গল্প লেখকৰ কাষত গল্প লিখাবলৈ আহিল এগৰাকী সুন্দৰী যুৱতী ( ভৌতিক ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 2, 2021

গল্প লেখকৰ কাষত গল্প লিখাবলৈ আহিল এগৰাকী সুন্দৰী যুৱতী ( ভৌতিক ) : Assamese Storyboard

Assamese Storyboard

নতুন চহৰখনলৈ ধৰণীকান্ত চৌধুৰী বদলি হৈ আহিছে কৰ্মসুত্ৰে । পেছাত তেওঁ এজন কৃষি বিভাগৰ  গৱেষক । সাহিত্য চৰ্চা তেওঁৰ  প্ৰিয় ( Assamese Storyboard )। ক'বলৈ গলে তেওঁ এজন নিপুণ লিখক। সেয়হে নিৰ্জনতা তেওঁ ভালপায় । নিজৰ পচন্দ অনুযায়ী নিৰিবিলি পৰিবেশত থকা এটা ভাড়াঘৰ বিচাৰি ললে যাতে তেওঁ কোনো বাধা নোহোৱাকৈ লিখা মেলা কামবোৰ কৰি যাব পাৰে ।ঘৰটো চৌপাশৰ পৰিবেশ সঁচাই সুন্দৰ । সমুখত আহল বহল এখন সেউজীয়া ল'ন ।পদুলি মুৰতে এজোপা কৃষ্ণচূড়া গছে সৌন্দৰ্য্য দুগুনে বঢ়াইছে । 


          ৰাতি আঠমান বাজিছে । সহায়িকা মানুহগৰাকীয়ে গধুলিতে ৰান্ধি বাঢ়ি গলগৈ । বতৰে গাজি গুমৰি আহিছে ,লগতে বতাহ বৰষুণ । ধৰণীকান্তই মনতে ভাবি থকা গল্প এটা লিখিবলৈ বহিছেহে  মাথোন । তেনেকুৱাতে দুৱাৰত কাৰোবাৰ ঢকিওৱাৰ শব্দ । এই বৰষুণৰ বতৰত কোননো আহিল ! আচৰিত হয় তেওঁ । পুনৰ দুৱাৰত ঢকিওৱাৰ শব্দ  । এইবাৰ ধৰণীকান্তই উঠি গৈ দৰ্জাখন খুলি দিলেগৈ । সমুখত বৰষুণত তিতি জুৰোলা হোৱা এগৰাকী ছোৱালী ।দৰ্জা খোলা মাত্ৰকে ছোৱালীজনী ভিতৰলৈ সোমাই আহিল ধৰণীকান্তৰ কোনো কথালৈ বাট নাচালে । বেয়া নাপাব , আপোনাৰ অনুমতি অবিহনে সোমাই আহিলো -- তিতা চুলিকোছা জোকাৰি জোকাৰি কৈ উঠিল তাই । ধৰণীকান্তই ভিতৰৰ পৰা টাৱেল এখন আনি  দি ক'লে -- এইখনে চুলিখিনি মোহাৰি লওক । ছোৱালীজনীয়ে টাৱেলখন লৈ ধন্যবাদ জনাই চকী এখনত বহি পৰিল ।" মই ঘৰলৈ আহি আছিলো বাটতে যে এনেকৈ বৰষুণে পাব ভবাই নাছিলো ।"-- ছোৱালীজনীৰ কথাত ধৰণীকান্তই আচৰিত হৈ সুধিলে -- ৰাতিখন ক'ৰ পৰা আহিছিলে ? 


: ক্লাচ এটা আছিল । মই কিন্তু আপোনাক ভালদৰে  চিনিপাওঁ । আমাৰ ঘৰ ইয়াৰ পৰা বেছি দুৰ নহয় ।চিনাকী হ'ম বুলি ভাবিয়েই আছিলো আপোনাৰ লগত ..আজি বৰষুণে সুবিধাটো কৰি দিলে ।আপোনাৰ গল্প উপন্যাস মোৰ প্ৰিয় । 

: অ' হয় নেকি । ধন্যবাদ আপোনাক । চাহ খাব নেকি একাপ ?

: নালাগে । আপুনি  সঁচাই বৰ ধুনীয়া লিখে । মোৰো  এটা কাহিনী আছে সঁচা কাহিনী । গল্প আকাৰত লিখি দিবনে ?

ছোৱালীজনী একে আষাৰে ক'ব পাৰি ধুনীয়া বুলি ।সমুখত এগৰাকী ধুনীয়া ছোৱালীয়ে তেওঁক প্ৰশংসা কৰিছে ভাল লাগিবৰে কথা  ধৰণীকান্তই কি ক'ব ভাবি নাপালে । একো নোকোৱা দেখি তাই পুনৰ অনুনয়ৰ সুৰত ক'লে -- প্লীজ ! লিখক না ।( Assamese Storyboard )


: ঠিক আছে বাৰু । আপুনি বেলেগ এদিন আহি আপোনাৰ কাহিনীটো  মোক ক'বহি । এতিয়া দেৰী হ'লে ঘৰত চিন্তা কৰিব আপোনাৰ । বৰষুণো অলপ এৰিছে । মই অলপ আগবঢ়াই দিওগৈ বলক ।: নাই নাই , একো নহয়  , আজিয়েই ভাল সুযোগ ।কাহিনী কোৱাৰ । এক প্ৰকাৰ  চিঞৰি উঠিল তাই।

উপায়ন্ত ৰ হৈ  ধৰণীকান্ত তাইৰ কাহিনী শুনিবলৈ সাজু হ'ল । পানী এগিলাছ খাই ছোৱালীজনীয়ে ক'বলৈ আৰম্ভ কৰিলে ---

   ঘৰৰ একমাত্ৰ ছোৱালী পাৰিজাত  মাক দেউতাকৰ আলাসৰ লাড়ু আছিল । দেখাত অতিশয় ধুনীয়া পাৰিজাতৰ নিজৰ সৌন্দৰ্য্যক লৈ অহংকাৰো হৈছিল  আৰু জেদীও আছিল সৰুৰে পৰাই । পচন্দ হোৱা যি কোনো বস্তু তাই নিজৰ কৰি লৈছিল । লাগিলে সেয়া দোকানৰ বস্তুৱেই হওক বা কাৰোবাৰ হাতত থকাই হওক । 


জেদী স্বভাৱটো তাইৰ দিনক দিনে বাঢ়ি গৈছিল । কেইবাখনো বাগানৰ মালিক পাৰিজাতৰ দেউতাক জীয়েকৰ প্ৰয়োজন পুৰাই ভাগৰি পৰিছিল । এবাৰ বাগানলৈ নতুনকৈ অহা কৰ্মচাৰী এজনৰ প্ৰেমত পৰে পাৰিজাত ।কৰ্মচাৰীজন বিবাহিত আছিল । কিন্তু সকলো দেখি শুনিও পাৰিজাত আকোৰগোজ । কৰ্মচাৰীজনে কিন্তু পাৰিজাতক ভালপোৱা নাছিল  । তেওঁ নিজৰ পত্নীক খুউৱ মৰম কৰিছিল যিতো পাৰিজাতৰ সহ্য হোৱা নাছিল।যি কোনো উপায়েৰে নিজৰ কৰিব বিচাৰিছিল পাৰিজাতে তেওঁক । মাক দেউতাকে পাৰিজাতক বহুত বুজাইছিল , কিন্তু পাৰিজাত নিজৰ মতত অচল । নিৰুপাই হৈ পাৰিজাতৰ দেউতাকে কৰ্মচাৰীজন অৰ্থাৎ ৰমেনক শকত টকাৰ লোভ দেখুৱাই জোৱাই কৰাৰ প্ৰস্তাব দিলে । ৰমেন শকত পৰিমানৰ  ধনৰ লোভত পৰি পাৰিজাতক বিয়া পাতিলে । ৰমেন পাৰিজাতৰ ঘৰত ঘৰ জোঁৱাই হৈ থাকিল । কিন্তু মনে মনে নিজৰ আগৰ পত্নীক লগ কৰিবলৈ যায় ।এদিন পাৰিজাতে ৰমেনক আগৰ পত্নীৰ লগত নিবিৰ হৈ থকা সময়তে ধৰা পেলালেগৈ। পাৰিজাত খঙত ক'ব নোৱৰা হ'ল । ওচৰতে থকা লোহাৰ ৰদ এদাল লৈ ৰমেনৰ পত্নীৰ মুৰত আঘাট কৰিলে । তাকে দেখি ৰমেনে পাৰিজাতক ডিঙিত চেপি ধৰি মাৰি পেলালে । পাৰিজাতৰ আত্মা অতৃপ্ত হৈ ৰ'ল । প্ৰাণৰ ভয়ত ৰমেন পত্নীক লৈ বাগান এৰি পলাই গৈছিল । তেতিয়াৰ পৰা পাৰিজাতৰ আত্মা য'তে ত'তে ঘূৰি ফুৰিবলৈ ললে ।মনৰ কথাবোৰ কাৰোবাক ক'বলৈ বিচাৰি থাকিল তাই । কথাবোৰ ক'ব পাৰিলেই যেন তাইৰ আত্মাই শান্তি পাব ! 


কহিনীটো ইমানেই । আপুনি সুন্দৰকৈ সজাই লিখিব -- কৈয়ে ছোৱালীজনী যাবলৈ ওলাল । কাহিনীৰ মাজত সোমাই যোৱা 

ধৰণীকান্তৰ কিবা এটা মনত পৰাৰ দৰে কৈ উঠিল --তোমাৰ নামটো সোধাই নহ'ল । দুৱাৰ খুলি যাবলৈ ওলোৱা ছোৱালীজনীয়ে মুখখন ঘূৰাই মাথো এটি সেমেকা হাঁহিৰে ধৰণীকান্তলৈ চালে কেইমুহূৰ্ত্বমান ..তাৰপাছত ধুমুহা গতিৰে ওলাই গ'ল  ।ধৰণীকান্তই স্পষ্টকৈ দেখিবলৈ পালে --দুৱাৰ মুখ পাৰ হোৱা ছোৱালীজনী চোতালখনতে অদৃশ্য হৈ গ'ল ।


Assamese Storyboard

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages