ৰিংকুয়ে এনেদৰে পাৰ্টি এৰি যোৱাটো স্বাতিৰ ভাল নালাগিল। তাই নিজৰ ৰুমত বহি এইবোৰেই ভাবি আছিল। তেনেকুৱাতে তাইৰ সম্পৰ্কীয় ভায়েক ৰাজু আহিল(হয়, সেইজন ৰাজু যিয়ে ৰিয়াৰ হাতৰ পৰা মাৰ খাইছিল।)( Assamese Storyboard )
ৰাজু: কি কৰিছা বাইদেউ?
স্বাতি : একো নাই অ।
ৰাজু: মোৰ মতে তোমাৰ মন বেয়া।
স্বাতি: তোমি ঠিকেই কৈছা ।
ৰাজু: কি হল কথাটো কোৱাচোন।
স্বাতি: ৰিংকু।
ৰাজু: ৱাহ!বাইদেউ বয়ফ্ৰেণ্ড। এই ৰিংকু কোন হয়? তোমাৰ লগত কলেজত আছিল যে সেইজন নহয় জানো।
স্বাতি: অ সেইজনেই হয়।
ৰাজু: কিন্তু তেওঁ তো তোমাক গুৰুত্বই নিদিয়ে।
স্বাতি: গম পাওঁ কিন্তু সি এতিয়াও ছিংগেল আৰু মই তাক বিচাৰো।
ৰাজু: তেন্তে সমস্যা কি?
স্বাতি: ৰিয়া।
তেতিয়া ৰাজু অলপ আচৰিত হল,"এক মিনিট বা, ৰিংকুৰ কোনোবা ভাইটি ও আছে নেকি?"
স্বাতি : অ এটা আছে বেদান্ত, তোমাৰ কলেজতেই পঢ়ে।
ৰাজু: তেন্তে এইজনী ৰিয়া তাইয়েই হয়। বা , তুমি চিন্তা কৰিব নালাগে। এই ৰিয়াজনীটো অনবৰতে বেদান্তৰ লগত লাগি থাকে।
স্বাতি: কিন্তু পৰিয়ালৰ মানুহে ৰিয়াক ৰিংকুৰ লগত চেটেল কৰিব বিচাৰে।
ৰাজু: চিন্তা নকৰিবা, ৰিয়াৰ লগত মোৰো অলপ হিচাপ বাকী আছে। তুমি মাত্ৰ ৰিংকুক নিজৰ কাষত ৰাখিব চেষ্টা কৰা।
স্বাতি: যোৱাকালি তাকেইটো কৰিছিলোঁ। ৰিংকুৰ বাবেই পাৰ্টি ৰাখিছিলো কিন্তু সি গুচি গল।
ৰাজু: চিন্তা কৰিব নালাগে বা, তেওঁ পাৰ্টি পছন্দ নকৰে যদি ব্যক্তিগতভাৱে লগ ধৰা।
স্বাতি: তুমি ঠিকেই কৈছা।
কলেজত দ্বিতীয় মহলাত ৰিয়াক অকলে দেখি ৰাজু তাইৰ ওচৰলৈ গল।
ৰাজু: হাই ৰিয়া , তুমিতো বহুত টেঙৰ দেই।
ৰিয়া: মোক ৰাস্তা এৰি দিয়া।
ৰাজু: কিয় এৰিম? অলপ সময় মোৰ লগতো কথা পাতি লোৱা।
ৰিয়া: মই কৈছো মোৰ ৰাস্তা এৰি দিয়া।
ৰাজু: কিয় কি ভুল কলো মই? একেলগে দুইজন ককাই ভাইক পতাইছা। আমাকো সুযোগ দিবা কেতিয়াবা আমিও কম নহয়।
ৰিয়াই খঙেৰে তাক আঙুলি টুৱাই কলে," তোৰ নিচিনা মানুহবোৰে সকলো ঠাইতে লেটেৰাই দেখি পায় কিয়নো তোৰ গোটেই চিন্তাধাৰা বোৰ লেতেৰা । মই কি কৰোঁ নকৰো তাৰ হিচাপ ৰখাৰ তোৰ কোনো দৰকাৰ নাই।"
ৰাজুয়ে তাইৰ হাটখনত খামুচি ধৰি কলে," হিচাপ তো ৰাখিবই লাগিব ন বেবী, হিচাপ পোৰা কৰিব লাগিব যে।"
ৰিয়াই হাতখন এৰুৱাবলৈ তাক ঠেলা মাৰিব বিচাৰিলে কিন্তু সি বহুত জোৰেৰে তাইক ধৰি আছিল। এই টনা আজোৰাত ৰিয়াই নিজৰ সন্তুলন হেৰুৱাই চিৰিৰ পৰা তললৈ পৰি গল। তাইক এনেকৈ পৰি যোৱা দেখি ৰাজু তাৰ পৰা পলাই গল।
আকস্মিকভাৱে সেই সময়ত অজিত( কেণ্টিনৰ ষ্টাফ) অফিচত চাহ দি কেণ্টিনলৈ উভতি গৈছিল। সি কোনোবাই চিঞৰা শুনি সেইফালে দৌৰি গৈ তেজেৰে লুতুৰী পুতুৰী হৈ তলত অচেতন হৈ পৰি থকা ৰিয়াক দেখা পালে। সি দৌৰি কেণ্টিনত বহি থকা বেদান্তৰ ওচৰলৈ গল," বেদান্ত দা... ৰিয়া... বা চিৰিৰ তলত অচেতন হৈ পৰি আছে।"
উৰ্মি আৰু বেদান্ত তালৈ দৌৰি আহিল। তেতিয়ালৈ বহুত মানুহ গোট খালে তাত। ৰিয়াক দেখি সি তাইক কোলাত দাঙি ললে আৰু বিতুক গাড়ী উলিয়াবলৈ কলে। উৰ্মিয়ে ৰিয়াৰ এই অৱস্থা দেখি ভয় খালে।
"ৰিয়া চকু মেলা , তোমাৰ একো নহয়। মই তোমাক একো হবলৈ নিদিওঁ।" বেদান্তই এনেদৰে কৈ কান্দিব ধৰিলে।
বিতুৱে সোনকালে গাড়ী লৈ আনিলে আৰু তেওঁলোক ৰিয়াক লৈ হস্পিটেল পালেগৈ। ওচৰতে থকা চিটি হস্পিটেলত তাইক ভৰ্তি কৰালে। সেইখন হস্পিটেলত ডাক্তৰ জাকিৰ আছিল যি বেদান্তৰ দেউতাকৰ ভাল বন্ধু আৰু সিহঁতৰ পৰিয়ালৰ ডাক্তৰো তেওঁৱেই হয়।
তেওঁ যেতিয়া ৰিয়াক এনে অৱস্থাত দেখিলে বেদান্তক সুধিলে," এইবোৰ কেনেকৈ হল?"
বেদান্ত: খুড়া, ৰিয়া চিৰিৰ পৰা তলত পৰি গল।
ৰিয়াৰ অৱস্থা দেখি ডাক্তৰে নাৰ্ছক কলে," নাৰ্ছ ও.তি ৰেডি কৰা সোনকালে।" আৰু ৱাৰ্ড বয় জনক ৰিয়াক ভিতৰলৈ লৈ যাব কলে।
তাৰ পাছত ডাক্তৰে বেদান্তক কলে," তুমি তোমাৰ দেউতা আৰু ৰিংকুক ফোন কৰা। ৰিয়াৰ স্বামী হোৱাৰ বাবে ৰিংকু ইয়াত থকাটো জৰুৰী। মই অপাৰেচনৰ তৈয়াৰী কৰোঁ। ৰিংকু আহিলে কাগজৰ কামবোৰ কৰি লবা।" তেওঁ অপাৰেচন ৰুমত সোমাল।
ঘৰুৱা ডাক্তৰ হোৱাৰ বাবে তেওঁ ৰিয়া আৰু উৰ্মিৰ কথা সকলো জানিছিল। তাত বেদান্তৰ লগতে কলেজৰ আৰু কেইজন মান ষ্টুডেন্ট আছিল। ডাক্তৰৰ কথা শুনি তেওঁলোকে বেদান্তৰ ফালে চালে। উৰ্মি আৰু বিতুৱে তেওঁলোকক শান্ত হবলৈ ইঙ্গিত দিলে।
বেদান্তই ৰিংকুক ফোন কৰিলে। ৰিংকু সেই সময়ত দেউতাকৰ লগত মিটিংত আছিল। সি ফোনটো ৰিচিভ নকৰিলে। কিন্তু পুনৰ বেদান্তই ফোন কৰাত দেউতাকে ফোনটো ৰিচিভ কৰিবলৈ কলে।
ৰিংকুয়ে ফোনটো ৰিচিভ কৰাৰ লগে লগে বেদান্তই কান্দি কান্দি কলে," দাদা.... ৰিয়া..."
ৰিংকু: ভাইটি কি হল ৰিয়াৰ? তুমি কিয় কান্দিছা?
বেদান্ত: দাদা, ৰিয়াৰ.... এক্সিডেন্ট..হৈ গল।
ৰিংকু থিয় হৈ গল," কেতিয়া কেনেকৈ আৰু এতিয়া কেনে আছে তাই?"
ৰিংকুক চিন্তাত দেখি দেউতাকৰো চিন্তা হল।
বেদান্ত: দাদা, তাই এতিয়া.. অচেতন হৈ আছে। ডাক্তৰ জাকিৰ খুড়াই... অপাৰেচনৰ বাবে ভিতৰলৈ লৈ গল তাইক।
ৰিংকু: চিটি হস্পিটেলত আছা নেকি তোমালোক?
বেদান্ত: অ দাদা।
অমৰ: ৰিংকু কি হল ৰিয়াৰ?
ৰিংকু: পাপা, ৰিয়া চিটি হস্পিটেলত ভৰ্তি হহৈ আছে। তাইৰ এক্সিডেন্ট হল।
সি মিটিং ৰুমৰ পৰা হস্পিটেললৈ ওলাই গল।
দেউতাকেও সকলোকে ক্ষমা বিচাৰি মিটিং বাতিল কৰি ৰিংকুৰ পিছে পিছে গল।
দুয়ো হস্পিটেল গৈ পোৱাত বেদান্তই ৰিংকুক সাৱটি ধৰি কান্দিলে," দাদা, ৰিয়া..."
ৰিংকু নিজেই আচৰিত হল। সি কি কব কি নকব একো বুজি পোৱা নাই। সিহঁতৰ এই যাত্ৰা আৰম্ভ হৈছিলহে আৰু এতিয়া এইবোৰ। তাৰ চকুলো নিগৰি আহিবলৈ প্ৰস্তুত আছিল। কিন্তু সি বহুত টেঙৰ কৰি চকুলো লুকাই ৰাখিলে।
ৰিংকুয়ে বেদান্তক সান্তনা দি কলে," একো নহয় আমাৰ ৰিয়াৰ ,আমিবোৰ আছোঁ নহয় তাইৰ লগত।"( Assamese Storyboard )
অমৰেও তাৰ মূৰৰ ওপৰত হাত থৈ দিলে। তেতিয়া কল্পনাও আহি পালে তালৈ।
"কত আছে মোৰ মাজনী? এইবোৰ কেনেকৈ হল বেদান্ত? কত আছিলা তুমি সেই সময়ত? তাইক অকলে কিয় এৰিলা? তাই তোমাৰ দায়িত্ব আছিল যেতিয়া এইবোৰ কেনেকৈ হব পালে?" বেদান্তৰ ওপৰত খং কৰি কলে।
বেদান্তই কান্দি কান্দি কলে," চ'ৰি মা, তাই লাইব্ৰেৰীত কিতাপ জমা কৰিবলৈ গৈছিল। মই কৰি দিম বুলি কৈছিলো। কিন্তু তাই কলে আৰু কিতাপ লবলৈ আছে আৰু কেনেকৈ তাই গৈ দ্বিতীয় মহলাত পালে নাজানো।"
উৰ্মি আগবাঢ়ি আহি মাকক চম্ভালিলে। সকলো অপাৰেচন ৰুমৰ বাহিৰত আছিল। তেতিয়া দুৱাৰ খুলি ডাক্তৰ জাকিৰ বাহিৰলৈ ওলাই আহিল। সকলোৱে তেওঁৰ ফালে চালে।
অমৰক দেখি ডাক্তৰে তেওঁক সাহস ৰাখিবলৈ ইংগিত দি কলে," বেদান্ত কত আছে?"
বেদান্ত: মই ইয়াত আছোঁ খুড়া।
জাকিৰ: বেদান্ত সোনকালে ব'লা, ৰিয়াৰ বহুত তেজ গৈছে তাইক তেজ দিব লাগিব এতিয়াই।
ৰিংকু: তেন্তে আপুনি সোনকালে তাইৰ তেজৰ গ্রুপৰ তেজ যোগাৰ কৰক।
জাকিৰ: সেইবাবেইটো বেদান্তক লগত লৈ গৈছো। সোনকালে ব'লা বেদান্ত।
ডাক্তৰে বেদান্তক লগত লৈ ভিতৰলৈ লৈ যোৱাত অমৰে কলে," ডাক্তৰ জাকিৰ আমাৰ ফেমিলি ডাক্তৰ হয় গতিকে তেওঁ আমাৰ সকলোৰে তেজৰ গ্ৰুপ কি জানে।"
ৰিংকু: কিন্তু দেউতা ৰিয়াৰ তেজৰ গ্ৰুপ।
অমৰ: বেদান্ত আৰু ৰিয়াৰ তেজৰ গ্ৰুপ একেই হয় সেইটো কথা ডাক্তৰে গম পায়। তেওঁ সৰুতেও ৰিয়াৰ চিকিৎসা কৰিছে।
তেতিয়া উৰ্মিয়ে কলে," সেইবাবেইটো দুয়োৰে মাজত ইমান গভীৰ সম্বন্ধ আছে।"
কিছুসময় পাছত বেদান্ত বাহিৰলৈ আহিল আৰু মাকৰ হাতত ধৰি তেওঁৰ ওচৰত বহি কলে," মা, ৰিয়া ভাল হয় যাব নে?"
কল্পনাই তাৰ চকুলো মোহাৰি কলে," মনে মনে থাকা। আমাৰ ৰিয়াৰ একো নহয়। ভগৱানে তোমাৰ ৰিয়াক এনেদৰে তোমাৰ পৰা আঁতৰ কৰিব নোৱাৰে।"
কিছুসময় পাছত ও.তিৰ লাইট বন্ধ হল। ডাক্তৰ বাহিৰলৈ আহিল আৰু অমৰৰ ওচৰত বহি কলে," চিন্তা কৰিবলগীয়া কোনো কথা নাই। মূৰত দুখ পোৱা বাবে অলপ তেজ ক্ষতি হল। আৰু সো ভৰিৰ গেৰুৱাটোত অলপ ফ্ৰেক্সাৰ হৈছে। এতিয়া সকলো ঠিকেই আছে।"
অমৰ: তাইৰ কেতিয়ালৈকে চেতনা ঘূৰি আহিব?
ডাক্তৰ: কাইলৈ ৰাতিপুৱা।
অমৰ: তাইক লগ কৰিব পাৰিম নেকি আমি?
ডাক্তৰ: হয়, তাইক ৰুমলৈ শ্বিফ্ট কৰিম এতিয়া ,তাৰ পাছত এজন এজনকৈ গৈ চাই আহিব আৰু ঘৰত গৈ আৰাম কৰক। ইয়াত ৰিংকু নতুবা বেদান্ত কোনোবা এজন থাকিব। আৰু মইতো আছুৱেই , তাতে আকৌ মোৰ নাইট ডিউটি। আপোনালোকে চিন্তা কৰিব নালাগে।
সকলোৰে আগত কল্পনাই বেদান্তক পঠিয়ালে। বেদান্তই ৰিয়াক এই অৱস্থাত বেছি দেৰি চাই থাকিব নোৱাৰিলে। সি সোনকালে বাহিৰলৈ ওলাই আহিল। তাৰ পাছত এজন এজনকই ৰিয়াক চাবলৈ গৈ থাকিল।
ৰিংকুয়ে ৰিয়াৰ হাতত ধৰি কলে," ৰিয়া, এনেদৰে মোক ভয় খুৱাব নালাগিছিল। মোৰ কি অৱস্থা হৈছে মই কাক কেনেকৈ কম? মাত্ৰ তুমি সোনকালে ভাল হয় যোৱা। ইমান কষ্টৰে তোমাক পাইছো। তোমাৰ অবিহনে মই একোৱেই নহয় এতিয়া।" তাইক লাহেকৈ মূৰত চুমা এটা আঁকি তাইৰ হাতত ধৰি তাতেই বহি থাকিল
তেতিয়া কোনোবাই তাৰ কান্ধত হাত থলে। সি ঘূৰি চাই দেখিলে বেদান্ত। কান্দি থকাৰ বাবে তাৰ চকু ৰঙা পৰি গৈছিল।
"দাদা, মা -পাপাক বুজাই মই ঘৰলৈ পঠিয়াই দিলো। উৰ্মিও তেওঁলোকৰ লগতেই গৈছে। আজি ৰাতি উৰ্মি আমাৰ ঘৰতেই থাকিব তেওঁলোকৰ লগত।"
ৰিংকুয়ে তাৰ অৱস্থাটো দেখি চিন্তা কৰি কলে," ভাইটি, তুমিও আৰাম কৰি লোৱা। এই মাত্ৰ তেজ দিছা দুৰ্বল লাগিছে চাগে। তুমিও ঘৰলৈ যাব লাগিছিল।"
বেদান্ত: নহয় দাদা, ৰিয়াক এনেকৈ এৰি মই যাব নোৱাৰিম।
ৰিংকু: ঠিক আছে তেন্তে ইয়াতেই আৰাম কৰা। মই অলপ পিছতে আহিম।
ৰিংকু বাহিৰলৈ ওলাই গল।
বাহিৰলৈ গৈ সি প্ৰথমে তাৰ চকুলো যেনেতেনে মহাৰিলে।তাৰ পাছত সি কেণ্টিনলৈ গল আৰু নিহাৰৰ ফোন আহিল।
নিহাৰ: ৰিংকু কত আছা তোমি? ইমান দেৰীৰ পৰা ফোন কৰি আছো কিয় উঠোৱা নাই?
ৰিংকুয়ে তাক চ'ৰি বুলি কলে,"
চ'ৰি নিহাৰ আমি এতিয়া হস্পিটেলত আছো ,হয়তো সেইবাবে মোবাইলট ইমান গুৰুত্ব দিয়া নাই।"
নিহাৰ: হস্পিটেলত কিয়?
ৰিংকু: ৰিয়াৰ এক্সিডেন্ট হৈ গল, তাইক লৈ আমি হস্পিটেলত আছো।
নিহাৰ: কি হল বৌৰ? এতিয়া তেওঁ ভালে আছে নহয়? মই যাম নেকি?
ৰিংকু: নালাগে দিয়া এতিয়া সকলো ঠিকেই আছে। ৰিয়াক ৰুমলৈ অনা হল। মা-পাপাক বুজাই ঘৰলৈ পঠিয়াই দিলো। এতিয়া মই আৰু বেদান্ত আছো ইয়াত।
নিহাৰ: বাৰু ঠিক আছে। মই যদি যাব লগা হয় তেন্তে মোক ফোন কৰিবা ।
ৰিংকু: ঠিক আছে কিন্তু তুমি ফোন কিয় কৰিছিলা?
নিহাৰ: কবলৈ পাহৰিলোয়েই, স্বাতিয়ে তোমাৰ ফোন নম্বৰ বিচাৰিছিল মই দি দিলো।
ৰিংকু: এতিয়া তাইৰ আকৌ মোৰ ফোন নম্বৰ কিয় দৰকাৰ হল?
নিহাৰ: নাজানো দেই, তাই কৈছিল তোমাৰ লগত কিবা কথা আছে বুলি।
ৰিংকু: এইজনী বাৰে বাৰে মোৰ পিছত কিয় পৰিছে? ৰিয়াইও তাইক পছন্দ নকৰে জানা।
নিহাৰ: এবাৰ কথা পাতি লোৱা, হয়তো কিবা কাম থাকিব পাৰে।
ৰিংকু:' বাৰু চাওচোন ' বুলি কৈ ফোনটো কাটি দিলে।
কিছুসময় পাছত সি ভিতৰলৈ আহিল। তাৰ হাতত জুচ আৰু কফিৰ কাপ এটা আছিল। ভিতৰলৈ চাই সি বেদান্তক ৰিয়াৰ ওচৰত বহি থকা দেখা পালে। বেদান্তই ৰিয়াৰ হাতত ধৰি তাইৰ মুখলৈকে চাই আছিল। ৰিংকুয়ে বেদান্তক জুচতো আগবঢ়াই দি নিজে কফিৰ কাপটো লৈ চ'ফাট বহি পৰিল।
বেদান্তইও উঠি আহি ৰিংকুৰ ওচৰত বহিল।
ৰিংকু: 'ভাইটি , মায়ে আজি প্ৰথমবাৰ খং কৰিলে ন তোমাক? বহুত বেয়া লাগিছে নহয়।'
বেদান্তৰ মূৰত হাত ফুৰাই কলে। যিয়েই হৈ যাওক লাগে ৰিংকুয়ে কিন্তু বেদান্তক বহুত মৰম কৰে।
বেদান্ত: নহয় দাদা, তেওঁ আমাৰ মা হয়। তেওঁৰ আমাক খং কৰাৰ অধিকাৰ আছে। অৱশ্যে মোৰেই ভুল আছিল। মই ৰিয়াক অকলে লাইব্ৰেৰীত যাব দিব নালাগিছিল। পাপাই এডমিছনৰ সময়ত কৈ দিছিল যে কলেজত আজিৰ পৰা ৰিয়া মোৰ দায়িত্ব। কিন্তু দাদা মই সেই দায়িত্ব পালন কৰিব নোৱাৰিলো আৰু আজি ৰিয়াৰ এইয়া অৱস্থা।" তাৰ চকুলো বৈ আহিল।
ৰিংকু: চিন্তা নকৰিবা ভাইটি, হৈ যায় কেতিয়াবা। তুমি এইবোৰ ইমান অন্তৰত নাৰাখিবা। অৱশ্যে লাইব্ৰেৰী গ্ৰাউণ্ড ফ্লৰত আছে ন ,তেন্তে ৰিয়া দ্বিতীয় মহলা কেনেকৈ পালেগৈ?
বেদান্ত: তাকেইটো দাদা মইও ভাবি আছো। আজি আমাৰ পৰীক্ষাৰ ৰুটিন আহিব লগা আছিল। হয়তো তাই সেইয়া সুধিবৰ বাবে তালৈ গৈছিল।
ৰিংকু: হব পাৰে, বাৰু তুমি এতিয়া অলপ আৰাম কৰা।
বেদান্তই 'ঠিক আছে দাদা' বুলি কৈ চকু মুদি দিলে। ৰিংকুয়েও উঠি আহি ৰিয়াৰ ওচৰত বহিল। সি ৰিয়াক চাব ধৰিলে। ৰিয়াৰ মুখখন হালধীয়া হৈ পৰিল। অচেতন অৱস্থাত থাকিও যেন তাইৰ চকুৱে দুখ প্ৰকাশ কৰিছিল।ইফালে বেদান্তই চকু মুদি কিবা ভাবি আছিল। হঠাৎ সি উৰ্মিক কিবা মেছেজ দি শুই গল। কবলৈ তো বিতু আৰু বিক্ৰম তাৰ বন্ধু কিন্তু সি উৰ্মিতকৈ বেছি কাকো বিশ্বাস নকৰে।
"বিশ্বাস" হয় এইটোৱেই তো প্ৰেমৰ আচল শক্তি আৰু তাৰ সফলতাৰ সঠিক চীন।
এই বিশ্বাস হয়তো উৰ্মি আৰু বেদান্তৰ মাজত আছিল কিন্তু ৰিংকু আৰু............
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah
(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment