কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ২০ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 17, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ২০ ) ? Assamese Storyboard

Assamese Storyboard

 

নিহাৰৰ পৰা নম্বৰ লোৱাৰ পাছত স্বাতিয়ে ৰিংকুক ফোন কৰিলে,"হেল্ল ৰিংকু, মই স্বাতি । যোৱাকালি নিহাৰৰ পৰা তোমাৰ নম্বৰ লৈছিলো।"( Assamese Storyboard )

ৰিংকু: অ নিহাৰে কৈছিল, কিবা কাম আছিল নেকি?

স্বাতি: একো কাম নাই। তুমি সিদিনা পাৰ্টীৰ পৰা সোনকালে গুচি আহিলা আৰু  কথা পতাও নহল তোমাৰ লগত সেইবাবে ফোন কৰিলোঁ।

ৰিংকু: মূৰৰ বিষ হৈ আছিল সেইবাবে গুচি আহিলোঁ।

স্বাতি: অৱশ্যে ৰিংকু আমি লগ পাব পাৰিম নেকি? এতিয়া কত আছা তুমি?

ৰিংকু: এতিয়া তো নোৱাৰিম কাৰণ মই এতিয়া হস্পিটেলত আছো পিছত লগ পাম বাৰু।

স্বাতি: হস্পিটেল .. তুমি ঠিকেই আছা নে?

ৰিংকু: হয় মই ঠিকেই আছো।

স্বাতি: তেন্তে হস্পিটেলত কি কৰিছা? কোনোবা পৰিয়ালৰ মানুহ...

ৰিংকু: অ , ৰিয়াৰ এক্সিডেন্ট হৈ গল। 

এইবাৰ স্বাতি চিন্তাত পৰিল," হে ভগবান! এতিয়া চাগে ৰিংকু ৰিয়াৰ ওচৰত আছে। নাই নাই মইও যাব লাগিব তালৈ।" তাৰ পাছত তাই ৰিংকুক সুধিলে," কোনখন হস্পিটেলত আছা তোমালোক?"

ৰিংকু: চিটি হস্পিটেল।

স্বাতি: মইও ইয়াৰ ওচৰতে আছো।  ৰ'বা মইও গৈ আছো। তোমাকো লগ পোৱা হব আৰু ৰিয়াকো চাই আহিব পাৰিম।

ৰিংকু: ঠিক আছে তেন্তে বাই।

ইফালে উৰ্মি আৰু কল্পনা হস্পিটেল আহি পালে।

কল্পনা: তোমালোক ঘৰলৈ গৈ ফ্ৰেচ হৈ লোৱা। মই আৰু উৰ্মি আছো আৰু তোমাৰ পাপাও আহি আছে


বেদান্ত: অ দাদা , মায়ে ঠিকেই কৈছে। তুমি ঘৰলৈ গৈ ফ্ৰেচ হৈ আহা। তুমি অহাৰ পাছত মইও যাম ঘৰলৈ। আৰু উৰ্মিক গৈ হোষ্টেলত থবগৈ লাগিব।

উৰ্মি: নালাগে, মই এতিয়া ইয়াতেই থাকিম।

বেদান্তই ইঙ্গিত দি কলে," সন্ধিয়া আকৌ আহিবা ,এতিয়া গৈ কাপোৰবোৰ সলাই লোৱা। যোৱাকালিৰে পৰা এইবোৰ কাপোৰত ভূত যেন দেখিছে তোমাক।" উৰ্মিয়ে তাক চকু দেখুৱাত সি হাঁহি দিলে।

ৰিংকু ঘৰলৈ ওলাই গল। কিন্তু হস্পিটেলৰ গেটত সি স্বাতিক লগ পালে। তাই ৰিংকুক দেখি তাৰ ওচৰলৈ আহিল," হাই ৰিংকু, ৰিয়া এতিয়া কেনে আছে?"

ৰিংকু: 'এতিয়া ঠিকেই আছে। ব'লা তোমাক লগ কৰাই দিওঁ।' 

সি তাইক লৈ ৰিয়াৰ ৰুমৰ ফালে গল ।

সিহঁত যেতিয়া তালৈ গৈ পালে তেতিয়া বেদান্তই ৰিয়াক চুপ খুৱাই আছিল লগতে তাইক গালিও পাৰি আছিল। ৰিয়াইও মনে মনে তাৰ গালি শুনি চুপ খাই আছিল, একেবাৰে সৰু ছোৱালীৰ দৰে।

এইবোৰ দেখি উৰ্মি আৰু কল্পনাই হাঁহি আছিল।

উৰ্মি: খুড়ী দেখিছে নে বাৰু? এতিয়া অলপ সময় আগত মই খুৱাই দিওঁতে কিমান যে নাটক কৰিছিল। এতিয়া বেদান্তই খুৱাওঁতে মনে মনে খাইছে । এইটো কিন্তু ভুল ৰিয়া

কল্পনা:অ মই দেখিছোঁ। ৰিয়াৰ জীৱন আছে বেদান্তৰ ওপৰত তেন্তে কিয় নাটক দেখুৱাব তাক?


স্বাতিয়ে যেতিয়া কথাবোৰ শুনিলে তাই হাঁহি মাৰি কলে," ৱাহ!ৰিংকু, বেদান্ত আৰু ৰিয়া একেলগে কিমান ভাল লাগিছে নহয়। আৰু দুয়োৰে মাজৰ সম্পৰ্ক বহুত ভাল যেন পাওঁ। খুৰীয়েও ৰিয়াক বহুত পছন্দ কৰে যেন পাওঁ।"

ৰিংকু: অ, দুয়ো সৰুৰে পৰাই ভাল বন্ধু আৰু কেৱল মায়েই নহয় ঘৰৰ সকলোৱে ৰিয়াক বহুত পছন্দ কৰে।

স্বাতি: কি যে কোৱা তুমি, এওঁলোকৰ সম্পৰ্কটো তোমাৰ বন্ধুত্বতকৈ বেছি যেন নালাগে নে?

ৰিংকুয়ে তাইৰ ফালে চালে," তুমি কি কব বিচাৰিছা?"

স্বাতি : মই কব বিচাৰিছো যে তেওঁলোক দেখিবলৈ একদম পাভযোৰা যি মাত্ৰ ইজনে আনজনৰ বাবেই জন্ম হৈছে।

ৰিংকু: এনেকুৱা একো নাই। তেওঁলোক মাত্ৰ ভাল বন্ধু হয়। ভিতৰলৈ ব'লা।

স্বাতিৰ ৰিংকুৰ কথাষাৰ শুনি ভাল নালাগিল। কিন্তু নিজক শান্ত কৰি তাই ভিতৰলৈ গল," নমস্কাৰ আন্টি , হাই বেদান্ত, হাই ৰিয়া এতিয়া কেনে আছা?"

ৰিয়াৰ স্বাতিক দেখি ভাল লগা নাছিল তথাপিও তাই লাহেকৈ হাঁহি কলে,"মই ঠিকেই আছোঁ।"

ৰিংকুয়ে মাকক কলে," মা এইয়া স্বাতি, আমি কলেজত একেলগে পঢ়িছিলো। ৰিয়াৰ কথা শুনাত তাইক চাবলৈ আহিল।"

কল্পনা: আহা ব'হা।

স্বাতিয়ে অলপ কথা পতাৰ পিছত যাবলৈ ওলোৱাত ৰিংকুতে কলে," ব'লা মই তোমাক থৈ আহোঁ।"

সি লাহেকৈ ৰিয়াৰ মুখলৈ চালে আৰু তাইৰ খঙটো দেখি হাঁহি দিলে," আজিটো ৰিয়া মেদাম আকৌ খঙত।" আৰু বাহিৰলৈ আহিল


ৰিংকু যেতিয়া ঘৰৰ পৰা উভতি আহিল তেতিয়া তাত নিহাৰ আহি পালেহি। সি ৰিয়াক ৰিংকুৰ হোষ্টেলৰ কাহিনীবোৰ কৈ আছিল। ৰিয়া আৰু উৰ্মিয়ে খুব মজা লৈ সেইবোৰ শুনি আছিল।

ৰিংকুয়ে নিহাৰক চকু দেখুৱাই কলে," হব আৰু , আজিয়েই সকলো কৈ দিবি নেকি?"

তেতিয়া নিহাৰে মৰম লগা চেহেৰা বনাই ৰিয়াৰ ফালে চাই কলে," তুমি দেখিছা নহয় বৌ,সদায় এনেদৰে মোৰ মুখ বন্ধ কৰি দিয়ে আৰু একো কবলৈ নিদিয়ে।"

ৰিয়া: নহয় নিহাৰ, তুমি কোৱা। মোৰটো বহুত ভাল লাগিছে।

ৰিংকুয়ে ৰিয়াৰ ফালে চকু দেখুৱাত তাই কল্পনাক কলে,"মা চাওঁকচোন মোক ভয় খুৱাইছে।"

তেতিয়া মাকে হাঁহি কলে," মোৰ ছোৱালীক আমনি নকৰিবা দেই।"

তেতিয়া বেদান্ত চাহ লৈ আহিল," আৰে দাদা তুমি আহিলা, ৰীয়াই চাহ বিচাৰিছিল সেইবাবে মই লৈ আনিলোঁ।"

ৰিংকু: জাকিৰ খুড়াক সুধিলা নে?

ৰিয়া: এতিয়া চাহৰ কাৰণেও কি সুধিব লাগে?

বেদান্ত: অ দাদা, মই সুধিলোঁ। বাৰু আপোনালোক বহক। মই ঘৰলৈ যাওঁ আৰু মা তুমিও আৰাম কৰি লোৱা।

তাৰ পাছত বেদান্তই ৰিয়া আৰু মাকক লৈ ঘৰলৈ গল। নিহাৰেও অলপ সময় কথা পাতি গুচি আহিল। এতিয়া ৰুমত ৰিয়া আৰু ৰিংকু অকলে আছিল।

ৰিয়া মনে মনে থকা কাৰণে ৰিংকুয়ে গম পালে যে তাই খঙত আছে। সি তাইৰফালে চাই কলে," বহুত দেৰীৰ পৰা বহি আছা, এতিয়া শুই যোৱা। অলপ আৰাম কৰা মই ইয়াতেই বহি আছো।"

ৰিয়া: নালাগে মই ঠিকে আছোঁ, অলপ সময় পাছত শুই যাম 

তাই খঙেৰে কলে।

ৰিংকু: কি হল বিষাইছে নেকি?

ৰিয়া: নাই তো।

ৰিংকু: তেন্তে কিয় মন মাৰি আছা?( Assamese Storyboard )


ৰিয়া: একো নাই।

ৰিংকু: সচাকৈ নে?

ৰিয়া: সঁচা।

ৰিংকু: ঠিক আছে তেন্তে।

ৰিয়া: সেইজনী কিয় আহিছিল?

ৰিংকুয়ে হাঁহি কলে," তাইৰ নাম স্বাতি হয় আৰু তাই তোমাক চাবলৈ আহিছিল।"

ৰিয়া: যিয়েই নাম হওক কিন্তু আপোনাৰ লগত বেছিকৈ জেঠীৰ দৰে লাগি থাকে ।

ৰিংকুয়ে হাঁহি দিলে তেতিয়া ৰিয়াই কলে," হাঁহিব নালাগে, মোক চাবলৈ অহা হলে মোৰ লগত কথা পাতিলে হয়। কিন্তু তাই তো আপোনাৰ লগতেই কথা পাতি আছিল।

ৰিংকু: হয় হয়, তোমাৰ হিংসা হৈছে।।

ৰিয়া: মোৰ কিয় হিংসা লাগিব?

ৰিংকু: সচাকৈ নাই হোৱা নে?

ৰিয়া: অ একেবাৰে হোৱা নাই।

ৰিংকু: তেন্তে তাই কফি খাবলৈ মাতিছিল মই ভাবিছোঁ সন্ধিয়া এপাক গৈ আহিম।

ৰিয়া: কি ,আপুনি সচাকৈ যাব? ঠিক আছে যাওক। মই আপোনাৰ লগত কেতিয়াও কথা নাপাতো।

তাই খং কৰাত ৰিংকুয়ে হাঁহি দিলে। তেতিয়া তাই আৰু খং কৰিলে," যাওক তাইৰ লগত কফি খাব  , এতিয়া মোৰ ওচৰলৈ নাহিব। মোৰ কিবা হৈ গলেও নাহিব "আৰু কান্দিব ধৰিলে।

ৰিংকুয়ে তৎক্ষণাত তাইৰ মুখত হাত থৈ দিলে," এতিয়াই যি কলা, দ্বিতীয়বাৰ আৰু নকবা।" তাইক সি জোৰেৰে সাৱটি ধৰিলে।

"তুমি নজনা, যেতিয়া বেদান্তই ফোন কৰি তোমাৰ কথা কলে মোৰ উশাহ ৰৈ গৈছিল। মই ইয়ালৈ কেনেকৈ আহি পাইছোঁ সেইয়া মাত্ৰ মই জানো আৰু তোমাৰ চেতনা ঘূৰি নহালৈকে নিজক কিমান চম্ভালি আছোঁ মই। ৰিয়া তোমাৰ অবিহনে থাকিব নোৱাৰো মই। মোৰ জীয়াই থকাৰ কাৰণ হৈ পৰিলা তুমি।"

ৰিয়াইও তাক সাৱটি ধৰিলে,"ইমান ভাল পায় মোক?"

ৰিংকু: ইয়াতকৈও বেছি।


ৰিয়া: মোক কেতিয়াও আপোনাৰ পৰা দূৰ কৰি নিদিয়ে তো?

ৰিংকু: কেতিয়াও নকৰো, তোমাৰ পৰা আঁতৰি মই কেনেকৈ জীয়াই থাকিম?

ৰিয়া: মইও আপোনাক এৰি থাকিব নোৱাৰো।

ৰিয়াই প্ৰথমবাৰ নীজৰ মনৰ কথা কলে।

ৰিংকুয়ে তাইৰ মনৰ কথা শুনি বহুত ফুৰ্তি পালে আৰু তাইক চুমা যাচিলে। ৰিয়াই এইবাৰ আকৌ চকু দেখুৱাই কলে,"আকৌ"

ৰিংকুয়ে এইবাৰ হাঁহি দিলে।

ৰিয়া:চাৰি বাৰ হল।

ৰিংকু: নহয় পাঁচবাৰ।

ৰিয়া:কেতিয়া?

ৰিংকু: যেতিয়া তুমি অচেতন হৈ আছিলা।

ৰিয়া: কিন্তু কেনেকৈ?

ৰিংকু:'এনেকৈ'বুলি কৈ আৰু এবাৰ চুমা যাচিলে। ৰিয়াই লাজ কৰিলে। তেতিয়া ডাক্তৰ ভিতৰলৈ আহিল। তেওঁ ৰিয়াক চালে। সেই সময়ত ৰিংকুৰ ফোন অহা বাবে সি বাহিৰলৈ ওলাই গল।

ডাক্তৰ: এতিয়া কেনেকুৱা লাগিছে মাজনী?

ৰিয়া: মই এতিয়া ঠিকেই আছো খুড়া।

ডাক্তৰ: বেদান্তৰ যোৱাকালি কান্দি কান্দি অৱস্থা বেয়া হৈ গৈছিল আৰু সিয়েই তোমাক তেজ দিলে।

ৰিয়া: অ ,ৰিংকুদাই কৈ আছিল এতিয়া।

ডাক্তৰ: বেদান্তই গম পায় নে তোমাৰ আৰু তেওঁৰ বিষয়ে?

ৰিয়া: নাজানে খুড়া।

ডাক্তৰ: আৰু ৰিংকুয়ে?

ৰিয়া: হয়তো নাজানে। মই মাক কৈছিলো কিন্তু তেওঁ মানা কৰি দিলে দৰকাৰ নাই বুলি।

ডাক্তৰ: আৰু তুমি কি বিচৰা?


ৰিয়া: খুড়া মই বিচাৰোঁ যে ৰিংকুদাই মোৰ আৰু বেদান্তৰ সম্পৰ্কৰ সত্যতাৰ বিষয়ে গম পাওক। সুযোগ বুজি মই তেওঁক কৈ দিম খুড়া।

 তেতিয়ালৈকে ৰিংকু তালৈ আহি পালে। তাক দেখি ৰিয়া মৌন হৈ পৰিল।

ৰিংকু: খুড়া, সকলো ঠিকে আছে নহয়? আমি ৰিয়াক ঘৰলৈ কেতিয়া লৈ যাব পাৰিম?

ডাক্তৰ: অ সকলো ঠিকে আছে আৰু সন্ধিয়া লৈকে তাইক লৈ যাব পাৰিবা। মাত্ৰ আৰু এসপ্তাহলৈকে তাইৰ ভৰিত কোনো জোৰ পৰিব নালাগে।

ৰিংকু: ঠিক আছে খুড়া , সেইয়া মই চাই লম।

ডাক্তৰে সুখী হৈ কলে," ৰিয়াৰ বাবে তোমাৰ মৰম দেখি বহুত আনন্দিত হলো। এনেদৰেই সদায় তাইৰ যত্ন লবা।".

ৰিংকুয়ে মোৰ জোকাৰিলে আৰু ডাক্তৰো তাৰ পৰা গুচি গল।

ৰিংকুয়ে ৰিয়াৰ ওচৰত বহি তাইৰ হাতত ধৰি ললে," মিছেছ কলিতা, ইয়াৰ পৰা ঘৰলৈ যাবা নে আকৌ হোষ্টেল?"


ৰিয়াই তাইৰ মূৰতো ৰিংকুৰ কান্ধত থৈ কলে,"যত আপোনাৰ ইচ্ছা।"

ৰিংকু: ঠিক আছে কিন্তু এতিয়া আৰাম কৰা। কিবা খাবা নেকি?

ৰিয়াই মানা কৰিলে আৰু সি তাইক লাহেকৈ শুৱাই দিলে।

সন্ধিয়া বেদান্ত আৰু ৰিংকুয়ে লগ হৈ তাইক ঘৰলৈ লৈ আনিলে। ঘৰত গৈ গাড়ীৰ পৰা নামি ৰিংকুয়ে ৰিয়াক কোলাত তুলি লোৱাত বেদান্তই কলে," এক মিনিট দাদা" আৰু সি সিহঁত দুয়োৰে ফটো  এখন উঠালে। তাৰ পাছত তিনিউটাই চেল্ফি ললে আৰু ভিতৰলৈ গল।

ৰিংকু আৰু ৰিয়াই একো বুজি নাপালে,"এতিয়া ইয়াৰ কি হল?"

ৰিংকু: 'মইও নাজানো দেই, বাৰু বাদ দিয়া এইবোৰ ভিতৰলৈ ব'লা।' আৰু তাইক কোলাত টুলি সি ভিতৰলৈ গল। সন্মুখৰ দুৱাৰত মাক দেউতাক, বেদান্ত আৰু লগৰ বোৰ সিহঁতৰ স্বাগত কৰিবলৈ ৰৈ আছিল। তেওঁলোকৰ সন্মুখত এনেদৰে ৰিংকুৰ কোলাত উঠি থকাৰ বাবে তাই লাজত ৰঙা পৰিল।


কল্পনাই প্ৰথমে দুয়োৰে আৰতি কৰিলে। তাৰ পাছত দুয়োৰে নজৰ ভাঙি ভিতৰলৈ আহিব কলে।  তেতিয়া বেদান্ত আৰু ৰিয়াই বাকীবোৰ বন্ধুৰ লগত মিলে চিঞৰিলে," ৱেলকম হোম মিছেছ ৰিয়া ৰিংকু কলিতা।" ৰিয়া লাজতে ৰঙা পৰি গল। ৰিংকুয়েও লাজ কৰিলে। সি তাইক হ'লত চ'ফাট বহাই দিলে।

উৰ্মিয়ে ৰিয়াক সাৱটি ধৰিলে," তুমি আমাৰ সকলোৰে জীৱ উলিয়াই দিলা।" তাৰ পাছত কানৰ ওচৰত আহি লাহেকৈ কলে,"বাইদেউ, গোটেই কলেজে গম পালে যে তুমি মিছ নহয় মিছেছ হোৱা। মই সচাই বহুত সুখী ৰিয়া, ৰিংকুদাই তোমাক বহুত ভাল পায়। সকলোৱে তেওঁৰ অধীৰতা দেখিলে।" কথাবোৰ শুনি ৰিয়াই মনত বহুত ফুৰ্তি পালে। সকলোৱে কিছুসময় ফুৰ্তি কৰি নিজৰ ঘৰলৈ গল। বেদান্তইও উৰ্মিক হোষ্টেলত থবলৈ গল।

সকলো যোৱাৰ পাছত কল্পনাই ৰিংকুক ৰিয়াক ভিতৰলৈ লৈ যোৱাৰ কথা কলে।

তেতিয়া ৰিয়াই কলে," মা ,এতিয়া তলতেই থাকিব দিয়ক। আহাৰ গ্ৰহণ কৰাৰ পাছত মই ওপৰলৈ যাম । দুইদিনৰ পৰা হস্পিটেলৰ বিছনাত পৰি পৰি মোৰ আমনি লাগি গল।"

কল্পনা: নহব, এতিয়া ওপৰলৈ গৈ আৰাম কৰি লোৱা। বহুত দেৰীৰ পৰা বহি আছা, ভাগৰি গলা চাগে। আৰু খাবলৈ মই ওপৰলৈ পঠিয়াই দিম।ৰিংকুয়ে ৰিয়াক কোলাত তুলি ওপৰলৈ লৈ গল। সি তাইক লৈ তাৰ ৰুমলৈ যাবলৈ লোৱাত তাই তাক বাধা দিলে। ৰিংকুয়ে কিয় বুলি সোধাত তাই উত্তৰ দিলে," আপুনি কথা দিছিল যে আপোনাৰ পত্নীক লৈ যাব। সেইবাবে এতিয়া এইটো অৱস্থাত নহয়।"

ৰিংকু: 'ঠিক আছে' বুলি কৈ তাইৰ ৰুমলৈ লৈ গল আৰু বিছনাত লাহেকৈ শুৱাই দিলে।

ৰিয়া: মই মানা কৰাৰ বাবে খং কৰিছে নেকি?

ৰিংকু: নহয়, এইয়া মোৰ ভুলৰ পৰিনাম।

ৰিংকুয়ে এনেকৈ উদাস হোৱাত ৰিয়াৰ ভাল নালাগিল। তাই কলে," পাহৰি যাওক সেইবোৰ কথা, মইও তো পাহৰি গলো।"

ৰিংকুয়েও হাঁহি দিলে। তেতিয়া লৈকে বেদান্তও আহিল ৰিয়াৰ ভাল লগা আইস্ক্ৰীম লৈ। তাৰ পাছত তিনিওতাই আইস্ক্ৰীম খালে আৰু বেদান্ত নিজৰ ৰুমলৈ গুচি গল। 

ৰিংকু ও যাবলৈ ওলোৱাত তাই তাৰ হাতখনত ধৰি কলে," অলপ সময় আৰু বহক মোৰ ওচৰত।" ৰিংকু তাতেই বিছনাত বহি পৰিল আৰু তাইৰ মূৰত হাত ফুৰাব ধৰিলে। দৰবৰ প্ৰভাৱৰ বাবে ৰিয়াই তাৰ হাতখন ধৰিয়েই শুই গল।

কিছুসময় পাছত যেতিয়া ৰিংকুয়ে তাইক শুই থকা দেখিলে সি তাৰ হাতখন এৰুৱাই আনিলে কিন্তু ৰিয়াই টুপনিতেই তাৰ হাতখন আৰু জোৰেৰে ধৰি থলে। ৰিংকুয়ে লাহেকৈ তাইৰ কপালত চুমা যাঁচি কলে," মিছেছ, এইয়া ৬ বাৰ হল, এইবাৰ তুমি হিচাপ নকৰিলা বাবে ময়েই কৰি দিলো তোমাৰ সলনি।" আৰু মিচিকিয়াই তাইৰ কাষতে শুই পৰিল।

 এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages