ভদ্ৰ সমাজ খনৰ বাবে এটা বেয়া শব্দ।কিন্তু শুনিবলৈ অপ্ৰিয় হ'লেও সত্য সেইখন ভদ্ৰ সমাজৰে ক'ত পুৰুষে শৰীৰ স্পৰ্শ কৰে এগৰাকী বেশ্যাৰ।( Assamese Storyboard )
বিবাহিতা হোৱাৰ স্বত্তেও ক'ত পুৰুষে লিপ্ত হৈ বেশ্যাৰ সৈতে গোপন অভিসাৰত।
এই ক্ষেত্ৰত পুৰুষ জনক কি বুলি নামাকৰণ কৰিব সমাজখনে।
জন্মগত তথা স্বইচ্ছাৰে কোনো নাৰীৰ সপোন নহয় বেশ্যা হোৱাৰ ।
বাধ্য কৰায় সমাজখনে নাৰীৰ শৰীৰে বৈৰী বহু ক্ষেত্ৰত দেখিছো কষ্ট কৰি সৎ পথত দৃঢ়তাৰে আগবঢ়াৰ কথা ভবা সেই দৰিদ্ৰ তিৰোতা জনীৰ শৰীৰটোলৈহে চকু যায় ভদ্ৰ এচাম ক্ষমতাশালীৰ।
গতিকে শৰীৰ বেচি ফুৰিছে বেশ্যা বুলি সেই একেচাম মানুহে অন্য এদিনা তিৰস্কাৰ কৰে সমাজৰ বাহিৰ কৰি ৰাখে।
আনফালে আকৌ এনেকুৱা ঘটনা আজিকালি প্ৰায় সংঘটিত হৈয়ে থাকে।অজস্ৰ ধন সম্পত্তি থকা আভ্যন্তশালী ঘৰৰ কিছুমান পুৰুষ বা মহিলাইও ইজনে আনজনক বিশ্বাসঘাতকতা কৰে ।গোপনে অবৈধ সম্পৰ্ক চলাই থাকে বহু সময়ত ,এই কথা পোহৰলৈ আহিলে সম্পৰ্কৰ বিচ্ছেদ হয় বা আন আইনী ব্যৱস্থা লোৱা হয়। এই ক্ষেত্ৰত সমাজখনে এওঁলোকক সেই বেশ্যা গৰাকীৰ সৈতে তুলনা কৰিবনে নে ধনী আৰু ক্ষমতাশালী এওঁলোকৰ বাবেই এইটো সাধাৰণ কথা বুলি কব নে আধুনিকতাৰ আসোঁৱাহ লৈ ইয়াৰ এটা ভূল সংজ্ঞা দিব।চকুলো টুকি এনেদৰে কথাবোৰ কৈ উঠিল বেশ্যালয়ৰ এটা কোঠাৰ চাৰিবেৰৰ মাজত চান্দিনী জনীয়ে অবিনাশৰ আগত ।তুমি ইয়ালৈ কিয় আহিছা অবিনাশ ?
এটা বিষাক্ত আৰু নৰক সদৃশ জীৱন গাথাঁ লৈ মই জীয়াই আছোঁ অবিনাশ,মোৰ দৰে এজনী নাৰীক এতিয়া কোনেও আকোঁৱালি নলয়।
তোমাৰ বহুত পলম হল আগতেই যদি আমাৰ ভালপোৱাৰ সম্পৰ্কৰ কথা তুমি ঘৰত কলা হয়, এতিয়াটো আমাৰ কিমান সুখৰ সংসাৰ হল হয়।কিন্তু তুমিতো সেইটো সময়ত মোৰ পৰা আতঁৰি গৈছিলা বিদেশত চাকৰি কৰিছিলা,সুখেৰে দিন কটাই আছিলা, এবাৰো মোৰলৈ মনত পৰা নাছিল তোমাৰ ? কিমান যোগাযোগ কৰিব চেষ্টা কৰিলো মই তোমাক কিন্তু কোনো খবৰ নাপালো । তোমাৰ এতিয়া মোৰ এই অবস্থাত এনেদৰে প্ৰশ্ন কিয়?শুনিবলৈ সাহস আছে তোমাৰ ? তুমি আতঁৰি যোৱাৰ পিছত কি কি ঘটিল মোৰ লগত ।
অবিনাশে একো কবই পৰা নাছিল মাথো ৰ লাগি একেৰাহে চান্দিনী জনিৰ মুখলৈ চাই ৰল।এসময়ৰ ধুনীয়া জোনৰ দৰে মুখখন হেতাঁ পৰি গৈছিল তাইৰ।
কি হল অবিনাশ শুনিবলৈও অস্বীকাৰ কৰিছা? তুমি যোৱাৰ পিছত দেউতাই এজন লৰা ঠিক কৰিলে মোৰ বিয়াৰ বাবে। সৰুৰ পৰা মাহী আইৰ অত্যাচাৰ সহ্য কৰি ডাঙৰ হোৱা ছোৱালী মই ।আৰু অত্যাচাৰ সহ্য কৰিব নালাগে মোৰ মাজনী,নহলে দেউতাৰ প্ৰথমা পত্নী মানে মোৰ মাৰ আত্মাই শান্তি নাপাব বুলি কৈ দেউতাই একো বিচাৰ নকৰাকৈ মোক সেই পিশাঁচটোৰ হাতত গতাই দিছিল অ'ও অবিনাশ।
ফুলশয্যাৰ নিশাৰ পৰাই মোৰ জীৱনটোত আৰু অন্ধকাৰ নামি আহিছিল। ন কইনাৰ সাঁজত মই অকলে এটা নিকৃষ্ট কোঠাত ভয়ে ভয়ে বহি আছিলোঁ। দুপৰ নিশা সুৰাৰ নিচাত মাতাল হৈ আহিছিল মোৰ স্বামী দুজন মান সমনীয়াৰ সৈতে সদায় এনেদৰে আহে সি মাথো সুৰাৰ নিচাত মাতাল হৈ বেহুচ আৰু লগৰবোৰে মোৰ শৰীৰৰ লগত খেলা কৰে। মই অসহায় সেই বন্ধ কোঠাত নিজকে ৰক্ষা কৰিবলৈ।( Assamese Storyboard )
দেউতাক ঘৰত কেইবাবাৰো কথাবোৰ কান্দি কান্দি জনাইছিলো। কিন্তু মোৰ নিজৰ দেউতাইও মাহী আই আৰু সমাজৰ ভয়ত সেইখনে এতিয়া তোৰ ঘৰ সহ্য কৰি তই তাতে থাক মাজনী এনেকৈহে কলে। সেইদিনাই মই সকলো সম্বন্ধ বাদ দিছিলো।আৰু এদিন মোৰ স্বামী ঘৰত নথকা অৱস্থাত মই পলাই গুচি আহিলোঁ হাতত কেইটামান টকা লৈ গুৱাহাটীলৈ বুলি।বহুত ঠাইত মই কাম বিচাৰি ঘুৰি ফুৰিলো,এদিন হোটেল এখনত এটা মানুহে তাৰ অফিচত সৰু সুৰা মোৰ উপযোগী কাম দিম কৈ লৈ গল কিন্তু সি মোক মিছা কলে। মোটা ধনৰ বিনিময়ত মোক দেহ ব্যৱসায়ী দালাল চক্রৰ হাতত বিক্রী কৰি দিলে।
এতিয়া সকলোৱে আহে আৰু ভোগৰ সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰি গুচি যায় এইখন দুনিয়াত এবাৰ সোমাই পৰা নাৰীৰ কোনো সপোন নাথাকে কোনো আপোন নাথাকে। মই এজনী অপবিএ নাৰী, এতিয়া ক'ত ৰাতি ভিন্ন পুৰুষৰ ভোগ বাসনা পূৰণ কৰিলো।
তুমি ইয়াৰ পৰা যোৱাগৈ অবিনাশ মই তোমাৰ হব নোৱাৰো এতিয়া এই ঠাই অপবিএ তোমাৰ যোগ্য নহয়।
চান্দিনীৰ কথাবোৰ শেষ হব পালেহে অবিনাশে জোৰকৈ কৈ উঠিল মই তোমাৰ অন্তৰ খনক ভাল পাওঁ শৰীৰটোক নহয়। তোমাক এই নৰকৰ পৰা মই উদ্ধাৰ কৰিম।
অবিনাশ তুমি পাগল হৈছা এইবোৰ কি কৈছা তুমি?
তুমি জানানে মোক এবাৰ লগ দিয়া মানে তোমাৰ পৰিয়াল আৰু সমাজে তোমাকো এঘৰীয়া কৰিব।
অ জানো চান্দিনী এনেকুৱা এখন সমাজৰ মোকো দৰকাৰ নাই যি এজনী নাৰীক বেশ্যা হোৱাৰ পথত ঠেলি দিয়ে।
ৰাতি সকলোবোৰ শুই থকা অৱস্থাত অবিনাশে চান্দিনীক লৈ সেই বেশ্যালয়টোৰ পৰা পলায়ন কৰে আৰু পিছদিনাই দুয়ো বিয়া হৈ এই সকলোবোৰৰ পৰা আঁতৰি নতুনকৈ জীৱনটো আৰম্ভ কৰে। দুবছৰৰ সুখৰ বৈবাহিক জীৱন সিহঁতৰ এতিয়া এজনী ধুনীয়া কন্যা সন্তান আছে।
বি:দ্ৰ :সচাকৈয়ে সমাজত অবিনাশৰ দৰে মানুহ আছে জানো । এইয়া মাথো এক কল্পনাহে। নাৰীয়ে কিয় সকলো সহ্য কৰিব লাগে?
সমাপ্ত।
(উক্ত গল্পটো আমালৈ প্ৰেৰণ কৰা জাহ্নবী কেওঁট ডাঙৰীয়াণীক SMJ24 ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো।)
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
No comments:
Post a Comment