প্ৰেম যেতিয়া খেলা হৈ পৰে : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 20, 2021

প্ৰেম যেতিয়া খেলা হৈ পৰে : Assamese Storyboard


প্ৰেম সচাকৈয়ে এক পবিত্ৰ 

 আৰু সুন্দৰ অনুভূতি ভগবানৰ বৰদান বুলি কোৱা হয় প্ৰেমক প্ৰেম মানে দুখন অন্তৰৰ মিলন । 

( Assamese Storyboard )

কিন্তু আজিকালি বহু লোকৰ বাবে কেৱল এটা খেললৈ ৰূপান্তৰ হৈছে প্ৰেম নামৰ সুন্দৰ অনুভূতিক কলংকিত কৰি তুলিছে কিছু সংখ্যক লোকে।
          এনেকুৱাই এক বেদনাদায়ক ঘটনা ঘটিছিল ৰীতাৰ লগত এজনী ধুনীয়া ৰাংঢালী ছোৱালী নিমিষতে নিমাত হৈ পৰিছিল এটা প্ৰেমৰ সম্পৰ্কৰ বাবে ।
         ৰীতাৰ ঘৰ নগাঁওত উচ্চশিক্ষাৰ বাবে গুৱাহাটীত আছিল। মায়াৰ নগৰী গুৱাহাটী নতুন ঠাই নতুন পৰিৱেশ তাত তাই কাকো চিনি পোৱা নাছিল।তাই যিটো ছাত্ৰী নিবাসত আছিল ছোৱালীবোৰ ইমান সহজ নাছিল সকলোৱে নিজৰ লগতে ব্যস্ত আছিল কোনেও যেন কাকো মাতিবলৈ আহৰি নাই।
       দুদিনমান পিছতে ৰীতাৰ কিনাৰৰ কোঠাতোলৈ এজনী ছোৱালী আহিল নাম তাইৰ নিমিষা বৰুৱা। ছোৱালী জনী বহুত সহজ সৰল ৰীতাৰ লগত নিজেই চিনা পৰিচয় হৈছে তাইৰ লগত একেলগে চাহ খাব মাতিছে এতিয়াহে ৰীতাৰ মনটো অলপ ভাল লাগিল এৰাহ বান্ধৱী এজনী যে পালোঁ নহলে বাৰু কেনেকৈ থাকিলো হয় কাৰো দেখোন মাত এষাৰ লগাবলৈও সময় নাই।
 এনেদৰে দিনবোৰ পাৰ হৈ গৈ থাকিল দুয়োজনী বান্ধৱী যতে যায় একেলগে অহা-যোৱা কৰে।


         নিমিষাৰ সম্বন্ধীয় এজন ককায়েক গুৱাহাটীত থাকে। নাম নিবিৰ বৰুৱা সি প্ৰায়েই ভনীয়েকৰ খা -খবৰ লয় দৰকাৰী কোনো বস্তু থাকিলেও হোষ্টেলৰ বাহিৰৰ পৰাই তাইক ফোন কৰি মাতি দি যায়।
             এনেকৈয়ে এদিন ভনীয়েকক লগ কৰিব আহোতে লগত ৰীতা আছিল তাই দেখিবও ধুনীয়া আছিল নিবিৰে অহাৰ পৰা ভনীয়েকৰ কথাবোৰত ইমান গুৰুত্ব দিয়া নাছিল নোচোৱাৰ চলেৰে ৰীতাকে চাই আছিল।এপাকত কৈয়ে দিলে লগৰ জনী চিনাকী কৰাই নিদিঅ নেকি?
নিমিষাই দুয়োকে চিনাকী কৰাই দিলে আৰু ধাবাতে দুপৰীয়াৰ আহাৰ খাই দুয়োজনী ৰোমলৈ আহিল ।
সেইদিনা গধুলি নিবিৰে নিমিষালৈ মেচেজ কৰিল অ'ই ভন্টি তোৰ লগৰ জনী যে ৰীতা মোৰ তাইক প্ৰথম দেখিয়েই কিবা এটা ভাল লাগিল মই তাইৰ প্ৰেমত পৰিলোঁ কৈ দেনা তাইক মই তাইক ভাল পাওঁ বুলি।
  নিমিষাই কলে হয় নেকি মোৰ মৰমৰ দাদাটো তাই বহুত ভাল ছোৱালী তাইক যদি বৌ হিচাবে পাওঁ আমাৰ কিন্তু বেছ জমিব কিন্তু তাইক কোৱাৰ কামটো তুমি নিজেই কৰা মই কলে বেয়া হব ভয় কৰিলে হব নেকি এইবুলি কয় নিমিষাই ৰীতাৰ অনুমতি অবিহনে তাইৰ ফোন নাম্বাৰটো নিবিৰক দি দিলে।


ৰাতি ভাত - পানী খাই ন মান বজাত বিছনাত পৰিছিল তেনেতে ৰীতাৰ ওৱাটচাপত এটা মেচেজ আহিল চিনি পাইছা মই নিবিৰ ভন্টিৰ পৰা তোমাৰ নম্বৰটো ললো বেয়া নাপাবা হা।ৰীতাই কলে ওম হব নাপাওঁ দুয়োৰে মাজত সেইদিনা অলপ থূলমূলকৈ কথা হল নিবিৰে প্ৰথম দিনাই ভালপোৱাৰ কথাটো কোৱা উচিত নহব বুলি ভাবি নকলে।
এনেদৰেই প্ৰায় দুয়োৰে মাজত কথা বতৰা চলি থাকিল ইটোৱে সিটোৰ লগত কথা নপতাকৈ থাকিব নোৱাৰা হল।
প্ৰায় ফোন মেচেজত ৰাতি বহুদেৰিলৈকে কথা বতৰা হয় তহঁতৰ মাজত মনে মনে ৰীতাই ও নিবিৰক ভালপোৱা হল কিন্তু কোৱা নাছিল।এদিন নিবিৰে তাৰ মনৰ কথা ৰীতাক কলে ৰীতা আনন্দিত হৈছিল কিন্তু তাই খোলা মনৰ ছোৱালী সেয়েহে তাই নিবিৰক কলে মই প্ৰথমে এজন লৰাক বহুত বেছি ভাল পাইছিলো সিও মোক বহুত বেছি ভাল পাইছিল কিন্ত কি হল নাজানোঁ এটা সময়ত সি মোৰ পৰা আমনি পোৱা হল মোক অৱহেলা কৰিবলৈ ধৰিলে সকলোতে মোক ব্লক কৰি দিলে একো খবৰ খাতি নাই তাৰ পিছত মোৰ এজনী বান্ধৱীৰ পৰা গম পালোঁ সি বেলেগ কাৰোবাক বিয়া পাতিলে মোৰ জীৱনটো শেষ যেন লাগিছিল কোনোমতে নিজক বুজাই আজি এই অৱস্থা পালোহি মই আপুনি মোক এনেকুৱা কৰে যদি মোক এৰি যাই যদি একো নোকোৱাকৈ? তাই কান্দি উঠিল।
      নাই নাকান্দিবা মই তোমাক নিজতকৈও বেছি ভালপাও কেতিয়াও দুখ নিদিওঁ তোমাক বহুত মৰম দিম মোৰ মৰম তথা বিশ্বাসৰ হাতখন সদায় পাবা সেইয়া তোমাৰ অতীত আছিল পাহৰি যোৱা অতীত সকলোৰে থাকে মোৰো আছিল সেইবোৰ ভাবি বৰ্তমান সময়খিনি বেয়া নকৰে নহয় আকৰি জনী।
দুয়োৰে মাজত ভালপোৱা হল প্ৰায় দুয়ো একেলগে ফুৰিবলৈ যায় লগত সময় কটায়।

( Assamese Storyboard )



এদিন নিবিৰে তাৰ পৰিয়ালৰ লগতো ৰীতাক চিনাকী কৰি দিলে মাকে প্ৰথমে তাইক পছন্দ কৰা নাছিল যদিও পিছত কৰিলে।তাই প্ৰায় তহঁতৰ ঘৰলৈ অহা-যোৱা কৰি থাকে।কাৰোবাৰ বেমাৰ- আজাৰ হলেও গৈ খা - খবৰ লয়।
       এনেদৰেই দুয়োৰে মাজত কোনো হাই কাজিয়া নোহোৱাকৈ সম্পৰ্ক চলি থাকিল।
দুটা বছৰ কুশলে পাৰ কৰিল আজিকালি নিবিৰ কামত বেছিকৈ ব্যস্ত থাকে। সেয়েহে কথা বতৰা অলপ কম হয় সেই কথা ৰীতাই বুজে সেইহে কোনো কাজিয়া নকৰে তাই আৰু নিবিৰে তাইলৈ যিকোনো প্ৰকাৰে সময় উলিয়াই তাইৰ খবৰ লয়।
            নিবিৰৰ মাকজনী অলপ পুৰণি মনোভাৱৰ ৰীতাই পুৰনা আৰু অযুক্তিকৰ ৰীতি নীতি বোৰ মানিব নিবিছাৰে কিন্তু নিবিৰক ইমান ভাল পায় যে তাই সকলোবোৰ সহ্য কৰিছিল তাৰ বাবে। কিন্তু হলেও সহ্যৰ এটা সীমা থাকে মানুহৰ তাই যেতিয়াই তহঁতৰ ঘৰত যায় মাকে কিছুমান কথা ৰ কোনো যুক্তি নহলেও মানিবই লাগিব এনেদৰে কোৱা হল। এবাৰ তাতে মাহেকীয়া হৈছিল ভাত খোৱা থাল বাচনবোৰ বেলগকৈ থব কৈছিল আৰু পাটিখনতো বহিব দিয়া নাছিল মাটিত বহিব দিছিল গোটেই কাপোৰ সোপা ধুৱাইছিল তাইক এটা কোঠাৰ যিবোৰ তাই ব্যাৱহাৰ কৰাই নাছিল। সেইদিনা পেট বিষত তাই ৰাতি শুব পৰা নাছিল কান্দি আছিল।তহঁতৰ ঘৰত এনেকুৱা নকৰে মাহেকীয়া হলে আজিকালি এইবোৰ নিয়ম নামানে মানুহে মাহেকীয়া হোৱাটো কোনো বেমাৰ নহয় এটা প্ৰাকৃতিক প্ৰক্রিয়া।পিছদিনা তাই নিবিৰক খংত এই কথাবোৰ কৈছিল। তাৰ মাকলৈ তাইৰ খং উঠিছিল কিন্তু তেওঁক একো কব নোৱাৰি তাকে বহুত কিবা কিবি ক্য় পেলাইছিল।ছোৱালী মানুহৰ জীৱনটো এনেকুৱাই নেকি যদি মাহেকীয়া নহও তেতিয়া সন্তান নোহোৱাৰ ভয়ত হয়তো দ্বিত্বীয় পত্নী আনিবই কব আৰু হলেও এনেকুৱা ব্যবহাৰ কিয়। এতিয়াটো মই বিয়া হৈ এইখন ঘৰত অহাই নাই যি এদিন আহো নিজৰ বুলি এনেকুৱা কিবা হৈ গলে এনেকুৱা কষ্ট দিয়ে পিছত আৰু পাম।কিন্তু এইবোৰ কথা নিবিৰে বুজিও নুবুজাৰ ভাও ধৰিল আৰু মাকৰ সেই অযুক্তিকৰ ধাৰণাবোৰক সলনি কৰিবলৈ চেষ্টা কৰাৰ সলনি তাইকহে গালি পাৰিল।তেতিয়াৰ পৰা সিহঁতৰ মাজত বিভিন্ন কাৰণক লৈ বহুত বেয়াকৈ কাজিয়া হৈয়ে থাকে। কেতিয়াবা নিবিৰে তাইক অহস্যকৰ আৰু বহুত অশ্লীল গালিও দিয়ে পুৰনা প্ৰেমৰ সম্পৰ্কক লৈ বহুত বেয়াকৈ কয় যিবোৰ ভুল তাই কৰাই নাছিল সেইবোৰৰ দুখ তাইকে জাপি দিয়া হল সি।এদিন নিবিৰৰ মাকে ফোন কৰি ৰীতাক কলে তোক মই প্ৰথমে পছন্দ কৰা নাছিলো কিন্তু মোৰ লৰাটোৰ মুখলৈ চাই একো কোৱা নাছিলো এতিয়া সি নিজেই তোৰ পৰা আঁতৰিব বিচাৰিছে মই ভালে পাইছো। আৰু ফোন মেচেজ কৰি তাৰ মুৰটো নাখাবি মই তাৰলৈ বেলেগ ছোৱালী চাম।


ফোনটো কাটি কান্দি কান্দি কব নোৱাৰা হৈছিল তাই মাকে তাইক একো কোৱাৰ সুযোগ নিদিলে নিবিৰক কথাবোৰ সুধিম ভাবি ফোনটো লৈ দেখে যে সি তাইক সকলোতে ব্লক কৰিছে । তাই বহুত ভাগি পৰিল পাগলীৰ দৰে হৈ পৰিল। নিবিৰে মোক এৰি বেলেগ বিয়া পাতিব নোৱাৰে সিতো মোক বহুত ভাল পায় নাই তাৰ ছাগে অলপ খং উঠিছে মোৰ ওপৰত মাৰ কথাবোৰত মই বেয়া পোৱাৰ কাৰণে অভিমান কৰিছে খুলিব ব্লক এনেদৰেই প্ৰায় এমাহ গল কিন্তু সি নুখুলিল এদিন ফেচবুকত তাৰ লগৰ এটাৰ পৰা গম পালে নিবিৰে বিয়া পাতিল অইন কাৰোবাক সি এখন ফটো ৰীতাক দিলে।
তাই হাঁহিবই নে কান্দিব কি হৈছে এইবোৰ কল্পনাই কৰিব পৰা নাছিল। যিজন মানুহে তাইক কোনো দিনেই এৰি নোযোৱা আৰু কান্দিব নিদিওঁ বুলি প্ৰতিশ্ৰুতি দিছিল। সেইজনে তাইক ইমান ডাঙৰ কষ্ট দিলে। এই সম্পৰ্কটোৰ কথা ৰীতাৰ ঘৰত গম পোৱা নাছিল। সকলোবোৰ কথা তাই এখন ডায়েৰিত লিখি আত্মহত্যাৰ পথ বাছি ললে।

                         -জাহ্নবী কেওঁট।

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24


No comments:

Post a Comment

Advertisement

Pages