সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( খণ্ড - ২৮ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 16, 2021

সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( খণ্ড - ২৮ ) : Assamese Storyboard

Assamese Storyboard

 

সময় গতিশীল , ই কাৰো বাবে ৰৈ নাথাকে ।  উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰিয়েই ভৈৰৱৰ লগত একেলগে টেট পৰীক্ষাত বহিছিল ৰাজীৱ ( Assamese Storyboard )। এমাহ অপেক্ষাৰ অন্ততঃ ভাল খবৰটো আহিল । ৰাজীৱ আৰু ভৈৰৱ দুয়োটাই টেট পৰীক্ষাত উৰ্ত্তীণ হ'ল । খবৰটো পাই দুয়োখন ঘৰত আনন্দৰ জোৱাৰ উঠিল , এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হ'ল ৰাজীৱৰ ঘৰত । উৰ্বশী আৰু সীমান্ত আহি ৰাজীৱৰ ঘৰ পালেহি । পদূলিৰ পৰাই ৰাজীৱ বুলি চিঞৰি উধাতু খাই ভিতৰলৈ সোমাই আহিল উৰ্বশী । উৰ্বশীৰ মাতটো শুনি ৰাজীৱ বাহিৰলৈ ওলাই আহিল । ৰাজীৱক বুকুৰ মাজত সাৱটি উৰ্বশী উচুপি উঠিল । মাকৰ এনে আচৰণ দেখি ভৈৰৱৰ চকু কপালত উঠিল । ....সোণ অ'....! তোক যে কি বুলি ধন্যবাদ দিম । তোৰ বাবেই আজি ভৈৰৱে পৰীক্ষাত পাছ কৰিলে । মই মিছাতেই তোক ভুল বুজিছিলোঁ সোণ ! ভৈৰৱৰ পাছে পাছে লাগি থকা বাবে কেতিয়াবা তোক গালিও পাৰিছিলোঁ ...! যদি পাৰ তই মোক ক্ষমা কৰি দিবি .....!


: মা..., আপুনি এইবোৰ কি কৈছে ...? মাক দেউতাকে সন্তানক গালি পাৰিবই , সেই বুলি মাক দেউতাকে জানো নিজৰ সন্তানৰ ওচৰত ক্ষমা খোজে....! আপুনি মোক নিজৰ ল'ৰা বুলি নাভাবে নেকি মা....? 


: নিজৰ বুলি ভাবো বাবেই খবৰটো শুনি উধাতু খাই আহিছোঁ সোণ ।  ৰাজীৱৰ মূৰত হাত বুলাই কলে উৰ্বশীয়ে ।


: ভিতৰলৈ আহক মা , দেউতা আহক ....!   উৰ্বশী আৰু সীমান্তক ড্ৰয়িং ৰূমতে বহিবলৈ দি ভিতৰলৈ সোমাই গ'ল ৰাজীৱ । ৰাজীৱৰ লগতে ভৈৰৱো ভিতৰলৈ সোমাই আহিল । 


: ভৈৰৱ দা , মা সচাঁকৈ সলনি হৈছে নেকি....! 


: মই একো ধৰিব পৰা নাই ৰাজীৱ । কথাবোৰলৈ চাই মা সলনি হোৱা যেন লাগিছে । 


: সলনি হৈছে যদি বৰ ভাল কথা ভৈৰৱ দা । যদি সলনি হোৱা নাই তেন্তে মায়ে নতুন কিবা ষড়যন্ত্ৰ কৰিব । 


: তুমি ঠিকেই কৈছা । অলপ সাৱধানে কথা পাতিবা মাৰ লগত ....


: ঠিক আছে । তুমি মাহঁতৰ লগত বহাগৈ , নহলে মাহঁতে বেয়া পাব ।   ৰাজীৱৰ কথা মতেই ভৈৰৱ ড্ৰয়িং ৰূমলৈ ওলাই গৈ দেউতাকৰ কাষতে বহিলে । তৰাইয়ো খৰখেদাকৈ কাপোৰযোৰ সলাই হাতত তামোল পাণৰ বতাখন লৈ ড্ৰয়িং ৰূমটোলৈ সোমাই গ'ল । .....বহিছেনে !  


: উম....! কিবা কামত ব্যস্ত হৈ আছিল নিশ্চয়...! হাঁহি এটা মাৰি কলে উৰ্বশীয়ে । 


: খবৰটো পাই ইযোৰা - সিজোৰা আহি আছে যে ! চাহ খোৱা কাপ অলপ গোটাই থৈছিলোঁ । সেইবোৰকে ধুই আছিলোঁ । 


: আমি আকৌ চাহ খায়ে নাযাওঁ কিন্তু....! ভাত খাম বুলিহে আহিছোঁ । 


: হা:....! হা:....! উৰ্বশীৰ কথা শুনি খিলখিলাই হাঁহিলে তৰাই । আপুনিয়ো যে কি কথা কয়....! ভাত নোখোৱাকৈ কিয় যাবলৈ দিম বাৰু.....? মই যে আমাৰ সোণে পাছ কৰিব সপোনটো ভবা নাছিলো জানেনে...! 


: ৰাজীৱে যিকণ সময় পঢ়ে মনপুতি পঢ়ে । আমাৰ বাবাই নজনা কিছুমান কথাও ৰাজীৱে বৰ ধুনীয়াকৈ বুজাই দিয়ে , মই শুনি থাকোঁ নহয়...! শুনকচোন পইচা এহেজাৰমান বাবাক দি দিয়কচোন , কিবা অলপ বজাৰ কৰি আনকগৈ... সীমান্তলৈ চাই কলে উৰ্বশীয়ে । 


: সেইবোৰ নকৰিব দেই , বৰ বেয়া পাম । আপোনালোক আমাৰ ঘৰৰ আলহী । 


: আপুনি ভুল বুজিছে । আমি আপোনালোকক নিজৰ বুলি ভাবিহে ইয়ালৈ আহিছোঁ । মোৰ মনত ভৈৰৱ যেনেকুৱা ৰাজীৱো একেই । দুয়োটা মোৰ ল'ৰা । মাক দেউতাক হিচাপে এইটো আমাৰ দায়িত্ব । শুনিছেনে..! বাবাক পইচাটো দি বজাৰলৈ পঠিয়াই দিয়কচোন । 


      চকীখনৰ পৰা লাহেকৈ উঠি পাৰ্চৰ পৰা পাঁচশ টকীয়া নোট দুখন উলিয়াই ভৈৰৱৰ হাতত দিলে সীমান্তই । ... বাবা , এইটো লোৱা । ভাল চাই মাছ আৰু লোকেল মুৰ্গী এটা লৈ আহিবা । 


: ঠিক আছে দেউতা ।  বৰ নম্ৰকৈ কলে ভৈৰৱে ।


: ভৈৰৱ চাহ খাই যাবা ৰ'বা ...! তৰাৰ কথাষাৰ শেষ নৌহওতেই হাতত চাহ মিঠাইৰ ট্রেখন লৈ ৰাজীৱ ড্রয়িং ৰূমটোলৈ সোমাই আহিল । চাহৰ কাপ কেইটা ট্ৰেখনৰ পৰা নমাই ভৈৰৱৰ কাষতে বহিলে ৰাজীৱ । ...মা- দেউতা চাহ লওঁক । 


: চাহকন খাই দুয়োটা বজাৰৰ পৰা আহিবাগৈ । আজি সকলোৱে ইয়াতে ভাত খাম । 


: হ'ব মা ।   টেবুলৰ পৰা চাহৰ কাপটো হাতত লৈ চাহৰ কাপটোত মুখখন লগাই উৰ্বশীলৈ এবাৰ কেৰাহীকৈ চালে ভৈৰৱে । সদায় খঙত জ্বলি থকা মানুহজনীৰ ওঁঠ দুখনত মিঠা হাঁহি এটা ওলমি আছে । মাকৰ মুখত বিৰিঙি থকা হাঁহিটো দেখি ভৈৰৱৰ মনটো সুখেৰে ভৰি পৰিল । চাহৰ কাপটো টেবুলতে থৈ ড্ৰয়িং ৰূমৰ পৰা ওলাই আহি কাপোৰযোৰ সলাই ললে ভৈৰৱে । ৰাজীৱেও কাপ প্লেটকেইখন ট্রেখনতে সামৰি বাহিৰলৈ উলিয়াই আনি ধুই পখালি কাপোৰযোৰ সলাই ভৈৰৱৰ লগত বজাৰ কৰিবলৈ ওলাই গ'ল । তিনি আলিটো পাৰ হৈ যোৱাৰ পাছতেই ভৈৰৱৰ ফোনটো বাজি উঠিল । পেন্টৰ পকেটৰ পৰা ফোনটো উলিয়াই ৰিচিভ কৰিলে ৰাজীৱে ....হেল্ল' ! প্ৰাণ দা 


: ভৈৰৱ নাই নেকি...! 


: বাইক চলাই আছে । কওঁক....


: ময়ো টেট ক্লিয়েৰ কৰিলোঁ দেই....! ভৈৰৱক কৈ দিবা ।


: Congratulations প্ৰাণ দা । পাৰ্টি কেতিয়া দিব...? 


: আগতে তোমালোকৰ পাৰ্টি খাব লাগিব । তাৰ পাছত মই দি আছোঁ । ( Assamese Storyboard )


: তেতিয়া হ'লে আজিয়েই আহি যাব । গৌৰৱ দাকো ক'ব । 


: ট্ৰাই কৰিম বাৰু....! 


: ট্ৰাই নহয় । আহিবই লাগিব প্ৰাণ দা । 


: ঠিক আছে দিয়া । যাম বাৰু...! ফোনটো কাটি দিলে প্ৰাণে 


      .... প্ৰাণে ফোন কৰিছিল নেকি.....? 


: হয় । প্ৰাণ দায়ো টেট পাছ কৰিলে । 


: হয়নেকি...! এতিয়াহে মনটো ভাল লাগিছে ।  


: মোৰ কিন্তু ভয় হে লাগিছে । প্ৰাণ দাই চাকৰি পোৱাৰ পাছত যদি গৌৰৱ দাক পাহৰি যায় , তেতিয়া কি হ'ব ভৈৰৱ দা....? 


: প্ৰাণৰ ওপৰত মোৰ বিশ্বাস আছে । প্ৰাণে তেনেকুৱা একো নকৰে । 


        কথা পাতি গৈ থাকোঁতেই বজাৰলৈ সোমোৱা গেটখনৰ কাষতে বাইকখন ৰখাই দিলে ভৈৰৱে । মন পছন্দৰ পাচলি কেইটামান বজাৰ কৰি জীয়া ঘৰুৱা মাছ আৰু খাহি মাংস একেজি লৈ দুয়োটা বজাৰৰ পৰা ওলাই আহিল । ৰাস্তাৰ কাষত থকা অস্থায়ী দোকান এখনৰ সন্মুখতে ৰৈ গৰম গৰম পকৰী আৰু ঘুগুনী কেইবাটিমান খাই দুয়োটা আহি ঘৰ পালেহি । বাইকখন চোতালতে ৰখাই পাচলিৰ বেগটো হাতত লৈ পাকঘৰ পালেহি ভৈৰৱ । ....মা, জীয়া মাছ লৈ আহিছোঁ । ফুলকবিৰ সৈতে ভালকৈ ৰান্ধিব । পেটুখিনি বেঙেনাৰ লগত জ্বলা দি ৰান্ধিব , মই বৰ ভাল পাওঁ ।


: হ'ব...! হ'ব....! ভৈৰৱ । তুমি যেনেকৈয়ে ভাল পোৱা ।  তেনেকৈয়ে ৰান্ধিম । মাংস কিন্তু তুমি ৰান্ধিব লাগিব ....! 


: হ'ব মা । আপুনি আজৰি হ'লে মোক মাতি দিব । মাংসখিনি ময়ে ৰান্ধিম ।  বেগটোৰ পৰা এটা এটাকৈ বস্তুবোৰ উলিয়াই ধুনীয়াকৈ চিছিজ কৰি থলে ভৈৰৱে । 


: ভৈৰৱ , সোণক মাত লগাই দিয়াচোন....! পাছলিখিনি কাটি দিয়কহি মোক.... 


: ৰাজীৱ....! অ' ৰাজীৱ ....! মায়ে মাতিছে তোমাক.... পাকঘৰৰ পৰাই চিঞৰিলে ভৈৰৱে । ভৈৰৱৰ মাতটো শুনি পাকঘৰলৈ সোমাই আহিল ৰাজীৱ । 


    ..... কিয় মাতিছিলা ? 


: পাচলিখিনি কাটি দিয়াচোন।  মই মাছ কেইটা বাছি লওঁ । খৰাহী এটাত পাচলিখিনি ভৰাই ড্ৰয়িং ৰূমলৈকে লৈ যোৱা সোণ । মাহঁত অকলে বহি আছে । 


: মাহঁতকো পাকঘৰলৈকে মাতি দিওঁ । আলহীৰ দৰে কিয় ড্ৰয়িং ৰূমতে বহি থাকিব লাগেনো....! 


          মাছৰ টোপোলাতো হাতত লৈ তৰা পাকঘৰৰ পৰা ওলাই গ'ল । উৰ্বশী আৰু সীমান্তক পাকঘৰলৈ মাতি আনি ডাইনিং টেবুলৰ চকী দুখন উলিয়াই বহিবলৈ দিলে ৰাজীৱে । .....কিবা কৰিব লাগে যদি দে সোণ ! সহায় কৰি দিওঁ । 


: নালাগে মা । পাচলিখিনি কাটিবলৈহে আছে । মই পাৰিম ।


: তোৰ দৰে ল'ৰা এটা ঘৰত থাকিলে ছোৱালী বা বোৱাৰীৰ প্ৰয়োজনেই নহয় । 


         মইটো আপোনালোকৰ বোৱাৰীয়ে ....! মুখৰ ভিতৰতে কলে ৰাজীৱে । আপুনি চিন্তা নকৰিব মা , ভৈৰৱ দাক আজিকালি মই সকলো কামেই শিকাই দিছোঁ ।  কথা পাতি থাকোঁতেই এটা হিচাপত ফুলকবি কেইপাহ কাটি ষ্টীলৰ কাঁহী এখনত থৈ কাষতে চিট চিটকৈ বিলাহী কেইটামান কাটি মিহিকৈ বেঙেনা চাৰিটা কাটি পালষ্টিকৰ বাল্টি এটাতে পানী দি তিয়াই থলে ৰাজীৱে । আলুগুটি থোৱা খৰাহীটোৰ পৰা ডাঙৰ আলুকেইটা বাচি আনি পাতলকৈ বাকলি গুচাই ডোখৰ ডোখৰকৈ কাটি আদা নহৰুকণ পতাত বটি হাতখন ধুই মাছ ফ্ৰাই কৰিবলৈ কেৰাহীখন গেছত বহুৱাই দিলে ৰাজীৱে ।


: সোণ...! তহঁতৰ কিবা কাম আছে যদি কৰি লগৈ । আজি দুয়োজনী মায়েৰা লগ হৈ ভাত ৰান্ধিম । যা বাবা.... উৰ্বশীৰ কথা শুনি ভৈৰৱ আৰু ৰাজীৱ পাকঘৰৰ পৰা ওলাই আহি বেডৰূম পালেহি । ভৰিদুখন কাপোৰ এখনেৰে মোহাৰি দুয়োটা বিচনাত উঠিল । .....ভৈৰৱ দা , আজি যদি মই তোমাক প্ৰশ্ন কৰোঁ তুমি কিমান সুখী...? তাৰ উত্তৰ কি হ'ব পাৰোঁ .....! 


: আজি মই বহুত সুখী...! অন্ততঃ ভগৱানে তোমাৰ প্ৰাৰ্থনা শুনিলে । এতিয়া আৰু এটাই আশা , দুয়োটাই যাতে একেখন জিলাতে চাকৰিটো পাওঁ । 


: ময়ো তাকেই ভাবিছোঁ ভৈৰৱ দা । তোমাৰ পৰা আতঁৰহৈ থকাটো মোৰ বাবে বৰ কষ্টকৰ হ'ব ।  


      তোমালোক ইয়াতে আছা ....! বাবা , অলংকৃতা আহিছে । আমাৰ গেটৰ ওচৰতে ৰৈ আছে । বাইকখন লৈ গৈ তাইক লৈ আহাগৈচোন...! কথাষাৰ কৈ পর্দাখন দাঙি ৰূমটোলৈ সীমান্ত সোমাই আহিল । দেউতাকৰ কথাষাৰ শুনি ভৈৰৱৰ মূৰত যেন আকাশী সৰগ ভাগি পৰিলে । মুখেৰে একো নামাতি বাইখখন লৈ ভৈৰৱ ওলাই গ'ল । 

    ক্ৰমশঃ.....

Assamese Storyboard


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages