সেইদিনা ৰিমাৰ মৃত্যুৰ লগে লগে প্ৰকৃতিয়ে ও যেন কান্দিব লৈছিল। এজাক ডাঙৰ বৰষুণ আহিছিল। সেই বৰষুণ জাকলৈ ওলাই গৈ ভগৱানক চিঞৰি চিঞৰি প্ৰণৱে কৈছিল-
( Assamese Storyboard )
: ঐ ভগৱান তই কিয় মোৰ ৰিমাক লৈ গ'লি হা। কি পাপ কৰিছিল তাই। মোৰ সন্তানটোৰ কি দোষ আছিল। তাক কিয় পোহৰ চাব নিদিলি। তই বৰ নিষ্ঠুৰ ও তই বৰ নিষ্ঠুৰ।
প্ৰণৱে কান্দি কান্দি ভাগৰি পৰিছিল। কি কৰো কি নকৰোঁ ভাবি থাকিল। ৰিমাৰ মৃতদেহটোৰ ফালে চাই সেই নিথৰ দেহটোৰ লগত প্ৰণৱে কিবা কথা পাতিব ল'লে। অতি মৰ্মসদৃশ দৃশ্য। পেহীয়েকে নিজৰ গিৰিয়েকৰ আগতে পিন্ধা ধোতি এখন আনি ৰিমাৰ দেহটো ঢাকি দিলে।
কালক্ৰমে বেলিয়ে ওৰণি গুচালে। বৰষুণ জাক লাহে লাহে কমিল। ৰাতিপুৱাই চৰায়ে মাতিব ল'লে। সেইদিনা বতৰ অলপ সেমেকা। ৰাতিপুৱাই পেহীয়েকে ক'লে-
: বোপাই ৰিমাক সৎকাৰৰ ব্যৱস্থা কৰ।
: নাই ও পেহী ৰিমাৰ একো হোৱা নাই।
: পাগল নহ'বি বোপা, শৱদেহ বাহি শ কৰিব নাপায়।
: উম পেহী।
: এয়া লʼ মই বিয়া হৈ আহোঁতে এইযোৰ পাটৰ সাজেৰেই ঘৰত সোমাইছিলো এইযোৰ তাইক পিন্ধাই দে। মৃত পত্নীক স্বামীয়ে এযোৰ কাপোৰ পিন্ধাই দিব লাগে আৰু সেই চকীখনতে সেন্দুৰ আছে। সেই সেন্দুৰ খিনিৰে শেষবাৰৰ বাবে ৰিমাৰ কপাল ৰক্ত ৰঙা কৰগৈ যা।
: ঐ ৰিমা তুমি কিয় গ'লা ও। কেনেকৈ থাকিম হা মই। এবাৰ চোৱা চোন..ঐ।( Assamese Storyboard )
পেহীয়েকে এযোৰ পাটৰ কাপোৰ আনি প্ৰণৱৰ হাতত দিলে। লাহে লাহে প্ৰণৱে পাটৰ সাজযোৰ ৰিমাক পিন্ধাই দিলে। সেন্দুৰকন আনি প্ৰণৱে ৰিমাৰ শিৰ ৰঙা কৰি দিলে। ৰিমাক আজি প্ৰণৱে এজনী ন-কইনাৰ দৰে সাজিছে। সেন্দুৰকন দিয়াৰ সময়ত তাৰ বিয়ালৈ বৰ মনত পৰিল। সি ৰিমাক সাৱটি কান্দিব ল'লে।
উফ্ কি এক মৰ্মান্তিক পৰিৱেশ। সমাজৰ নিয়মৰ চক্ৰবেহুত পৰি আজি ইমান জীৱন শেষ হ'ব ওলাইছিল। এতিয়া মৃত্যুৰ পিছত বাৰু সমাজে দুয়োৰে প্ৰেমক স্বীকৃতি দিবনে? নে নিজৰ সিদ্ধান্তৰ পৰা বিৰত নহয় সমাজ? এতিয়া বাৰু ৰিমাক সৎকাৰ কৰিবলৈ কোনোবা আহিবনে নে অকলেই কৰিব প্ৰণৱে সৎকাৰ!
আগলৈ................................
(সমাজৰ কু-নিয়মৰ জালত বান্ধ খাই ৰিমাই সকলোকে এৰি গ'ল। এতিয়া বাৰু সৎকাৰ কৰিবলৈ সমাজ ওলাই আহিবনে? পঢ়ি থাকিব "আমাক জীয়াই থাকিবলৈ দে")
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment