" মা অ মা
আজি যে মই মা বিহীন
মাৰ বুকুৰ উম
আৰু যে নাপাম কাহানি ।
মৰম ভৰা গালি ,
মৰমৰ এছাৰি কুব
নাপাম কাহানি ।
মা অ মা "
গাড়ীত আহি থাকোঁতে নিয়ৰক মাকৰ স্মৃতি বোৰে খেদি ফুৰিছিল । এটি এটি কৈ স্মৃতি বোৰ ভাহি উঠিছিল চকুৰ পতাত । মাকে প্ৰায়ে অইনৰ আগত তাৰ খুব প্ৰসংসা কৰিছিল ।( Assamese Storyboard )
" আমাৰ সোণ ক ভাতৰ লগত যি ৰান্ধি দিয়া ,সি তাকে খাই । নাই একো আপত্তি অভিযোগ । এতিয়া ইমান ডাঙৰ হ'ল তথাপি মই তাক ঘৰত আহিলে ভাত খুৱাই দিব লাগে । "
সৰু সৰু কথাবোৰেই তাক বহুত দুখ দিছিল । আগতে সি মাক,দেউতাকৰ বেমাৰ হ'লে কান্দি আছিল । কাৰন সি মাক দেউতাকৰ অবিহনে কাৰো কথাই ভাৱিব নোৱাৰে । এবাৰৰ কথা
তাৰ মাক তিনিদিন মান ধৰি জ্বৰত বিচনাতে পৰি আছিল । মাকৰ মুখ খন সেতা পৰি গৈছিল । মাকৰ তেনে ৰূপ দেখি সি নিজৰ ৰুমত উচুপি উচুপি কান্দিছিল । তাকে দেখি দেউতাক তাৰ কোঠাত সোমাই গৈছিল ।
- কি হল নিয়ৰ ? কেলৈ কান্দিছ ?
- মাৰ বেমাৰ ভালে হোৱা নাই দেখোন ।
- হ'ব হ'ব , জ্বৰ হে । অহ বুজিলো কথা এটা ।
- কি কথা দেউতা ?
- তই মাৰক মোতকৈ বেছি ভাল পাৱ ন ! হ'ব দে মই মৰিলে ও কথা নাই ন ।
- কেতিয়া কলো মই তেনেকৈ ! তোমালোক অবিহনে মই আধৰুৱা অ দেউতা ।
নিয়ৰৰ কথা শুনি মাষ্টৰে খুব জোৰকৈ হাহিছিল । আৰু পত্নী থকা ৰুমলৈ গৈছিল ।
- হেৰা , শুনিছা তোমাৰ ল'ৰা ৰ কথা ?
- কি হল নো , ইমান কৈ হাহিছে ?
- তুমি ভাল নহবা বুলি সি ৰুমত গৈ কান্দি আছে । কি যে হ'ব নহয় এই লৰাটোৰ পৰা ।
- কি ! সোণ , ঐ সোণ চাও এইফালে আহছোন । কি যে হ'ব ল'ৰা ডাঙৰ হ'ল , তথাপি আচৰণ বোৰ সৰু ল'ৰা ৰ নিচিনা হৈ আছে দেখোন ।
- কি হল কোৱা !
মাক বিচনাতে উঠি বহিছিল ।
- চাও এইফালে আহচোন । কিয় কান্দিছ ?
- অ ইমান ডাঙৰ ল'ৰা ই কান্দে অ।
দেউতাকে তাক জোকাইছিল ।
- তুমি কি বুজিবা , মই হে জানো মোৰ কিমান দুখ লাগিছে ।
- কিয় সোণ ?
- তোমালোক অবিহনে মই নোৱাৰিম অ মা । তোমালোক মোৰ ভগবান ।
- মোৰ একো হোৱা বুজিলি । মই ভাল পাইছোঁ মাত্ৰ গাটো দুৰ্বল হৈ আছে ।
- তুমি এনেকৈ শুই থাকিলে মোৰ কিবা ভাল লাগে নেকি ? অহ , দেউতা পইচা দিয়া ।
- কিয়
- মই এতিয়া মাংস আনিম , মায়ে বনাব লাগিব ।
- বাহ: মাকৰ বেমাৰৰ স্ফুৰ্তিত সি মাংস খাৱ সি দেখিছা ।
- কি ! হয় নেকি ? ঠিক আছে নাখাও , আৰু কেতিয়াও মাংস নাখাও ।
নিয়ৰে খং কৰাৰ নিচিনা ওলাই গ'ল ।
- হেৰি ল'ৰাটোক নো কিয় এনেকৈ জোকাই থাকে ।
- তাক নোজোকাই নো জোকাম আৰু কাক ! সি একমাত্ৰ আমাৰ সপোন । সোণ ঐ সোণ বল আজি দুটাই বজাৰৰ এপাক আহো ।
এখন মৰমৰ ঘৰ আজি শেষ হৈ গ'ল । আৰু কেতিয়াও উভতি নাহে নিয়ৰৰ জীৱন লৈ এই দিনবোৰ । তাৰ জোৰকৈ কান্দিবলৈ মন গৈছিল । কিন্তু নোৱাৰে আজি । কাৰন সি গাড়ীত আহি আছিল ।
সি হাইস্কুলত পঢ়ি থকা দিনৰ কথা । এদিন সি দেউতাকৰ জেপৰ পৰা এশ টকীয়া নোট এখন চোৰ কৰিছিল । নিয়ৰৰ দেউতাক মানে মাষ্টাৰ পইচা পাতিৰ হিচাপত সদায় সজাগ । এটকা ৰ পৰা লাখ লৈ । কাৰন কষ্টৰ পইচা । স্কুলত যাৱৰ সময়ত নিজৰ পেকেটত থকা পইচা কেইটা সদায় এবাৰ আকৌ হিচাপ কৰি লয়। সেইদিনা জেপত আছিল চাৰিশ টকা । কিন্তু এতিয়া আছে তিনিশ টকা ।
- হেৰা, অঞ্জলী শুনাচোন ।
- কি কওক ।
- মোৰ জেপত কালি চাৰিশ টকা আছিলে । কিন্তু এতিয়া যে চাও তিনিশ টকা হে আছে । এশ টকা কি হল !
- এশ টকা কি হল মানে ৰব কালি আবেলি সোণে আপোনাৰ জেপ খুচৰি আছিল তেন্তে তাক সুধিব লাগিব ।
- কি ! সি চোৰ হ'ল । মাতা তাক
- সোণ , ঐ সোণ চাও এইফালে আহ , তোক দেউতাই মাতিছে ।
ভয় ভয় কৈ সি আগুৱাই আহিছিল । সি গম পাইছিল যে দেউতাকে পইচা চুৰি কথাটো গম পাইছে ।
- হেৰি সোণক কিন্তু একো নকৰিব দে ।
- তুমি মনে মনে থাকাচোন অঞ্জলি ।
- নিয়ৰ !
সি নিজে আহি দেউতাকৰ ওচৰত আঠু কাঢ়ি বহি ল'লে । আৰু হাত দুখন ৰে কানত ধৰিলে । মাকৰ বুকু খনত যেন লোকে খুন্দা মাৰি ধৰিছিল ।
- তাৰ মানে তই !
- অহ, দেউতা তোমাৰ জেপৰ পৰা মই এশ টকা চোৰ কৰিছিলোঁ ।
- কি ! চি: চি: তোক মই এইবোৰ আশা কৰা নাছিলোঁ নিয়ৰ । মই ভাৱিছিলো ভাল হৈ মোৰ নাম উজ্বলাবি , কিন্তু তই এয়া , ঐ কি দিয়া নাছিলোঁ মই তোক । ঠিক পইচা লাগে ! মই মাৰক ক' , মোক বিচাৰ । কিন্তু ,,,,,,
- দেউতা মই ভুল কৰিছোঁ মোক সাস্তি দিয়া ।
- সোণ তই পইচাটো কি কামত খৰছ কৰিলি ক'
মাকে কৈছিল ।
সি মুখেৰে মতা নাছিল ।
- ক' সোণ , তই এনে কাম কৰিলে দেউতাই আঘাট পাব নহয় । ক'
সি লাহে লাহে উঠিছিল আৰু তলমূৰকৈ সি কব ধৰিছিল ।
"কালি স্কুলত মোৰ ভাল বান্ধৱী , মোৰ সহপাঠী কাবেৰী ক লক্ষ্য কৰিছিলোঁ । তাই যেন ক্লাছত মন বহাব পৰা নাই । প্ৰতিটো ক্লাছত তাই অন্যমনস্ক । আৰু প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি তাই ছাৰৰ পিটন ও খাইছে । যিহেতু আমি শ্ৰেণীকোঠাত একে খন বেঞ্চতে বহো মই তাক ভালকৈ বুজি পাও । হাহি মুখে থকা ছোৱালী জনীৰ , পঢ়াত ভাল ছোৱালী জনীৰ নিশ্চয় কিবা এটা হৈছে ।( Assamese Storyboard )
আমাৰ জিৰণিৰ সময় , সকলো লৰা ছোৱালী হাহি - স্ফুৰ্তি ,খেল- ধেমালি কৰাত ব্যস্ত । কিন্তু তাই আমাৰ স্কুলৰ চৌহদৰ তলত বহি আছিল । মই তাইক দেখি তাইৰ ওচৰলৈ গলো ।
- কাবেৰী
- অহ নিয়ৰ ।
- বহিব পাৰিম নে ?
- পাৰিবা , বহা
- কি হৈছে তোমাৰ ? কিয় এনেকৈ মন মাৰি আছা ?
- মাৰ বেমাৰ ।
- অহ, কি হৈছে মাৰ ?
- কালিৰে পৰা ভীষণ জ্বৰ ।
- বাৰু কিবা খালা নে তুমি ?
- একো নাই খোৱা ।
- ঠিক আছে , মোৰ টিফিনটো খোৱা ।
- নাই নালাগে ।
- কিয় ?
- এনেই ।
- মই তোমাৰ বন্ধু হও নে ?
- উম ।
- তেন্তে খাৱ লাগিব ।
নিয়ৰে জোৰ কৰাৰ পাছত কাবেৰীয়ে খাইছিল । বৰ তৃপ্তি ৰে খাইছিল নিয়ৰৰ মাকে বনাই দিয়া ৰুটি আৰু আলু ভাজি । বেছেৰী য়ে চাগৈ ৰাতিপুৱা একো খোৱা নাই ।
- কাবেৰী মায়ে ভালপোৱা নাই নেকি ?
- নাই পোৱা ।
- ঔষধ খাইছে নাই ?
- নাই ।
- কিয় ?
- হাতত জমা পইচা নাই । তথাপি কালি মই অভিজিৎ দাৰ ফাৰ্মাচী ত বাকি ত ঔষধ বিচাৰি গৈছিলো । কৈছিলো মায়ে পইচা পালে দিম । কিন্তু নাই সি হেনো বাকি দিব নোৱাৰে ।
নিয়ৰৰ অভিজিৎ লৈ খং উঠিছিল । সিহঁতে মানুহ চিনি নাপায় । এই খাতি খোৱা মানুহে কাৰো পইচা নাখায় । সিহঁতে বাকি , আৰু ধাৰক ভয় কৰে । এসাজ নাখায় ও সিহঁতে পইচা দিব । আচলতে কাবেৰী ৰ দেউতাক নাই , তাই সৰু থাকোঁতেই ধুকাইছে । ঘৰখনত তাইৰ কনমানি ভায়েক , তাই আৰু মাক । মাকে অইনৰ ঘৰত কাম কৰি ঘৰ খন কোনো মতে চলাইছে । কাবেৰী ৰ অৱস্থা দেখি নিয়ৰৰ হৃদয় খনে হাহাকাৰ কৰি উঠিছিল ।
আৰু সেইকাৰণে আবেলি মই তোমাৰ জেপৰ পৰা এশ টকা চোৰ কৰি কাবেৰী ৰ মাকক ঔষধ কিনি দি আহিছোঁ । এই অপৰাধ ত তুমি মোক কি সাস্তি দিয়া ,দিয়া দেউতা মই গ্ৰহন কৰিম । "
- তোক মই ! তোক মই এনেকুৱা সাস্তি দিম নহয়
দেউতাকৰ চিঞৰ শুনি মাক আৰু নিয়ৰে খুব ভয় খালে । দেউতাকৰ এনে ৰূপ সিহঁতে কাহানিও দেখা নাই । নিয়ৰৰ বুকু খন ধপ ধপ কৰিব ধৰিলে ।
- হেৰি ইমান খং কৰিছে কিয় ।
- তুমি মনে মনে থাকা । চোৰক মই ঘৃনা কৰো । কিন্তু
দেউতাক তাৰ ফালে আগুৱাই অহা দেখি সি কপিছিল । ভয়ত জীৱ উৰি যাওঁ যাও অৱস্থা তাৰ ।দেউতাকে তাক জোৰকৈ তানি নি বুকুৰ মাজত হেচি ধৰিছিল আৰু কৈছিল ।
- এনেকুৱা চোৰক মই সন্মান কৰোঁ । এনেকুৱা চোৰক লৈ মই গৰ্ব কৰোঁ ।
মাকৰ দুচকুৰে আনন্দৰ চকুপানী বৈ আহিছিল ।
- মই মানুহ ক সহায় কৰি ভালপাও ,মাৰ ই ভালপায় আৰু আজি মোৰ ল'ৰা মোৰ আদৰ্শৰে বাট বুলিছে মোক আৰু কি লাগে ।হেৰা ওলোৱা ।
- কলৈ ?
- এবাৰ কাবেৰী ৰ মাকৰ খৱৰ লৈ আহো । মানুহ জনী ভাল পাইছে নে নাই । আৰু ল'ৰা ছোৱালী দুটালৈ কিবা কিবি অলপ লবা , কি খাইছে কি নাই খোৱা জানো সিহঁতে !
- হ'ব মই লম বাৰু ।
নিয়ৰৰ এয়াই গৌৰৱ , যিকোনো মানুহৰ বিপদত তাৰ মাক দেউতাক সাহস হৈ থিয় দিয়ে
। সিহঁত কাবেৰী হতৰ ঘৰলৈ আহিলে । কাবেৰী নিয়ৰক দেখি উৎফলিত হ'ল ।
- হাৰে নিয়ৰ , তুমি আমাৰ ঘৰত !
- মই অকলে নহয় , মা দেউতা ও আহিছে ।
- কি !
- অ মা , মা ওলাই আহা ।কোন আহিছে চোৱা আমাৰ ঘৰত !
কাবেৰী ৰ মাকে চাদৰৰ আচলত হাত খন মছি মছি ওলাই আহিছিল ।
- কোন অ মাজনী ?
- মা এয়া নিয়ৰ , কালি যে তোমাৰ ঔষধ আনি দিছিলে ।
- অহ , সোণটো , তোমাৰ কাৰনে আজি মই সুস্থ হ'লো ।
- বৰ মা , এয়া মোৰ মা আৰু দেউতা ।
- হে প্ৰভু আজি আমাৰ ঘৰত সচাই ভগবান আহিছে ।
কাবেৰীৰ মাকৰ কথাত মাষ্টৰে ক'লে ।
- মানুহ কেতিয়াও ভগবান হ'ব নোৱাৰে । আমি তেওঁ ৰ গোলাম হে । তেওঁ যি আদেশ দিয়ে আমি তাকে কৰোঁ ।
- আহক ভিতৰলৈ আহক ।
- নাই হ'ব বাহিৰতে বহিম দিয়ক । কাবেৰী এইখেনি লোৱা ।
নিয়ৰৰ মাকে কৈছিল ।
- নহয় , মানে আমাৰ ঘৰত চকী নাই । বিচনাতে বহিব লাগিব ।
- হ'ব হ'ব একো নাই বলক ।
আটায়ে ভিতৰলৈ সোমায় গ'ল । এটা জুপুৰি ঘৰ । অতি ঠেক কোঠা । তথাপি ও সাধ্য অনুযায়ী বৰ সুন্দৰকৈ কোঠাটো সজোৱা আছে । নিয়ৰ আৰু দেউতাক বিছনা খনতে বহিলে । নিয়ৰৰ মাক , কাবেৰী আৰু কাবেৰী ৰ মাক পাকঘৰত সোমাল ।
এয়াই নিয়ৰৰ দেউতাক আৰু মাকৰ মানবীয়তা । কিন্তু দুখ লাগে তেখেত সকলে বেলেগে দুখত থিয় দি ও আজি হাৰি গ'ল । নিজৰ বিপদৰ দিনা অকলশৰীয়া হৈ ৰল ।
ইতিমধ্যে গাড়ী আহি থানা পালে ।নিয়ৰ নামি আহিলে । আৰু চিধাই থানাৰ ভিতৰলৈ সোমায় গ'ল । বৰুৱাই নিজৰ ৰুমত ব্যস্ত আছিল । তেনেতে নিয়ৰক সন্মুখত তেনে ৰূপত দেখি বৰুৱা আচৰিত হ'ল । তাৰমানে বৰুৱা ই বুজি উঠিলে যে নিয়ৰৰ মাক ধুকাল ।বেচেৰা আজি চুৰিয়া খন আৰু খালি গাৰে থাকিব লাগিব ৰুমত । বৰুৱাই আৰু নিয়ৰক একো নুসুধিলে । কাৰন বৰুৱাই সকলো বুজি উঠিছে । তাক আৰু দুখ দিব নিবিচাৰিলে । নিয়ৰ ভিতৰত সোমায় গ'ল । লগে লগে বৰ্মন সোমায় আহিল । বৰ্মন
- চৰি ছাৰ । নিয়ৰৰ মাক ধুকাল ।
- গম পাইছোঁ ।এটা কাম কৰক এই পইচা খিনি লওক । কাইলৈ ৰাতিপুৱা নিয়ৰক বুট , ফল ইত্যাদি আনি দিব ।আৰু শুনক নিয়ৰৰ ভাত আজিৰ পৰা সম্পূৰ্ণ ৰীতি নীতিৰ মাজেৰে দিব আদেশ দিব ।
- হ'ব ছাৰ ।
তেনেতে বৰুৱাৰ ফোন টো বাজি উঠিল ।
- হেল্ল'
-,,,,,,,,,,,,,,
- কি ! ডেড বলি
- ,,,,,,,,,,,,,,,,,,,,
- এজনী ছোৱালী ৰ !
- ছাৰ
- বৰ্মন , আকৌ এটা ডেড বদি ওলাইছে , কোনোবা ছোৱালী ৰ হেনো !
ক্ৰমশঃ © ৰাগ ৰঞ্জন
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7
(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment