নাৰ্চগৰাকীয়ে দিয়া বেজীৰ খোচটোৱে মানসীৰ মনটোক হাকোতা লগাই বাস্তৱলৈ নমাই আনিলে। আৰু এনেকুৱা এডাল হাকোতা পোৱা হ'লে যিডালে মানসীৰ সুখবোৰকো তাইৰ ওচৰলৈ নমাই আনিব পাৰে, নহ'লে বা এনেকুৱা অলপ পানীয়েই পোৱা হ'লে যি পানীয়ে মানসীৰ হৃদয়ত জ্বলি থকা দুখৰ জুইকুৰা নুমুৱাব পাৰে। পানী বা হাকোতা টো বহুত দূৰৰে কথা তাইৰ ওচৰতটো বৰ্তমান এনেকুৱা এখন হাতৰে অভাৱ, যিখন হাত তাইৰ মূৰত ওপৰত উঠি ক'ব পাৰে.......---- "একো চিন্তা নকৰিব অ'মোৰ আই, চব ঠিক হৈ যাব। তোৰ দুখৰ বেলিৰ এদিন অস্ত যাবই। নাকান্দিবি অ' আই, শান্ত হ'চোন।"( Assamese Storyboard )
বিয়াৰ পিছত মানসীয়ে ভবামতে আজিলৈকে একোৱেই হোৱা নাই। না তাই ভবা মতে নিজৰ স্বামীৰ মৰম ভৰা দুবাহুত সোমাই হেপাঁহ পলুৱাই মৰম পালে, না শাহুৰেক-শহুৰেকৰ পৰা মৰমসনা এষাৰি মাত। পালে যদি মাথোঁ এগালমান তিৰস্কাৰ, অপমান, দুখ, অত্যাচাৰ, যন্ত্ৰণা আৰু চকুপানী। কিন্তু আজি তাই নভবাকৈয়ে বহুত কিবাকিবি পালে, যিটো তাইৰ বাবে কল্পনাৰো অতীত, সপোনৰো অতীত। তাই অনুভৱ কৰিলে যে কোনোবাই তাইৰ কপালত মৰমেৰে হাত বুলাই আছে। এইখন এখন মানুহৰ হাত, নহয় নহয় এইখন এখন মমতাৰ মৰমেৰে ভৰা হাত। মানে? সঁচাকৈয়ে তাইৰ মাক? ঘপহকৈ তাই চকু মেলি চাই দেখে যে তাই ভবাটোৱেই হয়। তাইক জন্ম দি তুলি তালি ডাঙৰ-দীঘল কৰা মাক চন্দনা বৰাই তাইৰ কপালত মাতৃত্বৰ মৰমেৰে ভৰা কোমল হাতৰ আঙুলি বোলাই আছে আৰু তেওঁৰ কাষত এইয়া কোন? দেউতা! এইবোৰ দিঠক নে সপোন? যিটো কথা তাইৰ বাবে বৰ্তমান কল্পনাৰ সীমাৰ অতীতৰো বাহিৰত সেইটো কথা এতিয়া তাইৰ লগত সংঘটিত হৈ আছে। আচৰিত হৈ পৰিল তাই। বিশ্বাস যে তাইৰ এতিয়াও হোৱা নাই। কিন্তু সত্যকটো মানি আকোঁৱালি ল'বই লাগিব।
তাই চকু মেলা দেখি মাকে কান্দিবলৈ ধৰিলে।
: মাজনী, কি হ'ল তোৰ? কিয় তই এনেকুৱা কৰিলি? এইয়া চা দেউতা আৰু মই আহিছোঁ। আকৌ এবাৰ চকু মেলচোন মোৰ সোণ?
: মনে মনে থাকাচোন তুমি অলপ। তুমি এনেকুৱাখন কৰিলে তাইৰ কি হ'ব? অলপ শান্ত হোৱাচোন তুমি।( Assamese Storyboard )
কান্দি থকা মানসীৰ মাকক বাপেকে ক'লে। লাহে লাহে মানসীয়ে পুনৰবাৰ বৰ কষ্টেৰে চকুহাল মেলিলে।
: মাজনী?
: মা, দেউতা! কান্দি থকা মাক-বাপেকলৈ চাই মানসীয়ে ক'লে।
এইহাল সেইহাল মাক-বাপেকেইনে, যিহাল মাক-বাপেকে এদিন মানসীক "ঘৰৰপৰা ওলাই যা" বুলি কৈছিল, চিৰদিনৰ কাৰণে তাইৰ বাবে বন্ধ কৰি দিছিল তেওঁলোকৰ ঘৰৰ দুৱাৰ, তাই তেওঁলোকৰ বাবে মৰি গ'ল বুলি ধৰি লৈছিল। হয় এইহাল সেইহালেই মাক-বাপেক। "কিন্তু আজি তেওঁলোক ইয়ালৈ কিয় আহিছে? কাৰণটো কি? মোৰ খবৰ ল'বলৈ নে মোক উপলুঙা কৰিবলৈ? তেওঁলোকেটো মোক ত্যাগ কৰিছে। এবাৰ ত্যাগ কৰাৰ পিছত মই মৰো বা জীওঁ তেওঁলোকৰ তাতে কি আহে কি যায়?মই মৰি গ'লেও তেওঁলোকে দুখ পাব নালাগে। তেনেস্থলত তেওঁলোক মোৰ ওচৰলৈ অহাৰ কাৰণ কি হ'ব পাৰে? হয়তো পিতৃ- মাতৃ এনেকুৱাই মুখেৰে যিমানেই বেয়াকৈ নকওঁক কিয়, অন্তৰে কেতিয়াও নিজৰ সন্তানক পৰ জ্ঞান কৰিব নোৱাৰে। পিতৃ-মাতৃৰ হৃদয়ৰ পৰা সদায় সন্তানৰ প্ৰতি আশীৰ্বাদ হে ওলায়, মুখেৰে লাগিলে অভিশাপেই নোলাওঁক কিয়? হয়তো মা-দেউতাই আজি মোৰ এই অৱস্থাৰ কথা শুনি ৰৈ থাকিব নোৱাৰিলে, গুছি আহিল মোৰ কাষলৈ। মাক-বাপেক চাগে এনেকুৱাই কেতিয়াও সন্তানৰ দুখ সহ্য কৰিব নোৱাৰে। তথাপিও অকণো খোকোজা নলগাকৈ "ঘৰৰপৰা ওলাই যা" বুলি কোৱা মানুহজনীয়ে জানো মোক সঁচা অন্তৰেৰে আকোঁৱালি ল'ব পাৰিব? উফফ্ কি হ'বলৈ গৈ আছে মোৰ লগত? কাক মই বিশ্বাস কৰো এতিয়া? মোৰ মনক নে মগজুক? হে ভগৱান............."
: মাজনী।
ভাবনাৰ সাগৰত ডুব গৈ থকা মানসীক মাকে গাত ধৰি জোকাৰি দিওঁতেহে সাৰ পালে।
: আমি জানো মাজনী, আমি তোৰ লগত তেনেকুৱা কৰিব নালাগিছিল। এতিয়া বৰ লাজ পাইছো আমি কাৰণ কথাবোৰ আমি এতিয়াহে উপলব্ধি কৰিছোঁ। আমি তোৰ লগত তেনেকুৱা নকৰা হয় আজি তোৰ এনেকুৱা অৱস্থা কেতিয়াও নহ'ল হয়।
: অ' মাজনী, জোঁৱায়ে আমাক সকলোবোৰ কথা কৈছে। তই যে আমি তোক ক্ষমা নকৰাৰ বাবেই এনেকুৱা কৰিলি, কেনেকৈ তই সদায় সদায় আমাৰ কথা কৈ কান্দি থাক' এই সকলোবোৰ কৈছে।
: আমি জানো মাজনী আমি তোৰ ক্ষমাৰ যোগ্য নহয়। তথাপিও তই আমাক ক্ষমা কৰি দিব পাৰিবিনে?
✍️✍️...................আগলৈ......................✍️✍️
অশেষ ধন্যবাদ জনাইছোঁ সকলোলৈকে। বাকী আজিৰ খণ্ডটো পঢ়ি কেনেকুৱা হৈছে জনাব।।🙏🙏।।)
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment