ফোনতেই আত্মীয়তা বাঢ়ি আহিল আৰু এদিন প্ৰথমবাৰৰ বাবে তাই মোক 'দাদা' বুলি মাতিলে। 'দাদা' বুলি সম্বোধন কৰাৰ পাছত সকলোবিলাক ল'ৰাৰ মনলৈ এক সুকীয়া আৱেদন আহে( Assamese Storyboard )। ময়ো তাইক আদৰৰ-চেনেহৰ 'ভনী' বুলি ভাবিবলৈ ল'লো। এই সম্পৰ্কৰ কোনো মূল্যাংকন নাই, ইয়াক মাথোঁ অনুভৱ কৰিব পাৰি, এটা সংবেদনশীল মনে জুখি চাব পাৰি এই অনুভৱৰ বিশালতাক।
মই তেতিয়া জীৱিকাৰ তাড়নাত গুৱাহাটীৰ বাসিন্দা। ভাইটিৰ এটা অপাৰেছনৰ বাবে সি আৰু মই 'স্বাগত' হাস্পতালত ভৰ্তি হৈ আছো। পিছদিনা ড° সুভাষ খান্নাই অপাৰেছন কৰিব। ৰাতি ৯ মান বজাত তেজপুৰৰ পৰা মোলৈ ফোন আহিল- 'দাদা, তুমি ক'ত?' মোৰ সকলোবিলাক শুনাৰ পিছতো তাই মোক জনালে যে তাই মোৰ ওচৰলৈ আহি আছে।
ইতিমধ্যে মোৰ সৰু সৰু জীৱ আটাইকেইটা উৰা মাৰিছে। শান্তিপুৰৰ পৰা খোজকাঢ়ি পল্টনবজাৰ গৈ, তাইক লগ পাওঁতে পুৱতি নিশা দুই বাজিছিল। মই তাইক আগতে লগ পোৱা নাছিলো। মৰমলগা, চুলি ছুটিকৈ কটা ধুনীয়া ছোৱালী এজনী। মই 'ভনী' বুলি মাত দিয়াৰ লগে লগে উচুপি উচুপি কান্দিবলৈ ধৰিলে।
তাইক লৈ হাস্পতাল পলোহি। উৎকন্ঠাত ভাইটিৰো টোপনি যোৱা নাই। মোৰ বিচনাখন তাইক এৰি দিলোঁ। বিচনাখনত বহি তাই উচুপি উচুপি ক'লে- 'দাদা, মই ঘৰৰ পৰা কোনেও গম নোপোৱাকৈ পলাই আহিছো!'
এখন বিচনাত ভাইটিৰ কেঁকনি, এখন বিচনাত ছোৱালীজনীৰ চেপা কান্দোন, মাজৰ সুৰঙা অংশটোত ঠিয় হৈ মই আৱিষ্কাৰ কৰিলো- আকাশখন নাই, এটা ভয়ানক পিশাচে মোৰ মূৰৰ ওপৰৰ আকাশখন কাঢ়ি লৈ গ'ল!
যন্ত্ৰণা কিমান গভীৰ হ'লে এজনী গাভৰু ছোৱালীয়ে নিজৰ মাক-দেউতাকক, আপোন ঘৰখনক এৰি থৈ আহিব পাৰে সেইকথা মই বুজি পাওঁ। তাই কান্দক, কান্দি কান্দি ভাগৰি পৰক। কোনেও নেদেখা আন্ধাৰজাকৰ মাজতো দেখিছো তাইৰ বুকুখন কেনেকৈ ভাগিছে। মই অনুভৱ কৰিব পাৰিছো তাইৰ চেঁচা বুকুখনৰ পৰা ওলাই অহা প্ৰতিটোপাল চকুলো কিমান অৰ্থপূৰ্ণ। তাইক এষাৰ মাথোঁ সকাহৰ মাত দিবলৈ মোৰ বুকুৰ পৰা কাহানিবাই ঢাপলি মেলিছে চিনাকি ভাষা, তাইৰ চকুপানীবোৰ মচি দিবলৈ মোৰ হাত দুখন তেনেই দুৰ্বল হৈ উঠিছে।( Assamese Storyboard )
বিচনাখনত মূৰটো পেলাই গভীৰ হৈ উঠিছে তাইৰ উচুপনি। কাষৰ বিচনাখনত অস্থিৰতাত হাবুডুবু কাঢ়িছে ভাইটিয়ে, এই নিশাৰ টোপনি তাৰ বাবে খুবেই প্ৰয়োজনীয় আছিল, কালিলৈ তাৰ অপাৰেছন। বিচনাখনৰ পৰা ওলমি থকা তাইৰ নীলা চূৰ্ণীখনত দাউ-দাউকৈ জ্বলিছে মোৰ মাত-কথা-গান।
তাই ঘৰৰ পৰা পলাই অহাৰ কাৰণটো আছিল 'বিয়া'। ভুল নকৰিব তাইৰ কোনো প্ৰেমিক নাছিল। তাইক চাবলৈ পিছদিনা সিহঁতৰ ঘৰলৈ কোনোবা অহাৰ কথা আছিল। মাক-বাপেক সুখী কিয়নো ল'ৰা ডাক্তৰ, মুম্বাইত থাকে। এখন অভিজাত মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ ছাত্ৰী ১৯ বছৰীয়া মোৰ ভন্টীৰ ইচ্ছা আছিল- পঢ়ি-শুনি প্ৰথমে নিজৰ ভৰিত ঠিয় হ'ব, তাৰপিছতহে বিয়া। এই বিষয়ৰ বিপক্ষে কৰা ভন্টীৰ যুক্তি-সন্মত প্ৰচেষ্টা ধূলি-ধোঁৱাৰ সৈতে মিলি গৈছিল। এটা কথা আচৰিত লাগে ছোৱালীজনীৰ বয়স ১৯/২০ হোৱাৰ লগে লগে কিছুমান মা-বাপেকে ঘৰখনত বিয়াৰ নামত এনে অদ্ভূত বাতাবৰণৰ সৃষ্টি কৰে ছোৱালীজনীক যেন বিয়া দিবলৈহে জন্ম দি ডাঙৰ-দীঘল কৰি থৈছে।
ভাইটিক অপাৰেছন থিয়েটাৰত সোমোৱাই মই তাইক জালুকবাৰীলৈকে আগবঢ়াই দিছিলোঁ। অপাৰেছনৰ বাবেই থোৱা পইচাৰে মই তাইক এযোৰ কাপোৰ কিনি দিছিলোঁ। তাই গাত লৈ অহা চূৰ্ণীখনকে মোক দি কৈছিল- 'দাদা, মোলৈ বেছিকৈ মনত পৰিলে চূৰ্ণীখনকে উলিয়াই চাবা।' তাইক গাড়ীত উঠোৱাৰ আগত তাইৰ মাক-বাপেকে মোক প্ৰতিশ্ৰুতি দিব লগা হৈছিল- স্নাতকোত্তোৰ শিক্ষা সাং কৰাইহে, তেওঁলোকে তাইক বিয়া দিয়াৰ কথা চিন্তা কৰিব।
সেই যি কথা দিলে সেইকথাৰ সালসলনি আজিলৈকে হোৱা নাই। যদি কেতিয়াবা হয়, মই নিজে ক'ম- 'ভন্টী, গাড়ীত উঠ, পলা!'
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।
জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment