তেওঁৰ মাতৃৰ জীৱনত ঘটিছিল এক হৃদয় বিদাৰক ঘটনা : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 7, 2021

তেওঁৰ মাতৃৰ জীৱনত ঘটিছিল এক হৃদয় বিদাৰক ঘটনা : Assamese Storyboard

Assamese Storyboard

সৰু ল'ৰা এজন কান্দি কান্দি আহিছিল মোৰ হোটেললৈ | মই সিমান তাক গুৰুত্ব দিয়া নাছিলো | কাৰন কি কথা ! কি বতৰা মই একো নাযানো |( Assamese Storyboard )

সি মোৰ ওচৰ চাপি আহিছিল | মই লক্ষ্য কৰিছিলো তেনেই সাধাৰণ ঘৰৰ সন্তান সি,,,,

- ঐ পোৱালী ! কিবা লাগে নেকি ?

- নালাগে

- তেতিয়া হ'লে

- দাদা আপোনাৰ হোটেলত কাম কৰা ল'ৰা লাগিৱ নেকি ?

কাম কৰা ল'ৰা ! মোৰ হোটেলৰ  দেখোন বিক্ৰী তেনে কম !

- পোৱালী,মোৰ হোটেলৰ বিক্ৰীয়ে নাই অ তাতে তোক ৰাখিলে মই দৰমহা দিয়াৰ বাবে চিন্তা কৰিৱ লাগিৱ নহয় |

- নালাগে দাদা মোক দৰমহা নালাগে | আপুনি মোক খাৱলৈ দিলে হ'ল |

কি ! তাৰমানে সি এসাজ ভাতৰ কাৰনে এনেকে ঘূৰিছে |

- চা বাবা মোৰ কোনো নাই | মা-দেউতাক দেখাই নাপালো | বেলেগৰ ঘৰত কাম কৰি ইমান ডাঙৰ হ'লো | এতিয়া সাধাৰন হোটেল খন | তাক ও কেতিয়াবা বিক্ৰী নহয় | এতিয়া সকলো ফালে অত্যাধুনীক হোটেল | আমাৰ হোটেল বোৰ চকুতে নপৰে অ মানুহৰ | বাদ দি সেইবোৰ তোৰ ঘৰত কোন কোন আছে ?

- দাদা মোৰ ঘৰত কোনো নাই !

তাৰ অৱস্থা দেখি কোনোবা খিনিত মোৰ মনটো হাহাকাৰ কৰি উঠিছিল | 

তাক দুহাটেৰে সাৱতি ধৰিছিলো,,,,,

- তই সঁচাই অকলসৰীয়া ?

- অ দাদা ,আমাৰ গাওঁৰ মানুহে আমাৰ ঘৰটো জ্বলাই দিলে !

কি ! তাৰমানে,,,,,,,,,,

- তোৰ দেউতাৰ নাম কি 

- মাধৱ বৰুৱা

- মা...ধৱ....বাদ দি | মাৰৰ নাম ?

- মিনিতি 

- মিনতি ! মানে সেই,,,,,,,


ল'ৰাজনে মোৰ ককালত খামোছি ধৰিছিল | আৰু কান্দি কান্দি কৈছিল,,,,,

- দাদ মোৰ মায়ে মোক এৰি গুছি গৈছে | এবাৰ ও মোৰ কথা নাভাৱিলে |

কি কম ! মিনতিৰ ল'ৰা | হাৰে তাই মোৰ বান্ধৱী আছিল | একেলগে পঢ়িছিলো দুয়ো |

অলপদিন তাই আত্মাহত্যা কৰিছিলে |

মই ল'ৰাটোক কিবা এটা খাৱ দিলো | সি বেচেৰাই বৰ তৃপ্তিৰে খাইছিল | হয়টো চাগে তাৰ বহুত ভোক লাগিছিল |

তাৰ মুখলৈ চাওঁতে মোৰ মিনতিৰ মুখ খনলৈ মনত পৰিছিল | মাগুৰবৰনীয়া ছোৱালীজনীৰ মিঠা হাঁহিটি আছিল তাইৰ আকৰ্ষণৰ কেন্দ্র বিন্দু | খুৱ মৰম লগা |

ঘৰৰ অৱস্থা বেয়া কাৰনে তাই কম বয়সতে আহতগুৰিৰ মাধৱৰ লগত সাংসাৰিক বান্ধোনত বান্ধ খাইছিল | বেলেগৰ ঘৰত কাম কৰা মাধৱৰ লগতে তাইৰ আৰম্ভ হৈছিল সুখৰ সংসাৰ খন | 

তেতিয়া তাই গৰ্ভৱতী আছিলে | এদিনৰ কথা, মাধৱে কাম কৰা ঘৰত গছৰ ডাল কাতিৱলৈ ওপৰত উঠিছিলে | কিন্তু নিয়তি কি নিষ্ঠুৰ |মিনতিৰ শিৰৰ সিন্দুৰ ৰন অকালতে মোছ খালে | মাধৱৰ গছৰ পৰা পৰি মৃত্যু হ'ল | 

চুকুপানী টুকি জীয়াই থকাৰ সংকল্প ললে মিনতিয়ে |

এদিনা খন মিনতিয়ে এটা ল'ৰা সন্তান প্রসৱ কৰিলে | এই ল'ৰা সন্তানজন |

হয়টো তাইৰ সকলো আশা ল'ৰাটো | ইয়াৰ মুখলৈ চাই সি মাধৱৰ দুখবোৰ পাহৰিছিল | মানুহৰ ঘৰত কাম কৰি হ'লেওঁ তাই সন্তানক প্রতিপালন কৰিছিল | ডাঙৰ কৰিছিল |

এদিনৰ কথা, নিশা তেতিয়া দহ মান বাজিছিল ,,,,,,,,,,

একেগাওঁৰ পুলক সিহতৰ ঘৰত আহিছিল |

- অ নবৌ ,মিনতি নবৌ,,,,

পুলকৰ মাত শুনি মিনতিয়ে দৰ্জাখন খুলি বাহিৰলৈ আহিছিল |

- অ পুলক ! ইমান ৰাতি যে,,,,,

- এ নবৌ কিনো ৰাতি হ'ল | আমাৰ গাওঁত হে ৰাতি | চহৰত মানুহে ১২ বজাৰ পাছত হে ঘৰত সোমাই |

চহৰ আৰু গাওঁৰ পাৰ্থক্য বহুত |

উপায় নাছিল তাইৰ ঘৰলৈ অহা মানুহক নো কেনেকে খেদি পঠিয়াই |

- আহা,ভিতৰলৈ আহা,,,,,,,

পুলক ভিতৰলৈ সোমাই গৈছিল | মিনতিৰ ল'ৰাজনৰ শুইছিলে | তাই কিবা কিবি ঘৰৰ কামতে ব্যস্ত আছিল |

- নবৌ ,,,,

- কোৱা পুলক,,,,

- তুমি এনেকে অকলসৰীয়া জীৱন এটা কেনেকৈ কতায় আছা ?

সি বাৰু কি বুজাৱ বিচাৰিছিল |

- কি কৰিবা পুলক | ভাগ্য ! মানুহৰ ভাগ্যত যি লিখা আছে সেয়া জানো সলনি হৱ |

- উম ,কিন্তু নবৌ তোমাৰ এই গাভৰু দেহাটি কি কৰিব বিচাৰিছা ?

পুলকৰ কথা শুনি মিনতি সজাগ হ'ল | তাই ওফণ্ডা বুকুৰ ওপৰৰ অংশ চাদৰৰ আছল খনৰে ধাকি ল'লে |

- পুলক তুমি !

- অ নবৌ তোমাৰ প্রতি মোৰ এক বেলেগ অনুভৱ জাগে সেয়েহে মই তোমাৰ ওচৰত আহিছো,,,,,,,

মিনতিৰ দশা সজাত বন্দী ভাটৌৰ দৰে হ'ল |

- ছিঃ ছিঃ পুলক | মই বিধৱা মানুহ,মোৰ সন্তান এটা আছে | তুমি এয়া কি কৈছা,,,,

- মই থিকে কৈছো নবৌ |

সি মিনতিৰ হাত খনত জোৰকৈ ধৰিছিল |

- নাই নাই পুলক এৰি দিয়া | মোৰ বদনাম নকৰিবা | 

সি পকেটৰ পাচশ টকীয়া নোট এখন উলিয়াই মিনতিৰ হাতত গুজি দিছিল |( Assamese Storyboard )


- তুমি মোক সন্তুষ্ট কৰা | তোমাক যি লাগে মই সকলো দিম |

তাই হাতজোৰ কৰিছিল |

- নাই পুলক মই অসহায় মহিলা ,মোৰ কোনো নাই ল'ৰাটোৰ বাহিৰে | সমাজক মই ভয় কৰো | মোক বদনামী নকৰিবা তোমাক হাতজোৰ কৰিছো,,,,,,,

এইবাৰ সি পকেটৰ পৰা আকৌ পইচাঁ উলিয়াইছিল | 

- এয়া লোৱা নবৌ | আকৌ পাচশ টকা | তুমি মোক সকলো দিয়া নবৌ | 

তাই পইচাঁ কোনো কাৰনত লোৱা নাছিলে |

সি তাইক জোৰকৈ সাৱতি ধৰিছিল | 

- এৰি দিয়া পুলক | মানুহৰ ও অভদ্রমিৰ এটা সীমা থাকে |

নাই সি এৰি দিয়া নাছিল | অসহায় হৈ পৰিছিল মিনতি | চিঞৰি দিলে তাইৰ বদনাম হব | কি কৰিব তাই ,,,,,,,,

তেনেতে কামাতুৰ পুলকে মিনতিৰ বুকুত হাত দিছিলে | তাই আৰু ধৈৰ্য্য ধৰিব নোবাৰিলে |তাই তাৰ গালত এটা প্রচণ্ড চৰ সোধাইছিল |লগে লগে পুলকৰ যেন বেলেগ ৰূপ |

- তই মোক চৰিয়াছ ন ? থিক আছে,,,,,

ঐ মৰিলো,,,,,, মোক বচাওঁক,,,,,,মৰিলো

কি ! সি ইমান অভিনয় কৰিলে | 

- পুলক তুমি এয়া ,,,,,,,

সি নিজৰ চাৰ্টটি খুলি দিলে,,,,,

আৰু বাহিৰলৈ ওলাই দৌৰ দিলে,,,,,

- ঐ মোক বচা ! ঐ,,,,,,

তাই নিশ্চুপ হ'ল | কি অভিনয় মানুহৰ | মানুহ ইমান তলত যাব পাৰেনে ?

ইতিমধ্যে গাওঁৰ সকলো মানুহ ওলাই আহিছিল |

কোনোবাই সুধিছিল |

- কি হ'ল পুলক |

সি কান্দি কান্দি অভিনয় কৰি ৰাইজক কৈছিল |


- চাওঁক ৰাইজ ,সেইজনীয়ে মোক কিবা এটা সহায় কৰিব লাগে বুলি মাতিছিল | কিন্তু তাই মোক ভিতৰত যৌন ভূগৰ প্রস্তাব দিছিল | মই অমান্তি হোৱা বাবে তাই মোৰ কাপোৰ ফালি পেলাইছিল |

মিনতিৰ মুখৰ পৰা এটা হাঁহি ওলাই আহিছিল | অভিনয় ! এয়া অভিনয় ,,,,,,

মানুহৰ মাজত হৈ চৈ লাগিছিল | ঐ তাইক মাৰ কি চাই আছ ! বেশ্যা তাই ,আহিয়ে গিৰিয়েকক খালে এতিয়া গাওঁৰ ডেকাবোৰ শেষ কৰিব |

মানুহে শিলাবৃষ্টি নমালে তাইৰ ঘৰত | 

তাই কিবা কব খুজিওঁ থমকি ৰ'ল | তাই কোৱাৰ প্রয়োজন অনুভৱ নকৰিলে | কাৰন এইখন সমাজে তাইৰ কথা নামানে ! কাৰন তাই এজনী বিধৱা,দুখীয়া | তাইৰ সমাজক কিনিব পৰা টকাৰ বল নাই |

- ৰাইজ,এতিয়া ঘৰে ঘৰে বলক | কালি গাওঁৰ নামঘৰত বিচাৰৰ অন্তত আমি সিদ্ধান্ত লম |এতিয়া বলক |

সকলো মানুহ ঘৰে ঘৰে গ'ল | ছিঃ ছিঃ শেষ কৰি পেলালে গাওঁ,,,,,,,,

মানুহবোৰ ঘৰে ঘৰে গ'ল |  মিনতিয়ে আৰু একো আশা নকৰিলে |

সকলো বিশ্বাসঘাটকতা কৰিলে | তাই আৰু জীয়াই থাকিব নিবিচাৰিলে |

তাই এখন কাগজত লিখি জীৱনৰ লগত হাৰমানি সেইদিনাই আত্মহত্যা কৰিলে |

বৰ হৃদয় বিদাৰক | মই তাৰফালে চালো ,,,,

সি সমূৰ্ণ মৌন হৈ আছিলে |

- বাবা,আজিৰ পৰা তই মোৰ লগতে থাকিবি | তোৰ সম্পূৰ্ণ দায়িত্ব মোৰ অন্তত লঘোন নপৰাকৈ এসাজ খাব পাবি |

সি মোক সাৱতি ধৰিছিল | কৈছিল মোক কোনেওঁ ৰাখিব বিচৰা নাছিল কিন্তু আপুনি মোক ৰাখিলে,,,,,,,

মই তাৰ গালখনত চিকুতি দি কৈছিলো,,,,

- মানুহ হৈ আমি মানুহৰে কাম কৰিব লাগিব |

এয়াই জীৱন চক্ৰ | ভাগ্য চক্ৰ |

Assamese Storyboard

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

Assamese Storyboard


জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages