এটি দৰিদ্ৰ কণমানিৰ হৃদয়স্পৰ্শী কহীনি : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 4, 2021

এটি দৰিদ্ৰ কণমানিৰ হৃদয়স্পৰ্শী কহীনি : Assamese Storyboard

Assamese Storyboard

ঐ তোৰ ছোলা ফাটিছে

ফাটক দে,তাতে কি হ'ল ?

ঐ তোৰ পিঠি ওলাইছে

তাতে কি হ'ল ,নাছাবি !

ঐ লাজ লাগে আমাৰ


ভাবুক হৈ পৰিছিল তাই | এফালে পঢ়াৰ হেপাঁহ,অন্যফালে দৰিদ্রতা | লগৰীয়াৰ কথাবোৰে তাইৰ কনমানি মনটোক বহুত আঘাত দিয়ে ( Assamese Storyboard )। কিন্তু কি কৰিব তাই | যোৱাবছৰ তাইৰ দেউতাকক বলিয়া বানে উটুৱাই নিয়াৰ পৰা সিহতৰ ঘৰ খন অভাৱে জুৰুলা কৰিছে |মাকে কনমানি ভায়েকক লৈ বেলেগৰ ঘৰত কাম কৰি,কাৰোবাৰ পথাৰত ভুই ৰুই যেনেতেনে খোৱাৰ দুমুঠি জোগাৰ কৰিছে |কেনেকে নো কয় তাই মাকক " মা মোক কাপোৰ এজোৰ লাগে " | 


              কেতিয়াবা ধনী ঘৰৰ সন্তানে পৰিধান কৰা পুৰনা কাপোৰ ( সিহতৰ বাবে নতুন ) লৈ আহে ,সেই কাপোৰ পাই তাইৰ মন নাছি উঠে | বহুত হেপাঁহত পিন্ধি লগৰীয়াৰ কাষত দৌৰ মাৰে |

- ঐ চা মায়ে মোলৈ নতুন কাপোৰ আনিছে,মায়ে কাম কৰা বাপুকন বৰতা হতৰ নাতি পোৱালীটোৰ কাপোৰ |

কিন্তু লগৰীয়া সকলে মুখ তিপি হাঁহে | তাই বুজি নাপায় সেই হাঁহিৰ অৰ্থ | তাই কাপোৰ জোৰ আকৌ এবাৰ ভালকৈ চাই | কিয় বেয়াটো নহয় ,ইমান ধুনীয়া,ইমান দামী কাপোৰ | তাই অভিমান কৰি লগৰীয়া বোৰক কয় -

- কিয় হাঁহিছ তহতে ? কি বেয়া দেখিলি ?

লগৰীয়াবোৰে হাঁহি হাঁহি কয় " ঐ এইযোৰ নতুন কাপোৰ কৈ আমাক মূৰ্খ সজাব আহিছ ? আমাক মা হতে কয়,তহতৰ হেনো ভাত মুঠি খোৱাৰে সামৰ্থ নাই ,নতুন কাপোৰ আৰু কৰ পৰা কিনিবি "

লগৰীয়া বোৰৰ কথা শুনি তাইৰ আত্মাই কান্দি উঠে,কিমান হেপাঁহত সিহতৰ ওচৰত গৈছিল,ভাৱিছিল আজি ভাল কাপোৰ পিন্ধা দেখিলে সিহতে তাইক প্রশংসা কৰিব | কিন্তু ক'তা প্রশংসাৰ সলনি সিহতে তাইক দিলে বিৰহৰ বেদনা |


      চকুপানী মছি মছি তাই ঘৰত আহিছিল | বাৰাণ্ডাৰ এচুকত বহি খুটাত মূৰ আউজি তাই কান্দিছিল | হেপাঁহ পলাই কান্দিছিল |

      দেউতাকলৈ বহুত মনত পৰিছিল | কিমান মৰম কৰিছিল তাইক দেউতাকে | কান্ধত তুলি সন্ধিয়া বকুল খুড়াক হতৰ দোকানত লৈ গৈছিল | তাইক দেখি বকুল বৰতাকে সুধিছিল -

- মাজনী কি খাবা ?

তাই হাত খনৰে দেখাই দিছিল মৰ্টন কেইটা | এয়া খাম | বকুল বৰতাকে তাইৰ গাল খনত চিকুটি কৈছিল |

- মাজনী,মৰ্টন বেছি নাখাবা,দাত পোকে খাব |

সময় ,সময় বৰ নিষ্ঠুৰ | এদিন তাইৰ দেউতাকে তাইক এৰি গ'ল |  মানুহৰ ও তাইৰ প্রতি থকা পৰিবৰ্তন হ'ল |( Assamese Storyboard )


         এদিনাখনৰ কথা | তাই বকুল খুড়াকৰ দোকানত গৈছিল | দোকানত কিছু মানুহৰ ভিৰ আছিল | তাই দোকানৰ আলমাৰিত ভেজা দি ৰৈ আছিল | বকুলে তাইক কৈছিল |

- ঐ ছোৱালী তাত কিয় ভেজা দিছ ! কি লাগে তোক ?

তাই সেমেকা মনৰে কৈছিল |

- ৰুটি | 

- পইচাঁ আনিছ ?

- নাই,মা আহিলে দিম দিয়ক |

- নাই নাই নহব আতৰি যা,বাকি লাগে তাইক |

তাইৰ হৃদয় খনে উচুপিছিল | দেউতাক থাকোতে সকলোৱে মৰম কৰিছিল | কিন্তু এতিয়া !


তাই বাৰাণ্ডা ত কান্দি এইবোৰ ভাবি আছিল | তাই দৌৰি ভিতৰত সোমাই গৈছিল | বাকচ খুলি বিচাৰিছিল যোৱা বছৰ দুৰ্গা পূজাৰ সময়ত দেউতাকে দিয়া কাপোৰ জোৰ | এতিয়া সেই কাপোৰ জোৰৰ অৱস্থাই নাই | কিন্তু দেউতাকে দিয়া শেষ স্মৃতি হিচাপে সযতনে ৰাখিছিল |কাপোৰ জোৰ বুকুত হেচি কান্দিছিল | বহুত মনত পৰিছিল দেউতাকলৈ |

মাকে আহি তাইৰ তেনে অৱস্থা দেখি সুধিছিল " তই কিয় কান্দিছ মাজনী " 

তাই চকুুপানী খিনি মছি লৈ মাকৰ পৰা বিষাদ লুকাবা চেষ্টা কৰিছিল | তাই দৌৰি মাকৰ কোচৰ পৰা নগ্ন ভায়েকক কোচত লৈছিল |মাকে বুজিছিল মাকে দুখ পাব বুলি তাই সুখৰ অভিনয় কৰিলে | 

- মাজনী , তোক বাপুকন বৰতাই কালি ইউনিফৰ্ম এজোৰ দিব দে |

কথাষাৰ শুনাৰ লগে লগে আনন্দত একো কব নোৱাৰা হ'ল | 

- মা সঁচাই নতুন নে ?

- উম সঁচা নতুন |

কিন্তু তাইৰ মুখৰ ৰঙ সলনি হ'ল |

- মা তোমাৰ দৰমহাৰ পৰা পইচাঁ কাতিব নেকি ?

মাকে বুজিছিল ,কনমানি ছোৱালী জনীয়ে ঘৰখনৰ কথা কিমান চিন্তা কৰে | মাকে তাইক বুকুৰ মাজত তানি আনিছিল | 

- নাকাতে মাজনি,মাত্র তোক ভালকৈ পঢ়িব কৈছে |

- মই পঢ়িম মা,মই ভাল হম | চাকিৰ পোহৰত,উৰুখা পজাত,ফটা ছোলাৰে হ'লেওঁ পঢ়িম মই মা |

            আজি তাই এজোৰ নতুন কাপোক পোৱাৰ আনন্দত বহুত সুখী |||

Assamese Storyboard

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages