প্ৰেম আৰু সংঘাটে ভৰা এটি হৃদয়স্পৰ্শী কাহিনী ( খণ্ড ১১ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 4, 2021

প্ৰেম আৰু সংঘাটে ভৰা এটি হৃদয়স্পৰ্শী কাহিনী ( খণ্ড ১১ ) : Assamese Storyboard

Assamese Storyboard


এনিশাই  আলফুলে তাইৰ কপালত এটা চুমা আঁকি মুৰত হাত বুলাই পুনৰ কলে --  ঈশ্বৰে কুশলে ৰাখক তোক ৰাণী ..সুখেৰে ভৰি পৰক তোৰ জীৱন ( Assamese Storyboard )। শুন , তোৰ কাম শেষ হলে আহিবিছোন অলপ । " --- এনিশাই আঁতৰি আহি চকুজুৰি মচি লয় ।ৰাণীজনী সঁচাই ডাঙৰ হ'ল ! ভবাৰ দৰে হৈ উঠিছে তাই । শান্ত ধীৰ স্থীৰ অমায়িক । ঘৰখনত তাইৰ এইটোৱেই শেষৰ জন্মদিন , গতিকে অকনো খুট নথকাকৈ পালন কৰিব লাগিব । অহা মাহত মোৰ ৰাণীজনী আনৰ হৃদয়ৰ ৰাণী হৈ আনৰ ঘৰ জিলিকাব । সময়ো যে ! ইমান দুৰন্ত গতিত আগবাঢ়ে ! কথাবোৰ ভাবি পুনৰ আবেগিক হৈ পৰিল এনিশা । আজিৰ দিনটোৰ কামবোৰৰ কথা ভাবি সচকিত হৈ পৰিল  মুহূৰ্ত্বতে । সময়ৰ যে বহুত অভাৱ এতিয়া । বজাৰৰ লিষ্টখন লিখি কিবা থাকি গৈছে নেকি তাকে চাবলৈ মাতি থৈ আহিছে ৰাণীক । নীৰ আৰু সমৰো ব্যস্ত হৈ পৰিছে আজি ।ঘৰৰ আলসুৱা ছোৱালীজনীৰ বিশেষ দিনটো ত ককায়েক আৰু দেউতাকে শুভকামনা জনাই  যাৱতীয় বস্তু অলপ আনিবলৈকে ওলাই গৈছে।


চকুজুৰি সেমেকি উঠিল ৰাণীৰ । ইমান মৰম তাইলৈ ! নিজৰ সন্তানৰ দৰে তাইক লালন পালন কৰি আজি- এইটো ৰ্পয্যায় পোৱাইছেগৈ ।জীৱনৰ সুখবোৰৰ পুৰ্ণতা নোপোৱা মানুহগৰাকীয়ে  তাইক সুখেৰে আৱৰি ৰাখিছে । নিজকে বৰ দোষী অনুভৱ হয় ৰাণীৰ ।  আইতাকে সকলো কথা ৰাণীক কৈ গৈছে ।ৰাণীও আইতাকক কথা দিছিল এনিশামাৰ সকলো সুখ ঘূৰাই আনিব । মাকে কৰা পাপ তাই প্ৰায়শ্বিত কৰিব । নহলে যে তাই কেতিয়াও শান্তি নাপায় জীৱনত  । তাই এইখন ঘৰৰ পৰা যোৱাৰ আগত এনিশা মাৰ হেৰুৱা সুখ আচল ভৰাই দি যাব । ( Assamese Storyboard )


জন্মদিন আৰু আঙুঠি পিন্ধোৱা পৰ্বৰ শেষত ৰাণীয়ে সকলোৰে আগত কৈ উঠিল --- মোৰ  মৰমৰ মা আৰু দেউতাৰ কাৰনে আজি  বিশেষ চাৰপ্ৰাইজ আছে ...এইখিনি কৰাত সহায় কৰা কাৰনে দাদালৈও  মোৰ ধন্যবাদ থাকিল । আগতেই সাজু কৰি ৰখামতে কম্পিউটাৰটো অন কৰি দিলে ৰাণীয়ে । মনিটৰৰ স্ক্ৰীণত জিলিকি উঠিল এখন এখনকৈ সমৰ আৰু এনিশাৰ ফটো । বিয়াৰ আৰম্ভণীৰ পৰা লৈ সমৰ এনিশাৰ একেলগে ফুৰিবলৈ যোৱা ..সুন্দৰ মুহূৰ্ত্ববোৰ . সমৰে মনে মনে কেমেৰাত বন্দী কৰি থোৱা এনিশাৰ ব্যস্ততাৰ সময়বোৰকে ধৰি সকলোবোৰ । ফটোবোৰ দেখি আৱেগিক হৈ উঠিল সমৰ আৰু এনিশা । দুহাতেৰে মুখ ঢাকি এনিশা উচুপি উঠিল ।


ঘৰখন নিজম পৰি আছে । দিনটোৰ ব্যস্ততাৰ অন্তত সকলোকে এতিয়া ভাগৰে দহিছে ।নিজৰ  নিজৰ ৰূমত ভাগৰোৱা শৰীৰটো এৰি দিছে  প্ৰত্যেকেই। এনিশা বাৰাণ্ডালৈ ওলাই আহিল । ভগৱানক কৃতজ্ঞতা জনালে তাই । দিনটোৰ কামখিনি সুকলমে পাৰ হৈ গল ।জন্মদিনৰ লগতে ৰাণীৰ আঙুঠি পিন্ধোৱা ৰ্পবও ভালদৰে সম্পন্ন হল । ৰাণীৰ সহকৰ্মী অৰ্থাৎ ইংৰাজীৰ অধ্যাপক ৰক্তিম বৰুৱাৰ লগত । একেখন চহৰৰে ..অমায়িক ...দেখনিয়াৰ ৰক্তিমক অপচন্দ কৰাৰ থলেই নাছিল । আটোলতোলকৈ ডাঙৰ কৰা ছোৱালীজনী যাতে বোৱাৰী জীৱনতো সুখেৰে থাকে তাৰেই কামনা কৰে এনিশাই । মনিটৰৰ স্ক্ৰীণত জিলিকি উঠা ফটোবোৰলৈ মনত পৰি গল এনিশাৰ ।সেমেকি অহা দুচকু আঁচলেৰে মোহাৰি ললে তাই । তেনেকুৱাতে পাচফালৰ পৰা কাৰোবাৰ স্পৰ্শত উচপ খাই উঠিল এনিশা ।


আগলৈ ...


Assamese Storyboard


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages