:ছাৰ, মই এইখন পৃথিৱীৰ পৰা উলটি যাব খোজো।
বিষণ্ন আবেলিটোত আকাশ কঁপাই কেডাৰজনে গেঙাইছিল।( Assamese Storyboard )
:জীৱনৰ গতিশীলতাক জলাঞ্জলি দি, প্ৰাপ্তি-অপ্ৰাপ্তিৰ সপোন দেখাটো এক প্ৰকাৰৰ মূৰ্খামি। এটা দীঘলীয়া বাট অতিক্ৰম কৰি, পোৱা-নোপোৱাৰ এক জটিল অংকত তই নিজকে নিঃশেষ কৰিব খুজিছ।
বিষণ্ন আবেলিটোত সংগ্ৰামী পোছাক মেৰিয়াই সেনাধ্যক্ষ বৰুৱা আগবাঢ়ে।
:মই শান্তিৰে মৰিব বিচাৰোঁ ছাৰ।
:মই কাহানিও অশান্তিক প্ৰশ্ৰয় দিয়া নাই ভাইটি। আমাৰ এই সংগ্ৰাম ব্যক্তিগত আশা-আকাংক্ষাৰ বহু উৰ্ধ্বত। আমি যাবই লাগিব, গতি আমাৰ আত্মিক শক্তি। আমাৰ এই যাত্ৰাৰ সৈতে সংলগ্ন হৈ আছে শত-সহস্ৰজনৰ হাঁহি-কান্দোন।
তাৰ ধূসৰ পৃথিৱীখনত পুনৰ জোৱাৰ উঠে। বতাহে চোঁচোৰাই লৈ যোৱা ডাৱৰৰ পিছে পিছে সি আকৌ দৌৰে।
:জানেনে ছাৰ, কেতিয়াবা মোৰ 'মা'লৈ খুউব মনত পৰে।
:গাঁৱৰ পঁজাত তোৰ দৰেই মোৰো এজনী সাদৰী আই আছিল।
সংগ্ৰামী পৃথিৱীৰ কাঁইটীয়া খোজত তেওঁলোকে খেপিয়াই ফুৰে মাতৃৰ আঁচল। 'আই' বুলিলেই পমি যোৱা এগৰাকী অশৰীৰী নাৰীক চুই চোৱাৰ দুৰ্বাৰ বাসনাই তেওঁলোকক ভাৰাক্ৰান্ত কৰি তোলে।
:ছাৰ, আমি বৰ দুৰ্ভগীয়া।
:নহয় , আমি পৃথিৱীৰ আটাইতকৈ সুখী মানুহ। সংগ্ৰামী বাটতো আমি খেপিয়াব জানো পৃথিৱীৰ সকলো সৌভাগ্য। লাহ-বিলাসৰ মাজত থকাটোতেই 'জীৱন' নহয়। এদিন দুৰ্ভাগ্যক জয় কৰি আমি মূৰ দাঙি থিয় হ'ম। আমাৰ শক্তিশালী দুহাতত তুলি ল'ম পৃথিৱীৰ সকলো সৌভাগ্য।
ন্যস্ত স্বাৰ্থ সিদ্ধিৰ লক্ষ্যৰে অৰণ্যলৈ ঢাপলি মেলা তেওঁলোক সংগ্ৰামী মানুহ। কিবা এটা কৰাৰ মায়াৱী হেঁপাহে তেওঁলোকক যোৰা লগাই থৈছে এখন যাযাবৰ পৃথিৱীত। অৰণ্যৰ দুৰ্গম হাবিতলীয়া বাটত তেওঁলোকৰ ওখোৰা-মোখোৰা যাত্ৰা।
:ছাৰ, গাঁৱৰ পদূলিলৈ বেলি উঠাৰ মোহনীয়তা, চকুৱে নমনা হাবিখনত নিঃশব্দতাত বুৰ যোৱা আবেলিৰ ৰঙা বেলিটো, শাওণী পথাৰৰ গেলেপা-গেলেপ খোজ, লানি নিছিগা গুৰি পৰুৱাৰ দৰে অপূৰ্ব ভংগীমাৰে পানী ছটিওৱা জাকৈয়া গাভৰুবোৰ, বৰসবাহ-ভাওনা, তুলসী তলৰ ঢিমিক-ঢামাক চাকি, আহিনৰ শুকুলা গাঁও, আঘোণৰ সোণসেৰীয়া হাঁহি- এইবোৰলৈ আপোনাৰ অলপো মনত নপৰেনে? এবাৰো আপোনাৰ বুকুখন কঁপি নুঠেনে?
:নিজক কাল সমুদ্ৰত ডুবাবলৈ তই নিজে সাজি উলিয়াইছ এখন ব'ঠাহীন টুলুঙা নাও। নিজক হেৰুওৱাৰ এই কৌশল এক প্ৰকাৰৰ আত্মহনন।
আন্ধাৰৰ সমান্তৰালকৈ তেওঁলোক আগবাঢ়ে। ঘন ক'লাৰ মাজত মিলি যায় তেওঁলোকৰ ছায়ামূৰ্তি। দূৰণিৰ কোনোবা গাঁৱৰ পৰা ভাহি অহা খোল-তালৰ সংমিশ্ৰিত ধ্বনিয়ে দুয়োকে বিহ্বল কৰি তোলে।
:ছাৰ।
:কি হ'ল?
:দবা বাজে, আয়তীৰ উৰুলিত গা-মন শিহৰিত হৈ উঠে। নামঘৰৰ মজিয়াত হলি ককাৰ ভুবনভুলোৱা হাঁহিত সকলোৰে মন ঢলি পৰে। আঁৰ কাপোৰৰ আঁৰত লীব খুৰাই গীত জোৰে, জাউৰি জাউৰি হাত চাপৰিৰ মাজত কৃষ্ণ-নাৰদে ভক্ত পৰীক্ষাৰ মন্ত্ৰণা পাঙে, মানুহবোৰ উৎসুক হৈ উঠে। দবাৰ গতি খৰ হৈ আহে, প্ৰকাণ্ড জাঁপ দুটামান মাৰি নামঘৰৰ মজিয়াত ভাইকণ খুৰা কৰ্ফাল খাই পৰে, 'মা'ৰ কোলাত ভন্টিয়ে মুখ গুঁজি ফেঁকুৰি উঠে। মই শক্তিশালী ককাৰ দুহাতত খামুচি ধৰোঁ। গজেন ককাৰ খোলত নতুন চাপৰ বাজে, মহাকালৰূপী ভাইকণ খুৰাই তৰ্জন-গৰ্জন আৰম্ভ কৰে, বৃত্ৰাসুৰৰ বুকু কঁপোৱা শব্দৰ তালে তালে ৰসককাই তালযোৰ গিৰিং গিৰিংকৈ বজাই দিয়ে। খোল- তালৰ শব্দ সৰু হৈ আহে, ৰুণুক-জুনুককৈ জুনুকা বজাই ৰাণীৰ প্ৰৱেশ ঘটে, ৰাণীৰূপী পোহৰ খুৰাৰ বিলাপত আইতাৰ দুচকু সেমেকি উঠে, ভন্টিৰ টোপনি আহে, 'মা'য়ে ভন্টিক মোৰ কাষতে শুৱাই দিয়ে। বৃত্ৰাসুৰৰ প্ৰকোপত ৰজাৰূপী ভুৱন বৰতাৰ মুকুট খহি পৰে। ধৰ্মৰ ৰাজ্যত অধৰ্মৰ ৰাজত্ব চলে। নিমখীয়া বিস্কুট এটাৰে চাহৰ বাটিত শোহা মৰা ককা উচপিচাই থাকে, এনেতে দুদিনীয়া অধৰ্মৰ ৰাজ্যত ঘোপাখুৰাৰ প্ৰৱেশ ঘটে। ককাৰ মুখত হাঁহি বিৰিঙে, ঘোপাখুৰাৰ হাতত বিত্ৰাসুৰ ঢলি পৰে, ৰাইজে জয়ধ্বনি দিয়ে।( Assamese Storyboard )
: তই বলিয়া হৈছ!!
:নহয় ছাৰ, ধৰ্মৰ ৰাজ্যত আমি অধৰ্মৰ বিহ ঢালিছোঁ। আমাৰ প্ৰাপ্তি মাথোঁ দুদিনৰ সন্তুষ্টি।
:পৃথিৱীখন তই ভবাৰ দৰে সহজ-সৰল হোৱা হ'লে আজি আমি হাতত বন্দুক লৈ হাবিলৈ আহিব লগা নহ'লহেঁতেন
:ছাৰ, আমি 'মানুহ' হোৱাৰ সৌভাগ্যক বিসৰ্জন দিছো। আমাৰ প্ৰতিটো খোজত চিত্ৰিত হৈছে ভয়াৱহ ভৱিষ্যতৰ ইংগিত। এদিন আমি লাজ লগাকৈ হাৰি যাম। দুঃসময়ৰ সহযাত্ৰী হ'বলৈ সেইদিনা আমাৰ কাষত কোনো নাথাকিব।
:চা, কাৰোৰে জীৱনক লৈ হেতালি খেলাৰ অধিকাৰ মোৰ নাই আৰু তেনে মানসিকতাও মোৰ ভিতৰত গঢ় লৈ উঠা নাই। তই যদি ভাবিছ- আমাৰ পৰা আঁতৰত, তই নকৈ জীৱনটো আৰম্ভ কৰিবি, তেনে ভুল কৰিছ। তই দূৰৈৰ পৰা দেখি থকা তোৰ ধুনীয়া পৃথিৱীখনে তোক জীয়াই থাকিবলৈ নিদিয়ে। তহঁতক চূড়ান্ত অৱস্থালৈ লৈ যোৱাৰ দায়িত্ব মোৰ। এই দায়িত্বক সুচাৰুৰূপে পালন কৰিবলৈ মই দৃঢ়প্ৰতিজ্ঞ আৰু ইয়াৰ লগত মই কোনো কম্প্ৰমাইজ কৰিব নোৱাৰোঁ।
তেওঁলোক আগবাঢ়ে। মানুহৰ বেশত তেওঁলোকৰ যান্ত্ৰিক যাত্ৰা। আগে আগে সেনাধ্যক্ষ, পাছে পাছে এজাক ডেউকা ভঙা বতাহ। এটা সমদলৰ যাত্ৰী হৈও তেওঁলোক অকলশৰীয়া। বতাহৰ তালে তালে তেওঁলোকৰ সিয়ান খোজ।
:ছাৰ, আমাৰ এই যাত্ৰা মাথোঁ হতাশাগ্ৰস্তৰ হুমুনিয়াহ!
:আমাৰ এই যাত্ৰা আকাশ জয় কৰাৰ দুৰন্ত সপোন!
কাল বলুকাত দুজন ছাঁ-পোহৰৰ মানুহ। অৰণ্যৰ নিৰ্জনতাত হেৰাই গৈছে তেওঁলোকৰ কায়িক অৱয়ৱ। কোনে জানে এই যাত্ৰাৰ সীমনা ক'ত!!
(বাস্তৱিকতা কাল্পনিক, পূৰ্ব প্ৰকাশ: অনুভূতি)
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment