বিয়া পাছত জোনালী নিজৰ শহুৰৰ ঘৰলৈ আহিল। বিয়াৰ সকলো নিয়ম নীতি শেষ হোৱাৰ পাছত ৩,৪দিনৰ ভিতৰত সকলো আলহী এজন এজনকে গুচি গল( Assamese Storyboard )। কিন্তু জোনালীৰ স্বামীৰ বায়েক আৰু দুটি সন্তান ৩দিনলৈ থাকিল। জোনালীৰ শাহু শহুৰে বহু দিনৰ আগতে এই পৃথিৱীৰ পৰা বিদায় লৈছিল। সেইবাবে তাইৰ স্বামীৰ বায়েক যি কেইটা দিন থাকিল, সেইকেইটা দিনত জোনালীক বহু মৰম দিলে, যাতে, জোনালীয়ে নিজৰ শাহুমাক নথকাৰ অনুভৱ নকৰে। ভায়েকৰ বিয়াৰ সকলোবোৰ দায়িত্ব বায়েকে লৈছিল। জোনালীয়ে, বায়েকৰ আগতে ঘৰৰ সকলো দায়িত্ব ভালদৰে লব পৰা হৈছিল। জোনালীয়ে নিজৰ স্বভাৱৰ দ্বাৰা, বায়েকৰ মন জয়ী কৰিছিল। সেইবাবে বায়েক বহুত সুখী হৈ পৰিছিল যে, ভায়েকে এতিয়া বহুত ভাল জীৱনসংগী পালে।
এতিয়া বায়েকে আৰু ভায়েকৰ বাবে চিন্তা নকৰিলেও হব। ঘৰৰ পৰা বিদায় লোৱা সময়ত বায়েকে জোনালীক সাৱটি লৈ কলে, জোনালী, মোৰ ভাইটি মনৰ পৰা বহুত ভাল। তোমাক কেতিয়াও কোনো কষ্ট নিদিয়ে। আৰু তুমি তাৰ চোৱা চিতা কৰিবা। আৰু কেতিয়াবা যদি মোৰ পৰা কিবা সহায় লাগে, তেতিয়া হলে কেতিয়াও কোনো সংকোচ নকৰিবা।
জোনালীয়ে কলে, বা আপুনি চিন্তা নকৰিব, মই এওঁক ভালদৰে চাম। জোনালীয়ে বায়েকৰ ভৰিত ধৰি সেৱা কৰিলে। জোনালীৰ স্বামীৰ বায়েক অটোত উঠিল কিন্তু লৰা ছোৱালী দুটা জোনালীৰ কাষতে থিয় হৈ থাকিল।
তেতিয়া জোনালীয়ে কলে, যোৱা, তোমালোকো মাৰ কাষত অটোত বহাগৈ।
তেতিয়া বায়েকে কলে, নালাগে জোনালী, এতিয়া তুমি আহিলা নহয়, সেইবাবে এতিয়াৰ পৰা সিহঁতি ইয়াতে থাকিব।
জোনালীয়ে বায়েকৰ এই কথা শুনি আচৰিত হৈ পৰিল। কিন্তু বিয়াৰ কিছু দিন হোৱাৰ বাবে, তাই আৰু বেছিকৈ প্ৰশ্ন সুধিবলৈ বেয়া পালে। বায়েক যোৱাৰ পাছত জোনালীৰ মূৰত বহু প্ৰশ্নৰ জন্ম হল। বায়ে এইবাবেটো মোৰ ওপৰত ইমান মৰম দেখুৱাইছিল নি! লৰা ছোৱালীৰ সৰু চহৰখনত ভালদৰে পঢ়া শুনা নহয়। কিন্তু এবাৰ নিজৰ পৰিকল্পনাৰ বিষয়ে মোকো জনায়, মোৰ ভাগৰো পৰামৰ্শ লব লাগিছিল। অতি সোনকালেই জোনালীয়ে নিজৰ সন্দেহক দূৰ কৰিবলৈ স্বামী অফিচৰ পৰা অহালৈ বাট চাই ৰল। স্বামী অনুপম অহাত তাই অনুপমক চাহ দিলে। অনুপমে অলপ জিৰণি লোৱা পাছতে, এই কথা ভাৱি লৈ, অনুপমে যাতে এয়া নাভাৱে যে, বায়েকৰ সন্তান দুটি থকাত জোনালীৰ সমস্যা হৈছে। জোনালীয়ে লাহে কৰি অনুপমক সুধিলে, বা ভাগৰ লৰা ছোৱালী দুটি ইয়াতে থাকিব নি!
বা ভাগৰ নহয়, তাহাঁতি দুটা মোৰে সন্তান হয়। তাহাঁতৰ মাকৰ মৃত্যু পাছত বাইদেউ তাহাঁত দুটাক নিজৰ ওচৰত থৈ তাহাঁতক ডাঙৰ দীঘল কৰিছে।
কি আপুনি বিবাহিত হয়! এই কথা আপুনি আমাক প্ৰথমতে কিয় নকলে! আপুনি আমাক থগিলে।অনুপমৰ কথা সম্পূৰ্ণ হোৱাৰ আগতে জোনালীয়ে প্ৰায় চিঞঁৰি লৈয়ে কলে। জোনালীৰ এনে লাগিল, তাই যেন কিহবাৰ চিকাৰ হল।
জোনালীৰ কথা শুনি অনুপমে তাই ফালে থৰ লাগি চাই ৰল। আৰু কিছু পলৰ পাছত লাহে কৰি অনুপমে কলে, মই তোমাৰ দাদাক সকলো কথায় কৈছিলো। তেওঁ তোমাক নকলে। মই তোমাক থগা নাই। তথাপিটো তুমি মোৰ ফালৰপৰা মুক্তি। যেতিয়াই মন যায়, তেতিয়াই যাব পাৰা। এতিয়া জোনালী থৰ লাগিল। আৰু কি তাইৰ ককায়েকেই তাইক থগন দিলে। জোনালীয়ে নিজৰ মূৰটো দুখন হাতেৰে জোৰেৰে ধৰি ললে আৰু কান্দি কান্দি মাটিতে জোৰেৰে বহি পৰিল। কবলৈ, শুনিবলৈ আৰু কি বাকী থাকিল। জোনালীৰ সকলো সপোন যেন ভাঙি বিখৰিত হৈ ৰল। শৰীৰৰ পৰা যেন কোনোবাই সকলো শক্তি কাঢ়ি নিলে। তাই যেনে তেনে তাৰপৰা উঠি চোফাখনতে শুই পৰিল। জোনালীৰ মূৰত নানা বিচাৰে তাণ্ডব কৰিবলৈ আৰম্ভ কৰি দিলে। অতীতৰ কিছুমান কথা তাইৰ মনলৈ আহিল।
জোনালীৰ দেউতাক, জোনালী সৰু হৈ থাকোতে ঢুকাইছিল। জোনালীৰ মাকে, চাকৰি কৰি জোনালী আৰু তাইৰ ককায়েকক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে। জোনালী য়ে কলেজত পঢ়ি থকা সময়ত তায়ো নিজৰ জীৱনৰ বাবে বহু সপোন গাথিছিল। কিন্তু সেই সময়তে এদিন মাকৰ পেচাৰ ষ্টক হৈ মৃত্যুক সাৱটি ললে। ককায়েক জোনালীতকৈ পাঁচ বছৰৰ ডাঙৰ আছিল। সেইবাবে ককায়েকৰ বিয়া মাক থাঁকোতেই হৈছিল। মাক যোৱাৰ পাছত ককায়েক নবৌয়েকৰ জোনালীৰ প্ৰতি ব্যৱহাৰ বহু সলনি হৈ গল। ককায়েক নবৌয়েকৰ জোনালীক বোজা বুলি ভাৱিবলৈ ধৰিলে। গ্ৰেজুৱেচন কৰা পাছত জোনালীক ককায়েক নবৌয়েকে আৰু আগলৈ পঢ়িবলৈ নিদিলে। পুৱা ১০বজাৰ লগে লগে ককায়েক নবৌয়েক অফিচলা গুচি যায়। আৰু পুৱা পৰা গধূলিলৈ জোনালীয়ে ঘৰৰ কামতে ব্যস্ত হৈ থাকিবলীয়া হৈছিল। সেই সময়ত জোনালীৰ বিয়াৰ বাবে বহু প্ৰস্তাৱ আহিছিল। কিন্তু এতিয়াই ইমান সোনকালে কিয় বুলি জোনালীৰ ককায়েক নবৌয়েকে সকলো সম্বন্ধ ভাঙি দিছিল। কাৰণ ককায়েক নবৌয়েকে ফ্ৰীতে যে কামকৰা বাই এজনী পাইছিল ! লাহে লাহে সময় পাৰ হৈ গল আৰু জোনালীৰ ককায়েক দুই সন্তানৰ পিতৃ হল। যেতিয়া পানী মূৰৰ ওপৰেদি ববলৈ ধৰিলে আৰু জোনালীৰ সম্বন্ধীয় লোকে জোনালীৰ ককায়েক নবৌয়েকক কথা শুনাবলৈ ধৰিলে, তেতিয়া হে জোনালীৰ ককায়েক নবৌয়েকে তাইৰ বাবে দৰা বিচাৰিবলৈ আৰম্ভ কৰিলে। যাৰ পৰিনাম স্বৰূপে এই সম্বন্ধটো জোনালীৰ ককায়েক নবৌয়েকে পাইছিল। যত কোনো যৌতুক বিচৰা নাছিল। ইয়াতকে আৰু ভাল সম্বন্ধ ককায়েক নবৌয়েকৰ বাবে আৰু কি হব পাৰে! জোনালীৰ ককায়েকে জোনালীক এনে এজন ব্যক্তিলৈ বিয়া দিলে, যি প্ৰথমৰপৰাই দুই সন্তানৰ পিতৃ হয়।( Assamese Storyboard )
কিন্তু সেইসময়তে জোনালীয়ে নিজৰ সন্মুখত অনুপমক ৰৈ থকা দেখা পায়, তাই বিচাৰ কৰি থকাবোৰক জোকাৰণি লাগিল। অনুপমে তাইৰ ওচৰতে বহি লৈ কলে, চোৱা, জোনালী, তোমাৰ লগত যি হল, সেয়া বহুত বেয়া হল। কিন্তু দুখ কৰিলে, পাৰ হৈ যোৱা সময় পুনৰ ঘূৰি নাহে।এতিয়া উঠা আৰু শান্ত মনেৰে ইয়াৰ উপায় বিচাৰা। যি তুমি বিচাৰা তাকে হব। তেতিয়া লৈ তুমি মোৰ আলহী। তুমি কলে, মই তোমাক তোমাৰ দাদাৰ ওচৰত থৈ আহিমগৈ। জোনালীয়ে কলে, দাদাৰ ওচৰলৈ গলে কি হব! যদি তেওঁ মোৰ সুখৰ কথা চিন্তা কৰা হলে, এনে নকৰিলে হয়। মই যাব নিবিচাৰো দাদাৰ ওচৰলৈ। এয়া কয় জোনালীয়ে নিজৰ কোঠালৈ গুচি গল। পাচদিনা পুৱাতে অনুপমৰ বায়েকৰ ফোন আহিল। জোনালীয়ে বুজি উঠিল যে, কালি ঘটা ঘটনাৰ কথা বায়ে গম পালে বুলি। সেইবাবে পুৱাতে বায়ে ফোন কৰিছে।
জোনালীয়ে ফোনটো ৰিচিভ কৰিলত আনফালৰ পৰা মাত আহিল, মাজনী আমি তোমাৰ দাদা বৌৰপৰা কোনো কথায় লুকাই ৰখা নাছিলো। তথাপিও যদি তুমি লৰা ছোৱালী দুটাক লৈ সমস্যাত পৰিছা, তেতিয়া হলে প্ৰথমৰ দৰেই তাহাঁতি দুটা মোৰ লগতে থাকিব। কিন্তু মোৰ ভাইটিক তুমি এৰি নিদিবা। বহু বছৰৰ পাছত তাৰ জীৱনলৈ তুমি সুখ লৈ আহিছা। বহু বুজোৱাৰ পাছত অনুপমে বিয়া কৰাবলৈ মান্তি হৈছিল। সেইবাবে তুমি তাক এৰি থৈ নাযাবা। জোনালীয়ে একো বুজি পোৱা নাছিল যে, তাই কি উত্তৰ দিব। জোনালীয়ে কিবা সিদ্ধান্ত লোৱাৰ আগতে, তাইৰ চিন্তা দ্বাৰা সলনি হৈ গৈছিল। জোনালীয়ে নতুনকে চিন্তা কৰিলে যে, ককায়েক ঘৰলৈ গৈ তাই পুনৰ সেই নৰকত পৰি থাকিব নিবিচাৰিছিল। আৰু কাৰো সহায়তা নোলোৱাকৈ অকলে থকা ছোৱালী জনীৰ কি দশা হয়, সেয়া ভালদৰে জানে জোনালীয়ে। যদি মোৰ বিবাহ এজন ডেকা লৰাৰ লগত হোৱা হলে, তেতিয়া কেনেকৈ কব পৰা যাব যে, সেইজনে অনুপমৰ দৰে মোক বুজি উঠিলে হয়। এতিয়া অনুপমৰ কোনো ভুল নাই। তথাপিটো অনুপমে জোনালী মুক্ত কৰি দিবলৈ প্ৰস্তুত। ইমান মৰম কৰা শাহু মা সমান বাইদেউ, কত সকলোৱে পায়। আৰু বায়েক ভায়েকৰ মৰম, যত এজনে আনজনৰ সুখৰ বাবে, যিকোনোকে ত্যাগ কৰিবলৈ সাজু। সেয়া যি, কেতিয়াও জোনালীয়ে নিজৰ ককায়েকৰ পৰা নাপালে। লৰা ছোৱালী দুটা যি, দূৰৰপৰাই তাইক ভয়ে ভয়ে চাই ৰৈছিল। আৰু এতিয়া সম্পূর্ণ দিন জোনালীৰ আগে পাছে ঘূৰি ফুৰে। ইমান এখন সুখী পৰিয়ালক তাই কিদৰে ত্যাগ কৰিবলৈ পাৰে!
যি সুখ আৰু আনন্দ এটা ভাল সম্বন্ধৰ পৰা পোৱা যায়, সেয়া বহুত ধন সম্পত্তি থাকিলেও পোৱা নাযায়। ইমান মৰমীয়াল পৰিয়াল,মৰম, ভালপোৱা যি জোনালীয়ে সৰু কালৰেপৰা পোৱা নাছিল। আৰু আজি এটা নতুন জীৱন তাইলৈ দুবাহু মেলি তাইক আদৰিবলৈ ৰৈ আছে। জোনালীয়ে ভাৱিবলৈ ধৰিলে, আজিকালি সমাজত প্ৰায় বোৰ বোৱাৰীকে ঘৰতে থাকিবলৈ কোৱা হয়, যদি তাত এজনী ছোৱালীক বিয়াৰ পাছত ইমান মৰম ভালপোৱা আৰু মান সন্মান দিয়া হয়, তেতিয়া হলে সেই ছোৱালীজনীক আৰু কি লাগে। তেতিয়া জোনালীয়ে সময়ৰ লগত বুজা বুজি কৰি লোৱাটোৱে সঠিক বুজিলে। আত্মসন্তুসৰ ভাৱে জোনালীয়ে লৰা ছোৱালী দুটাকে নিজৰ ওচৰলৈ মাতিলে। আৰু কলে, মই যামগৈ, তোমালোক দুয়োয়ে প্ৰথমৰ দৰে বা লগতে থাকিবা। নহব নহব, আমি আপোনালোক দুয়োৰে লগত থাকিবলৈ বিচাৰো। আপুনি আমাক এৰি থৈ নাযাব। আপোনাক আমি বহুত ভালপাওঁ। ইমান কৈয়ে লৰা ছোৱালী দুটাই কান্দিবলৈ ধৰে।
তেতিয়া জোনালীয়ে দুয়োটা লৰা ছোৱালীকে সাৱটি ধৰিলে। ইমানখিনি মৰম জোনালীক কেতিয়াও তাইৰ ককায়েকৰ লৰা ছোৱালী দুটাও দিয়া নাছিল। যাক জোনালীয়ে সৰুৰে পৰা মৰম চেনেহ দি আহিছিল। জোনালীয়ে অনুপমৰ বায়েকক নিজৰ সিদ্ধান্তৰ কথা কবলৈ ফোন কৰিলে। আৰু কলে, বা মই ইয়াতে থাকিম। কলৈকো নাযাও, লৰা ছোৱালী দুটাও মোৰ লগতে থাকিব। জোনালীৰ কথা সম্পূর্ণ নহঁওতেই তাইৰ চকু জোনালীৰ পাচফালে ৰৈ থকা, অনুপমৰ ওপৰত পৰিল। যিয়ে তাইৰ কথা শুনি হাঁহি ৰৈছিল। জোনালী অনুপমৰ কাষলৈ গৈ, অনুপমৰ দুবাহুত সোমাই পৰিল।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment