ৰেষ্টুৰেন্ট খনৰ পৰা চিধাই আহি অলংকৃতা ভৈৰৱহঁতৰ ঘৰ পালেহি । কলিং বে'লটো বজাৰ লগে লগেই উৰ্বশী ওলাই আহিল । ...অলংকৃতা...! তুমি.....? ( Assamese Storyboard )
: হয় বৰমা । ভৈৰৱক লগ কৰি চিধাই আপোনাৰ ওচৰলৈ আহিছোঁ ।
: আহাচোন....! ভিতৰলৈ আহাঁ....। অলংকৃতাক দেখি ভয়ত বুকুখন কপি উঠিল উৰ্বশীৰ । ড্ৰয়িং ৰূমতে বহিবলৈ দি অলংকৃতাৰ কাষতে বহিল উৰ্বশী ।
: বৰমা , বর্তা ঘৰত নাই নেকি....?
: আছে । গা ধুবলৈ গৈছে । তুমি অকণমান বহা , মই চাহ একাপ কৰি আনো।
: চাহ নালাগে বৰমা । আপোনালোকৰ লগত বিশেষ কথা কেইটামান পাতিবলৈহে ইয়ালৈ আহিছোঁ ।
: কোৱাচোন....! এনে কি বিশেষ কথা ওলালনো...!
: বর্তাও আহি লওঁক । একেলগে কম...
: ঠিক আছে । তেখেত গা ধুই আহে মানে আমি দুজনীয়ে চাহ একাপকে খাই লওঁ নে কি কোৱা....! কথাষাৰ কৈয়ে উৰ্বশী ড্ৰয়িং ৰূমটোৰ পৰা ওলাই আহিল । কথাবোৰ কি দৰে আৰম্ভ কৰিব তাকে ভাবি অলংকৃতা বৰ চিন্তাত পৰিল । .....সঁচা কথাবোৰ বৰমাহঁতক কবই লাগিব । কিন্তু...! কথাবোৰ এতিয়া কওঁ কেনেকৈ....? কথাবোৰ পোনপটীয়াকৈ নকৈ আওপকীয়াকৈ কলেও বৰমাহঁতে বুজি নাপাব ....! বৰমা বর্তাৰ সুখৰ বাবে ভৈৰৱৰ জীৱনটো ধ্বংস কৰিব নোৱাৰি । মই বাৰু মা দেউতাকক কথাবোৰ বুজাই দিব পাৰিম বা বুজিও পাব । কিন্তু বৰমাই.....? কথাবোৰ ভাবি বহি থাকোঁতেই হাতত চাহৰ ট্রেখন লৈ উৰ্বশী সোমাই আহি ট্রেখন টেবুলতে থৈ অলংকৃতালৈ চাহৰ কাপটো আগবঢ়াই দিলে .......অলংকৃতা , চাহকাপ খাই লোৱা ।
: Thanks বৰমা । বর্তা আহিল নে.....?
: আহিব ৰ'বা । মই তুমি অহাৰ কথা কৈ থৈ আহিছোঁ । ভৈৰৱক লগ পাই কেনেকুৱা লাগিল অলংকৃতা....? তুমি দেখোঁন একো কোৱাই নাই .....!
: বহুত ভাল লাগিল বৰমা । মই ভবাতকৈ ভৈৰৱ দা বহুত বেলেগ । বৰ কষ্টেৰে কলে অলংকৃতাই ।
: উম...! ই নাহিল যে তোমাৰ লগত ...?
: কিবা কাম আছে । সেয়ে অলপ দেৰি হ'ব বৰমা ।
......অলংকৃতা , কেতিয়া আহিলা । ড্ৰয়িং ৰূমৰ পৰ্দাখন দাঙি সোমাই আহিল সীমান্ত ।
: বেছি সময় হোৱা নাই বর্তা । এইয়া চাহ খাব লৈছোঁ ।
: বাবা ক'ত...? সি নাই অহা নেকি তোমাৰ লগত....?
: নাই অহা বর্তা । কিবা কাম আছে বোলে ক'লে মোক ।
: অলংকৃতা কি বিশেষ কথা কম বুলি কৈছিলা , এতিয়া কোৱা....! অলংকৃতাৰ ওচৰ চাপি বহিলে উৰ্বশী ।
: কথাবোৰ শুনাৰ পিছত আপোনাৰ হয়টো খং উঠিব । সেয়ে কথাবোৰ কোৱাৰ আগতে আপুনি মোক promise কৰিব লাগিব । কথাবোৰ শুনাৰ পাছত আপুনি ভৈৰৱক কোনো ধৰণৰ মানসিক বা শাৰীৰিক অত্যাচাৰ কৰিব নোৱাৰিব ।
: মই promise কৰিছোঁ অলংকৃতা । তুমি কথাবোৰ কোৱা...!
: বৰমা , ভৈৰৱ এজন সমকামী ব্যক্তি । সি ৰাজীৱক বহুত ভাল পাই , ৰাজীৱেও ভৈৰৱক সমানেই ভাল পায় । এতিয়া মোৰ কথাটো হ'ল আপোনালোকৰ সুখৰ বাবে যদি মোক বিয়া কৰাই তেতিয়া ভৈৰৱ কেতিয়াও সুখী হ'ব নোৱাৰিব । বহুত মানসিক কষ্টত জীয়াই থাকিব লাগিব ভৈৰৱ । ভৈৰৱৰ লগত বিয়াত বহিলে ময়ো সুখী হ'ব নোৱাৰিম বৰমা । ৰাজীৱৰ মৰমৰ উমৰ পৰা ভৈৰৱক মই আঁজুৰি আনিব নোৱাৰো । প্ৰেম এক স্বৰ্গীয় অনুভূতি ....! হৃদয়ৰ সমস্ত আবেগেৰে ভৈৰৱে ৰাজীৱক আঁকোৱালি লৈছে । গতিকে সিহঁতৰ ভালপোৱাক সন্মান জনাই মই ভৈৰৱৰ জীৱনৰ আতঁৰহৈ যাব বিচাৰিছোঁ । অলংকৃতাৰ কথা শুনি উৰ্বশীৰ ধৈৰ্যৰ বান্ধ হেৰাই গ'ল ।
: এই সকলোবোৰ ৰাজীৱৰ কাৰণে হৈছে অলংকৃতা । ভৈৰৱৰ পাছে পাছে সি ঘৈণীয়েকৰ দৰে লাগি ফুৰে ।
: এক মিনিট বৰমা...! মিছাতেই আপুনি ৰাজীৱক জগৰীয়া নকৰিব, ভালপোৱাটো কোনো অপৰাধ নহয় ।
: প্ৰেম ভালপোৱাক মই শ্ৰদ্ধা কৰোঁ অলংকৃতা । কিন্তু...! এই সমকামী প্ৰেম মই ঘিণ কৰোঁ।
: চাওঁক বৰমা ....! বিজ্ঞানীসকলেও সমকামিতাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে ঠাৱৰ কৰিব পৰা নাই, কিন্তু তেওঁলোকে বিশ্বাস কৰে যে জিনগত, হৰমনগত আৰু পৰিৱেশগত কাৰকসমূহৰ এক জটিল আন্তঃক্ৰিয়াৰ ফলত এই অৱস্থা সৃষ্টি হয় । গতিকে ৰাজীৱ বা ভৈৰৱক আপুনি অস্বাভাৱিক বুলি কব নোৱাৰে , ইহঁত স্বাভাৱিকেই । ইয়াত মানুহৰ ইচ্ছা-অনিচ্ছাৰ লগত কোনো সম্পৰ্ক নাই । সমাজ পৰিৱৰ্তনশীল সময়ৰ লগে লগে সমাজ সলনি হয় , মানুহৰ চিন্তাধাৰা সলনি হয় । সময় সলনি হোৱাৰ লগে লগে আইনেও সমকামীতাক স্বীকৃতি দিছে । অলংকৃতাৰ কথাবোৰ শুনাৰ পাছত উৰ্বশী আৰু বহি থাকিব নোৱাৰিলে একমাত্ৰ সন্তানটিক সমকামী বুলি জানি দুখত ভাগি পৰিল উৰ্বশী ।
: তোমাৰ কথাবোৰ মই সহজভাৱে গ্ৰহণ কৰিব পৰা নাই অলংকৃতা । ঠুকাঠুকি মাতেৰে কলে উৰ্বশীয়ে ।
: ধৈৰ্য ধৰক বৰমা । লাহে লাহে সকলো সহজ হৈ পৰিব । ধৈৰ্য হেৰুৱাই আপুনি যদি ভৈৰৱক অত্যাধিক শাসন কৰে তেতিয়া মানসিকভাৱে সি ভাগি পৰিব আৰু হীনমন্যতাত ভোগী এদিন নিজকে শেষ কৰি পেলাব নাইবা মানসিক ভাৰসাম্য হেৰুৱাই পেলাব বৰমা । সেয়ে মই ভাবো...! ভৈৰৱ আৰু ৰাজীৱৰ যি ভালপোৱা আপুনি সমৰ্থন কৰক । ( Assamese Storyboard )
: মই নোৱাৰোঁ অলংকৃতা ....! ঘৰখনৰ এটাই ল'ৰা , সিয়ে যদি এনেকুৱা কৰে তেন্তে তাৰ ভৱিষ্যত কি হ'ব .....? হেৰী...! আপুনি কিয় মনে মনে আছে....?
: মইনো কি কম....! সৰুৰে পৰা বাবাই তোমাৰ ভয়ংকৰ ৰূপটো দেখিছে , বিয়াৰ পাছৰে পৰাই তুমি মোক শাসন কৰিছা । তোমাৰ আঙুলিৰ নিৰ্দেশত মোক ঘূৰালা । তোমাৰ এই ৰূপ দেখি দেখি নাৰীৰ প্ৰতি বাবাৰ মনত ঘৃণা উপজিল । আমাৰ বাবাক ৰাজীৱে যিমান মৰম কৰে , তেনে মৰম বা আদৰ তুমি মোক কৰি পাইছানে.....? তুমি মৰি দহবাৰ জন্ম ললেও সেই কথাটো কব নোৱাৰা.......!
: এইবোৰ কথা আপুনি কিয় টানি আনিছে....? চকু দুটা ঘোপা কৰি অচিন্তলৈ চালে উৰ্বশীয়ে ।
: প্ৰয়োজন আছে বাবেই টানি আনিছোঁ । সেইদিনা বাবাই মোক প্ৰশ্ন কৰিছিল ....! তোমাক বিয়া কৰাই মই সুখী নে.....? সেই প্ৰশ্নৰ উত্তৰ দিবলৈ মোৰ ভাষাই হেৰাই গ'ল উৰ্বশী । সেইদিনা বাবাৰ দুচকুত তোমাৰ প্ৰতিটোও ঘৃণাৰ ভাৱ দেখা পাইছিলো । ভৈৰৱে ৰাজীৱক আঁকোৱালি লোৱাৰ কাৰণ এটাই ৰাজীৱৰ কাষত সি নিজকে নিৰাপদ যেন অনুভৱ কৰে ।
: এটা দিশৰ পৰা চাবলৈ গলে বর্তাই কোৱা কথাষাৰৰো যুক্তি আছে । সেইবোৰ আপোনালোকৰ ব্যক্তিগত কথা , গতিকে মই তাৰ মাজত কেতিয়াও নোসোমাও । মাত্ৰ এটাই অনুৰোধ যদি ভৈৰৱ জীয়াই থকাটো বিচাৰে তেন্তে ভৈৰৱক ৰাজীৱৰ পৰা আঁতৰাই নানিব বৰমা । বর্তা মই এতিয়া গৈ থাকোঁ । .....কথাষাৰ কৈ ড্ৰয়িং ৰূমটোৰ পৰা খৰখেদাকৈ ওলাই আহিল অলংকৃতা ।
: দেখিলে , বাবাই আজি আমাৰ নাক কাণ সকলো কাটিলে । শইকীয়া শইকিয়ানীৰ আগত এতিয়া মুখ উলিয়াব কেনেকৈ...? লাজ আৰু খঙত ৰুদ্ৰ মূৰ্তি ধৰিলে উৰ্বশীয়ে ।
: এতিয়াও শিক্ষা পোৱা নাই তুমি....! তোমাৰ এই স্বভাৱৰ বাবেই লৰাটো ধ্বংস হৈ গ'ল ।
: উম....! এতিয়া সকলোৱে মোকেই জগৰীয়া কৰিব ।
: নকৰিব কিয়....? তোমাৰ দপদপনি ওচৰ চুবুৰীয়াই দেখি আছে নহয় ...! কথাই কথাই দেখোঁন মোক চিঞৰি চিঞৰি কোৱা ..... ঘৰত মই ইমান কষ্ট কৰা নাছিলোঁ । আপোনাৰ দৰে ভিখহু এটালৈ বিয়া হৈ মোৰ জীৱনটো ধ্বংস কৰি পেলালোঁ । সেয়ে ভাবিছিলোঁ...! যিমান কষ্ট হলেও সকলো কাম ময়ে কৰিম । অন্ততঃ তোমাৰ সুখ আৰু ওচৰ চুবুৰীয়াৰ শান্তিৰ বাবে । ক'লে কথা ওলাই যায় । সেয়ে নকওঁ দিয়া....! ভোক লাগিছে । ভাত হৈ আছে যদি উলিয়াই আনাগৈ যোৱা ।
: কথাবোৰ শুনি মোৰ ভোক পিয়াঁহ সকলো হেৰাল । আপোনাৰ আকৌ মৰ খক লাগিছে...? যাওঁক উলিয়াই লওঁকগৈ....।
: তুমি খোৱা নোখোৱা সেইটো তোমাৰ কথা । মই কিন্তু খামেই । দিনটো কাম কৰি কৰি ভোক লাগিছে । ড্ৰয়িং ৰূমৰ পৰা ওলাই আহিল অচিন্ত । .... আজি অন্ততঃ উৰ্বশীয়ে ভাল শিক্ষা পাইছে । ইমানৰ পাছতো তাই যদি নিজকে সলনি কৰিব নোৱাৰে তেন্তে উৰ্বশী কেতিয়াও সলনি হ'ব নোৱাৰে । আনে ভাল বোলক বা বেয়াই বোলক মই বাবাক সদায় সমৰ্থন কৰি যাম । সমাজৰ প্ৰতিজন মানুহেই অদ্বিতীয়..., প্ৰত্যেকেই নিজৰ নিজৰ জীৱন যুদ্ধৰ একো একোজন যুঁজাৰু....! পাৰ্থক্য এটাই সকলোৰে যুঁজৰ কাৰণ ভিন্ন...! ওপৰে ওপৰে চকুৱে চাই কোনো মানুহকেই বিচাৰ কৰিব নোৱাৰি...,কাৰণ তেওঁৰ জীৱনত কি চলি আছে আনে নাজানে.....! মুখৰ ভিতৰতে ভোৰভোৰাই ভাতকেইটা বাঢ়ি টেবুললৈ উলিয়াই আনিলে সীমান্তই । বিয়লিৰ ৰাঙলী বেলি লাহে লাহে পশ্চিমৰ আকাশত মাৰ গৈছিল । সেয়ে খৰখেদাকৈ ভাতকেইটা খাই অকণমান বিচনাত বাগৰ দিম বুলি ভাবোতেই চোতালতে বাইকখন ৰখাই উৰ্বশীক চিঞৰি চিঞৰি ভৈৰৱ ভিতৰলৈ সোমাই আহিল । ....মা, অ'..মা । দেউতা , মা ঘৰত নাই নেকি....!
: ঘৰত নাথাকি ক'ত যাব নো...! যোৱা তুমি ফ্ৰেচ হৈ লোৱাগৈ...
: দেউতা আজি মই অলংকৃতাক সকলোবোৰ সঁচা কথা কৈ দিলোঁ । তাই আৰু মোৰ বাবে কেতিয়াও অপেক্ষা নকৰে..,
: চুপ....! খঙত মাৰ জ্বলি আছে । এতিয়া সেইবোৰ কথা নুলিয়াবা বাবা.....! কিছু সময় আগতে অলংকৃতা আহিছিল , খোলা খুলিকৈ তাই সকলোবোৰ কথা কৈ গৈছে । মই ভাবো অলংকৃতাই যি কৰিলে সেয়া ভালেই কৰিলে ।
: অলংকৃতা সচাঁকৈ আহিছিল নেকি দেউতা...?
: সচাঁকৈ আহিছিল বাবা । এইবোৰ কথা ইয়াতে সামৰি মাৰাই ৰুদ্ৰ ৰূপ ধাৰণ নকৰোঁতেই সোনকালে কিবা এটা খাই লোৱা ।: এতিয়া একো নাখাওঁ দেউতা। কথাষাৰ কৈ লৰালৰিকৈ কাপোৰযোৰ সলাই ফ্ৰেচ হৈ গাৰুটো বুকুত সাৱতি ভৈৰৱ বিচনাত উঠিল.... ৰাজীৱে ঠিকেই কৈছে কোনো কামত হাৰ মানি যোৱা মানেই মৃত্যু , আৰু প্ৰতিটো সমস্যাৰ সৈতে যুঁজি যুঁজি জীয়াই থকাৰ নামেই হৈছে জীৱন । এই জীৱনে মোক কোন দিশে গতি কৰাইছে বা মোক কি দিব বিচাৰিছে মই নিজেই নাজানোঁ , এইয়াই মোৰ জীৱন... এইয়াই মোৰ প্ৰত্যাহ্বান ।
ক্ৰমশঃ....
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment