সুশান্তৰ অবিহনে প্ৰীতিয়ে শূণ্যতা অনুভৱ কৰিছিল । অনুভৱবোৰে বাৰুকৈয়ে আমনি কৰিছিল প্ৰীতিক । টোপনিতে কাষৰ ঠাইকন খেপিয়াই চাই ..ভাতৰ টেবুলত তিনিখন থাল সজোৱা অভ্যাসটো অলপ দিনলৈকে থাকি গৈছিল( Assamese Storyboard ) । বাহিৰত গাড়ীৰ হৰ্ণ শুনি ওলাই যায় প্ৰীতি ..পাহৰি যায় তাই,, সুশান্ত যে নাই । লাহে লাহে প্ৰীতিয়ে সুশান্তৰ অবিহনে সময় কটাবলৈ শিকিছিল । পৰিস্থিতি চম্ভালি লৈছিল । তথাপিও গধুলি সময়কন খুবেই উৰুঙা উৰুঙা লাগিছিল । মাক- দেউতাকৰ অনুৰোধ ৰক্ষা কৰি প্ৰীতি কলিকতালৈ গুছি আহে । এয়াৰ পৰ্টৰ অলপ ওচৰতে দেউতাকে লৈ থোৱা ফ্লেটটোতে থাকিবলৈ লয় তাই বিদিশাক লৈ । একমাত্ৰ কন্যা প্ৰীতিৰ নামতে লোৱা ফ্লেটটো এনেই অত'দিনে খালী হৈ পৰি আছিল । ওচৰতে থাকিলে মাক-দেউতাকৰো চিন্তা কমিব । সুশান্তই একেই মতকে দিলে । বিদিশাক নতুনকৈ নাম ভৰ্তি কৰা প্ৰাইভেট স্কুলখনত সৌভাগ্যক্ৰমে প্ৰীতিয়েও চাকৰিটো পাই গ'ল । গতিকে মাক-জীয়েক একেলগে অহাযোৱা কৰিবলৈ ললে ।
আবেলিৰ আকাশত অষ্টগামী সুৰুয । নীলা আকাশখনত থাল এখনৰ দৰে দেখা ৰঙাবেলিটোৱে আকাশখনৰ সৌন্দৰ্য্য বঢ়াইছিল ।তন্ময় হৈ সেই দৃশ্য উপভোগ কৰিছিল তনয়ে টেৰেছৰ পৰা । ৰিব ৰিব কৈ বলা ঠাণ্ডা বতাহজাকেও তনয়ৰ দেহ-মন সজীৱ কৰি তুলিছিল । হঠাৎ তনয়ৰ চকু গ'ল নাতি দুৰলৈ..সেয়া কোন ৰৈ অাছে ? মুখখন স্পষ্টকৈ দেখা নাই যদিও বগা চুৰিদাৰজোৰৰ লগত আকাশ নীলা দুপাট্টাখন বতাহে কোবাই আছে । সাজযোৰৰ লগত মেলা চুলিটাৰীৰে অপূৰ্ব দেখাইছে দুৰৰ পৰাই । একমনে নীলআকাশৰ সৌন্দৰ্য্যৰাশি পাণ কৰা সেই নাৰীগৰাকীৰ কাষলৈ আগবাঢ়ি গ'ল তনয় ।
: Hi ! I am Tonoy . Tonoy Baruah. from Assam.If you don't mind I want to know about you ..
পিছফালে ঘূৰি চাই দেখে প্ৰীতিয়ে এজন আটিল দেহৰ সুদৰ্শন চেহেৰাৰ যুৱকক।প্ৰীতিয়ে সামান্য হাঁহি কৈ উঠিল ---
: অসমীয়াতে কলেও হ'ব । মইও অসমৰে বোৱাৰী । যদিও মোৰ মাৰ ঘৰ কলিকতাত ..জন্ম অসমতে । পঢ়া-শুনাও অসমতে কৰা । কলিকতাত বেছিদিন থকাই নহ'ল মোৰ । অসমীয়া সংস্কৃতি , অসমীয়া মাত-কথা জন্মৰে পৰা পৰিচিত ।
: Ohh very good ! Nice to meet you.-- হাতখন আগবঢ়াই দিয়ে তনয়ে প্ৰীতিৰ ফালে কৰমৰ্দন কৰিবলৈ । প্ৰীতিয়েও সৌজ্যনতাৰ খাতিৰত আগবঢ়াই দিয়ে হাতখন । পুনৰ সোধে তনয়ে প্ৰীতিক --
: কিমান দিন হৈছে অাপোনাৰ ইয়াত ?
: ইয়াৰ আগত জামছেদপুৰত আছিলো ..সুশান্ত মানে মোৰ হাজবেন্দৰ চাকৰি সুত্ৰে । তেওঁ অসমলৈ গুছি যোৱাত মাহঁতে ইয়ালৈ লৈ আনে ।
: মই ইণ্ডিয়ান এয়াৰপৰ্টত কৰো।
সেয়াই আৰম্ভণী তনয় আৰু প্ৰীতিৰ সম্পৰ্ক । কথাত স্পষ্টবাদী তনয়ক ভাল লাগিছিল প্ৰীতিৰ ।মনৰ সকলো কথা খুলি পাতিব পৰা হৈছিল । কেতিয়াবা কেতিয়াবা আবেলি চাহৰ সমভাগী হৈছিল তনয় প্ৰীতিৰ । "আপুনিৰ" পৰা কেতিয়া "তুমি" লৈ নামিছিল গমেই নাপালে সিহঁতে ।
ডিউটীৰ পৰা আহি ৰাতি যিমান দেৰীয়েই নহওক ..তনয় টেৰেছলৈ যোৱাতো অভ্যাসত পৰিণত হৈছিল । সজীৱ বতাহজাকে তনয়ৰ শৰীৰৰ লগতে মনো সজীৱ কৰিছিল । অাজিকালি তনয়ক প্ৰীতি নামৰ উন্মনা বতাহজাকেও আমনি কৰিবলৈ লৈছিল । সেই বতাহৰ সুবাসে দেহ-মন অাছন্ন কৰি তুলিছিল । প্ৰীতি বিবাহিতা ..এজনী মৰম লগা সন্তানৰ মাতৃও । তথাপিও বাৰে বাৰে প্ৰীতিৰ প্ৰতি আকৰ্ষিত হয় সি । নাজানে সি ..সেয়া কি ..ভাবিও চোৱা নাই কোনোদিন । সহজ সৰল প্ৰীতিৰ প্ৰতিটো কথাই ভাল লাগে তাৰ । সময় ৰাতি বাৰ বাজিছে ..আকাশ-পাতাল ভাবি তনয় টেৰেছত বহি আছে । মন গ'ল প্ৰীতিৰ লগত কথাপাতিবলৈ । শুলে নেকি বাৰু তাই ,, ফোনটো উলিয়াই কল কৰিলে প্ৰীতিলৈ -- ফোন বিজি ! এই নিশা কাৰ লগত প্ৰীতিয়ে কথাপাতি আছে ! পুনৰ লগালে ফোন ..অাকৌ বিজি দেখালে । ক্ষুণ হয় সি । ইমান সময় কাৰ লগত কথাপাতি আছে তাই ! ( Assamese Storyboard )
অলপ সময় ৰৈ পুনৰ লগালে তাইলৈ ফোন ..এইবাৰ ৰিচিভ কৰিলে প্ৰীতিয়ে
: তনয় , কি হ'ল ৰাতিখন !
: নাই, একোহোৱা নাই , মনত পৰিছিল তোমালৈ ..ইমান সময় কাৰ লগত কথাপাতি আছিলা ?
: একেবাৰে অধিকাৰৰ সুৰত সুধিলা যে ..
: নোকোৱা যদি হ'ব
: সুশান্তৰ লগত পাতিছিলো ।
:
: কি হ'ল তনয় ?
: নাই হোৱা একো ।অলপ সময়ৰ কাৰনে টেৰেছলৈ অাহানা
: এতিয়া ! ইমান ৰাতি !
:কিমান ৰাতিনো হৈছে । প্লীজ !
: বিদিশাই কেনেবাকে সাৰপাই মোক নাপালে ভয় খাব পাৰে ।
: মাত্ৰ অলপ সময় কাৰনে আহি যোৱা
: অকে , মই গৈ আছো ..ফোন ৰাখা।
" এই ৰাতিখন কিয় মাতিছিলা ইয়ালৈ ?" -- ওপৰলৈ আহিয়েই তনয়লৈ চাই কৈ উঠে প্ৰীতিয়ে ।
" আহিয়েই প্ৰশ্ন ন " বহাছোন অলপ ।" কাষৰ চকীখনলৈ দেখুৱাই কৈ উঠে তনয়ে ।
: মানুহে কি ভাবিব পাৰে আমাক এনেকৈ ৰাতিখন দেখিলে ?
: কি বুলি ভাবিব আৰু ..ভূত বুলি ভাবিব। ভূতহে এনেকৈ ৰাতিখন ওলাই ।
তনয়ৰ কথাত হাঁহি দিয়ে প্ৰীতিয়ে ।
: চোৱা তনয় , অলপ চিৰিয়াছ হোৱা ..মানুহে দেখিলে কি হ'ব এবাৰ ভাবি চাইছানে ? আমাক সন্দেহৰ আঙুলি টোৱাবলৈ কেতপৰ লাগিছে।
: কোনে কি ভাবে ভাবিবলৈ দিয়া । মই কেতিয়াও সেইবোৰ লৈ মুৰ নঘমাও । কেতিয়াবা নিজৰ কথাও ভাবিবাছোন অলপ ..নিজৰ সুখৰ প্ৰতি অলপ সচেতন হোৱা প্ৰীতি । নিজৰ ভাললগা কামবোৰ কৰিবলৈ লোৱাছোন , তোমাৰ এই অকলশৰীয়া জীৱনটো লৈ তুমি সুখীনে ? দায়িত্ব পালনৰ নামত কিছুমান কাম কৰি নিজকে ব্যস্ত ৰাখিছা প্ৰতিদিন সেয়াইতো? জীৱনটো অলপ মুকলিকৈ এৰি দিয়াছোন ।
তনয়ৰ কথাত নিশ্চুপ হৈ ৰয় প্ৰীতি । ঠিকেইতো কৈছে তনয়ে । সুশান্ত ঘৰলৈ যোৱাৰ পাছত প্ৰীতিয়ে নিজৰ কথা পাহৰি পেলাইছিল । বিদিশাৰ আলপৈচান ধৰা ..স্কুল কৰা ..ঘৰুৱা দৈনন্দিন কামবোৰত নিজকে সঁপি দিছিল । আইনাখনত নিজকে ভালকৈ চাবলৈও তাই পাহৰি গৈছিল ।
" কি ভাবিছা প্ৰীতি ? "
: হয়তো তুমি ঠিকেই কৈছা তনয় ।সূশান্ত যোৱাৰ পাছত মই নিজকে হেৰুৱাই পেলাইছো । পাহৰি গৈছো হয়তো নিজকে । -- সৰ সৰাই চকুপানী বৈ আহিল প্ৰীতিৰ ।
কান্দক আজি প্ৰীতিয়ে ..সকলো দুখ উজাৰি দিয়ক তাই ,, সেয়াকে বিচাৰে তনয়ে । অ'তদিনৰ পৰা দুখৰ বোজা কঢ়িয়াই ফুৰা প্ৰীতি যেন ভাগৰুৱা হৈ উঠিছিল ।
কান্দি থকা প্ৰীতি হঠাতে সচকিত হৈ উঠে । বহাৰ পৰা উঠি যাবলৈ মুখ ঘূৰাওতেই সমুখলৈ চাই চক খাই উঠিল প্ৰীতি ।
আগলৈ ....
(পঢ়ুৱৈ ..সকলোলৈ আন্তৰিক কৃতজ্ঞতা জনালো।)
( Assamese Storyboard )
বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।
জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment