অসহায় পত্নীয়ে এতিয়া কি কৰিব,কাক কব ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 19, 2021

অসহায় পত্নীয়ে এতিয়া কি কৰিব,কাক কব ? Assamese Storyboard

Assamese Storyboard

কাৰৱীয়ে যেতিয়াও নিজৰ ঘৰৰ কাম বন শেষ কৰি ঘৰৰ চতৰ ওপৰলৈ যায়, তেতিয়া তাই কিবা কথাত মগ্ন হৈ পৰে। আৰু সেয়া তাই গমকে কে নেপায়( Assamese Storyboard )। তাই প্ৰতিটো সময়তে কিবা নহয় কিবা ভাৱি থাকে। যদি তাইক কোনোবাই মাত দিলেও সেয়া তাই শুনিকে নাপায়। যেনেদৰে তাইৰ শৰীৰটো ঘৰত আছে আৰু মনটো আন কৰবাত।


 এদিনাখন কাৰৱীয়ে নিজৰ ঘৰৰ সকলো কাম কাজ শেষ কৰি ঘৰৰ চতৰ ওপৰত ৰৈ আছিল। সেইসময়তে তাইৰ শাহুমাকে কাৰৱীক দুই তিনিবাৰ মাত দিলে, কিন্তু তাই একো শুনা নাপালে। কাৰৱীৰ শাহু মাকে কাৰৱীৰ কাষলৈ গৈ একেবাৰে খংত কলে, মৰিলা নেকি! ইমান সময়ৰ পৰা মাত দি আছো, তুমি শুনি পোৱা নাই নে! কাৰৱীয়ে নিজৰ শাহুমাকৰ এনে খং দেখা পায় অলপ ভয় খালে। আৰু কলে, অ মা, কি কৈছিলে! শাহুমাকে কলে, তোমাৰ মনটো কত থাকে! যেতিয়া পৰা তুমি এইখন ঘৰলৈ আহিছা, তুমি তেতিয়াৰপৰাই কেৱল মন মাৰি থাকা। তুমি দিনটো কি ভাৱি থাকা! তোমাৰ বেলেগ ভালপোৱা আছে নি! কাৰৱীয়ে শাহুমাকৰ মুখৰ পৰা এনে কথা শুনি ভয় খালে আৰু কলে, নাই নাই, মা আপুনি এয়া কি কথা কৈছে! তাইৰ শাহুমাকে কলে, তেতিয়া হলে আৰু মই কি কম! কোনজনী নতুন বোৱাৰী এনেদৰে থাকে! এতিয়া তুমি বিয়া হৈ অহা ২মাহ হৈছে, আৰু তোমাক দেখা পালে এনে লাগে, যেন, ৩,৪বছৰ হৈ গল। তুমি ভালদৰে সাঁজি কাচি নাথাকা কিয়! কেৱল বলীয়াৰ দৰে থাকা যে। কাৰৱীয়ে, লাহে কৰি মাতেৰে কলে, নহয় মা, এনেই এনেদৰে থাকো। তেতিয়া শাহুমাকে কলে, একো নাই যদি যোৱা, চাহ বনোৱাগৈ, চেতিয়ানী খুড়ী আহিছে। 


কাৰৱী পাকঘৰলৈ গল আৰু চাহ বনাবলৈ ললে। চাহ বনাই লৈ যেতিয়া কাৰৱীয়ে শাহুমাক আৰু চেতিয়ানী খুড়ী লৈ চাহ লৈ আহিলে, তেতিয়া চেতিয়ানী খুড়ীয়ে কাৰৱীৰ শাহুমাকক কলে, নবৌ, নতুন বোৱাৰী জনীক ইমান শুকান শুকান লাগিছে, কিবা হৈছে নি! কাৰৱীৰ শাহুমাকে তেতিয়া কলে, নহয় নহয়,একো হোৱা নাই! ন বোৱাৰীৰ গাতো অলপ ভাল নহয়। কাষৰে চেতিয়ানী খুড়ী ঘৰৰপৰা যোৱা পাছত কিছু সময়ৰে পাছতে কাৰৱীৰ স্বামী শুভম অফিচৰপৰা ঘৰলৈ আহিলে। কাৰৱীয়ে, শুভমক চাহ দিলে। আৰু কাৰৱীয়ে নিজৰ কোঠালৈ যাবলৈ লওঁতেই, কাৰৱীৰ শাহুমাকে, কাৰৱীক বাধা দি কলে, অলপ ৰৈ যোৱা, কলৈ গৈ আছা। তোমাৰ কথা বোৰ অলপ শুভমেও যাতে গম পায় যে, তুমি আজিকালি কি কৰি ফুৰা। শুভমে নিজৰ মাকৰ কথা শুনি কলে, এয়া মা আপুনি কি কৈছে! শুভমৰ মাকে কলে, অ শুভম, মই সচাঁ কৈছো। এনে লাগে, তোৰ ঘৈণীয়েৰৰ আন কাৰোবাৰ লগত সম্বন্ধ আছে! শুভমে নিজৰ মাকৰ মুখৰ পৰা এনে শুনা পায় নিজৰ মূৰটো জোৰেৰে ধৰি ললে, আৰু কাৰৱীৰ চাই সুধিলে, কাৰৱী, মায়ে কোৱাবোৰ সচাঁনে! কাৰৱীয়ে ভয়ে ভয়ে কলে, নহয় শুভম, এনে একো নাই। যদি এনে কিবা থকা হলে, মই আপোনাক প্ৰথমতেই সকলো কয় দিলো হয়। তেতিয়া পুনৰ শাহুমাকে কলে, যদি এনে একো নাই, তেতিয়া হলে তোমাৰ মনটো কত থাকেগৈ! কাৰৱীয়ে, নিজৰ শাহুমাকৰ পৰা এনে কথা শুনি, কথাটো পাতলায়, নিজৰ কোঠালৈ গল গৈ। কাৰৱী নিজৰ কোঠালৈ যোৱাৰ পাছতো তাই মনৰ প্ৰশ্ন বোৰ শেষ নহয়ছিল। 


কাৰৱীয়ে, কি চিন্তা কৰি আছিল! তাইৰ মনত কি প্ৰশ্নৰ উদ্ভৱ হৈছিল। কি চলি আছিল, তাইৰ মন মগজুত। যিটো তাই সকলোৰে পৰা লুকুৱাই ৰাখিছিল। আৰু নিজৰ হৃদয়ক কষ্ট দি, নিজে বহু কষ্টেৰে জীয়াই আছিল। কিয় কাৰৱীৰ, হাঁহি, আনন্দৰে ভৰা, জীৱনটো বিয়াৰ পাছত চেঁচা হৈ পৰিছিল। আনে বিয়াৰ পাছত এটা নতুন জীৱনৰ আৰম্ভণি কৰে, সুখী হৈ ৰয়। কিন্তু কাৰৱী সুখী হব পৰা নাছিল। কাৰৱীয়ে নিজৰ জীৱনটো কেৱল কিবা প্ৰকাৰে অতিবাহিত কৰি আছিল। এই পৃথিৱী, সমাজ, আৰু আনৰ সন্মানৰ বাবে, তাই নিজৰ বিবাহিতা জীৱনৰ দায়িত্ব পালন কৰিছিল। কিন্তু কোনেও গম নাপাইছিল যে, কাৰৱীৰ মনত কি হৈ আছে। এদিনাখন কাৰৱীৰ মাক দেউতাকে কাৰৱীক লগ কৰিবলৈ কাৰৱীৰ ঘৰলৈ আহিল। কাৰৱীৰ মাক দেউতাকৰ লগত তাইৰ লৰালিৰ বান্ধৱী দীপিকাও আহিছিল। কাৰৱীয়ে নিজৰ মাক দেউতাক আৰু দীপিকাক দেখা পায় বহু আনন্দিত হৈছিল। আৰু তেওঁলোকক বহু ভাল ধৰণে আদৰ সাদৰ কৰিলে। কাৰৱীৰ মাক দেউতাকে, কাৰৱীক দেখা পায় বহু সুখী হল যে, কাৰৱী নিজৰ শহুৰৰ ঘৰখনত বহু সুখী। কিন্তু কথা অলপ বেলেগে আছিল। কিন্তু কাৰৱীয়ে মাক দেউতাকক এয়া অনুভৱ কৰিবলৈ নিদিলে যে, তাই মনে মনে কিমান দুখ পাই আছে। কাৰৱীৰ মাক দেউতাক যেতিয়া যাবলৈ ওলাল, তেতিয়া কাৰৱীয়ে নিজৰ লৰালিৰ বান্ধৱী দিপীকাক কলে, দিপীকা তুমি কেইদিনমানলৈ মোৰ ওচৰত থাকি যোৱা না! তুমি থাকিলে মোৰ বহুত ভাল লাগিব, কাৰণ তুমি মোৰ লৰালিৰ বান্ধৱী। দীপিকাই কলে, ঠিক আছে, তুমি ইমান কৈছা যেতিয়া, মই থাকি দিছো। কিন্তু মাত্র দুদিন হে থাকিম। অহা সপ্তাহত মোৰ বিয়াৰ নিয়ম কৰিব। সেইবাবে সোনকালেই যাব লাগিব। বিয়াৰ নিয়াম কৰালেও যোগাৰ কৰিব লাগিব। কাৰৱীয়ে কলে, হব, তুমি মোৰ ওচৰত দুদিন থাকিলেও, সেয়াই মোৰ বাবে বহুত। দিপীকা কাৰৱী ঘৰত থাকিল। সেইদিনা কাৰৱীয়ে পাকঘৰত ভাত বনাওতে দুয়জনীয়ে বহুত আনন্দ কৰিলে। দিপীকাই, কাৰৱীক জোকাৰি লৈ কলে, কি কথা, কাৰৱী, তোক বৰ মন মাৰি থকা যেন লাগিছে! মই দিনত খুড়ী খুড়া আগত একো নুসুধিলো। কিন্তু তই যিমানেই লুকুৱাবলৈ চেষ্টা কৰিলেও, মই তোৰ লৰালিৰ বান্ধৱী হয় আৰু আটাইতকৈ ভাল বান্ধৱী হয়। তোৰ কিবা এটা হলে মই ভালদৰে বুজি পাওঁ। কি কাৰণত তোৰ এই অৱস্হা হৈছে! তই তোৰ আটাইতকৈ মৰমৰ বান্ধৱীকো নকওঁ নে! দিপীকাই সুধিলত কাৰৱীৰ চকু চলচলীয়া হল আৰু তাই কান্দিবলৈ ধৰিলে। কাৰৱীয়ে ইমানে কান্দোনত ভাঙি পৰিল যে, তাইৰ মুখৰ পৰা মাত নাইকিয়া হল। ( Assamese Storyboard )


দিপীকাই কাৰৱীক এনে দৰে কন্দা কতা কৰা দেখি ভয় খালে। আৰু দিপীকাই কলে, কি কথা কাৰৱী, মই তোক কিবা নুসুধিবলগীয়া কথা সুধিলো নি! কাৰৱীয়ে দিপীকাক সাৱটি ধৰিলে আৰু কলে,তইয়েটো আছ, যাক মই সকলো কথায়ে কব পাৰো। কিন্তু মই এতিয়া একো নকওঁ। আজি তই মোৰ লগতে শুৱি। মই শুভমক কম যে, আজি তই মোৰ লগত শুৱি বুলি। কাৰৱী আৰু দিপীকাই ৰাতি আহাৰ খোৱা পাছত শুৱলৈ গল। কাৰৱীয়ে কথা আৰম্ভ কৰাৰ আগতে, দিপীকাৰ হবলগীয়া দৰা,অংকিতে ফোন কৰিলে। দিপীকাই ফোনত কথা পাতিবলৈ ধৰিলে। দিপীকা আৰু অংকিতে নিজৰ নতুন জীৱনক লৈ মিঠা মিঠা কথা আৰম্ভ কৰিলে। দুয়োয়ে নিজৰ মিঠা মিঠা কথাত বহু সুখী হৈছিল। অংকিতৰ লগত কথা পতা দিপীকাক দেখা পায় এনে লাগিছিল, দিপীকাই অংকিতৰ লগত কথা পাতি জীৱনৰ সকলো সুখে পাইছিল। দিপীকাক কথা পতাা দেখি, কাৰৱীয়েও নিজৰ অতীতত সোমাই পৰিল। আৰু ভাৱিবলৈ ধৰিলে, যেতিয়া মোৰ বিয়া ঠিক হৈছিল, মইও এনেদৰে ফোনত শুভমৰ লগত কথা পাতি এনেদৰে সুখী হৈছিলো।। শুভমেই মিঠা মিঠা কথা পাতি নিজৰ ভালপোৱাত মোক সামৰি লৈছিল। তেতিয়া শুভমৰ লগত কথা পাতি মোৰ এনে লাগিছিল, পৃথিৱীৰ সকলো সুখে মই পালো যেন। কিন্তু বিয়া পাছত সকলো শেষ হৈ ৰল। কাৰৱীয়ে, দিপীকাক কথা পাতি থকা দেখি ভাৱিবলৈ ধৰিলে, ঈশ্বৰে, নকৰক যেন, দিপীকাৰ লগতো এনি কিবা নহয় যাতে। নহলে তাইৰ জীৱনটো ধ্বংস হৈ যাব। কাৰৱীয়ে এইবোৰ ভাৱি থাকোঁতেই, দিপীকাই ফোনতো ৰাখিলে। অংকিতৰ লগত কথা পতা পাছত, দিপীকাক দেখি এনে লাগিল, দিপীকাৰ মুখমণ্ডল আগতকে আৰু বেছিকে জিলিকি উঠিছিল। দিপীকাই, কাৰৱীৰ ফালে চাই কলে, ক্ষমা কৰি দিবি, অংকিতৰ ফোন আহি গল। এতিয়া ক! কি কথা হৈছে!কি কথাৰ বাবে তই ইমান কান্দিছিলি?


দিপীকাই সুধাতে, কাৰৱীয়ে পুনৰ দিপীকাক সাৱটি ধৰি ফেকুঁৰি ফেকুঁৰি কান্দে। কাৰৱীয়ে কান্দি কান্দি কলে, দিপীকা, শুভমৰ লগত বিয়াত বহাত সিদ্ধান্ত মোৰেই আছিল, কাৰণ মই সৰুৰে পৰাই ধুনীয়া লৰা পচন্দ কৰিছিলো। শুভম দেখিবলৈ বহুত ধুনীয়া, কিন্তু তেওঁ কিবা এটাৰ প্ৰতি বহুত দূৰ্বল। শুভমে মোক ভাল নাপায়, আন কাৰোবাক হে ভাল পাই। দিপীকাই কাৰৱীৰ কথা শুনি কলে, এয়া তই কি কয় আছ? তোৰ আৰু শুভমেটো ভালপাই বিয়াত বহিছিলি! এনে কেনেদৰে হব পাৰে! শুভমে টো তোক বহুত ভাল পাইছিল! বিয়াৰ আগতেটো প্ৰতি সপ্তাহতে শুভমে তোক লগ ধৰিবলৈ আহিছিল। এই কথা মই মানি লবই নোঁৱাৰো। কাৰৱীয়ে কলে, এয়া সচাঁ, বিয়াৰ আগয়ে, শুভমে মোক বহুত ভাল পাইছিল! আৰু এতিয়াও বহুত মৰম কৰে! মোক কোনোফালৰেপৰা কষ্ট অনুভৱ কৰিবলৈ নিদিয়ে। কিন্তু যিটো সত্য কথা মই তোক কবলৈ ওলাইছো, সেয়া শুনিলে, তই এই সত্যটোক মানি লবলৈ তোৰও কষ্ট হব। শুভমে, ছোৱালীক নহয়, এটা লৰাক ভালপাই। দিপীকাই কাৰৱীৰ এই কথা শুনি বিজুলী পৰাৰ দৰে থৰ লাগিল।

 দিপীকাই কলে, এয়া তই কি কৈছ! কাৰৱীয়ে কলে, অ মই যি কৈছো, সচাঁ কৈছো। আৰু এয়াই সত্য। দিপীকাই সুধিলে, এইবোৰ তই কিদৰে জানিলি! কাৰৱীয়ে কলে, এদিন পুৱা শুভম গা ধূৱলৈ গৈছিল, আৰু সেই সময়তে শুভমৰ মোবাইলত এটা লৰাৰ ফোন আহিলে। সেই ফোনটো মই ৰিচিভ কৰিছিলো। সেই লৰাটো বৰ লৰালৰি ভাৱত আছিল। সি ভাৱিলে, শুভমে ফোনটো ৰিচিভ কৰিছিল বুলি। আৰু সেইবাবে সেই লৰাটোৱে নিজৰ মনৰ কথা সকলো কলে। সেই সকলোবোৰ কথা শুনা পাছত  তৎক্ষনাত মই কাটি দিলো। কিন্তু সেই লৰাটোৱে পুনৰ ফোন কৰিছিল আৰু তেতিয়া লৈ শুভম গা ধূই কোঠালৈ আহিছিল। আৰু তাৰ পাছত শুভম আৰু সেই লৰাটোৰ মাজত কি কথা হল, মই নাজানো। কিন্তু সেইদিনাৰেপৰা মই অনুভৱ কৰিছিলো যে, মোক মিছা মতা হৈছে। সেইবাবে শুভমে মোক বেছি সময় দিব নোঁৱাৰে। এই সকলোবোৰ কথা শুনি, দিপীকা, খংতে জ্বলি পকি উঠিল। আৰু তাই কাৰৱীক কলে, ইমানবোৰ হয় গল, কিন্তু তই সহ্য কৰি আছ! এই বিষয়ে তই কাকো কিয় কোৱা নাই? কাৰৱীয়ে কলে, কাক কম, কোনে মোৰ কথা বিশ্বাস কৰিলে হয়। আৰু ওলোটাই নহলে, মোৰে বদনাম হব যে, এইৰ স্বামীয়ে এটা লৰাক ভালপাই বুলি। দিপীকাই কলে, হয় কিন্তু, তথাপিটো তই শুভমৰ লগত এই বিষয়ে কথা পাতিব লাগিছিল। তোক বিয়া কৰোৱাই, তোৰ জীৱনটো কিয় ধ্বংস কৰিলে! কাৰৱীয়ে কলে, অ, মই শুভমৰ লগত এই কথা পাতিবলৈ ভাৱিছো। কিন্তু অলপ ভয় খাইছো। সেইবাবে সঠিক সময় আহিলে কথা পাতিম। দিপীকাই কলে, কোনো সঠিক সময় নাহে। মই মনে মনে থকা বিধৰ নহয়। তই এতিয়াই শুভমৰ মাত। শুভমৰ লগত মই কথা পাতিম। কাৰৱীয়ে কলে, নালাগে দিপীকা। স্বামী স্ত্রীৰ মাজত তই নুশুমাবি। মিছাতে কথা ডাঙৰ হৈ ৰব। 


দিপীকা বহুত স্বাভীমানী আৰু নিজৰ কথাত অটল থকা ছোৱালী আছিল। তাই কাৰৱীক কলে, কোনটো স্বামী! কিহৰ স্বামী! মই নামানো এনে স্বামীক। মই কেৱল টোৰ ভাল বান্ধৱীয়ে নহয় টোৰ বাই ভনীও হয়। আৰু মোৰ ভগ্নীৰ লগত ইমান ডাঙৰ কথা হব আৰু এয়া মই কিদৰে সহ্য কৰি থাকিম। দিপীকাই তৎক্ষনাত শুভমলৈ ফোন কৰিলে আৰু শুভমক কোঠালৈ মাতি আনিলে। আৰু দীপিকাই শুভমক কলে, শুভম মই তোমাক কিবা শুধিবলৈ বিচাৰিছো! যদি মই কিবা ভুল কৈছো, তেনেহলে মোক ক্ষমা কৰি দিব। শুভম, তুমি প্ৰথমে কোৱা যে, তুমি কাৰৱীক ভালপোৱা নে আন কাৰোবাক! শুভমে, দীপিকাক কলে, এয়া কেনেধৰণৰ প্ৰশ্ন! কাৰৱী মোৰ পত্নী যেতিয়া মই তাইকে ভালপাওঁ। দীপিকাই কলে, শিৰত সেন্দুৰ দিলে আৰু অগ্নিক সাক্ষী কৰি হুমৰ গুৰিত বহিলে কোনো স্বামী স্ত্রী হৈ নাযায়। সকলোৱে ভাৱে, এজন পুৰুষ আৰু নাৰীৰ বিয়া হলে, দুয়ো স্বামী স্ত্রী হৈ গল আৰু এজনে আনজনে বহুত ভালপাই নিশ্চয়! কিন্তু প্ৰয়োজনীয় নহয় যে, প্ৰতিটো সম্বন্ধতে এই কথাটো সচাঁ হয়। এতিয়া তুমি নিজকে চাই লোৱা, কাৰৱীয়ে তোমাৰ পৰা কি বিচাৰে! মৰম ভালপোৱা, সন্মান বিচাৰে সকলোৰে আগটো আৰু একান্ত ভাৱেও। কিন্তু শুভম, তোমাৰ ওপৰত সেই কথা নাই। তুমি এই কথাত বেয়া পাবা। কিন্তু মনে নিবিচাৰিলেও কাৰৱীয়ে মোক তোমাৰ কথা সকলো কলে। কেতিয়ালৈ তাই এনেদৰে মৰি মৰি নিজৰ জীৱনটো অতিবাহিত কৰিব। তাইটো মনুষ্যই হয় ন! তুমি সকলোবোৰ জনাৰ পাছটো মোক উত্তৰ দিছা যে তুমি কাৰৱীক ভালপোৱা। কিন্তু কিয় শুভম, তোমাৰ দূৰ্বলতা আনৰ বাবে আছে যেতিয়া, তুমি কিয় কাৰৱীক বিয়া কৰোৱাই তাইৰ জীৱনটো শেষ কৰি দিলা! 


শুভমে কলে, দীপিকা তুমি সত্য কৈছা, কিন্তু মোৰো এটা চিন্তা আছে। মই ঘৰখনৰ এক মাত্র পুত্র সন্তান। আৰু মই যদি কোনোবা এজনী ছোৱালীক বিয়া নকৰালো হয়, তেতিয়া মোৰ ঘৰৰ বদনাম হল হয়। তেতিয়া দীপিকাই কলে, তোমাৰ এই বদনামৰ বাবে, আন কোনোবাই কিয় এই শাস্তি ভূগিব। ভুল তুমি কৰিবা আৰু ইয়াৰ শাস্তি ভুগিব আন কোনোবাই! এয়া কেনেধৰণৰ তোমাৰ চিন্তা ধাৰণা! শুভম, এতিয়াই এই মূহুর্ত্বতে এটা সিদ্ধান্ত লোৱা, যদি তুমি কাৰৱীৰ লগত থাকিব বিচৰা, তেতিয়া তুমি সেই সকলোবোৰ এৰিব লাগিব! আৰু তোমাৰ তন, মন, ধন, কাৰৱীৰ ওপৰত সমৰ্পন কৰিব লাগিব। যদি তুমি এয়া মানি লোৱা, তেতিয়া হে, কাৰৱী তোমাৰ ঘৰত থাকিব, নহলে নাথাকিব। এই সকলোবোৰ শুনা পাছত, শুভমে কাৰৱীৰ ফালে চাই ৰল। কাৰৱীৰ দুচকুত বহু চকুপানী আৰু এটা আশা আছিল যে, শুভমে মোক অন্তৰৰ পৰা মোক নিজৰ পত্নী ৰূপে স্বীকাৰ কৰি লয় আৰু সেয়া সকলো মৰম ভালপোৱা, সন্মান দিয়ে যেন, যি এগৰাকীৰ পত্নীয়ে পায়। শুভমে কাৰৱীৰ দুচকুত চকুপানী দেখা পায়, তাইক সাৱটি লয় আৰু কয়, কাৰৱী মোক ক্ষমা কৰি দিয়া, মই এয়া পাহৰি গৈছিলো যে, তুমি মোৰ অৰ্ধাংগিনী বুলি। আজিৰেপৰা মই তোমাৰ ওচৰত প্ৰতিজ্ঞা কৰিছো যে, মই তোমাৰ বাহিৰে আন কাকোৱে নাচাওঁ।

Assamese Storyboard

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages