ৰহস্যৰ পম খেদি এগৰাকী মহিলা আৰক্ষী বিষয়া ( খণ্ড ২ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 23, 2021

ৰহস্যৰ পম খেদি এগৰাকী মহিলা আৰক্ষী বিষয়া ( খণ্ড ২ ) : Assamese Storyboard

Assamese Storyboard

মাধুৰীৰ নিৰ্দেশত নৰকংকাল দুটা কনিষ্টবলজনে বাৰাণ্ডাতে থলে , ... মেডাম আপুনি কি কৰিছে মই একো বুজা নাই , কাৰ নৰকংকাল এই দুটা , ( Assamese Storyboard )


: ৰহস্য ..! গভীৰ ৰহস্য ....! পল্লভ লোচন শৰ্মাক তুমি লগ পাইছিলা নেকী .....!


: পাইছিলোঁ মেডাম , কিয় সুধিলে ..?


: তেওঁৰ বিষয়ে কিবা তথ্য আছে নেকি তোমাৰ হাতত , 


:  ঘৰ শিৱসাগৰ জিলাত , সেইটোৰ বাহিৰে আৰু একো নাজানো মেডাম , 


        ৰাতিপুৱাবলৈ আৰু বেছি সময় নাছিল , তেনেতে এটা প্ৰকাণ্ড শব্দ শুনি দুয়ো বাহিৰলৈ ওলাই গল , বতাহত বগৰিজোপাৰ পাতবোৰ অলপ হালিছে , বগৰিজোপাৰ পৰা চোঁচৰি চোঁচৰি কিবা এটা নামি আহিল , লাহে লাহে ছায়ামূৰ্তিটো আগবাঢ়ি আহিব ধৰিলে , মাধুৰী আৰু কনিষ্টবলজনো পিছুৱাই আহিল , ........... কোন তহঁত ...., কিয় আমাক অশান্তি কৰিছ , মই তহঁতক সুদাই নেৰোঁ ...., শেষ কৰি দিম তহঁতক ....., বুলি কৈ ছায়ামূৰ্তিটোৱে দুয়োকে চোচা মাৰি আহিল , লৰি লৰি আহি ৰূমত সোমাই দুৱাৰখন বন্ধ কৰি দিলে , মাধুৰীৰ কান্ধত কোনোবাই হাত এখন থোৱা যেন অনুভৱ কৰি লাহেকৈ ঘূৰি চালে , তাইৰ কাষতে এটা ছায়ামূৰ্তি থিয় দি আছে , ভয়ত কনিষ্টবলজন ঠকঠককৈ কপিছিল , ..... মিছ মাধুৰী আপুনি অলপো ভয় নকৰিব , ইয়াৰ খঙটো অলপ বেছি , সিও মোৰ দৰে ন্যায় বিচাৰে , আমি আপোনাক সহায় কৰিম , এতিয়া আপুনি কথাবোৰ কাৰো আগত অৱগত নকৰিব , যাতে এজনো দোষী পলায় যাব নোৱাৰে সেই দিশটো আপুনি চকু দিব , আৰু এটা কথা থানাৰ পৰা কিছু দূৰত মোৰ ঘৰ , মিতালি শইকীয়া নামটো কলেই আপোনাক মোৰ ঘৰটো দেখুৱাই দিব , আৰু যদি মোৰ প্ৰয়োজন হয় তেন্তে মিতালি নামটো তিনিবাৰ উচ্চাৰণ কৰিব , মই হাজিৰ হৈ যাম , অদৃশ্য হৈ গৈছিল ছায়ামূৰ্তিটো , ঘটনাবোৰ দেখি কনিষ্টবল জনে বৰ ভয় খাইছিল , ....... মেডাম পোহৰ হবৰে হল , মই যাওঁ নেকি....! 


: ঠিক আছে তুমি গৈ থকা , থানালৈ নহাকৈ নাথাকিবা , ইনভেষ্টিকেচন এটাত যাব লাগিব , 


: কিহৰ মেডাম ...?


: থানাত গৈ সকলো কম , এতিয়া তুমি যোৱা , 

    

        কনিষ্টবলজন গলগৈ , কাউৰী কুকুৰাৰ মাতত ৰাতিপুৱাল , লাহে লাহে আন্ধাৰবোৰ আঁতৰ হৈ গল , নিশাটো মাধুৰীৰ শোৱা নহল , সেয়ে ৰঙা চাহ কাপত অলপ নেমু চেপি খাই দিলে , বাৰাণ্ডাৰ চকীখনত বহি মাধুৰীয়ে নিশা হৈ যোৱা ঘটনাটোৰ কথা ভাবিবলৈ ধৰিলে , ভূত বিশ্বাস নকৰা ছোৱালীজনীয়ে ভূত বিশ্বাস কৰিবলৈ ধৰিলে , মাধুৰী আৰু বহি নাথাকিল নৰকংকাল দুটা পৰীক্ষা কৰিবৰ বাবে মেডিকেললৈ পঠাই দিলে , আৰু নিজেও গা ধুই পাতলকৈ কিবা অলপ খাই থানালৈ গল , মাধুৰী সোমাই যোৱা দেখি সকলোৱে পুৱাৰ সম্ভাষণ জনালে , চকীখনত বহিয়ে মাধুৰীয়ে টেবুলত পৰি থকা পুৰণা ফাইলবোৰ খুঁচৰিব ধৰিলে , ..... গুড মৰ্ণিং মেডাম , আপোনাৰ লগত চিনাকি হোৱাই নাই নহয় , মই ৰত্নাকৰ হেড কনিষ্টবল , কালি আপুনি জইন কৰা বুলি শুনিলোঁ কিন্ত দেখাহে নহল , ...... মিচিকিয়া হাঁহি এটা মাৰি ৰত্নাকৰ সোমাই আহিল , ( Assamese Storyboard )


: গুড মৰ্ণিং , বহকচোন , মই মাধুৰী , 


: হব দিয়ক মেডাম , আপোনাৰ সন্মুখত বহিবলৈ ভাল নালাগে , 


: But.... Why..? 


: আপুনি আমাৰ থানাৰ ইন্সপেক্টৰ , আমাতকৈ ওপৰত গতিকে আপোনাক সন্মান কৰাটো আমাৰ দায়িত্ব , 


: ৰত্নাকৰ...., সেইবিলাক নিয়ম মই বেয়া পাওঁ , আপুনিও মানুহ , ময়ো মানুহ , পদবীক লৈ সন্মান প্ৰদৰ্শন নকৰিব , মানুহৰ কৰ্মক লৈ সন্মান কৰিব ,


: হ'ব মেডাম , 


: এতিয়া বহক , আৰু এটা কথা মিতালি নামৰ ছোৱালী জনীক চিনি পায় নেকি , 


: পাওঁ মেডাম , সৰুৰে পৰাই তাইক কোলাত তুলি ডাঙৰ কৰিছিলোঁ , হঠাৎ যে কি হল একো শুংসূত্রই নাপালোঁ , বৰ ভাল ছোৱালী আছিল , তিনিবছৰ আগতে এই থানাৰে ইন্সপেক্টৰ পল্লভ লোচন শৰ্মা আপুনি থকা কোৱাটাৰটোতে আছিল , ইটো সিটো ঘৰুৱা কামত ছাৰৰক সহায় কৰি দিছিল...., 


: ৰত্নাকৰ..., ঘৰৰ মানুহে এফ.আই. আৰ. দিয়া নাছিল নেকি..?


: মেডাম , ছোৱালী মানুহ কোনোবা ল'ৰালৈ পলাই গল বুলি মাক নিমাত হৈ থাকিল , 


: বৰ ডাঙৰ ভুল কৰিলে , মিতালি নিৰুদ্দেশ হোৱা নাছিল , তাইক হত্যা কৰা হৈছিল ।


: মেডাম আপুনি এইবোৰ কি কৈছে....? ৰত্নাকৰ বহাৰ পৰা উঠি একেথৰে চাই আছিল মাধুৰিলৈ , 


: ভয় কৰিব নালাগে ৰত্নাকৰ , আপোনালোকে মোক সহায় কৰিলেই হল , হত্যাকাৰীয়ে উচিত শাস্তি পাবই লাগিব , ড্রাইভাৰক জিপখন উলিয়াবলৈ কওঁক , আমি এতিয়াই মিতালি ঘৰলৈ যাম , আৰু এটা কথা আপুনি জনাত এই থানাৰ কোনো কনিষ্টবল নিৰুদ্দেশ হৈ আছে নেকি ...!


: আছে আছে মেডাম , মিতালি আৰু কনিষ্টবলজন একে দিনাই নিৰুদ্দেশ হৈছিল , সেয়ে মিতালি কনিষ্টবলজনৰ লগত পলাই গল বুলিয়ে সন্দেহ কৰিছিল , 


: It's ok ৰত্নাকৰ , এতিয়া আমাৰ প্ৰথম কাম মিছন মিতালি , 


        ড্ৰাইভাৰজনে গাড়ীখন ষ্টাৰ্ট কৰিলে লগে লগেই মাধুৰী আৰু ৰত্নাকৰ আহি গাড়ীত উঠিল , থানাৰ কাষৰ কেঁচা আলিবাটটোৱেদি বুকুলপুৰ গাওঁলৈ বুলি গাড়ীখন আগুৱাই গল....

    ...  ক্ৰমশঃ

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages