যেতিয়া এজনী ছোৱালীৰ জীৱনলৈ নামি আহে অমানিশা (খণ্ড ৫) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 8, 2021

যেতিয়া এজনী ছোৱালীৰ জীৱনলৈ নামি আহে অমানিশা (খণ্ড ৫) : Assamese Storyboard

Assamese Storyboard


লাহে লাহে তাই ঘৰৰ চৌহদ পাৰ হ'ল l কোনফালে গলে সুবিধা হব একোকে ধৰিব পৰা নাই l ৰাস্তাটোত আজি গাড়ী এখনো চলা নাই l আজি বন্ধ নেকি বাৰু ( Assamese Storyboard )l তথাপিও অলপ দুৰ আগুৱাই গ'ল l গাড়ী এখন তাইৰ চকুত পৰিল হঠাতে l তাই বেগেৰে গৈ দ্ৰাইভাৰ জনৰ কাষ পালেগৈ l তেওঁক দেখি তাইৰ চকু কপালত উঠিল l


মনু তুমি এনেদৰে ইয়াত l 

গৌৰৱ তুমি !

কিন্তু এনেদৰে আজি বন্ধৰ বাৰত কলৈ যাবা l তোমাৰ মুখখন দেখি লাগিছে তুমি যেন বহুত কষ্টত আছা l বিয়াহৈ তুমি সুখীনে l মানুহজন ভালেই চাগৈ l তোমাৰ দৰে এজনী জীৱন সংগী পালে কোনেনো মৰম নকৰাকৈ থাকিব l তুমি সুখীনে দিগন্তক পাই l 

মনশ্ৰী চকু চলচলিয়া হৈয়েই আছিল তাৰ কথাবোৰ শুনি তাই কান্দি উঠিল l


**********************************

ঘৰত মনশ্ৰী নাই বুলি জানিব পাৰি সকলোৰে মাজত হুৱাদুৱা লাগিল l দিগন্তই অলপ সময় পলম নকৰাকৈ গাড়ী চাবিটো লৈ ওলাই গ'ল l হঠাতে ৰাস্তাৰ কিনাৰত গাড়ীৰ লৰা এটাৰ লগত কথাহে পাতি থকা চকুত পৰিল l
মনশ্ৰীক পুনঃপ্ৰথমে এটা চৰ দি সেই ঠাইৰ পৰা চুচুৰাই লৈ আনি গাড়ীত বহুৱাই ঘৰলৈ লৈ আনে l

এই সকলো কান্দ দেখি গৌৰৱ আচৰিত হয় l এনেদৰে নিজ পত্নীক ব্যৱহাৰ কৰা জনৰ লগত মনু সুখী কেতিয়াও হ'ব নোৱাৰে l এইয়া মই কি কৰিলোঁ মনু তোমাক যন্ত্ৰণাৰে ভৰা সংসাৰ এখনলৈ ঠেলি দিলো l 
তাৰ মানে মনুএ সদায় শাৰীৰিক আৰু মানসিক অশান্তি ভোগি আহিছে l মানুহ ইমান নিষ্ঠুৰ হ'ব পাৰেনে l
মই মনুক সেই নৰকৰ পৰা কেনেকৈ উলিয়াই আনিম বাৰু l কিবা এটা কৰিব লাগিব অতি সোনকালে l নহলে তাই এইখন ঘৰত কেনেকৈ থাকিব l
**********************************
ঘৰলৈ নি মনুক বহুত বেয়াকৈ মাৰ ধৰ কৰিলে দিগন্তই l মনু অচেতন হৈয়ে পৰি থাকিল l বহুত সময় তাই মজিয়াত পৰি থাকিল কিন্তু দিগন্তৰ পৰিয়ালৰ কোনো এজন সদস্যই তাই তাৰ পৰা তুলি নিবলৈ সক্ষম নহল l চেতনা ঘুৰাই পাই সমগ্ৰ দেহত বিষ অনুভৱ কৰিলে l বহুতো চেষ্টা কৰিও তাই উঠিব পৰা নাই l বহু বাৰ চেষ্টা কৰা পিছত লাহেকৈ উঠি নিজৰ শুৱনি কোঠাটোত গৈ দুৱাৰখন বন্ধ কৰি ললেগৈ l
মই আৰু জীয়াই নাথাকো l আজি নিজকে শেষ কৰি দিম l মই কি ভুল কৰিলোঁ আজি এই শাস্তি পাব লগা হৈছে যে l গাত গোটেই তেজৰ চেকুৰা l শৰীৰত অত্যন্ত বিষ অনুভৱ কৰিছে l তথাপিও মাকৰ বাবে এখন চিঠি লিখি বিচনাৰ কাষতে অলপ লুকুৱাই ৰাখিলে যাতে তাই নোহোৱা হৈ গলে এই চিঠি খনৰ জৰিয়তে দিগন্ত আৰু তাৰ পৰিয়ালৰ সকলোৱে উচিত শাস্তি পাই l
মোক ক্ষমা কৰি দিবা মা l মইতো ইমান কায়ৰ নাছিলো তুমিতো আমাক কেতিয়াও বিপদৰ পৰা পলাবলৈ শিকোৱা নাছিলা l তথাপিও আজি মই হাৰ মানিলো নোৱাৰোঁ  আৰু যুঁজ দিবলৈ l মোৰ ক্ষমতা হেৰাই গ'ল মা l মই তুমি দিয়া শিক্ষাৰ উচিত মুল্য দিব নোৱাৰিলো l হাতত লৈ থকা ঔষধ বটলৰ গোটেই খিনি খাই দিয়ে l  ( Assamese Storyboard )


**********************************

কৰৱী প্লিজ পিক আপ দা ফোন l কি হ'ল কৰৱীয়ে ফোনটো ৰিচিভ কৰা নাই যে l গৌৰৱৰ খং উঠি আহিল l ইমানবোৰ মিছদ ক'ল দেখিও তাই ক'ল বেক কৰা নাই যে l আচলতে মানুহবোৰৰ হৈছে কি l মনু যে চেন্নাইত আছে খবৰটো সোনকালে দিব লাগিব মানসক l সি বেচেৰাতোৱে যে ক'ত ক'ত বিচৰা নাই মনুক l মাক জনীৰ বেমাৰ বেছি হৈছে চাগৈ সেয়ে ফোনটো ৰিচিভ কৰা নাই l 

দাদায়ে ফোন কৰিছিল তাক খবৰ দিয়াই নহ'ল l কিয় বা ফোন কৰিছিল l  মানস তুমি দাদালৈ ফোন এটা কৰিবা নেকি l সি বহুত বাৰ ফোন কৰিলে l মই ব্যস্ত থকাৰ বাবে ৰিচিভ কৰিব নোৱাৰিলোঁ

গৌৰৱ তুমি ফোন কৰিছিলা নেকি l মই অলপ ব্যস্ত আছিলো l মাৰ আজিহে কাম কাজবোৰ শেষ হৈছে l তুমি ক'ত আছা এতিয়া l নতুন ঠাই নতুন চাকৰিত তুমি চাগৈ বৰ ব্যস্ত l

মোক মাৰ খবৰ কিয় দিয়া নাছিলা l মই জনা হলে আজি মনুক এই খবৰ দিব পাৰিলো হয় l

কি আজি মনুক লগ পাইছিলা ! ক'ত কেনেকৈ l তাই ভালে আছেনে l ইমান দিনে তাই খা-খবৰ নাই আমি কিমান চিন্তাত আছো l মা জনীয়ে তাইক এবাৰ চোৱাৰ আশাৰে গুচি গ'ল l 

ৰ'বা মানস আগতে শুনি লোৱা l মনশ্ৰী নিজ ইচ্ছাৰে তোমালোকৰ খবৰ নোলোৱাকৈ থকা নাই অ' হয়তো তাই বহুত কষ্টত জীয়াই আছে l তুমি পাৰা যদি এতিয়াই ইয়ালৈ অহাৰ ব্যৱস্থা কৰা l 


অ' গৌৰৱ মই আৰু কৰৱী আজিয়েই গৈ আছোঁ l তুমি মাথোন চকু ৰাখিবা l আৰু তাইক বচাবলে কিবা এটা কৰা আমি গৈ পাওঁ মানে l 

মই সেইখিনিতে আছো l কামত আহিছো l দিগন্ত নামৰ মানুহ এজনৰ ঘৰ তালাচি কৰিব লাগে l

নামটো কি ক'লা ! দিগন্ত মনুক বিয়া দিয়া সেই পিশাছটোৰ নাম l তুমি অলপ সময়ো অপেক্ষা নকৰিবা l এতিয়াই যোৱা তুমি l..............আগলৈ


Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages