশ এটা বিচাৰে | ৰিক্ত অতীতক তাই আৰু উভতি চাৱ নিবিচাৰে,তাই এতিয়া নতুন সপোন গঢ়াত ব্যস্ত | আজি ৰবিবাৰ সেয়েহে তাই বাবুক লৈ এবাৰ চিৰিয়াখানালৈ ওলাই আহিলে | তাই বাবুক চিৰিয়াখানা খন কিছু দেখাই বেঞ্চ এখনত কিছু সময়ৰ কাৰনে বহি ল'লে | কিছু সময় তাই উটি ভাহি ফুৰিলে সপোণৰ দেশ এখনত |
- মা মা
বাবুৰ মাতত তাইৰ স্বপ্ন ভংগ হ'ল | তাই বাবুৰ ফালে চাওঁতে দেখিলে এজনী খুৱ মৰম লগা তিনিবছৰীয়া মান ছোৱালী | বাবুই তাইৰ হাতত ধৰি আছিলে |
- বাবু এই মাইনা জনী কোন ?
- নাজানো,তাই সৌ তাত আছিলে মই তাইক লৈ আহিলো |
তাই ছোৱালী জনীক কোচত তুলি ল'লে,বৰ মৰম লগা ছোৱালী | পিছে তাইৰ মাক দেউতাক,,,,,,
- মা মাইনা জনীক আমি ঘৰলৈ লৈ যাম |
- ধেত মাইনাৰ মাক দেউতাক আছে নহয় | তাইক কিয় নিব দিব |
তেনেতে মানুহ এজন আহিলে,,,,,
- মাইনা তুমি ইয়াত ,আৰু মই গোটেই খন বিচাৰি চলাথ্ কৰিলো |
- আঙ্কল মাইনাক মই লৈ আনিছো |
তেনেতে মানুহ জনে ৰিংকিৰ কোচৰ পৰা তাইক লব লওঁতে ৰিংকিয়ে মানুহ জনৰ চকুলৈ চালে,আৰু মানুহ জনে ও তাইৰ ফালে চালে |
সকলো মৌন ! নভৱা কথা বোৰ হঠাতে হয় | আকৌ নামি আহিল পাহৰি যোৱা স্মৃতি বোৰ |
- তুমি
- তুমি ?
এনেকে বাৰু লগ হব লাগেনে ! কিন্তু এয়াই বাস্তৱ |
- তুমি বহুত খিনালা,আগৰ মৰম লগা মুখ খনি কি হ'ল,চকুৰ গুৰিবোৰ চোন কলা হ'ল |
- তোমাৰ ও আগৰ সুঠাম চেহেৰা টো কি হ'ল | মূৰৰ ছুলিবোৰ ও চোন নোহোৱা হ'ল
- সেইবোৰ বহুত কথা ৰিংকি ,তুমি ভালে আছা নে ?
- অভাগিনীৰ জানো কেতিয়াবা ভাল হব ৰণ ?
- তেনেকে কিয় কৈছা,কি হ'ল আকৌ !
- সেইবোৰ বহু কথা | বহু ইতিহাস হ'ল,,,,
ৰণৰ কোছত বাবু,আৰু ৰিংকিৰ কোছ ত মাইনা,সিহতে একে খন বেঞ্চতে বহি ল'লে |
- মাইনা জনী ?
- মোৰ ছোৱালী তোমাৰ মুখ খন আছে |
- বাবু ?
- মোৰ ল'ৰা
- ডাঙৰ হ'ল |তোমাৰ হাজবেণ্ড ?
- তোমাৰ পত্নী ?
- কি কম তোমাক,কেনেকে আৰম্ভ কৰিম | মা দেউতাই সকলোবোৰ শেষ কৰিলে মোৰ |
- নহয় ৰণ,মা দেউতাই তোমাৰ ভালৰ বাবে চিন্তা কৰিছিলে |
- ভাল ? এই ছোৱালী জনী বুকুত সাৱতি চকুপানী টুকি থাকো | চোৱাছোন তাই ইমান মৰম লগা ! মাজে মাজে মাকক বিচাৰে ! কিন্তু মই কি কম ! শব্দ হেৰাই পেলাওঁ !
- যদি বেয়া নোপোৱা সকলোবোৰ কবা নে ৰণ ?
- কম , শুনা তেন্তে,,,,,,
তোমাৰ বিয়াৰ পাছত মই প্রতিদিনে মদ খাব লৈছিলো,কেতিয়াবা ৰাতি ভাত নোখোৱাকৈ শুই থাকো | তোমাৰ প্রতিচ্ছৱিয়ে মোক বৰকৈ আমনি কৰিছিলে | সদায় ৰাতি কিমান বজাত ঘৰ পাওঁ ঠিকনা নাই | লাহে লাহে মা - দেউতাই আলোচনা কৰি চহৰৰ আভিজাত্য ঘৰৰ ছোৱালী এজনী মোৰ কাৰনে ঠিক কৰিলে | মই মা দেউতাই যি বিচাৰে তাকে কৰি গ'লো |
শেষত তাইৰ লগত মোৰ বিয়া হ'ল | মই তাইক পত্নী হিচাপে গ্রহণ কৰিলো | প্রথমতে সকলো ঠিকে চলিছিল | বিয়াৰ এবছৰ পিছত আমাৰ জীৱনত মাইনা আহিছিলে | কিন্তু মাইনা অহাৰ পিছৰ পৰাই তাই সলনি হব ল'লে | দিনৰ দিনটো ৰাতিটো তাই মাত্র মোবাইলতে ব্যস্ত | এদিনা খনৰ কথা,,,,,,
- মালবিকা, মই কি ভুল কৰিলো কোৱা
- কিয় সুধিলা ?
- নহয় আজিকালি দেখিছো তুমি মোক অকনো সময় নিদিয়া,দিনৰ দিনটো তুমি মোবাইলতে ব্যস্ত |
- ৰণ সেয়া মোৰ ব্যক্তিগত কথা,সকলো কথা যে তোমাক সুধিব কৰিব লাগিব সেয়া কৰবাত লিপিবদ্ধ আছে নেকি ?
কোনোবা খিনিত মনটো হাহাকাৰ কৰি উঠিল |
মই একো প্রতিবাদ নকৰিলো | মাত্র নিৰৱে সকলো সহ্য কৰি গ'লো | এদিনা খন তাই গা ধুৱ যাওঁতে তাইৰ মোবাইলত এটা মেচেজ আহিছিল | আৰু মই মেচেজটো খুলি চাই দেখিছিলো | " গোড মৰ্ণিং চুইট হাৰ্ট "
সেইদিনা মোৰ মনটো সন্দেহে চুই গ'ল | ৰাতি মই তাইক প্রশ্ন কৰিছিলো |
- তুমি ইমানকে কাৰ লগত কথা পাতা ?
- তোমাক কিয় লাগে ?
- এই কাৰনে লাগে মই তোমাৰ হাজবেণ্ড |
- মোৰ এজন ফেচবুক ফ্রেইণ্ডৰ লগত |
- কিয় ?
- কাৰন সি তোমাৰ দৰে জধলা নহয়,সি মডাৰ্ণ |
তাইৰ লগত আৰু কথা পাতিব মন নগ'ল ,মই বিচনা খনৰ পৰা উঠি আহিছিলো,আৰু বাহিৰৰ মুকলি বতাহ অকন সেৱন কৰিছিলো | সেইদিনা তোমালৈ বহুত মনত পৰিছিলে | কিন্তু মই যে নিৰূপায় |
- ৰণ
- কোৱা
- মোৰ অলপ বেংকত কাম আছে,পাপাই পইচাঁ অকমান দি পঠাইছে | মই বেংকৰ পৰা আহো তুমি মাইনাক চাবা |
- ৰবা মই লৈ যাওঁ অকলে যাৱ নালাগে |
- কিয় মই অকলে যাৱ নোৱাৰো নেকি !( Assamese Storyboard )
কথা খিনি কৈ তাই ওলাই গৈছিল | যদিহে তাই নিবিচাৰে মই নো কিয় যাওঁ | মই সম্পূৰ্ণ স্বাধীনতা দিলো তাইক | কিন্তু বহুসময় হ'ল তাই আহি নাপালে,এইফালে মাইনাৰ ভোক লাগিছে |মই তাইক বিচাৰি বেংকলৈ গ'লো কিন্তু তাই বেংকত নাছিলে | তাইৰ মাক দেউতাকলৈ ফোন কৰিলো তাই হেনো ঘৰতো যোৱা নাই | দিন গৈ ধৰা বকুত সন্ধিয়া নামিলে কিন্তু মালবিকা ঘূৰি নাহিলে | মাইনাই বহুত আমনি কৰিছিলে |
ৰাতি এটা মেচেজ আহিছিল " মিষ্টাৰ ৰণ , মই মোৰ ফেচবুক ফ্রেইণ্ড জনৰ লগত গুছি আহিলো | কাৰন তোমাৰ লগত মই সুখী নাছিলো,আৰু তোমাৰ ছোৱালীক তোমাৰ ওচৰত থৈ আহিছো "
সেইদিনাই মালবিকালৈ মোৰ ঘৃনা জন্মিলে | এজনী দুবছৰীয়া মৰম লগা ছোৱালীক কেনেকে এৰি যাৱ পাৰিলে তাই | আচৰিত ,,,,,,, ,
- ৰণ , তোৰ আমি আকৌ বিয়া পাতিব বিচাৰো !
মাৰ কথাটো সেইদিনা ক্ষোভত জাগি উঠিছিলো |
- কি বুলি ভাৱিছা তোমালোকে মোক ! এজনী যাব আকৌ বিয়া পাতি দিবা | হু তোমালোকৰ অহংকাৰী মন বোৰক বিসৰ্জন দিয়া | তোমালোকে শেষ কৰি পেলালা মোক | ৰিংকিক তোমালোকে বিয়া কৰাই নিদিলা কাৰন তাই দুখীয়া ঘৰৰ,খাব নোপোৱা ভিকহুৰ জাত |আৰু এতিয়া ধনী ঘৰৰ ছোৱালী বোৱাৰী কৰি কি পালা | শুনা মা জীৱনত ধনী দুখীয়া বুলি কথা নাই,যদিহে মন মিলে সেই সংসাৰ হব দিব লাগে | সেই প্রেম ধংস কৰিব নালাগে,,,,,,,
খংত মই নিজৰ কোঠাত সোমাই গৈছিলো |মাইনাক বহুত জোৰত সাৱতি শুই থাকিলো |
পিছদিনা ৰাতিপুৱাঁই মাইনাক কোছত লৈ ঘৰৰ পৰা ওলাই আহিৱ লৈছিলো |
- ৰণ ক'ত যা
মায়ে পাছফালৰ পৰা মাত দিছিলে |
- যাম কৰবাত মাইনাক লৈ জীয়াই থাকিম |
- মই আৰু দেউতা ?
- তোমালোকৰ টকা পইচাঁৰ অভাৱ নাই তোমালোকে চলিব পাৰিবা |
- মাইনাক আমাৰ বুকুৰ মাজৰ নিনিবি ৰণ
- নালাগে তাই বেয়া দেউতাকৰ বেয়া সন্তান তাইক মই লগত লৈ যাম |
গুছি আহিছিলো ঘৰৰ পৰা ,আৰু আজি এবছৰ হ'ল মাইনাক লগত লৈ দিন কতাইছো |কেতিয়াবা তাই বহুত আমনি কৰে | কিন্তু মৰমত তাইক বুজাওঁ |
- উম শুনিলো তোমাৰ কাহিনী | ৰণ তুমি ও সুখী নহ'লা আৰু মই ও নহ'লো |
- ৰিংকি তোমাৰ কথা কোৱা |
ৰিংকিয়ে ও ৰণক তাইৰ জীৱন পৃষ্ঠা বোৰ আৰম্ভনিৰ পৰা শেষলৈ কৈ শেষ কৰিলে |কিন্তু ৰণে কেতিয়াওঁ ভৱা নাছিলে যে তাইৰ জীৱনটো এনেকুৱা হ'ল |
- ৰিংকি বলা জীৱনটো নতুনকৈ সজাওঁ
- কিন্তু
- কোনো কিন্তু নাই আৰু কোনো বাধা ও নাই ,দুটা সন্তান আৰু তুমি মই এখন সুখৰ ঘৰ হব |
ৰিংকিয়ে লাজ লাজকৈ ৰণৰ হাত খনত খামোছি ধৰিছিল | তাইৰ দেহত এক অজনা পুলক শিহৰিত হৈছিল | আৰু ৰণে একেথৰে তাইক চাই আছিলে,,,,
- অ হেল্ল' কি চাইছা
- তোমাক
ৰণে ৰিংকিৰ কপাল খনলৈ দুওঠ আগবঢ়াই নিছিলে মাত্র |
- নিলাজ দেখা নাই ,কাষত কোন আছে ~
- চেহঃ ব'লা এতিয়া সন্ধিয়া নামিল |
- কলৈ
- কিয় আমাৰ ঘৰলৈ
ৰণে বাবুক কোচত লৈছিল,আৰু ৰিংকিয়ে মাইনাক |সিহত আগুৱাইছিল এটা নতুন সপোন লৈ এখন নতুন ঘৰলৈ,,,,,,,,,,,,
সমাপ্ত
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment