নিয়ৰ ! ডাড়িৰ ফ্ৰেন্স কাটিং দিয়া , সাধাৰণ শকত সুঠাম দেহৰ এজন উচ্চ শিক্ষীত , অসম পৰ্যতন বিভাগৰ এজন অফিচাৰ । ৰাধিকাৰ সৈতে একেলগে পঢ়া নিয়ৰ এখন সম্ভ্ৰান্ত ঘৰৰ সন্তান ( Assamese Storyboard )। পঢ়া দিনৰে পঢ়া সি গোপনে ৰাধিকাক ভাল পাইছিল । কিন্তু তাৰ সপোন আছিল সি ব্যক্তিগত জীৱনত প্ৰতিষ্ঠা হৈ হে তাৰ প্ৰেমৰ প্ৰস্তাৱ ৰাধিকাক দিব । তাৰ চাকৰি হোৱা ৰ আজি চাৰিমাহ হ'ল ! কিন্তু এই চাৰিমাহে সি ৰাধিকাক প্ৰেমৰ প্ৰস্তাৱ দি দি ভাগৰি পৰিছে । তাই কোনো কাৰণতে নিয়ৰৰ প্ৰেমৰ প্ৰস্তাৱ মানি নলয় । কিন্তু কিয় !
এই প্ৰশ্নৰ উত্তৰ বিচাৰি বিচাৰি সি ভাগৰি পৰিছে । কি নাই তাৰ । এজনী ছোৱালী য়ে বিচৰা সকলো খিনিয়ে আছে । আজি সি এজন প্ৰতিষ্ঠিত নাগৰিক । নে ৰাধিকা ৰ প্ৰেম অন্য কোনোবা ৰ লগত ! তেনেহলে তাৰ ইমান দিনৰ প্ৰেম কি হ'ব ! মৰহি যাব নেকি ! কিন্তু ৰাধিকা ই আজিলৈ তাক কেতিয়াও কোৱা নাই যে তাই অইন কাৰোবাক কথা দি থৈছে । তেনেহলে এই প্ৰেম কিয় অসম্ভৱ ! এটা মাত্ৰ উত্তৰ বিচাৰি !
ৰাধিকা ই নিয়ৰক ভালকৈ লক্ষ্য কৰিছিল । তাৰ খং আৰু দুখৰ সংমিশ্ৰণ ত মুখৰ ৰং সলনি হৈছিল । কিন্তু তাই এতিয়া নিয়ৰক কি ক'ব ! তাইটো এজনী বেশ্যা । এহ, যি হয় হ'ব সি ও নিজে এজনী বেশ্যাৰ ওচৰলৈ টো আহিছে ।
- নিয়ৰ !
- প্লীজ তুমি মোক নামাতিবা ।
- কিয়
ৰাধিকা ই খিলখিলাই হাহিছিল আৰু নিয়ৰক কৈছিল ।
- কিয় মই বেশ্যা কাৰনে । কিন্তু তুমি ও টো বেশ্যাৰ ওচৰত আহিছা ।
লগে লগে নিয়ৰৰ খংৰ বহি: প্ৰকাশ হ'ল ।
- চুপ ।
তাই দেখিছিল জীৱন ত প্ৰথম বাৰ কোনোবা পুৰুষ ৰ ৰঙা চকু ।
- মই তোমাৰ ওচৰত যৌৱনৰ ভোক গুছাৱ অহা নাই । আৰু মোৰ ইমান ভোক ও লগা নাই । মাত্ৰ এবাৰ জানিবৰ মন আছিল কথাবোৰ সত্য নেকি ! তুমি মোৰ প্ৰেম স্বীকাৰ নকৰাৰ কাৰন এয়াই নেকি !
- হয়টো তুমি আজি মোৰ সত্যতা আৱিস্কাৰ কৰিব পাৰিলা । যি কথা মই নিজ মুখে স্বীকাৰ কৰিব পৰা নাছিলোঁ তুমি আজি নিজে গম পালা ।
- তোমাৰ অকনো লাজ লগা নাই ৰাধিকা ? কেনেকৈ পাৰিছা ইমান নি:সংকোচে সকলো কথা কবলৈ ।
- তুমি জানো নাজানা যে বেশ্যাৰ লাজ নাই । আছে মাত্ৰ দুখ । কিন্তু মই আচৰিত তুমি মোৰ এই গোপন ঠিকনা কেনেকৈ পালা ?
- সেয়া মই তোমাক পিছত কম । কিন্তু এটা কথা মনত ৰাখা এয়া কোনো গোপন বজাৰ নহয় ।
- কিন্তু সুলভ মূল্যৰ দোকান ও নহয় ।
- নহয় ! এইখন হ'ল চোৰৰ বজাৰ , কলা বেপাৰীৰ বজাৰ ।
নিয়ৰে কিছু সময় নিৰৱ হৈ ৰাধিকা ক ভালকৈ লক্ষ্য কৰিছিল । তাৰ যে অসম্ভৱ খং উঠিছিল । ৰাধিকা ই পৰিধান কৰা কাপোৰ দেখি !
- চি : তেনেকুৱা কাপোৰ পিন্ধিবলৈ তোমাৰ লাজ লগা নাই ?
- লাজ ! খুলি দিম নেকি কোৱা ?
লগে লগে নিয়ৰে চকু মুদি দিছিল ।
- ৰাধিকা ।
ৰাধিকাই হাহিছিল ।
- কিয় লাজ কৰিছা ? তুমি পুৰুষে নহয় নিয়ৰ ।
- ৰাধিকা মোৰ পুৰুষত্বত ধৰি কথা নকবা ।
- বেলেগ পুৰুষে দেখোন নাৰীৰ কাপোৰ তলৰ দেহটো চাবলৈ ৰৈ থাকে আৰু তুমি !
- সকলো পুৰুষ ক একে দৃষ্টিৰে নাচাবা ।
- নিয়ৰ !
- আচলতে কি জানা ৰাধিকা ! অ, থিয় হৈ কিয় আছা বহা ।
- কিন্তু !
- কি কিন্তু !
- তুমি জানো এজনী বেশ্যা ৰ লগত বহিবা ?
- কি যে কোৱা । মই জানো মই বৰ্তমান ৰাধিকা ৰ ওচৰতে আছোঁ । আৰু ৰাধিকা বেশ্যা নহয় । বহা
ৰাধিকা ই নিয়ৰৰ ওচৰতে বহিছিল ।
- ৰাধিকা, আচলতে ভুল মোৰ । মই ভুল কৰি পেলালো । অসমীয়াত কথা এষাৰ আছে , সময়ৰ সৰ সময়ত এৰিব লাগে । সময় ৰ কথা ভালকৈ জানো বা বুজো । কিন্তু এই সময়ৰ লগত প্ৰেমত আজি মই বিফল হৈছোঁ । সময়েহে মোক সৰ মাৰিলে । কিন্তু মোৰ বিশ্বাস আছে । তুমি নিজে আজি এই পথত ভৰি দিয়া নাই । হয়টো এয়া কাৰোবাৰ চক্ৰান্ত ।
- নিয়ৰ !
- মই জানো ৰাধিকা , কাৰন তুমি এজনী বহত ভাল ছোৱালী ।
- নাই ! নাই ! এই পথত মই নিজে আহিছোঁ ! অহ , নিজে ।
নিয়ৰে এটা মিচিকিয়া হাহি মাৰিছিল ।
- তুমি মানুহ জনী কপিছা কিয় !
- কতা নাই কপা , কিয় কপিম ।
- কোৱা ৰাধিকা , কোনে তোমাক বাধ্য কৰালে এজনী বেশ্যা হ'বলৈ । কোৱা ।
- কি আবোল তাবোল প্ৰশ্ন বোৰ কৰি আছা ।
- তুমি চিঞৰিছা কিয় ?
- নাই চিঞৰা । চোৱা নিয়ৰ মোৰ ব্যক্তিগত জীৱনৰ কথাত তুমি নোসোমালে মই ভাল পাম ।
- মই একো নাজানো । তুমি মোক কব লাগিব ।
- হাৰে তুমি অধিকাৰ পালা কত মোক এইবোৰ প্ৰশ্ন কৰিবলৈ ! তুমি মোৰ হয় কোন ?
লগে লগে নিয়ৰে এটা প্ৰচণ্ড চৰ সোধালে ৰাধিকা ক ।
- নিয়ৰ !
- মই তোমাৰ প্ৰেমিক হও অ ৰাধিকা । মই তোমাৰ দেহৰ প্ৰেমিক নহয় , মই তোমাৰ নীলাভ চকু জুৰিৰ প্ৰেমিক , মই তোমাৰ মেঘালী চুলি তাৰীৰ প্ৰেমিক , মই তোমাৰ ধুনীয়া নাকত লাগি থকা নাকফুলীৰ প্ৰেমিক , তুমি হাহিলে গালত পৰা দিম্পলৰ প্ৰেমিক ।
ৰাধিকা ই হুকহুকাই কান্দিছিলে । নিয়ৰে নোৱাৰিলে । সি আজি প্ৰথম বাৰৰ বাবে এজনী ছোৱালী ক জোৰ কৈ বুকুৰ মাজত সোমাই লৈ আলিংগন কৰিছে । তাৰ দেহৰ সিৰাই , উপসিৰাই এক অজান পুলক সিহৰিত হৈছিল । ৰাধিকা ও আজি জীৱনত আজি প্ৰথম বাৰৰ বাবে এজন পুৰুষৰ বুকুৰ মাজত সোমাইছিল ।( Assamese Storyboard )
- ৰাধিকা
- উম !
মাত বোৰ কোমল হৈছিল ।
- তুমি মোক ভালপোৱা নে ?
- উম !
- মই তোমাৰ কোন হও ?
- মোৰ জীৱন ।
এইবাৰ যেন নিয়ৰে আগতকৈ বেছি জোৰকৈ ৰাধিকাক সাৱটি ধৰিছিল ।তাইৰ মেঘালী চুলি খিনি তাৰ নাকত লাগিছিল । আস: কি সুন্দৰ সুগন্ধি ।
- ৰাধিকা
- কোৱা !
- মোক বেয়া পাইছা ?
- কিয় ?
- মই যে তোমাক চৰ মাৰিলো ।
- ধেইট পাগল । তোমাৰ অধিকাৰ আছে ন !
- কোৱা তোমাক এই পথত কোনে আনিলে ?
- মোৰ ,,,,,,
- কোৱা
- মায়ে !
- কি !
ৰাধিকা ই কান্দোন ত ভাগি পৰিছিল ।
- মায়ে মোৰ জীৱন শেষ কৰি পেলালে নিয়ৰ । মায়ে মোৰ ভৱিষ্যত কৱৰ দিলে । পইচা ৰ লোভত মোক বেশ্যা সজালে । এতিয়া মোৰ কি হ'ব তুমি কোৱা !
নিয়ৰে যেন কিবা কবলৈ একো ভাষা বিচাৰি পোৱা নাই । সি তাইৰ নিৰ্মল চকু পানী বোৰ দুহাতেৰে মচি দিছিল । এয়া এখন ভগ্ন হৃদয়ৰ চকুপানী ।
নিয়ৰে তাইক হোটেলৰ পৰা লৈ আহিছিল । আৰু তাৰ গাড়ী খনৰে ৰাধিকা ক সিহঁতৰ পদুলি মুখত নমাই থৈ আহিছিল ।
- ৰাধিকা ফোন কৰিম ৰিচিভ কৰিবা ।
- উম ঠিক আছে ।
- বাই ।
তাই হাত খন জোঁকাৰি দিছিল ।
আজি তাৰ মনটোৰ মৃত্যু হৈছিল । গাড়ীত আহোতে সিহঁতৰ মাজত কোনো ধৰনৰ কথা বতৰা হোৱা নাছিল ।
ৰাধিকা ক এখন বিলাসী বাহনৰ পৰা নামোতে মাকে দেখিছিল । সেয়েহে মাকে পদুলি মুখলৈ দৌৰি আহিছিল ।
- মাজনী আজিৰ ক্লাইন্ট এইজন নেকি ?
- অহ
- বাহ : বৰ ধনী মানুহ চাগৈ ।ইমান ধুনীয়া গাড়ী লৈ আহিছে ।
- উম ।
- মই এইবোৰ মানুহক হাতত ৰাখিবি । তেতিয়া আমি পলাশক কমিছন দিব নালাগে । যিমান খিনি পাম মজা হ'ব ।
- মজা ! পলাশক সাৱধানে থাকিব দিয়া । পুলিচে তাক আজি উঠাব ও পাৰে ।
কথা খিনি কৈ ৰাধিকা ভিতৰত সোমাই গ'ল ।
- কি ! পুলিচ ! মাজনী শুনছোন , মাজনী !
নিয়ৰে কথাবোৰ সহজ ভাৱে লৱ পৰা নাই ! সি তাৰ প্ৰেমিকা ক বেয়া পথত নিয়া ব্যক্তি কেইজনৰ ওপৰত প্ৰতিশোধ লব । সি ৰাধিকা ৰ পৰা পলাশলৈ ফোন লগালে ।
- হেল্ল'
- হয় , কওকচোন
- আপোনাৰ ব্যৱসায় কেনে চলিছে মহাশয় !
- আপুনি কি ব্যৱসায় ৰ কথা কৈছে মই বুজা নাই ।
- নালাগে বুজিব। কিন্তু অতি সোনকালেই মই আপোনাৰ ব্যৱস্থা কৰি আছোঁ ।
- আপুনি মোক ধমক দিছে নেকি !
- হয়, ধৰি ল'ব পাৰে মই আপোনাক ধমক দিছোঁ ।
- কাৰো ধমকক এই পলাশে কেয়াৰ নকৰে মনত ৰাখিব ।
- সময়ত নিশ্চয় গম পাম । বাই
নিয়ৰে কোনটো কাতি দিছিলে । নিশা সি বিচনাত পৰিছে যদি ও তাৰ ভালকৈ টোপনি অহা নাই । ৰাধিকা ৰ মুখ খনে , ৰাধিকা ৰ কথা বোৰে আজি তাক বৰকৈ আমনি কৰিছে । ৰাতিপুৱা সময়ত চিলমিল কৈ টোপনি লাগিছিল যদি ও হঠাৎ তাৰ ফোনটো বাজি উঠিল ।
" মোৰ কথাই আমনি কৰে নে
তেতিয়া তুমি নিজানত বহা "
- হেল্ল'
- ...............
- কি ! মাৰ্ডাৰ
নিয়ৰৰ বুকু খন ধিপিং কৈ মাৰিছিল ।
-.................
- কেতিয়া ! কাক ?
- ................
- ৰাধিকা ক !
ক্ৰমশঃ © ৰাগ ৰঞ্জন
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7
(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment