পত্নীৰ বিষাক্ত দংশনত ধ্বংসৰ দিশে এখন সুখৰ সংসাৰ : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 3, 2021

পত্নীৰ বিষাক্ত দংশনত ধ্বংসৰ দিশে এখন সুখৰ সংসাৰ : Assamese Storyboard


গাওঁ কিছু সলনি হ'ল | গাওঁৰ নামঘৰৰ সন্মুখত থকা বকুলজোপা নোহোৱা হ'ল | নবীন কাইৰ পান দোকানখনৰ ঠাইত পলাশে ভেৰাইটিজ সামগ্রীৰ দোকান এখন দিছে | মুঠৰ ওপৰত চৌদিশে পৰিবৰ্তনৰ জোৱাৰ |( Assamese Storyboard )

আজি ১১ বছৰৰ মূৰত জন্মভূমিত ভৰি দিছো হি | তথাপি কিবা নিজৰ চিনাকী ঠাইখন অচিনাকী লাগিছে,,,,,,

- ঔ সেইটো,,,,,,,,

কাৰোবাৰ মাতত থমকি ৰ'লো,,,,

- তই,,,,,

- হয় ! বৰতা,,,,,

- কিন্তু অকলে যে,,,,,

- অকলসৰীয়া মানুহ,জন্মতে অকলে আহিছো কিন্তু মাৰ গৰ্ভত জন্ম লৈছিলো | কিন্তু মৃত্যু সময়ত অকলে যাৱ লাগিব বৰতা,,,,,,,,

- মই থিক বুজা নাই ৰাগ,,,,,

- নুবুজিব বৰতা এয়া এক জটিল অংক |

আতৰি আহিছিলো ,মানে পলাইছো | কাৰন আজি মোৰ শূন্য দুহাট |

- ৰাগ দা তই ?

- অ পুজা মই,,,,,,

- কিন্তু ?

- কি কিন্তু ?

- তই সলনি হৈ গ'লি যে,সেই আগৰ ৰাগ দা জনৰ ঠাইত এজন যেন সৈন্যসী ৰাগ দা,,,,,

মিচিকিয়া হাঁহি এটা এৰিদিছিলো !

- নুবুজিবি তই এয়ায় দংশন |

আহিছিলো আপোন ঘৰখনলৈ | চৌদিশ জংঘলে আৱৰি পেলাইছে | কাৰন ১১ বছৰ এই ঘৰখনত কোনো নাই | এটা প্রকাণ্ড টলা দৰ্জা খনত আৰি থৈছিলো |

সৰুতে দেউতাৰ মৃত্যুৰ পাছত মাৰ লগত পাৰ কৰিছিলো শৈশৱ | কিন্তু এদিন মা ওঁ অভিমানী পখিলাজনী হৈ উৰি গৈছিল | তেতিয়াৰ পৰা সুদীৰ্ঘ ১১ বছৰ,,,,,,,,

ঘৰটো চাফ চিকুন কৰি ভাগৰুৱা দেহাটো বিচনাত এৰি দিলো | 

- পাপা , পাপা মোক লৈ যোৱা না ,,,,,

- মাজনী

চিঞৰি উঠিছিলো | ক'তা মোৰ ছোৱালীজনী ক'ত ! সপোন ! সপোনত তাই আহিছিল |

নোৱাৰো আৰু গাৰুটো সাৱতি হুকহুকাই কন্দাৰ বাহিৰে মোৰ নো কি আছে,,,,,,,,,

১১ বছৰ আগত,,,,,,,,,,,,,

গাওঁৰ আশা বাদ দি গুছি গৈছিলো দিল্লী | এটা কোম্পানীত নিয়োজিত হৈছিলো |

দিনটোৰ সিমাহীন ব্যস্ততাৰ পাছত ৰাতি বিচনাত | ফ্রী সময় একেবাৰে নাই |

আজি ৰৱিবাৰ ! সেয়েহে এপাক ওলাই গ'লো  | লাভলি পাৰ্কত অকমান বহো বুলি সোমালো |তেনেতে মোৰ ফোনটো বাজিল | গুৱাহাটীৰ পৰা খবৰ লবলৈ মামায়ে ফোন কৰিছিল | ফোনটো ৰাখিলো,,,,,,,,

- হায়,,,,,

ঘূৰি চালো পাছলৈ বৰ মৰম লগা এজনী ছোৱালী | সৌজন্যতাৰ খাতিৰত ক'লো 

- হায়,,,,,,

- আপুনি অসমৰ ?

- হয় | কিন্তু কেনেকে গম পালে ?

- আপুনি অসমীয়াত কথা পাতোতে গম পালো |মই ওঁ | মোৰ ঘৰ শিৱসাগৰত |

ভাল লাগিল |  প্রথম দিনত কথা পাতি তাইৰ লগত | তাইৰ নাম নূপুৰ | শেষত দুয়োৰে ফোন নং লৈ তাৰ পৰা বিদায় মাগিলো |

দিনটো কাম ৰাতি কিছু সময় নূপুৰৰ লগত কথা-বতৰা |

নূপুৰে দিল্লী বিশ্ববিদ্যালয়ত মাষ্টাৰ ডিগ্রী কৰি  আছে | 

দুয়ো - দুয়ো কথাবতৰাৰ মাজেৰে কিমান দূৰ আগুৱাই গ'লো নিজে উপলব্ধী কৰিৱ নোৱাৰিলো | সময়ত আমি দুটা প্রেমৰ বান্ধোনত বান্ধ খালো |

কিন্তু সদায় মোৰ মনত এটা শংকা থাকি গ'ল | কাৰন নূপুৰ এখন আভিজাত্য ঘৰৰ উচ্চশিক্ষীত ছোৱালী | আৰু মই,,,,,,

কেও কিছু নোহোৱা,সাধাৰণ ব্যক্তিগত খণ্ডৰ কোম্পানী এটাৰ কৰ্মচাৰী | ব্যৱধান আকাশ পাতল |

নূপুৰৰ পঢ়া শেষ | 

- ৰাগ

- কোৱা,,,,,

- ব'লা তুমি ও অসমলৈ ঘূৰি ব'লা |

- কিন্তু তাত মই কি কৰিম নূপুৰ ?

- কি কৰিবা ! কিয় নিজৰ অসমখনত জানো একো কাম নাই ! তোমাক মই ইয়াত অকলে এৰি নাযাওঁ,,,,,,,,

শেষত মই ও নূপুৰৰ লগত গুছি অহাৰ সিদ্ধান্ত গ্রহন কৰিলো | 

আমি অসমলৈ আহিলো | 

মোক তাই সিহতৰ ঘৰত লৈ গৈছিল | কিন্তু কিয় জানো মোৰ সিহতৰ ঘৰত সোমাবলৈ ভয় লাগিল |

- আৰে কি হ'ল তোমাৰ,,,,,

- নাই,,,,,

- আহা,,,,,,

তাই একপ্রকাৰ তানি অনাৰ দৰে ভিতৰলৈ লৈ গ'ল |

তাইৰ কোমল দুহাটৰ পৰশত মোৰ গোটেই দেহত এক মৃদু কম্পন অনুভৱ হ'ল |

সন্মুখত এজনী মহিলা ! মই তাইৰ বন্ধনৰ পৰা হাত খন তানি আনিছিলো |

- মা,,,,,,,



তাই দৌৰি গৈ মাকক সাৱতি ধৰিলে | এয়া মাতৃৰ মৰম | একবছৰৰ মূৰত জীয়েক ঘৰলৈ আহিছে | কিন্তু মোৰ যে মা-দেউতা কোনো নাই,,,,,,,,,,,,,, ! !

- মা এয়া ৰাগ,,,,,,,

মই ভয় ভয়কৈ নমস্কাৰ দিছিলো |

- আহা ভিতৰলৈ আহা,,,,,

নূপুৰৰ মাকে এক মিঠা হাঁহিৰে মোক আদৰি নিলে |

- ভয় কৰি নাথাকিবা | আমাৰ ঘৰত ভয় কৰিবলগীয়া মানুহ কোনো নাই বুজিলা |

তেনেকে সময়বোৰ অতিবাহিত হ'ল |

ৰাতি তাইৰ মাক-দেউতাক ,মই আৰু নূপুৰ একেল'গে বহি আছিলো,,,,,,

- পাপা,,,,,,

- কোৱা মাজনী ,,,,,

- মই পঢ়া শেষ কৰিলো | চাকৰিৰ ও নিযুক্তিপত্র আহিছে | এতিয়া

- হয়

- মই ৰাগক ভালপাওঁ আৰু মই তাৰ লগত বিয়াত বহিব বিচাৰো,,,,,,

মোৰ বুকুখন কপি উঠিল | তাইবাৰু কি কৈ দিলে | মই নোৱাৰো ভিতৰত বহি থাকিব,,,,

- চোৱা মাজনী তুমি পঢ়া-শুনা কৰিলা ,জ্ঞান আহৰণ কৰিলা গতিকে তুমি সকলো জানা,বুজি পোৱা | গতিকে তোমাৰ পচন্দই আমাৰ পচন্দ |

আচৰিত | কোনো প্রতিবাদ নাই অতি সুন্দৰকৈ সকলো সিদ্ধান্ত |

শেষত বেচ ধুমধামেৰে নূপুৰ আৰু মোৰ বিবাহ সম্পন্ন হ'ল | আমি হোমৰ জুইক সাক্ষী কৰি এক হ'লো,,,,,,,

কিন্তু তাই হ'ল এখন কলেজৰ প্রফেচৰ আৰু মই সামন্য কৰ্মচাৰী এজন | 

- ৰাগ কথা এটা কওঁ,,,,,

- কোৱা,তুমি কামত যাব নালাগে,,,

- কিন্তু কিয় ?

- হব,তুমি ইমান কষ্ট কৰিৱলব নালাগে | মই আছো ন !

- শুনা নূপুৰ | সৰু হ'লেওঁ মই নিজৰ কৰ্ম কৰি যাবয়ে লাগিব | আৰামদায়ক জীৱন এটা মই নিবিচাৰো | কাৰন সেই জীৱনৰ কোনো মাদকতা নাই |

এনেকে চলিছিল আমাৰ সংসাৰ | কেৱল সীমাহিন মৰমৰ মাজত |

তেনেতে আহিছিল আমাৰ সম্ভৱনা ! আমাৰ অদূৰ ভৱিষ্যত | আমাৰ মৰমৰ চুইটি |

বেচ মৰম লগা তাই | থিক মাকৰ দৰে |

এতিয়া নূপুৰ আৰু চুইটিক লৈ বহুত সুখী | লাহে লাহে আমাৰ চুইটি বছৰ দিন পাৰ হৈ গ'ল |

- ৰাগ,,,,,,,

- কোৱা !

- তুমি ভিতৰৰ কোঠাত থাকিবা | ইয়াত নূপুৰ আৰু মই থাকিম |

মই আচৰিত হৈছিলো নূপুৰৰ কথাত | তাই বাৰু মোৰে নূপুৰ নে, মোৰ সন্দেহ জন্মিল | হাৰে তাই মোৰ বকুৰ উম নাপালে তাই টোপনি নাযায় কিন্তু আজি তাই,,,,,,,,

মনটো ভাগি পৰিছিল | আজি বহুদিনৰ মূৰত অকলে শুইছো | উকা উকা লাগিছে বিচনাখন |

ৰাতিপুৱা শুই উঠি চুইটিক লৱলৈ হাত খন মেলিছিলো মাত্র,,,,,,,,,

- ৰাগ তুমি তাইক স্পৰ্শ নকৰিবা !

- কি !

- কাৰন তাই এজনী অধ্যাপিকাৰ জীয়ৰী | কোনো সাধাৰণ কোম্পানীৰ কৰ্মচাৰীৰ জীয়ৰী নহয় |

কি ! নূপুৰৰ ইমান পৰিবৰ্তন | কিন্তু কিয় ? কিয় সলনি হ'ল তাই ! 

মই নুবুজিলো | ওলাই যাবলৈ লৈছিলো কোম্পানী লৈ,,,,,,,,

- পা,,,,,,,পা | পা,,,,,

আধাফুটা আধানুফুটা মাতেৰে চুইটিয়ে হাতখন মেলি মেলি মোক মাতিছিল | হয়টো তাই মোৰ কোচত আহিব বিচাৰিছিল |

মোৰ দুচকু সেমেকি উঠিছিল আৰু ওলাই আহিছিলো মই |

কিয় জানো এনে লাগিছিল মানুহৰ এই জীৱনবোৰ বৰ আচৰিত |

আজি এপাক জাজী নৈৰ পাৰত বহিছো | বৰ শান্ত পৰিবেশ | নিস্বাৰ্থ ভাৱে জাজীৰ পানীবোৰ বৈ আছে | কিন্তু মানুহৰ জীৱনত স্বাৰ্থ কিয় ?

কেতিয়া সন্ধিয়া নামিল গমে নাপালো | ঘৰলৈ খোজ ল'লো | 

আকৌ মৌনতাৰ লগত যুদ্ধ | নূপুৰে মোৰ ফালে ঘূৰিওঁ নাচায় | কিয় বাৰু তাই তেনেকুৱা হ'ল |

চুইটিয়ে চিঞৰি চিঞৰি কান্দিছিল | কিন্তু নূপুৰে সেই কনমানি ছোৱালীজনীক ও ধমকিৰ সুৰত কথা কৈছিল | মই আৰু ৰৈ থাকিব নোৱাৰিলো |



- নূপুৰ তাইক ধমকি দিলে কি হব তাই জানো,,,,,,,

- তাই মোৰ ছোৱালী গতিকে মোৰ ইচ্ছা মই যি কৰো | তাত তোমাৰ একো অধিকাৰ নাই |

আকৌ আঘাট | কিয় ইমান কথা শুনাইছে তাই মোক,,,,,,,,,

আজি মোৰ পকেটত পইচাঁ কম আছে | পাৰিলে নূপুৰৰ পৰা অকমান লওঁ বুলি তাইৰ কাষত গৈছিলো |( Assamese Storyboard )

- নূপুৰ

- কি

- মোক অকমান পইচাঁ লাগিছিলে,,যদি

- মোৰ ওচৰত পইচাঁ নাই |

তাইৰ কথাত মোৰ হৃদয় খনে কান্দি উঠিছিল | মই আৰু নোৱাৰিলো,,,,,,

- নূপুৰ তুমি মোক কিয় এভইড কৰি আছা?

- কাৰন মই অনুশোচনাত দগ্ধ হৈছো |

- কি !

- মোৰ সহ:কৰ্মী সকলোৱে হাজবেণ্ডবোৰ ভাল ভাল মানুহ পাইছে | কিন্তু মই,,,,,,,

- কিন্তু তুমি,,,,

- এজন সাধাৰণ কোম্পানীৰ কৰ্মচাৰীৰ লগত বিয়াত বহি জীৱনত ডাঙৰ মূৰ্খামী কৰিছো |

- থিকে ! তুমি তোমাৰ মূল্যৱান জীৱনটো মোৰ লগত ধংস কৰি পেলালা নূপুৰ | 

তাই মোৰ ওচৰৰ পৰা আতৰি গৈছিল |

আৰু চিঞৰি কৈছিল,,,,,

- তোমাক মোৰ হাজবেণ্ড বুলি চিনাকী দিব লাজ পাওঁ মই |

কিবা অজানা আঘাটে বুকুখন বিন্ধি ধৰিছিল | নোৱাৰো আৰু নোৱাৰো সহ্য কৰিব,,,,,

 ,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,

নূপুৰে কলেজৰ ষ্টাফৰ লগত বহি আছিল | তেনেতে তাইৰ সহ:কৰ্মী ববিতাই তাইক কৈছিল,,,,,,,,

- নূপুৰ তোমাৰ সংসাৰ খনে বহুত মধুৰ | অন্তত তোমাৰ এজন ভাল হাজবেণ্ড আছে |

নূপুৰ আচৰিত হৈছিল | কিয় ইমান দিনে বৰসুখত দিন অতিবাহিত কৰা ববিতাৰ আজি কি দুখ হ'ল | তাইৰ জীৱনৰ প্রতিটো সুখে নূপুৰক জ্বলাই মাৰিছিল | কিন্তু আজি,,,,,,,,,

- মোৰ হাজবেণ্ডৰ অইন মহিলাৰ লগত সম্পৰ্ক আছে | মই কালি গম পাইছো |

- কি !

নূপুৰৰ গা-কপি গৈছিল |

- মই ভুল কৰিছো নূপুৰ | ইমান দিনে তোমালোকক মোৰ সংসাৰ খন ধুনীয়া বুলি এনে কৈ আছিলো | কিন্তু মোৰ সংসাৰ খনত শান্তিবোলা কোনো বস্তু নাই | মই আচলতে জ্বলিছিলো তোমাৰ সংসাৰ খন দেখি | সেয়েহে হয়টো মই তোমাৰ হাজবেণ্ডৰ ওপৰত ঘৃনা উপজাৰ কাৰনে তোমাক যিকোনো কথা কৈছিলো | মোক ক্ষমা কৰিবা|

নূপুৰ ক'ত আছে একো ধৰিব পৰা নাই | মাত্র তাই চৌদিশে ৰাগক দেখিছে | আৰু সি অট্রহাস্য কৰি কৈছে এতিয়া তুমি সুখী নে নূপুৰ তুমি সুখী নে,,,,,,,,,

নাই তাই এতিয়াই ৰাগৰ কোম্পানীত যাব কাৰন আজি তাই তাক বহুত বেয়াকে আঘাট কৰিছে | যদি ৰাগে,,,,,,,

নাই নাই সি তেনে নকৰে | 

তাই অ'টো এখন লৈ ৰাগৰ কোম্পানীলৈ গ'ল | অটোৰ পৰা নামিয়ে তাই ৰাগৰ অফিচ পালে,,,, কিন্তু সি বহি থকা চকীখন খালি !

- মেডাম ছাৰ আজি অফিচত অহা নাই |

- কি !



তাইৰ বুকুখন কপি উঠিল | ক'ত গ'ল বাৰু | তাই ঘৰলৈ আহিল | কিন্তু নাই ঘৰটো নাই |

চাগে সি আজি মনৰ দুখত কৰবাত বহি আছে | নিশ্চয় সন্ধিয়া আহিব | আজি আহিলে তাই ক্ষমা বিচাৰিব|

দিন গৈ সন্ধিয়া নামিল | ঘন্টাৰ পাছত ঘন্টা অপেক্ষাৰ অন্তত ও ৰাগ নাহিল | 

আজি চুইটিয়ে অকনো আমনি কৰা নাই তাই শুই আছে |

- নূপুৰ |

- ৰাগ 

তাই দৌৰি আহি দৰ্জাখন খুলি দিলে | কিন্তু ক'ত সি দেখোন নাই ,,,,,,,,,

তাইৰ আজি খুব ভয় লাগিছে | 

তাই ওচৰৰ নিয়ৰক ফোন কৰিলে,,,,,

- হেল্ল'

- নিয়ৰ 

- অ নূপুৰ বা কওঁক |

- ৰাগ দাক দেখিছিলা নেকি ?

- আজি দূপৰিয়া এবাৰ জাঁজী নৈৰ ঘাটত দেখিছিলো ,সন্ধিয়া কিন্তু দেখা নাই কিন্তু কিয় ?

তাইৰ হাতৰ পৰা মোবাইলটো ওলাই পৰিছিল | তাই দৌৰি সি এই কেইদিন থকা কোঠালিত সোমাইছিল |

তাৰ বিচনাখনত শুই তাই গাৰুটো সাৱতি কান্দিছিল | হেপাহ পলাই কান্দিছিল | 

আগলৈ…

Assamese Storyboard

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages