ৰাতি বাঢ়ি আহিছে ।গগন কলিতাৰ ঘৰতো বিয়া শেষ পৰ্যায়লৈ আহি পাইছেহি । কইনা আহি হোমৰ জুইৰ গুৰিত বহিলেহি ।পুৰোহিতেও বেদমন্ত্ৰ পাঠত ব্যস্ত হৈ পৰিল ( Assamese Storyboard )। দৰাই এপলক কইনাৰ ফালে চালে কিন্তু ওৰণিৰ তলত থকা বাবে মুখখন ভালকৈ নেদেখিলে ।অলপ পিছত কইনাৰ আলধৰা বান্ধৱী গৰাকীয়ে ওৰণিখন অলপ ওপৰলৈ টানি দিলে ।লগে লগে পূৰ্ণিমাৰ দৰে উজ্জ্বল চেহেৰাৰ মুখখনিয়ে চৌপাশ পোহৰাই তুলিলে ।দৰাই ও আপাহেৰে এপলক পুনৰ চাই ৰʼলে আৰু মিচিক মিচিক হাঁহিৰে আনন্দ লভিলে ।তাকে দেখি দৰাৰ সখীয়েকে দৰাৰ কাণত ফুচফুচাই কিবা কৈছিল আৰু দৰাৰ হাঁহিটিয়ে চৌদিশে দুগুণে পোহৰাই তুলিছিল ।
বিয়া ঘৰৰ মানুহবোৰৰ কিছুমানে দৰা কইনাৰ ওচৰতে বহি নিয়মবোৰ চাই আছিল , কিছুমানে বা অলপ আঁতৰত বহি নিজৰ মাজতে নানা কথা পাতি আছিল , কিছুমানে কেমেৰাৰ আগত ফটো তোলাত ব্যস্ত , কিছুমান আকৌ লʼৰা ছোৱালীবোৰ চোৱাত ব্যস্ত , কিছুমানে তেতিয়াও বিয়াৰ খানা খোৱাতেই ব্যস্ত আৰু কিছুমানে পকেটৰ পৰা লুকাই চুৰকৈ আচলবিধ গিলাত ব্যস্ত ...!!
শ্ৰীমতী কলিতা ঘৰৰ ভিতৰৰ কোঠাত বিষন্নমনে বহি আছিল ।আজিৰপৰা ঘৰৰ সৰু ছোৱালীজনীও পৰ হʼল । এতিয়াহে ঘৰখন খালী খালী লাগিব ।কথাতে কয় নহয় বোলে ছোৱালীক দৰাই নিলেও নিয়া , যমে নিলেও নিয়া ।বিয়া দিয়াৰ পিছত যেন নিজৰ ছোৱালীজনীও আলহীৰ দৰেহে এদিন দুদিনৰ বাবে আহিব ।সঁচাই কি বিচিত্ৰ নাৰীৰ জীৱন ..!! আৰু বিচিত্ৰ সামাজিক নিয়মবোৰ ..!! ছোৱালীৰ মাকে বোলে ছোৱালীৰ বিয়া চাবলৈ নাপায় ..!!
পিছপিনৰ চোতালত তেতিয়াও খোৱাৰ পৰ্ব চলিয়েই আছিল ।আৰু কমেও ২৫/৩০ জন মানুহ খাবলৈ বাকী আছিল । কিন্তু কথা এতিয়াহে বিষম হʼল !! খানাৰ মাংস প্ৰায় উদং হʼবৰ হৈছিল ।২৫ জন মানুহক এটুকুৰা কৈহে মাংস দিব পৰা যাব । কিন্তু এটুকুৰা কৈ যাঁচিব কেনেকৈ এতিয়া ..!! গগন কলিতাই মূৰে কপালে হাত দিলে ।এই ৰাতিখন বৰযাত্ৰীক খুৱাবলৈ মাংস কʼৰপৰা আনিব তেওঁ ।মানুহো হিচাপত কৈ বহুত বেছিকৈ আহিছিল ।নহ'লে তেওঁ টো সৰহকৈ যোগাৰ কৰিছিলেই !! কি হʼব এতিয়া ।আজি দৰাঘৰীয়াৰ আগত লাজ পোৱাটো খাটাং ....তাতেই আকৌ ছোৱালী য়ে আজীৱন এই কথা শুনিব লাগিব যে বিয়াত বাপেৰে বৰভোজ খুৱাই পঠিয়াইছিল বুলি .....!!
দেউতাকক তেনেকৈ বহি থকা দেখি মানৱে ওচৰ চাপি আহিছিল । কিন্তু কি কʼব সি একো ভাবি নাপালে । এবাৰ সাহস গোটাই সি মাত লগালে ,
*দেউতা , কি হৈছে ?
দেউতাকে থতমত খাই উচপ খাই উঠিল ।সমুখত মানৱক দেখি তেওঁৰ জানো হঠাৎ কেনেকৈ খং টো উঠি আহিল ...
*একো হোৱা নাই । তই কি চাবলৈ আহিছ ? যা , আঁতৰ হ ইয়াৰপৰা ।একো এটা কৰিব নোৱাৰ, অপদাৰ্থ ক'ৰবাৰ....মোৰ চকুৰপৰা আঁতৰ হ !!
মানৱে একো তৰ্কিব নোৱাৰিলে কি হৈছে । কিন্তু দেউতাকৰ কঠোৰ কথাখিনি শুনি তাৰ মনটো সেমেকি উঠিছিল ।কিয় কৈছে তাক এনেকৈ দেউতাকে ?? কি ভুল কৰিলে সি ??
কথাবোৰ ভাবি তাৰ দুচকুৱেদি দুধাৰি লোতক বাগৰি আহিল ।তাৰ হাতত অলপ আগতে আখৈ তুলা পৰ্ব শেষ হোৱাৰ পিছত দৰাৰ ফালৰপৰা দিয়া উপহাৰৰ কাপোৰযোৰ আছিল । সেউজীয়া পেপাৰেৰে বন্ধা পেকেজিং টোত "ভায়েকলৈ" বুলি লিখাও আছিল । কিন্তু দেউতাকৰ কঠোৰ কথাখিনি শুনাৰ পিছত তাৰ হাতৰপৰা টোপোলাটো আপোনা আপুনি সৰি পৰিল । মনত এবুকু বিষাদ লৈ সি তাৰপৰা অলপ আঁতৰলৈ আহিল ।
কিছু সময় পিছত কলিতাক কোনোবাই কিবা কোৱা মানৱে শুনিবলৈ পাইছিল ।
* আপুনি চিন্তা নকৰিব খুৰাদেউ ।সকলো ঠিকে ঠাকে হৈ যাব । এনেও চেঙেলীয়া লʼৰাকেইটাৰ পেট ভৰিয়েই আছে ।আমাৰ তাতো মাত্ৰ খোৱা হৈছিলহে ।এতিয়া বেছি নোৱাৰিব খাব । সকলো মিলি যাব ....
* কিন্তু ভাইটি.....
দেউতাকে কিছু ইতঃস্বতঃ অনুভৱ কৰা বুলি মানৱে উমান পাইছিল ।
* একো নহয় খুৰাদেউ ।শান্ত হঁওক আপুনি ।
কথাষাৰ খুব মৰমেৰে কৈছিল কোনোবাই । মানৱে জোপোহাৰ আঁৰৰপৰা শুনি আছিল কথাবোৰ কিন্তু মানুহজনক নেদেখিলে ...কোন আছিল ।
ৰভাঘৰত উৰুলি শুনা গৈছিল ।বিয়া সম্পন্ন প্ৰায় হৈছিল । মানৱে ভাবিলে বায়েকক শেষবাৰৰ বাবে হেঁপাহ পলুৱাই চাই লʼব । নিজৰ দুখবোৰৰ বাবে পিছত হে ভাবিব !!
এনেতে সি আগফাললৈ বুলি খোজ দিবলৈ লঁওতেই কোনোবাই পিছফালৰ পৰা মাত লগাইছিল ...
*মানৱ ...!!
সি উভতি চাই পঠিয়ালে আৰু সমুখত দেখিলে ..................
*আপুনি?!
মানৱে লাইটৰ পোহৰত দেখিলে এখন ৰৌদ্ৰজ্জ্বল হাঁহিৰ মুখ....চকুৰ জেউতিও মুখৰ জেউতিত সোণত সুৱগা চৰাইছিল । সুন্দৰ, সুঠাম , সূদৰ্শন যুৱকজন ....লগত এক মৰমসনা কাতৰ মাত !! মানৱ যেন উচুপিবলৈ এৰি ঘামিবলৈ ধৰে এইবাৰ ...!!
*নাপায় নহয় উপহাৰ দলিয়াই দিবলৈ ...!
তেওঁ মানৱে পেলাই দিয়া গিফ্টৰ পেকেজটো তালৈ আগবঢ়াই দিলে ।
*দলিয়াই দিয়া নাছিলোঁ ।পৰি গৈছিল ।
থোকাথুকি মাতেৰে কথাখিনি কৈছিল সি । যেন এবুকু উত্তেজনা বুকুত চেপি ৰাখিছিল ।
*হʼব দিয়া মাইনাটো ..!? বʼলা এতিয়া । বাইদেউৰ বিয়া শেষ হʼব এতিয়া ।ফটো নুঠিবা জানো এতিয়া !
মানৱৰ তেতিয়াহে মনত পৰিল সি ভালকৈ ফটো উঠাই নহʼল বিয়াৰ দিনটোত ।ইপিনে সিপিনে দৌৰি ফুৰোতেই গৈছে ।অলপ আগতে মামণিহঁতৰ লগতে দুখনমান ফটো উঠিছিল হয় কিন্তু তাৰ কিবা ভাল নালাগিল ।বায়েকৰ কইনাৰ সাজত এখন উঠিছিল দিনতে কিন্তু এতিয়া বায়েক আৰু নতুন ভিনীহিয়েকৰ লগত উঠিব আছেই । কথাখিনি ভাবি সি মুখখন ৰুমালৰে মচি লʼলে ।লগতে হাতেৰেই মূৰৰ চুলি খিনি অলপ ঠিক কৰি লʼলে ।( Assamese Storyboard )
সমুখত থকা লʼৰাজনে মানৱলৈ চাই আছিল একেথৰে ।মানৱৰ কিবা অসজা লাগিল কথাটো । পৰিবেশ টো পাতলাবলৈকে সি এইবাৰ কʼলে ,
*বʼলক দাদা ।আগফালে যাঁও ।এনড, থেংক ইউ !
*ইমান সৰু কথাত থেংক ইউ নিদিলেও হʼব দিয়া ।তোমাৰ গিফ্ট তোমাকেই দিছোঁ ।
* মই সেইটো কথাৰ কাৰণে থেংক ইউ দিয়া নাই আপোনাক ।
*তেন্তে !!
*আপুনি দেউতাক দিয়া সান্ত্বনা খিনিৰ কাৰণে ।আলহী হৈও ইমান খিনি ধুনীয়াকৈ কʼলে যে ..…..
*কি কোৱা হে .. মই আলহী !!
*অ টো , দৰাঘৰীয়া কইনাঘৰীয়াৰ আলহীয়েই ন!!
* নহয় , মাইনাটো ।মোক নিজৰ বুলি ভাবিব পাৰা ।
কথাখিনি কিয় কৈছিল তেনেকৈ ,মানৱে একো নুবুজিলে । মাথোঁ মিচিকিয়াই হাঁহি সঁহাৰি জনালে ।আৰু তাক যে "মাইনা" "মাইনা" বুলি মাতি আছে কিয় বাৰু ? সুধিবলৈ মন গৈছিল তাৰ । কিন্তু নুসুধিলে । তেওঁ "মাইনা" মাতোতে তাৰ চোন কিবা ভাল লাগিব ধৰিছে । যেন কোনোবাই খুব মৰমেৰে তাক আলিংগন কৰি তাৰ মনৰ পথাৰত মৰমৰ বীজ সিঁচি দিছিল ....!! সঁচাকৈ ভাল লগাবোৰ এনেকৈয়ে হয় যায় নেকি ...!!
*হেৰা , মাইনা , মোৰ লগত ফটো নুঠা নেকি !!
তেওঁ অলপ জোৰকৈয়ে ধৰিলে ফটোখন উঠিব লাগে বুলি ।মানৱ আগবাঢ়ি গʼল । কিছু সময়ৰ পিছত কেমেৰাৰ লেন্সত প্ৰতিবিম্বিত হৈ ৰৈছিল মানৱৰ লগতে মানৱৰ বুকুত মৰমৰ জাগৰণ কৰা অচিনাকি আপোন দৰাঘৰৰ আলহীজন .....!!!!!!!!
****************************************
স্মৃতিৰ পখিলাজাক পুনৰায় কোঠাটোৰ বায়ুমণ্ডলত উৰি ফুৰিছিল ।মানৱৰ মানসপটত সৰু বায়েকৰ বিয়াৰ দিনটো জলজল পটপটকৈ ভাঁহি আছিল ।মানৱে ডায়েৰী খন জপাই থʼলে ।মাকে ৰুমলৈ সোমাই আহিছিল ।
*ভোক লাগিছে নেকি সোণ ?
*নাই মা ।চাহ একাপকে দিয়া ।
*অ ৰʼবি , দি আছোঁ ।দেউতাৰালৈ ফোন এটা কৰিব লাগিছিল অ।
* অ , মই লগাও ৰবা ।
গগন কলিতা মাজু ছোৱালী ৰ তালৈ গৈছিল নতুনকৈ ককাক হোৱাৰ আনন্দ লʼবলৈ ।সেয়ে দুদিনমান তাতেই থাকিব বুলি জনাইছিল । তেওঁলোক নগাঁৱৰ বাসিন্দা । ভিনিহীয়কে চৰকাৰী হাইস্কুলত শিক্ষকতা কৰে আৰু বায়েকেও ওচৰৰে প্ৰাইভেট স্কুল এখনত পঢ়াইছিল ।ভিনীয়েকৰ মাক গৰাকী অলপ বয়সীয়াল , তেওঁ লোকৰ লগতে থাকে ।দেউতাক নাই, ভিনীয়েক সৰু থাকোঁতেই ঢুকুৱাইছিল । ভিনীয়েকৰ ডাঙৰ ককায়েক এজন আছে । তেওঁ চাকৰিসূত্ৰে তিনিচুকীয়াৰ বাসিন্দা তেওঁৰ পৰিবাৰ আৰু এটি পুত্ৰ সন্তানৰ সৈতে ।মানৱৰ মাজু বায়েকৰ এইবাৰ এটি পুত্ৰ সন্তান হৈছে ।আগৰবাৰ ছোৱালী এজনী হৈছিল ।সেয়ে ককাক হোৱাৰ আনন্দ দুগুণ উছাহেৰে উপভোগ কৰিছে গগন কলিতাই । তেওঁ এতিয়া অৱসৰপ্ৰাপ্ত ।সেয়ে আজৰি সময়ৰ অভাৱ নাই ।গতিকে জী জোঁৱাইৰ ঘৰত থাকো বুলিলে এমাহো থাকি আহিব পাৰে ।মাক পুতেকে একো কʼব নোৱাৰে ।এনেও দেউতাক ঘৰত নাথাকিলে হে মানৱে বেছি ভাল পায় !! ঘৰত থাকিলে যেন জেইলত থকা যেনহে লাগে কেতিয়াবা মানৱৰ ..!! কেতিয়াবা যেন উশাহ নিশাহো বন্ধ হʼবৰ উপক্ৰম হৈ মানৱৰ ।নহʼব ই বা কিয় ....নিজৰ অনুভূতিক হত্যা কৰি পুতলাৰ দৰে যন্ত্ৰবৎ কাম কৰি যায় মাঁথো মানৱে ....!!
*****************************
নিশা দুপৰ হৈ অহাৰ লগে লগে বৰষুণজাক পুনৰ আলহী খাবলৈ আহে ধৰালৈ ।মানৱৰ মাকে সিটো কোঠাত নিদ্ৰামগ্ন । কিন্তু মানৱৰ চকূত যেন নিদ্ৰাদেৱীয়ে ধৰ্মঘট কৰিছে আজি ... তাৰ চকুৰ পৰ্দাত কেইবাখনো মুখ ভাঁহি আহিব ধৰে .....মাকৰ মৰমিয়াল মুখখন, দেউতাকৰ খঙাল মেজাজ, তিনিগৰাকী বায়েকৰ অনুৰাগভৰা অনুভৱ , কলেজৰ প্ৰফেছাৰ শইকীয়াৰ অনুশাসন , চন্দনাৰ বন্ধুত্বপূৰ্ণ সঁহাৰি, পিছৰ বেঞ্চৰ লʼৰা দুজনৰ ঠাট্টা মস্কৰা , বাটত লগ পোৱা আদহীয়া মানুহজন, প্ৰমীলা বাইদেউৰ বিবৰ্ণ মুখখন , ৰিমলীৰ নিষ্পাপ হাঁহি, প্ৰিয়মৰ মৰমৰ সৈতে কটোৱা মুহুৰ্তবোৰ .......আৰু ...…...আৰু সেই ভয়ংকৰ ৰাতিটো যিদিনা সি প্ৰত্যেক্ষ কৰিছিল এই নিৰ্মল পৃথিৱীখনৰ আচল নিৰ্দয়, নিৰ্লজ্জ , আবেগ বিহীন জান্তৱ ৰূপ .......!!!!!!!
___________________________
(আগলৈ )
( বি. দ্ৰ. ঃ কিছু বাস্তৱ আৰু কিছু কল্পনাৰ সংমিশ্ৰণ এক ব্যতিক্ৰমী কাহিনী ৰচনাৰ প্ৰয়াস *অভিশপ্ত জীৱন* । আশা কৰোঁ সকলোৱে আদৰি লʼব ।পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব ।লগতে কিবা ভুল ক্ৰূটি দেখিলে আঙুলিয়াই দিয়ে যেন । ধন্যবাদ ।
✍️ অৰূপ )
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment