পানী বাঢ়িহে আছে । কমাৰ কোনো লক্ষণ নাই । ঘৰৰ আগৰ পথাৰখন এখন বগা চাদৰ হেন দেখা গৈছে ।। মথাউৰীৰ ওপৰেৰে পানী বাগৰিছে । আমাৰ চোতালত একাঠু পানী । শুনিছোঁ , ৰাতিলৈ যদি আৰু পানী বাঢ়ে মথাউৰী ভাঙিব পাৰে ।
( Assamese Storyboard )
ঘৰত মা আৰু মই হে । দুটি প্ৰাণী । মাই বাৰাণ্ডাত বহি দূৰৰ টিলাতোলৈ একান্ত মনে চাই আছে ,,,,যি ঠাইলৈ দেউতাক লৈ গৈছিল আৰু দেউতা এতিয়াও তাতেই আছে !! বিপদৰ মুহূৰ্ত আহিলে মাই তালৈ চাই ৰয় । আগৰে পৰাই । হয়তো দেউতালৈ মনত পৰে , হয়তো তেওঁৰ সঁহাৰি বিচাৰে ।
পিৰালিত বহি ভৰি ওলমাই মই পানীৰ লগত খেলা কৰি থাকোতে কেতিয়ানো গধূলি হ'ল গমেই নাপালোঁ । পানী মোৰ আঁঠু ওপৰলৈ উঠি আহিছে লাহে লাহে । দূৰৈত হুৰহুৰনি শব্দ এটাই শংকিত কৰি তুলিছে । মথাউৰী ভগা নাইতো ! গাঁওৰ মানুহবোৰৰ সৰহ ভাগ কালিয়ে নিৰাপদ ঠাইলৈ আঁতৰি গৈছে । কেৱল প্ৰতি ঘৰত একোজনকৈ পুৰুষ সদস্য ঘৰ ৰখীয়া হৈহে আছে । আমি যোৱা নাই । যাবলৈ ঠাইও নাই । মিতিৰ কুটুমৰ লগতো হলিগলি কম।যি হয় হব ভাবি মাই আৰু মই ঘৰতে আছোঁ ।
হুও,,,,,,হুও,,,,হুও,,,,হুও,,,,,
মেটেকাৰে সৈতে এসোপা ঢল সোমাই আহিল । মোক কঁকাললৈকে তিয়াই পেলালে । উঠি দৌৰি গৈ মাইক সাৱতি ধৰিলোঁ । নিৰ্বিকাৰ হৈ মাই তেতিয়াও তাতে বহি আছিল ,,,,,,,,,,
মাইক টানি নি বিছনাৰ ওপৰত উঠাই দিলোঁ । আমি দুয়ো বিছনাত থিয় দি ৰলো । ভয়ত তেতিয়াহে মোৰ চকু পানী ওলাল । কি কৰিম , কত যাম,,,,,,পানীয়ে বিছনাৰ ওপৰ উঠা নাই তেতিয়াও ।।।
জলপ,,,,,,,জলপ,,,,,,জলপ,,,,,,,,
কিবা অহাৰ শব্দ শুনি বিছনাৰ পৰাই ডিঙি মেলি বাহিৰলৈ চালোঁ । হাত নাও এখন আহি দুৱাৰ মুখত লাগিছেহি । এজন নাওৰীয়া আছে নাও খনত তাকো দীঘল টুপীৰে মুখ খন ঢকা ।
হয়তো উদ্ধাৰকাৰী দল আহি পালেহি । মাইলৈ চালোঁ মুখত এটা সুন্দৰ হাঁহি বিৰিঙি পৰিছে । মাই তৎকালে বিছনাৰ পৰা নামি গৈ নাওত উঠি বহিল,,,,,,,,পিছে পিছে মই । মানুহজনে তেতিয়াও একো কথা কোৱা নাই । ফ্ৰক দুটা আৰু মাইৰ কাপোৰ এযোৰ মই কালিয়ে টোপোলা কৰি বান্ধি থৈছিলোঁ । লগত টোপোলাটো ললোঁ । ভঙা পইচাৰ বটল আৰু দেউতাই দিয়া ৰাধা কৃষ্ণৰ লকেট থকা ৰূপৰ চেইণডালো তাতে ভৰাই ললোঁ । নাও চলিল ।
পানীয়ে তেতিয়া লৈ আমাৰ ঘৰত খিড়িকীবোৰ ডুবাই পেলাইছিল । মলখো দাইটি আমজোপাত উঠি উদ্ধাৰকাৰী লৈ ৰৈ আছিল ।।
''''' দাইটি,,,,,,ৰহ,,,,আমাৰ লগত লৈ যাম,,,,,
মই হাত জোকাৰি নাৱৰ পৰাই কলো । দাইটিয়েও হাত জোকাৰি সঁহাৰি দিলে ।
কিন্তু নাওঁখন যে অন্য দিশে গতি ল'লে ! দাইটি পিছফালে গছৰ ওপৰতে থাকি আহিল । দাইটিৰ কৰুণ মুখ খনে মোক বহুত কষ্ট দিলে ।
নাও খন পানী ফালি গৈ গৈ দূৰৰ টিলাতোত লাগিল । হেলনীয়া টিলাৰ গাৰে আমি তিনিও উঠি গলো । আমাৰ মাজত মাথোঁ নীৰৱতা । মানুহজন আগে আগে , মাই তাৰ পিছত আৰু মই একেবাৰে শেষত । মাইজনীক আজি বৰ বেলেগ বেলেগ লাগিছে পাই । এবাৰো মোলৈ চোৱা নাই মই ওপৰলৈ উঠিব পাৰিছোঁ নে নাই । উৰণি খনৰে মাই প্ৰায় চকু লৈকে ঢাকি লৈছিল । সদায় দীঘল উৰণী লয় । মাইৰ মুখৰ ভাব পঢ়াৰো সুবিধা নাছিল তেতিয়া । টিলাতোৰ ওপৰত কিছু সমতল ঠাই আছে । সেইখিনি মাটি আমাৰ । দেউতাই দখল কৰা মাটি । আগত ইয়াতে কুঁহিয়াৰৰ খেতি কৰিছিল । কুঁহিয়াৰ পেৰিছিল আৰু গুৰৰ লালি খাবলৈ মোক মাই লৈ আনিছিল । অন্য সময়ত মই অহা নাছিলোঁ ।
আন্ধাৰ বাঢ়ি আহিছিল । কিনটো ইয়াত পানীৰ ভয়াবহতা নাছিল । বহা কৰি সাজি থোৱা চালি খনৰ তলত আমি আশ্ৰয় ললোঁ । মানুহজন কেনিবা গুচি গৈছিল ।
কাপোৰ বান্ধি অনা বস্তাতোকে মাই পাৰি লৈ বহাৰ ভিতৰত মজিয়াত বহি পৰিছিল । চাৰিওফালে আন্ধাৰ । মোৰ ভয় লাগিছিল । মাই কাষ চাপি মইও বহি ললোঁ ।
,,,,,,,মাই,,,,,,,,
,,,,দাইটিৰ বাৰু কি হ'ল ? নাওৰীয়া জনে দাইটিক নানিলে কিয় ? বৰ বদমাছ মানুহ পাই ।
মাইৰ চকু দুটা খঙত জ্বলি উঠিল । ৰাতি মেকুৰীৰ চকু যেনেকৈ জ্বলে মোৰ তেনে লাগিল । মই ভয়ত আৰু একো নকলো ।
তাৰমানে মায়ে দাইটি অহাটো বিচৰা নাছিল । ইমান স্বাৰ্থপৰ নে মাই ? কিবা বিতৃষ্ণা লাগিল মাই ৰ ব্যৱহাৰত । একো নকলো । গাটো লৰাই অলপ আঁতৰি বহিলোঁ । ৰাতি বেছি হৈ আহিল । দিনটো অনাহাৰে থাকি বৰ ভোক আৰু ভাগৰ লাগিছিল । বস্তা খনত মূৰ থৈ মজিয়াত ভৰি মেলি শুই পৰিলোঁ ।
টোপনি আহিছিল চাগে । কিবা কিচিৰ মিচিৰ শব্দত সাৰ পাই গলো । চকু মেলি চাই দেখোঁ,,,,,বহাৰ এচুকত মাই আৰু সেই নাওঁ বোৱা মানুহজন কিবা খাই আছে । বহল কৈ চকু মেলি চালোঁ । আজি প্ৰথম মাই মোক এৰি খাইছে । কিন্তু কি খাইছে ?
মৰক,,,,,,মৰক,,,,,,চপ ,,,,,চপ,,,,,,,
দুইটাই তলমূৰ কৰি মাথোঁ খাইছে । মই উঠাৰ উমান পাই মায়ে কেৰাহীকৈ মোলৈ চাওঁতে দেখিলোঁ মাইৰ মুখত গোটেই খন তেজ লাগি আছে !! হাততো তেজ । ঘৰত হাঁহ মাৰিলে যেনেকৈ তেজ লাগে ।
মোৰ কিবা অচিন আশংকাত গাটো কঁপিব ধৰিলে । এইবোৰ কি হৈছে । বগুৱাবাই অলপ আগবাঢ়ি কি খাইছে চাওঁতে হে সঁচা কৈ বুকুখন আছে নে নাই গম নোপোৱা হলোঁ । এটা হাঁহ দুইটাই কেঁচাই কেঁচাই হাতেৰে ফালি ফালি খাইছে !! তেতিয়ালৈ মাথোঁ হাড় আৰু পাখি খিনি হে আছে গৈ ।
আকৌ আগৰ ঠাইলৈ চুচৰী আহি শুই থকাৰ নাটক কৰিলোঁ । মোৰ উশাহ বোৰ দীঘল দীঘল হবলৈ ধৰিলে । আধা মেলা চকুৰে মই মাইহঁতৰ কামবোৰ চোৱাৰ কথা ভাবিলো ।
( Assamese Storyboard )
টেৰেঙ,,,,টেৰেঙ,,,,,,,টেৰেঙ,,,,,
ওচৰতে বৰ ভেকুলা এটাই মাতি পৰিবেশ আৰু জয়াল কৰি তুলিছে । মাইহঁত এইবাৰ উঠিল । অদ্ভুত ভঙ্গী এটা কৰি গাটো জোকাৰি ল'লে আৰু মানুহটোৰ পিছে পিছে বাহিৰলৈ ওলাই গ'ল । বহাৰ ভিতৰত মোৰ অকলে যিমান ভয় লাগিছিল তাতকৈ আজি মাই লৈ বেছি ভয় লাগিছে । যাওঁক , বাহিৰতে থাকক । পোহৰ হোৱালৈ ইয়ালৈ নাহিলেই হয় ।
বহু সময় মাই ঘূৰি অহা নাই । মানুহটো যদি নাওঁ লৈ গুচি যায় , মাই অকলে আন্ধাৰত কেনেকৈ আহিব ! বুকুখন মুছৰ খাই উঠিল । নহয় ,মই মাইক অকলে এৰিব নোৱাৰো ।
বহাৰ বাহিৰলৈ ওলাই আহিলোঁ যদিও একো নেদেখি ঘোৰ অন্ধকাৰ । অনুমানতে উত্তৰ মুৱা দিশত আগবাঢ়িলো । এবাৰত উজুটি খাই হামখুৰী খাই পৰি গ'লো
কেইবাটাও সৰু সৰু ধিপ । কিহৰ মই নাজানোঁ । ধিপতোৰ লগতে একোটা মাটি টেকেলি হয় অক্ষত নহয় ভগা । কোনে বা ৰাখিলে ইয়াত । ধিপ এটাত বহি উমান লবলৈ চেষ্টা কৰিলোঁ মাই ক'ত থাকিব পাৰে! হাতত কিবা এটা লাগিল,,,,,,,,এঙাৰ চোন !, আই অ' ইয়াত মানে কোনোবাই চাহ উতলাইয়ো খায় চাগে ।
কুকুৰ এটাই বৰকৈ ভুকিব লৈছে । আন্ধাৰত মোকেই চুৰ ভাবি ভুকিছে নে অন্য কিবা ! ভুকভোকনি ফালে আগবাঢ়ি গ'লো ।
অন্য এটা ধিপ দূৰত আছিল । তাৰ ওপৰত মাই আৰু মানুহজন । দুয়ো গাত গা লগাই বহি আছে । যেন আজন্ম প্ৰেমিক প্ৰেমিকা হে । এইবাৰ ভয় নকৰি আগবাঢ়ি গলো । চিধাই মাইৰ সন্মুখত ঠিয় দিলোঁ,,,,,,
,,,,,,,মাই,,,,,,,,,
মাই বেঁকাকৈ মোৰ ফালে চালে । কিন্তু দুয়োৰে বাহুবন্ধন খোল নাখালে । কি নির্লজ !
,,,,,,মাই,,,,,
এইবাৰ জোৰকৈ চিঞৰি দিলোঁ । মানুহজনৰ টুপীতো খুলি পৰিল,,,,,,
,,ই কি !!
,,,,,,দেউতা!!!,,,,,,,
মাই দেউতাক জোৰেৰে সাৱতি ধৰিলে । কিমান দিনৰ তৃষ্ণাতুৰ আছিল মোৰ মাই ।।। থাকক দে আজি দেউতাৰ বাহু বন্ধনৰ মাজত ।
দেউতাই যেন মোলৈ কৰুণকৈ চাইছে । হয়তো বহু দিন দেখা নাছিল বাবেই । মাইৰ মুখত তৃপ্তিৰ এমুকুৰা হাঁহি ।
,,,,,,মোৰ হিয়াৰ লাও,,,,,,,মাজনী,,,,,,,তোৰ দেউতাৰ চা!!
মাই প্ৰথম বাৰ আজি পুৱাৰে পৰা কথা ক'লে ।
,,,,,মই নকৈছিলোঁ নে , তোৰ দেউতাৰ এদিন আহিব আৰু মোক লৈ যাব !,,,,,,,
জোৰেৰে সাৱতি লৈ মাই দেউতাক চুমাৰে উপচাই পেলালে ।
মই লাহে লাহে উভতি আহিলোঁ । বহা তে অপেক্ষা কৰিম মাই লৈ । আজি দেউতাৰ লগত মাই হেঁপাহেৰে সময় পাৰ কৰি লওঁক ।
( উপসংহাৰ ::: বিধৱা ৰমলা আৰু তাইৰ এঘাৰ বছৰীয়া জীয়েকজনীক গাঁওৰ মানুহৰ সহযোগত উদ্ধাৰকাৰী দলে দুদিন পিছতহে উদ্ধাৰ কৰিবলৈ সমৰ্থ হয় । যিটো টিলাত সিহঁতৰ পৰিয়ালৰ সকলোৰে চিতা আছিল তালৈ কেনেকৈ ইমান পানীৰ মাজত সিহঁত গৈ পালে এতিয়াও ৰহস্যৰ অৱৰ্তত । আশা কৰা হৈছে , জীয়েকৰ জ্ঞান ঘূৰি আহিলে কিছু সম্ভেদ ওলাব । ৰমলাৰ মৃতদেহ তাইৰ গিৰিয়েকৰ চিতা দিয়া ঠাইৰ ওপৰৰ পৰা উদ্ধাৰ কৰা হৈছে । )
নবযানী বৰুৱা শইকীয়া
ডিগবৈ
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24
No comments:
Post a Comment