প্ৰেমত পৰাৰ আগতে সকলো জানি বুজি লোৱাটো ভাল : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 15, 2021

প্ৰেমত পৰাৰ আগতে সকলো জানি বুজি লোৱাটো ভাল : Assamese Storyboard


বাছৰ পৰা নামি অলপ দূৰ গৈয়ে মুনৰ চকুত পৰিল চুমিহঁতৰ ঘৰৰ সন্মুখত থকা সোণাৰু দোজোপা। বসন্ত কাল,সোণাৰু দোজোপা ফুলি গোটেই পৰিৱেশটো মোহনীয় কৰি তুলিছে। তাতে বিয়াৰ বতৰেও পৰিৱেশটো মুখৰিত কৰি তুলিছে। ( Assamese Storyboard )

 

মুন চুমিহঁতৰ ঘৰলৈ আহিছে। চুমিৰ বায়েকৰ বিয়াৰ কাৰণে। চুমি তাইৰ কলেজীয়া বান্ধৱী। দুয়োৰে মাজত খুউব ভাল বন্ধুত্ব আছে। চুমিৰ অনুৰোধ পেলাব নোৱাৰিয়েই তাই বিয়ালৈ আহিল। 

মুনে গেটখন খুলি ভিতৰলৈ সোমাই গল। তাইক দেখি, চুমুয়ে দৌৰ মাৰি আহি, তাইক আগবঢ়াই নিলেহি। তাই যোৱাৰ কাৰণে সিহঁতৰ ঘৰৰ সকলোৱে আনন্দিত হল। অলপ সময় জিৰণি লৈ তাই চুমিৰ লগত বিয়াৰ কাম কাজবোৰ কৰিবলৈ ধৰিলে। 


 মুনে কামবোৰ কৰি থকাৰ মাজত লক্ষ্য কৰিলে, লৰা এজনে তাইৰ ফালে একেৰাহে চাই আছে। তাই কথাটো চুমিক কোৱাত, চুমিয়ে, মুনক লৰাটোৰ ওচৰলৈ নি চিনাকি কৰায় দিলে। লৰাজনৰ নাম ৰূপম। চুমিহঁতৰ ঘৰৰ পৰা অলপ দূৰত ৰূপমৰ ঘৰ। চুমিয়ে, দুয়োকে চিনাকি কৰায়ে তাৰপৰা আঁতৰি গল। ৰূপমে, মুনক বহিবলৈ কোৱাত তাই ওচৰতে থকা চকীখনত বহিল। সিহঁত দুয়োটাৰে মাজত কথা বতৰা আৰম্ভ হল। লৰাজনৰ চকুৰ চাৱনিয়ে, মুনক পাগল কৰি পেলালে। মুনে অনুভৱ কৰিলে, তাই যেন, তাৰ প্ৰতি আকৰ্ষিত হৈছে। 

 চুমিৰ বায়েকৰ বিয়া সুকলমে পাৰ হৈ গল। ছোৱালী থবলৈ মুনও গৈছিল, লগত ৰূপম। বিয়াৰ পাছত এদিন থাকিয়েই মুন ঘৰলৈ উভটিল। বুকুৰ মাজত লৈ আহিল ৰূপমৰ প্ৰতিচ্ছবি। ( Assamese Storyboard )


 ঘৰলৈ আহিয়েই মুনে, দৈনন্দিন কাম কাজ বোৰ কৰি দিন কটাবলৈ ধৰিলে। সিহঁতৰ ৰিজাল্ট দিবলৈ আৰু এমাহ বাকী আছে। মাজে মাজে, ৰূপমৰ স্মৃতিয়েও তাইক দূৰ্বল কৰি তুলিছে। বাৰে বাৰে ৰূপমৰ স্মৃতিয়ে তাইক আমনি কৰি থাকে। ৰূপমক লৈ তাই নানা বহুতো ৰঙীন কল্পনা কৰে। ৰঙীন সপোন দেখে। তাই ৰূপমক প্ৰাণপনে ভালপাই পেলাইছে। 

  হঠাৎ এদিন চুমি, মুনহঁতৰ ঘৰলৈ আহিল। চুমি আহিলত মুনৰ কি আনন্দ। তাই চুমিৰ লগত ইটো সিটো নানান কথা পাতিলে। তাৰ মাজতে তাই ৰূপমৰ কথাও সুধিলে। তেতিয়া তাই চুমিৰ পৰা গম পালে যে, ৰূপম বিবাহিত আৰু এটি সন্তানৰ পিতৃ। 

  কথাটো শুনাৰ লগে লগে মুনৰ এনে লাগিল যেন, তাইৰ ভৰিৰ তলৰ মাটিখিনি আঁতৰি গল। তাইৰ অন্তৰে হাঁহাকাৰ কৰি উঠিল। ৰূপমক লৈ কৰি অহা তাইৰ কল্পনাবোৰ তাইৰ নিমিষতে ভাঙি চুৰমাৰ হৈ গল। ৰূপমে কিয় তাইক এবাৰো নকলে যে, সি বিবাহিত বুলি! প্রথম চিনাকিতে সি তাইক প্ৰেমিকৰ দৰে কিয় আচৰণ কৰিছিল। ৰূপম আছিল মুনৰ প্রথম প্ৰেম। তাইৰ জীৱনৰ প্ৰথম প্ৰেমেই প্ৰৱঞ্চনা কৰিলে। মুনে কথাবোৰ ভাৱি উচুপি উঠিল।

Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

Assamese Storyboard
বিজ্ঞাপন


No comments:

Post a Comment

Advertisement

Pages