যেতিয়া এজনী ছোৱালীৰ জীৱনলৈ নামি আহে অমানিশা (খণ্ড ৪) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 7, 2021

যেতিয়া এজনী ছোৱালীৰ জীৱনলৈ নামি আহে অমানিশা (খণ্ড ৪) : Assamese Storyboard

Assamese Storyboard

 

কাল নিশাবোৰে যেন মনশ্ৰীৰ লগ নেৰা হ'ল l সকলো যেন শেষ হৈ গ'ল l দিনক দিনে মনশ্ৰী প্ৰায় বেমাৰী দৰেই চেহেৰা হৈ আহিল l মানসিক অশান্তি দিয়ে শান্ত হোৱা নাই দিগন্তৰ পৰিয়াল l শাৰীৰিক ভাৱেও বহুত কষ্ট দিবলৈ ধৰিলে l অলপ অলপ কথাটে তাইক অত্যাচাৰ কৰি আহিল l ( Assamese Storyboard )

**********************************
মা অ' মা তুমি অলপ ধৈয্য ধৰা l মনু কুশলে আছে চাগৈ l তোমাৰ অসুখ বুলি নাজানে তাই সেয়ে তাই তোমাক চাবলৈ অহা নাই l

নাই অ' কৰবী তাইৰ নিশ্চয় কিবা এটা হৈছে l নহলে ফোন এটা কৰিও খবৰ ল'ব পাৰিল হয় l মই তাইক নেদেখাকৈ এই সংসাৰ ত্যাগ কৰিব লাগিব l একো  নজনাকৈ বিয়া দিয়াটো আমাৰ ভুল আছিল l মাকে কান্দি কান্দি কথাবোৰ কৈ থাকিল l

মা আপুনি এইবোৰ কি কৈছে l আপুনি সুস্থ হ'ব এনেদৰে মন বেয়া নকৰিব l মনু আহিব আপোনাৰ ওচৰলৈ l কথাষাৰ কৈয়ে কৰবী ৰুমলৈ দৌৰি গ'ল l মাকৰ এই অৱস্থা দেখি তাই কান্দোন ৰখাব নোৱাৰিলে l 
মনু তুমি  ক'ত আছা l আমালৈ তোমাৰ এবাৰো মনত পৰা নাইনে l তুমি  মা আৰু মানসক খং কৰি খবৰ নোলোৱাকৈ আছা নেকি l ক'ত বিচাৰি যাওঁ তোমাক l মা যে আৰু বেছি দিন নাথাকে তোমাক এই খবৰ কেনেকৈ দিওঁ l মাৰ অসুখ হোৱাৰ বাবে আমি মন্দিৰতে বিয়া পাতিলো তথাপিও তোমাৰ খবৰ নাই l

বহাৰ পৰা উঠি চকু পানী মচি আকৌ মুখত কৃত্ৰিম হাঁহি এটাৰে মাকৰ কাষতে বহি অলপ ধেমালি কৰি কথাবোৰ কৈ থাকিল l

**********************************

আজি মাৰ কথা বৰকৈ মনত পৰিছে l বুকুখন বৰকৈ ধপধপাই আছে l ঘৰত সকলো কুশলে আছেনে বাৰু l আজি মনটো ইমান অশান্ত কিয় হৈছে l মোৰ বৰ ভয় লাগিছে l গেছত গাখীৰ তোলিলৈ মনশ্ৰীয়ে ভাবিব ধৰিলে l 

চব শেষ কৰিলি ঐ লক্ষীচাৰী l কথাষাৰ কৈয়ে পুনে আহি চৰ এটা দিলে মনশ্ৰীৰ গালত l তই এনেদৰে ধ্বংস কৰিবলৈ বস্তুবোৰ আনে বুলি ভাবিছ নেকি l ঘৰত কি একো এটা কৰিবলৈ শিকি নাহিলি l 

মনশ্ৰীয়ে একো মাত নিদিলে l ঘৰৰ কাৰণে চিন্তা তাইৰ l আজি ৬ মাহ হ'ল কাৰো খবৰ নোপোৱা l আজি যিমান মাৰ পিত কৰিলেও ঘৰত যোৱা কথা কম দিগন্ত আহিলে l মা জনীক বৰ চাওঁ চাওঁ লাগি আছে l 

তেনেতে দিগন্ত অফিচৰ পৰা আহি সোমাইছিল হে l মাক আহি ওচৰতে বহি দিনতোৰ কথাবোৰ কয় l বুজিছ এইৰ অতপালি দিনক দিনে বাঢ়ি আহিছে l তই নথকাত মোক যিহে ব্যৱহাৰ কৰে মাকে প্ৰায় কান্দি কোৱাৰ দৰেই ক'লে l 

মনশ্ৰীৰ আৰু শুনি থকাৰ ক্ষমতা যেন নোহোৱা হ'ল l তাই আহি মাকৰ কথাবোৰ দিগন্তৰ আগত ক'লে l আৰু মা আপুনি নিজে এগৰাকী নাৰীহৈ যদিহে এইবোৰ কৰে তেনেহলে আনৰ পৰা কি আশা কৰিব পাৰি l আপুনিও এদিন বোৱাৰী হৈয়ে এইখন ঘৰত আহিছিল মোৰ লগত কৰা অত্যাচাৰ খিনি যদিহে আপোনাৰ লগতো হ'ল হয় তেতিয়া আপুনি বাৰু সহ্য কৰিলে হয়নে l মোৰো এখন অন্তৰ আছে মইও দুখ কষ্ট পাওঁ l মইও অলপ মৰম বিচাৰোঁ l আজি কওঁক মোৰ লগত আপোনালোকে এনে ব্যৱহাৰ কিয় কৰিছে l মোৰ বিয়াৰ দিনলৈ আপোনালোকৰ ব্যৱহাৰ বহুত ভাল আছিল এতিয়া কি হ'ল l ( Assamese Storyboard )

তোৰ কোনো কথাৰ উত্তৰ দিব লাগে বুলি আমি নাভাবো l তই বিয়াত কি আনিলি l একো এটা বস্তু নিদিলে তোৰ লগত l ককায়েৰক অলপমান টকা বিচাৰিছিলো বিয়াৰ পিছদিনা কিন্তু সি দিবলৈ মান্তি নহলে l আৰু সেই ভিক্ষাৰী ঘৰৰ ছোৱালীক আমি ৰাণীৰ দৰে ৰাখিব লাগে নেকি l

ছোৱালীহৈ জন্ম লোৱাটোৱেই মোৰ পাপ আছিল l মোক ক'লৈকো ওলাই যাব নিদিয়ে মই মাৰ খবৰ এটা কেনেকৈ ল'ও l কিবা এটা উপায়েৰে ইয়াৰ পৰা ওলাই যাব লাগিব l এবাৰ ওলাই গ'লে আৰু ঘুৰি নাহোঁ কেতিয়াও l কিন্তু যাওঁ কেনেকৈ l ইয়াত থাকিলে এদিন নিজকে শেষ কৰি দিব লাগিব l 

কথাখিনি ভাবি থাকোঁতেই ঘৰলৈ এজাক মানুহ সোমাই আহিল l ভালকৈ চাই দেখিলে এইয়া সকলো দেখোন ৰি'পৰটাৰ ! কিন্তু এনেকৈ আমাৰ ঘৰত কিয় আহিছে l আজি ভাল সুবিধা এটা পাইছো ওলাই যাবলৈ l

**********************************

এফালে মনশ্ৰীৰ বাবে বাট চাওঁতে চাওঁতে মাকে সকলোকে কান্দোৱাই এই পৃথিৱী ত্যাগ কৰিলে l মনশ্ৰীক এবাৰ দেখা আশা মনতে থাকিল l 

মা মনু আহিব তুমি এনেদৰে আমাক অকলে এৰি নোৱাৰা যাব l মনু ক'ত আছ মা যে আমাক এৰি গ'লগৈ তোক কেনেকৈ খবৰ দিম l মানসে কান্দি কান্দি কথাবোৰ ক'লে l 

খবৰ লবলৈ অহা প্ৰতিজন মানুহে মনুৰ কথা সুধিলে l 

দুই এটা মানুহে আলোচনা কৰি থকা শুনিবলৈ পালে কৰৱীয়ে l 

দেখিছোঁ আজিকালি ছোৱালী থকাতকৈ নথকাটোৱেই ভাল l এইয়াহে মাক জনীয়ে বিয়াৰ পিছত এবাৰো তাইক চাবলৈ নাপালে l ধনী ঘৰৰ ল'ৰা পাই সকলো পাহৰিলে l

কৰবীৰ কথাবোৰ সহ্য ন'হল l তাই উত্তৰ দি হে শান্তি পালে l 
*********************************

দিগন্তক আগুৰি সকলোৱে প্ৰশ্ন কৰি আছে l ঘৰৰ সকলো তাতেই ব্যস্ত l এই চেগতে মনশ্ৰী ঘৰৰ বাহিৰলৈ ক্ৰমান্বয়ে আগুৱাই গ'ল l  .....আগলৈ


Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages