এটা অভিশাপ ভৰা জীৱনৰ বহু গোপন অধ্যায় ( খণ্ড ১ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 12, 2021

এটা অভিশাপ ভৰা জীৱনৰ বহু গোপন অধ্যায় ( খণ্ড ১ ) : Assamese Storyboard

Assamese Storyboard

" মই এজন মধ্যবিত্ত পৰিয়ালৰ অকলশৰীয়া লʼৰা । সৰুকালত মই তিনিগৰাকী বাইদেউৰ  সংগত  থাকি ডাঙৰ দীঘল হৈছোঁ । সেয়ে সৰুৰেপৰাই মই ছোৱালীৰ নিচিনা থাকিবলৈ ভাল পাইছিলো ( Assamese Storyboard )। সেই সমযত মোক ঘৰতো কোনেও একো কোৱা নাছিল যে এনেকৈ নাথাকিবি ,এইবোৰ নকৰিবি.... !! সকলোৱে মাথোঁ ধেমেলীয়াভাৱে লৈছিল মোক ...!! মই পঢ়াত ভাল আছিলো বাবে চাগে কোনেও মোক সেইবোৰ কথা লৈ আমনি কৰা নাছিল ।ময়ো বৰ বিশেষ গুৰুত্ব দিয়া নাছিলোঁ । মোৰ দেউতা বহুত শাসনকাৰী আছিল ।বাহিৰত ঘূৰা ফুৰা কৰা বা অলৌ তলৌকৈ ঘূৰি ফুৰা টো তেওঁ পছন্দ কৰা নাছিল । বাইদেউহঁতৰ দৰেই ময়ো ঘৰতে সময় অতিবাহিত কৰিবলৈ লৈছিলো ‌। অকল ঘৰতেই কিতাপৰ মাজত মোৰ দিনবোৰ পাৰ হৈছিল । পাহৰি পেলাইছিলো জীৱনৰ অনুভৱবোৰ কিতাপৰ পাতত ।
Assamese Storyboard

বহুতেই মোক "কিতাপৰ পোক" বুলিও আখ্যা দিছিল । তাৰ মাজে মাজে মোৰ ছোৱালী হোৱাৰ প্ৰৱণতাও বাঢ়ি আছিল যদিও পঢ়া শুনাৰ বোজা অত্যধিক হোৱাৰ বাবে মই নিজেই সেইবোৰ কথা এৰাই চলিবলৈ ধৰিলো । ভাবিছিলো এইবোৰ অদৰকাৰী কথাত মূৰ ঘমাই লাভ নাই , পঢ়া-শুনা ভালদৰে কৰিলেহে জীৱনত কাম দিব !! কিন্তু যেতিয়া কোনোবাই মোক ছোৱালী, লেডিজ বুলি জোকাইছিল , বহুত দুখ পাইছিলো । মনে মনে কান্দিছিলো । নিজকে সলনি কৰিবলৈ চেষ্টা কৰিছিলো । কিন্তু সম্পূৰ্ণ সলনি কৰিব নোৱাৰিলো । ভাবিছিলো মই ডাঙৰ হ'লে সকলো নিজে নিজে ঠিক হ'ব ।সকলো সময়ৰ হাতত এৰি দিছিলোঁ ।মোৰ অনুভৱ বোৰ একাষৰীয়াকৈ থৈ জীৱনৰ বাটচʼৰাত মই খোজ দিবলৈ শিকিছিলো এনেৰেই .......!!


এনেকৈ বছৰবোৰ বাগৰিছিল ।যেন নিমিষতে পাৰ হৈ গৈছিল বহু ঘটনা পৰিঘটনা ...।  মোৰ বাইদেউ  কেউজনীৰে  বিয়া হৈ গৈছিল । তেওঁলোক নিজৰ নিজৰ সংসাৰত ব্যস্ত হৈ পৰিল । ময়ো কলেজৰ শিক্ষা সমাপ্ত কৰিলোহি । এতিয়া মাথো জীৱিকা সন্ধানৰ বাবে সংগ্ৰাম কৰাৰ সযয় আহিছিলহি । তেতিয়াও মোৰ মনৰ মাজত কʼৰবাত নহয় কʼৰবাত ছোৱালী এজনী মোৰ লুকাই আছিল ।লাহে লাহে  মই বুজিবলৈ ধৰিলো মোৰ অনুভৱ বোৰ যেন অইন লʼৰাৰ দৰে নহয় ....!! মই নিজকে আৱিষ্কাৰ কৰি আচৰিত হʼলো ।  মই গম পালো যে  মই  অইন পুৰুষৰ প্ৰতি আকৰ্ষিত হৈছো...নাৰীৰ প্ৰতি নহয় ...!! এই আকৰ্ষণ কিন্তু শাৰীৰিক ভাৱে নহয় মানসিক ভাবেহে  । শাৰীৰিক আকৰ্ষণৰ কথা ভাবিলে মই সংকুচিত হৈ পৰিছিলো । মই যেন নিজৰ শৰীৰটোৰ প্ৰতি এক বিৰাগ অনুভৱ কৰিবলৈ ধৰিলো । কিন্তু মানসিক ভাৱে  মোক যে এজন পুৰুষৰ সান্নিধ্যৰ প্ৰয়োজন হৈছে, সেয়া ধুৰুপ ।মোৰ সংস্পৰ্শলৈ অহা কেইবাজনো পুৰুষ ক মোৰ ভাল লাগিবলৈ ধৰিছিল ...কোনোবা মোৰ সম্বন্ধীয় , কোনোবা মোৰ সহপাঠী, কোনোবা মোৰ সহকৰ্মী ....আন কোনোবা বা সম্পূৰ্ণ অচিনাকি ....!!মোৰ কোনো দাদা নাছিল । সেইকাৰণে তেওঁলোকৰ মাজত মই দাদা এজনক বিচাৰিবলৈ ধৰিছিলো । তেওঁলোকৰ মৰম আদৰ আৰু সঁহাৰিৰ বাবে মোৰ মনটোৱে হাহাকাৰ কৰিবলৈ ধৰিছিল । কিন্তু উপযুক্ত কাকোৱেই  নাপালো ।ইমানলৈ কিন্তু মই মোৰ অনুভৱবোৰৰ লগত নিজেই সংঘৰ্ষ কৰি গৈছিলো ।মোৰ মনত যেন কিবা এটা অসম্পূৰ্ণতাই খুন্দা কৰিব ধৰিছিল অহৰহ....প্ৰতি পল....প্ৰতি ক্ষণতে ...!!!!!!



 লাহে লাহে মই সমকামিতাৰ গোপন পৃথিৱীখনৰ কথা গম পালো । আন বহুতৰ দৰে ময়ো এই বিষয়ে সম্পূৰ্ণ অজ্ঞ আছিলো । প্ৰথমতে কিতাপ,আলোচনীত পঢ়ি ৰিণিকি ৰিণিকি ভাব এটি কল্পনা কৰিবলৈ ধৰিছিলো ।তাৰ পিছত টি ভি , চিনেমাত আৰু  গুগুল, ইন্টাৰনেটৰ পৰা আৰম্ভ কৰি ফেচবুকৰ ফেক আই দি লৈ সকলোৰে লগত মোৰ পৰিচয় হ'ব ধৰিলে  । এটা দুটাকৈ অচিনাকি কথাবোৰৰ লগত মোৰ পৰিচয় হʼব ধৰিলে । অচিনাকি মানুহবোৰৰ লগত বাৰ্তালাপ চলিবলৈ ধৰিলে ।ময়ো ইমান দিনে বুকুৰ ভিতৰত লুকাই ৰখা হেপাহবোৰ তেওঁলোকৰ আগত প্ৰকাশ কৰিবলৈ ধৰিলো ।প্ৰথমে ভয় লাগিছিল কাৰণ সৰুতে পঢ়িছিলোঁ "অচিন কাঠৰ থুৰাকো নলগাবা " ....!! কিন্তু লাহে লাহে ভয়,শংকা, লাজ , সন্দেহৰ আৱৰণবোৰ খুলিবলৈ মই সাহস কৰিলো আৰু খুলি গলো এটা এটাকৈ হৃদয়ৰ গোপন আলমাৰিত সাঁচি ৰখা আছুতীয়া উপলব্ধি বোৰ .....!!!!! কিন্তু সকলোতে শৰীৰ আৰু যৌন ক্ষুধাৰ আতংক হে পালো । মই স্তিমিত হৈ পৰিলোঁ । মোৰ মনৰ ক্ষুধা কিন্তু নিবাৰণ নহ'ল । তথাপি কৌতূহল নিবাৰণৰ বাবে সকলোৰে লগত বন্ধুত্ব পূৰ্ণ ভাবে কথা পাতিলো ।বহুতৰে কথাবোৰ শুনিলো , মোৰ কথাবোৰো কʼলো ।  কিছুমানে মোৰ কথাবোৰ বুজিলে ,কিছুমানে নুবুজিলে । বুজাবোৰৰ লগতো পিছলৈ ভুল বুজাবুজি হ'ল । ময়ো বহুতৰেই অপ্ৰকাশিত কাহিনী বোৰৰ সাক্ষী হৈ ৰʼলো । এনেকৈ কৌতূহল, আবেগ, সুখ,দুঃখ,ভয়,লাজ,সন্দেহ,আতংক এই সকলোবোৰ মিলি এক গধুৰ ভাৰাক্ৰান্ত মনেৰে দিনবোৰ অতিবাহিত হ'ব ধৰিলে  ।


তেনে সময়তে মোৰ জীৱনলৈ ঘোৰ অমানিশা নামিল । মোৰ দেউতাৰ আকস্মিক মৃত্যু ঘটিল । মোৰ মূৰৰ ওপৰত যেন আকাশী সৰগ ভাঙি পৰিল । কি কৰিম কি নকৰিম কিংকৰ্তব্যবিমূঢ় হৈ পৰিলোঁ ।ইপিনে নিজৰ জীৱনৰ গোপন যুদ্ধ আছিল ....আকৌ ঘৰ চম্ভালাৰ দায়িত্ব । কোনো সহায়কাৰী নাছিল মোৰ । কোনপিনে কি কৰিম ভাবি ঊৱাদিহ নোপোৱা হʼলো ।সকলো নীৰবে সহি কষ্ট কৰি গʼলো মাথো নিজৰ দুখবোৰ পাহৰি....নিজৰ আশা সপোন আৰু আবেগবোৰ জলাঞ্জলি দি জীৱনৰ অন্য প্ৰান্তত মই গতি কৰিবলৈ লʼলো‌ ।



উফ.....



এতিয়া জীৱনক বুজিব লৈছো মই । হয়তো জীৱনে বহুত বুজালে মোক ...!! এই পৃথিৱীত কোনো যে কাৰো আপোন নহয়... । এয়াই চিৰসত্য কথা । জীৱনটো অকলেই যে জীয়াই থাকিব লাগিব । কথা পতা মানুহবোৰো ‌লাহে লাহে আতৰি গৈছিল ।কাৰো যেন আঁহৰি নাই মোৰ বাবে । হয়তো বহুতে ভয় কৰিছিল জানোচা মই কিবা সহায় বিচাৰিম ....বা মই অকাৰতণ  আমনি কৰি থাকিম.... । কিন্তু মই তেওঁলোকক বিচাৰিমেই বা। কি যুক্তিত...!! যিহেতু কাৰো লগত মোৰ কোনো সম্পৰ্ক স্থাপন হোৱা নাছিল ।মোৰ মনৰ কোঠালিত যে কাৰো স্বত্বাধিকাৰ নাছিল ....!!( Assamese Storyboard )


এই সকলোবোৰৰ মাজত মোৰ ভিতৰত লুকাই থকা ছোৱালীজনী ক'ৰবাত হেৰাই যোৱা বুলি ভাবিছিলো মই....... কিন্তু সেয়া বাস্তৱ নহ'ল.......। এতিয়াও যদি একান্তত  আইনাৰ দৰ্শন কৰো , প্ৰতিবিম্বত মই  ছোৱালীজনীকেই বিচাৰি পাওঁ ।মনৰ অনুভুতিও ছোৱালীজনীয়েহে প্ৰান দিয়ে ....কিয়নো সৃষ্টিৰ আধাৰ যিহেতু নাৰীয়েই । শৰীৰ পুৰুষৰ কিন্তু মন মোৰ নাৰীৰ !! সেয়ে অন্য নাৰীৰ বেদনাও বুজো ভালদৰেই ।নাৰীৰ জীৱনৰ উপলব্ধিও মোৰ সদা পৰিচিত । লগতে পুৰুষৰ মৰম নিৰাপত্তা আৰু আশ্ৰয় ও বিচাৰো গোপনে .....।যেন তেওঁৰ ছত্ৰছায়াত সুখী অনুভৱ কৰোঁ মই ...!!!!!!!!!!!!


কিন্তু বাস্তৱ আৰু কল্পনাৰ ব্যৱধান আকাশ পাতাল নহয় জানো ..!!কথাবোৰ সহজ নহয় ।নহ'লে জীৱনটো সৰল অংকৰ দৰেই সমাধা হʼলহেতেন ..!! মুক্ত আকাশত বিহংগ হৈ উৰি ফুৰিলে হয় মনৰ সপোনবোৰ ...!! আজিলৈতো কাকোৱেই  নাপালো । আগলৈ আৰু কʼত পাম জানো ? জীৱনৰ সংগী নহ'লেও ভাল বন্ধু বা দাদা এজনৰো সহাৰি নাপালো চোন মই ...। ইমান দূৰ্ভগীয়া নে মই....?অকল বিচনাৰ সংগী বিতৰাতেই ব্যস্ত দেখোন সকলো । তেওঁলোকৰ দৰেটো মই হʼব নোৱাৰোঁ ।সেয়ে মোৰ পৰা আঁতৰত নেকি সকলো !কাষত সাহস যোগাবলৈ যে কোনো নাই ! মোৰ মনৰ খবৰ লবলৈ জানো আহৰি পাব কোনোবাই ?


কথাখিনি বহুত দিনৰপৰা মনৰ ভিতৰত আমনি কৰি আছিল । কʼম কʼম  বুলি ভাবি আছিলোঁ যদিও  কাক নো কʼম বিচাৰিয়েই নাপালো😪 । সেয়ে আজি সমজুৱাকৈ কলো ......।


মোৰ দৰে বাৰু আন কোনোবায়ো একেই সমস্যাৰ সম্মুখীন হৈছে নেকি ? কোনোবা জানো মোৰ সহায়ক হ'ব আগলৈ ? এতিয়া মই কি কৰা উচিত ? মোৰ কʼত ভুল আছিল ? মই নিজকে ছোৱালী সজাই গোপনে সুখ লভিব পাৰিমনে ? নে নিজৰ অনুভুতিক হত্যা কৰি আজীৱন অভিনয় কৰিম ? এজন পুৰুষ হৈ জন্মি মই বাৰু ভুল কৰিলো নেকি ? নে আন বহুতৰ দৰে ময়ো আত্মহত্যাৰ দৰে পথ বাছি ল'ব লাগিব অদূৰ ভৱিষ্যতে ???????


কিবা জানো সমাধান আছে ইয়াৰ ........?কেনেকৈ পাৰ কৰিব পাৰিম মই এই অভিশপ্ত জীৱনৰ যাত্ৰা ............…..................? "

____________________________

( আগলৈ )

( বি. দ্ৰ. কিছু বাস্তৱ আৰু কিছু কল্পনাৰ সংমিশ্ৰণ এক ব্যতিক্ৰমী কাহিনী ৰচনাৰ প্ৰয়াস *অভিশপ্ত জীৱন* । আশা কৰোঁ সকলোৱে আদৰি লʼব ।পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব ।লগতে কিবা ভুল ক্ৰূটি দেখিলে আগুলিয়াই দিয়ে যেন । ধন্যবাদ ।

✍️ অৰূপ )

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত
 - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages