শাহুৰ ঘৰৰ পাকঘৰত বোৱাৰীৰ প্ৰথম খোজ : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 3, 2021

শাহুৰ ঘৰৰ পাকঘৰত বোৱাৰীৰ প্ৰথম খোজ : Assamese Storyboard

Assamese Storyboard

আজি নতুন ঘৰখনত আকৃত্তিয়ে প্ৰথমবাৰলৈ পাকঘৰত কিবা বনাইছিল। আৰু তাইৰ আজি পাৰ হৈ অহা কিছু দিন মনলৈ আহিল।( Assamese Storyboard )

সকলো ঘৰৰ লোক বহু সুখী হৈ পৰিছিল, কাৰণ, ইমান ভাল ঘৰ এখনত সম্বন্ধ হৈছিল আকৃত্তিৰ। কিন্তু যিমান তীব্র গতিৰে আকৃত্তিয়ে নিজৰ সপোনক গঢ়িছিল,তাতোতকৈও বহু অধিক ভয়ে আকৃত্তিৰ মনত ঘৰ বান্ধিছিল। দেউতাকৰ ৰাজকুমাৰী জনীক দেউতাকে কেতিয়াও পাকঘৰলৈ যাবলৈ দিয়া নাছিল। কিন্তু বিয়া ঠিক হোৱাৰে পৰা, আকৃত্তিৰ মাকে, তাইক পাকঘৰত কাম কৰিবলৈ দিছিল। কিন্তু এমাহতে, আকৃত্তিয়ে পাকঘৰৰ অ, আ, খিনিকে শিকিব নোঁৱাৰিলে। কিন্তু আকৃত্তিয়ে, একো নজনাও নহয়। তাই বহুত ধুনীয়া ফেশ্বন ডিজাইনাৰ আছিল। লগতে এগৰাকী সফল ডক্টৰও। আকৃত্তিয়ে, শহুৰৰ ঘৰখনটো পাকঘৰত ভৰি দিব লগীয়া প্ৰয়োজন নাছিল। কিন্তু তাই বিচাৰিছিল, তাই এনে কিছুমান বনাবলৈ শিকে, যাৰ দ্বাৰা তাই শহুৰৰ ঘৰখন সুখী কৰি ৰাখিব পাৰে। লাহে লাহে দিন বাগৰিল,আকৃত্তিয়ে সকলোৰে আৰ্শীবাদ লৈ নিজৰ ঘৰখনৰ পৰা বিদায় লৈ শহুৰৰ ঘৰ পালেহি। বিয়াৰ সকলো নিয়ম কৰোঁতে কৰোঁতে দুদিন পলকতে পাৰ হৈ গল। আজি আকৃত্তিয়ে নিজকে নিজে বাৰে বাৰে বুজাই ছিল, সকলো ঠিক হব। আৰু তাই নতুন ঘৰখনৰ সকলোৰে মন জয়ী কৰিব।


যেতিয়াই কোঠাৰপৰা আকৃত্তি বাহিৰলৈ আহিলে, তাইৰ শাহুৱেকে সুধিলে, আজি কি বনাবা তুমি আকৃত্তি! আৰু তুমি একেবাৰে চিন্তা নকৰিবা। মই তোমাৰ লগত পাকঘৰত থাকিম। যদি তোমাক কিবা সহায়ৰ প্ৰয়োজন হয়, মোক কবা।

শাহুমাকৰ কথা শুনি, আকৃত্তিয়ে মূৰ তললৈ কৰি কলে, মা আপুনি চিন্তা নকৰিব, আপুনি আৰাম কৰক। মই সকলো কৰিম। এয়া কয় আকৃত্তি পাকঘৰলৈ আহিল আৰু সকলোৰে বাবে মনোযোগেৰে আহাৰ বনোৱাত লাগিল। ঘন্টা ধৰি কষ্ট কৰাৰ পাছত আকৃত্তিৰ এনে লাগিছিল, যে তাই এতিয়া কান্দি দিব। কাৰণ তাই নিজৰ ফালৰ পৰা সম্পূর্ণ চেষ্টা কৰিছিল। কিন্তু, কি হৈছিল জানো, আঞ্জা দেখিবলৈ ধুনীয়া হৈছিল নে! আৰু সোৱাদটো কিবা কম হোৱা যেন লাগিছিল! যি আকৃত্তিয়ে বুজি পোৱা নাছিল। মটৰ ঘুগুনিত নিমখ বহুত হৈছিল। আৰু পায়সৰ সেই পৰাও সুগন্ধ ওলোৱা নাছিল,যি সুগন্ধ তাইৰ মাকৰ পাকঘৰৰ পৰা ওলাইছিল!( Assamese Storyboard )

সেই সময়তে আকৃত্তিৰ নন্দেকে আহি কলে, নবৌ তোমাক সোনকালে দাদাই মাতিছে! নন্দেকৰ কথা শুনি চিন্তনীয় ভাৱে, আকৃত্তি নিজৰ কোঠালৈ আহিল। কোঠালৈ গৈ আকৃত্তি আচৰিত হৈ পৰিল। কাৰণ তাইৰ কোঠাত আকৃত্তিৰ সৰু কালৰ বান্ধৱী অৰ্পণা আছিল। অৰ্পণাক সন্মুখতে পায় আকৃত্তি আচৰিত হৈ পৰিল আৰু দুয়োজনী সখীয়ে বহু কথা পাতিব ধৰিলে।

তেনেতে আকৃত্তিৰ স্বামীয়ে কলে, আকৃত্তি, তোমাৰ বান্ধৱীক আজি একো খাবলৈ নিদিবা নি? স্বামীৰ কথাত, আকৃত্তিৰ মনত পৰিল আৰু কলে যে, সখীক লগ পোৱাৰ আনন্দতে মই পাহৰি গলো যে, মই সকলো ঠিক কৰিবলগীয়া আছিল! সখীক লগত লৈ তাই কোঠাৰপৰা বাহিৰলৈ আহোতে দেখা পালে যে, নন্দেকে সকলোকে আহাৰ দিছিল। আৰু তাই অহাত সকলোৱে খাবলৈ আৰম্ভ কৰিছিল। এয়া দেখা পায় আকৃত্তিৰ কপাঁলৰ ঘাম ওলাব ধৰিলে। আৰু তাই মনে মনে ভাৱিবলৈ ধৰিলে, এতিয়া টো মই অপমানিতা হোৱাৰ পৰা কোনেও মোক ৰক্ষা কৰিব নোঁৱাৰে। এতিয়া সকলোৱে মোৰ ওপৰত হাঁহি ৰব। সকলোৰে কথা শুনিবলৈ প্ৰস্তুত হোৱা আকৃত্তিৰ কাণত সকলোতকে প্ৰথম স্বামীৰ মাত পৰিল।


আকৃত্তি, এয়া তুমি বনাইছানে, কিন্তু তুমি বনাইছা যেন লগা নাই! একেবাৰে মা ভাগৰ হাতৰ সোৱাদহে আহিছে। তেতিয়া নন্দেকে মাত লগালে, দাদা, পায়স খায় চোৱা, ইমান ধুনীয়া ইলাচীৰ সুগন্ধি আহিছে। দেউৰেকেও কলে, নহয়, মটৰ পনীৰ সকলোতকে ভাল হৈছে। এতিয়াৰপৰা সদায়ে মটৰ পনীৰ নবৌয়ে বনাব লাগিব। খাবলৈটো সোৱাদ ভৰা হৈছেই। লগতে দেখিবলৈও ইমান ধুনীয়া লাগিছে। শহুৰেকেউ আৰ্শীবাদৰ লগতে আকৃত্তিক পইচা দিলে। আচৰিত হৈ আকৃত্তিয়ে যেতিয়া নিজৰ শাহুৱেকৰ ফালে চালে, তেতিয়া শাহুৱেকে হাঁহি মাৰি মূৰ তললৈ কৰি দিলে। সকলো আঁতৰি যোৱাত, আকৃত্তিয়ে শাহুমাকৰ হাতখন ধৰি লৈ কলে, মা আজি আপুনি মোক অপমানিত হোৱাৰ পৰা ৰক্ষা কৰিলে। কিন্তু এয়া যাদু আপুনি কৰিলে কেনেকৈ!

বোৱাৰীৰ কথা শুনি শাহুমাকে তাইৰ মূৰত হাত ফুৰাই লৈ কলে, এতিয়া তোমাৰ আৰু মোৰ সন্মান বেলেগ বেলেগ নহয়! আৰু মই একো কৰা নাই, সকলো তুমি কৰা কষ্টৰে ফল। কেৱল, পায়সত তুমি ইলাচী দিবলৈ পাহৰিছিলা, মটৰ পনীৰত ধনীয়া গুড়ি, মটৰ ঘুগুনিত আলু চকল চকল কে কাটি দিলো, যাৰ বাবে নিমখ কমি গল। শাহুমাকৰ কথা শুনি আকৃত্তিয়ে আনন্দৰে কলে, আজিলৈকে মই কেৱল বেয়া শাহুমাৰ বিষয়ে হে শুনিছিলো কিন্তু আপুনিটো মোৰ নিজৰ মাৰ দৰে। এতিয়া শাহু মাৰ অৰ্থও বহুত ভালদৰে বুজিলো।এনে শাহু মাৰ কোলাত আমি সকলোৱে সুৰক্ষিত হৈ থাকোঁ।

Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages