ভাৰতৰ হৃদয় গাৱতেই বিলীন হৈ আছে,কিয়নো ভাৰতীয় সংস্কৃতি পৰম্পৰাবোৰ গাঁৱতেই আজিও সুন্দৰকৈ দেখিবলৈ পোৱা যায় ( Assamese Storyboard )।পৰ্বত-পাহাৰ,নৈ জান জুৰি, চাহপাতৰ বাগিচা,সেউজীয়া গছ গছনি,সোণালী ধাননী পথাৰ,হালধীয়া সৰিয়হঁৰ ফুলনি ডৰাই ভাৰতৰ গাঁৱবোৰক আৰু মনোমোহাঁ কৰি তুলে।গাঁৱতেই অকৃত্ৰিম মৰমৰ সম্বন্ধবোৰ দেখা পোৱা যায়।
কিন্তু কেইখনমান গাঁৱৰ অবিশ্বাস্য অথচ সত্য কাহিনী আগবঢ়ালো....
🏤ভাৰতৰ এখন গাওঁ য'ত আজিও ৰাম ৰাজ্যৰ বাস বুলি কোৱা হয়।মহাৰাষ্ট্ৰৰ আহমেদনগৰ জীলাৰ শনি শ্বিংগনাপুৰ গাঁৱত মানুহবোৰে সম্পূৰ্ণ সুৰক্ষিত হৈ বসবাস কৰি আছে।এই গাঁৱৰ মানুহৰ ঘৰবোৰত এখনো দৰ্জা নাই,আনকি দোকানতো দৰ্জা নাথাকে।ইয়াত বহুমূলীয়া বস্তুৰ সুৰক্ষাৰ বাবেও কোনোধৰণৰ তলা চাবি মাৰা ব্যৱস্থা নাই।ইয়াৰ মানুহবোৰে কোনোদিনে অসুৰক্ষিত অনুভৱ নকৰে,কাৰণ ইয়াত আজিলৈকে এটাও বস্তু চুৰি হোৱা নাই। আচলতে এই গাওঁ খনৰ মানুহ এটা ধাৰ্মিক আস্থাৰ লগত জড়িত হৈ আছে।শনি শ্বিংগনাপুৰ গাঁৱৰ মানুহখিনিয়ে বিশ্বাস কৰে যে এই ঠাইখিনিক শ্বয়ং ভগৱান শনিয়ে ৰক্ষা কৰে।
📕ভাৰতত এনে এখন গাওঁ আছে য'ত আজিও গাঁৱৰ প্ৰত্যেকজন মানুহে কেৱল সংস্কৃততহে কথা পাতে।আমাৰ দেশৰ আটাইতকৈ পুৰণি ভাষাটোৱে হৈছে সংস্কৃত।কৰ্ণাটকৰ মট্টুৰ গাঁৱত মানুহবোৰে প্ৰাচীন কালৰে পৰা এতিয়ালৈকে কেৱল সংস্কৃততেই কথা বতৰা পাতা উপৰিও পঢ়া শুনা কৰে।নদীৰ কাষত অৱস্থিত এই গাওঁ খনৰ মানুহখিনিয়ে সংস্কৃতক ভগৱানৰ ভাষা হিচাপে মান্য কৰি আহিছে।
🏛মন্দিৰৰ গাওঁ।ঝাৰখণ্ডৰ ডুমকা জীলাৰ অন্তৰ্গত চিকাৰীপাৰাৰ ওচৰৰ মালুতি গাঁৱক মন্দিৰৰ গাওঁ বুলি অভিহিত কৰা হয়।এই গাওঁ খনত যিফালেই যোৱা যায় সিফালেই মন্দিৰ দেখা পোৱা যায়।কোৱা বাহুল্য যে মন্দিৰবোৰ অতি প্ৰাচীন কালৰে পৰা আছে।মন্দিৰৰ সংস্যা অধিক হোৱাৰ বাবে এই ঠাইখিনিক গুপ্তকাশী আখ্যা দিয়া হৈছে।এই মন্দিৰবোৰৰ উচ্চতা ১৫ ফুটৰ পৰা ৬০ ফুটলৈকে।মন্দিৰৰ দেৱালবোৰত সুন্দৰ সুন্দৰ চিত্ৰৰে ৰামায়ন মহাভাৰতৰ কাহিনী বৰ্ণনা কৰিছে।
🏙এছিয়াৰ আটাইতকৈ পৰিস্কাৰ গাওঁ খন ভাৰততে অৱস্থিত।সেইখন হৈছে মেঘালয় ৰাজ্যৰ ম'উলিননঙ গাওঁ।যিখন ঠাইয়ে পা পৰিস্কাৰ ফালৰ পৰা ধৰি সাক্ষৰতাৰ দিশতো সুন্দৰ পৰিচয় দাঙি ধৰিছে।ইয়াৰ মানুহবোৰৰ সাক্ষৰতাৰ হাৰ এশ শতাংশ।এই গাঁৱৰ বেছিভাগ মানুহেই ইংৰাজীতহে কথা পাতে।( Assamese Storyboard )
🎭ভূত প্ৰেতৰ গাওঁ। ভাৰতৰ ৰাজস্থান ৰাজ্যৰ জৈছলমাৰ জীলাৰ কুলধাৰা গাঁৱক ভূত প্ৰেতৰ বাসস্থান বুলি কোৱা হয়।এসময়ত এই গাওঁ খনৰ মানুহে সুউব আনন্দৰে জীৱন নিৰ্বাহ কৰি আছিল।কিন্তু এদিন ভূতে অশান্তি দিবলৈ ধৰিছিল,আৰু ভয়তে গাঁৱৰ সকলো মানুহ তালি তোপোলা বান্ধি ঘৰ এৰি যাব লগা হৈছিল,যাওতে তেওলোকে অভিশাপ দি গৈছিল যে এই গাঁৱত আৰু কাহানিও মানুহৰ বসতি নহওক।যোৱা ১৭০ বছৰ ধৰি এই গাওঁ খন আজিও জনশূন্য হৈ পৰি আছে।
🎎ভাৰতত এনে এখন গাওঁ আছে য'ত বিয়াৰ আগতেই ছোৱালীক নিলামী কৰা হয়।উত্তৰ প্ৰদেশৰ জৌনপুৰ জীলাত বাস কৰা মমতা জনজাতীয়ে ছোৱালীৰ বিয়া বয়স হোৱাৰ লগে লগে ছোৱালীক বিয়াৰ বাবে নিলাম কৰি দিয়ে।যিজনী ছোৱালীৰ নিলামী অনুষ্ঠান পতা হয়,তাত সেই একে জনজাতীৰ ল'ৰাইহে অংশগ্ৰহণ কৰিব পাৰে।যিজন ল'ৰাই ছোৱালীজনীৰ বাবে অধিক মূল্য প্ৰদান কৰে তাকেই ছোৱালীজনীক বিয়া দিয়া হয়।
✍️ববিতা ডি. শৰ্মা
গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment