পাপা, মই এই বিয়াত বহিব বিচৰা নাই। প্লিজ আপুনি মোৰ কথা মানি লওক।
কি কয় আছা তুমি! অপূৰ্ৱৰ কি নাই ? সম্পূর্ণ পৰিয়াল আছে, খেতি বাটি আছে। ভাড়াতিয়া ঘৰ আছে। ঘৰখনত কোনো বস্তুৰে অভাৱ নাই।( Assamese Storyboard )
ৰদালিয়ে কলে, কিন্তু পাপা, আপুনিও জানে, অপূৰ্ৱ পঞ্চম শ্ৰেণীও উত্তীর্ণ নহয় আৰু মই গেজুৱেচন কৰিলো। আমাৰ মাজত কি মিল আছে।
দেউতাকে কলে, চোৱা ৰদালি উচ্ছ শিক্ষা লোৱা অৰ্থ এইটো নহয় যে, তুমি নিজৰ দেউতাৰৰ লগতে মুখে মুখে তৰ্ক কৰিবা আৰু পঢ়া লিখানো কি আছে! যেতিয়া লৰাই ইমান ঘটি খায়েই আছে। চোৱা মাজনী, আমি তোমাৰ ভালটোহে বিচাৰিম।
মাকে কলে, মাজনী আমি তোমাৰ মা দেউতা হয়। কোনো শত্ৰু নহয়।
ৰদালিয়ে কলে, মা তুমিটো জানাই ন, মই পঢ়া শুনা কৰি কিমান ভালপাওঁ। মই আগলৈ বি, এদ, কৰি শিক্ষয়ত্ৰী হবলৈ বিচাৰো। বাহিৰলৈ ওলাই কাম কৰিবলৈ বিচাৰো। টকা পইচা ঘটিবলৈ বিচাৰো।
দেউতাকে কলে, এতিয়া বহুত হৈ গল, পঢ়া শুনা কৰা। যেতিয়া পৰা জন্ম হৈছা, এই ছোৱালী জনী কেৱল পঢ়া শুনা পাছতেই দৌৰি ফুৰিছে। চোৱা, তুমি এতিয়া বুজি লোৱা। ছোৱালীৰ জন্ম ঘৰৰ দায়িত্ব লবলৈহে, টকা পইচা উপাৰ্জন কৰিবলৈ নহয়। তোমাৰ শহুৰৰ ঘৰখনত ইমান টকা পইচা আছে যে, তুমি উপাৰ্জন নকৰিলেও আৰামাত বহি বহি খাব পাৰিবা। এতিয়া আৰু বেছি নাটক নকৰিবা আৰু বিয়াৰ বাবে সাজু হোৱা। আমি তোমাৰ নাটক আৰু সহিব নোৱাৰোঁ। এতিয়া তুমি নিজৰ ঘৰলৈ যোৱা আৰু আৰামত আমাকো জীৱনত থাকিবলৈ দিয়া।
আৰু কি হব! শেষত ৰদালিয়ে পৰাজয় বৰণ কৰি বিয়াত সন্মতি দিব লগীয়া হল। আৰু অপূৰ্ৱৰ লগত বিবাহৰ বান্ধোনত বান্ধ খায় ৰদালি নিজৰ শহুৰৰ ঘৰলৈ আহিল। ৰদালিৰ শহুৰৰ ঘৰখনৰ লোকসল বহুত অন্ধবিশ্বাসী আছিল। ৰদালিৰ শহুৰ দেউতাক গাওঁৰ ডাঙৰ খেতিয়ক আছিল। অন্ধবিশ্বাসত ৰদালিৰ শহুৰৰ ঘৰখন দুখোজ আগবঢ়া আছিল। কি বাৰত কোন ৰংৰ কাপোৰ পিন্ধিব, কি বাৰত চুলি ধুব লাগিব, কি বাৰত নখ কাটিব লাগিব, আৰু কি বাৰত বোৱাৰীৰ হাতেৰে দান পূণ্য কৰিব লাগিব, এই সকলোবোৰ আগৰেপৰাই নিশ্চিত হৈ থাকিছিল। সপ্তাহৰ ৭দিনৰ ভিতৰত ৪দিনেই ৰদালিৰ শহুৰৰ ঘৰখনে বহু নীতি নিয়মৰ পালন কৰে।
ৰদালিয়ে নিজৰ ডিগ্ৰীৰ কাগজখিনি আলমাৰিত বন্ধ কৰি ৰাখিবলগীয়া হল। সেই ডিগ্রীৰ এই ঘৰখনত কোনো প্ৰয়োজন নাছিল। ৰদালিৰ কাম কেৱল আছিল, শহুৰ-শাহুৰক সেৱা কৰা, স্বামীক শাৰীৰিক সুখ দিয়া আৰু পৰিয়ালৰ আন সকলক সুৱাদ ভৰা ব্যঞ্জন বনাই খোওৱাটো। তাইৰ সুখ, মনৰ শান্তিৰ কোনো গুৰুত্ব নাছিল। লাহে লাহে সময় এনেদৰে পাৰ হৈ গৈ থাকিল। অশান্ত মনেৰে ৰদালিয়ে নিজৰ বিবাহিত জীৱন অতিবাহিত কৰি গল। বিয়াৰ ১বছৰ হৈ যোৱা পাছটো যেতিয়া ৰদালিয়ে শাহুৱেকক ভাল খবৰ এটা দিয়া নাছিল, তেতিয়া ঘৰখনত নানান কথা আৰম্ভ হল। শাহুৱেকে কেতিয়াবা তাইক বাবা ওচৰলৈ লৈ গৈছিল আৰু কেতিয়াবা আন এজন বাবা ওচৰলৈ। কেতিয়াবা ভষ্ম খুৱাই আৰু কেতিয়াবা আন কিবা কৰিবলৈ কয়। বহু সময় ধৰি এনেদৰে সন্তানৰ বাবে পৰিষালৰ লোকে তাইক অশান্তি দি থাকিল। ৰদালিয়ে বুজি পোৱা নাছিল যে, এই পঢ়া শুনা নজনা, জ্ঞান নথকা, অন্ধবিশ্বাস কৰা পৰিয়ালটোৰ লগত তাই কি দৰে গোটেই জীৱন অতিবাহিত কৰিব। সেই সময়তে ৰদালিয়ে ফেচবুকত এজন লৰা লগত চিনাকি হল। যাৰ নাম, বেদান্ত আছিল। লাহে লাহে ৰদালিয়ে তাৰ আগত ঘৰৰ সকলো কথায় কলে। বেদান্তও, ৰদালিৰ সহায়তা কৰিবলৈ সদায়ে আগবাঢ়ি থাকে। তাইক নতুন নতুন কথা কৈছিল। কিন্তু বেদান্তই জানিছিল, ৰদালি এজনী বিবাহিত মহিলা বুলি, আৰু সেইবাবেই হয়টোপ কেতিয়াও তাই বেদান্তৰ জীৱনলৈ আহিব নোঁৱাৰে।
এদিন বেদান্তই, ৰদালিক কলে যে, সি নিজৰ পেহীয়েকৰ ওচৰত থাকিবলৈ বিদেশলৈ যাব। তাত তাৰ চাকৰি হৈছে। এই কথা শুনি ৰদালি বহু সুখী হল। তেতিয়া তাইৰ এনে লাগিল যেন, তাই এই সকলোবোৰৰ পৰা মুক্ত হৈ এখন নতুন পৃথিৱীত পুনৰ নিজৰ জীৱনৰ আৰম্ভণি কৰিবগৈ।
ৰদালিয়ে, বেদান্তক কলে, বেদান্ত, মই তোমাৰ লগত বিদেশলৈ যাব পাৰিম নে!
বেদান্তেই কলে, ৰদালি, তুমি এগৰাকী বিবাহিত মহিলা। তোমাৰ পৰিয়ালৰ লোকে কি কব!
ৰদালিয়ে কলে, মই তেওঁলোকৰ কথা চিন্তা নকৰোঁ। মইটো কেৱল ইয়াৰ পৰা বহু দূৰলৈ যাব বিচাৰো।
বেদান্তই কলে, ঠিক আছে, কিন্তু বিদেশলৈ যোৱাটো ইমান সহজ নহয়। প্ৰথমে তোমাৰ পাচপৰ্ট, ভিজা আদি প্ৰস্তুত কৰিবলৈ লাগিব। সেয়া কৰিবলৈও বহু সময় লাগে। মোৰ বন্ধু এজন আছে, যিয়ে মোক এই সহায়তা কৰিব পাৰে। কিন্তু তুমি ইয়াৰ বাবে সকলো কাগজ পত্র আৰু পইচা লৈ আহিব লাগিব। কিছুমান কাম আছে, যি সম্পূর্ণ কৰিব লাগিব।( Assamese Storyboard )
ৰদালিয়ে কলে, ঠিক আছে, মই কিবা উপায় কৰি তালৈ যাম। তুমি কোৱা, কেতিয়া আৰু কলৈ যাব লাগিব!
পাছদিনাই ৰদালিয়ে বান্ধৱী ঘৰলৈ যাও বুলি বেদান্তৰ ওচৰ পালেগৈ। দুয়োয়ে লৰালৰিকৈ সকলো কাম কৰিলে আৰু ৰদালি সোনকালে ঘৰলৈ ঘূৰি আহিল। ঘৰখনত কোনেও গম নাপালে যে, ৰদালিয়ে কি কৰিবলৈ আগবাঢ়িছে। তাৰে মাজতে ৰদালিয়ে মনে মনে নিজৰ বয় বস্তু সামৰিলে আৰু শেষত সেই দিনটো আহিল, যি দিনত তাই এই সমস্যা বোৰৰ পৰা দূৰলৈ আঁতৰি গুচি যাব।এদিন সময় সুবিধা চাই লৈ ৰদালিয়ে নিজৰ প্ৰয়োজনীয় বস্তু কেইপদ লৈ মনে মনে ঘৰৰ বাহিৰ হল আৰু গাড়ী এখনত বহি বেদান্তৰ লগত এয়াৰপৰ্টলৈ গুচি আহিল। ফ্লাইটত বহি তাই অনুভৱ কৰিলে যে, যেন আজি তাইৰ সপোনে পাখি মেলি উৰা মাৰিলে। আজিৰ পৰা তাইৰ জীৱনত আনৰ নহয় কেৱল তাইৰহে অধিকাৰ হব। ৰদালিয়ে এতিয়া এই পৃথিৱীলৈ কেতিয়াও ঘূৰি আহিব নিবিচাৰিছিল। বেদান্তই কলে, ৰদালি জানানে, বিদেশৰ বাট পথ চাফ চিকুনতাৰে ভৰা , শান্ত সেউজীয়া ভৰা পৰিৱেশে সকলোৰে মন জয়ী কৰিব পাৰে। তাৰ ধুনীয়া বাট পথ আৰু ডাঙৰ ডাঙৰ ঘৰবোৰত অন্য এক সুন্দৰতা আছে। বিদেশ গৈ পায়,ৰদালিক বেদান্তই তাৰ পেহীয়েকৰ লগত চিনাকি কৰায় দিলে। ২,৩দিন দুয়ো পেহীয়েকৰ লগতে থাকিল।
পেহীয়েকৰ, ৰদালিক বিদেশৰ জীৱন আৰু বিদেশৰ বিষয়ে বুজাই লৈ কলে, ৰদালি তোমাৰ যিমান শিক্ষা আছে, সেয়া সহায়ত তুমি যত হলেও সৰু কিবা এটা কৰি জীৱন কটাবলৈ পাৰিবা। কিন্তু ইয়াত ভাৰতৰ ডিগ্ৰীৰ কোনো লাভ নাই। কিন্তু তুমি ইয়াত হাউচহল্ড ওৰ্কাৰৰ কামটো কৰিব পাৰিবা। বিদেশত ঘৰ চোৱা চিতা কৰাৰ বহু দৰমহা পায়। যি লোক দিনটো অফিচত থাকে, তেওঁলোকৰ ঘৰত থকা লৰা ছোৱালী আৰু বয়সীয়াল লোকক চাবলৈ কাৰোবাৰ প্ৰয়োজন হয়। এই কামটো তুমি ভালদৰে কৰিব পাৰিবা। পাছত তুমি সেই কামটো কৰিও লাহে লাহে বেলেগ ভাল চাকৰি বিচাৰিব পাৰিবা। পেহীয়েকৰ ৰদালিৰ, এই বুদ্ধি ভাল লাগিল। পেহীয়েকে ৰদালিক এঘৰ চিনাকি ঘৰত চাকৰি দিয়ালে। দিনটোলৈ স্বামী স্ত্রী অফিচলৈ যায়। আৰু ৰদালিয়ে দিনটো তেওঁলোকৰ সন্তানক চোৱা চিতা কৰিছিল আৰু ঘৰৰ কাম কৰিছিল। এই কামৰ বাবত ৰদালিয়ে ভাৰতৰ হিচাপত বিশ হাজাৰ টকা পাইছিল। এনেদৰে ৰদালিয়ে নিজৰ দৰমহা পইচা সাচি গল। লাহে লাহে তাইৰ ওচৰত সাচতীয়া ধন বহু হল। সেই নতুন ঘৰখনত ৰদালিক সকলোৱে বহুত মৰম কৰিছিল। এতিয়া ৰদালিৰ পুৰণি জীৱন আৰু পুৰণি ঘৰৰ লোকসকল একেবাৰে পাহৰি পেলাইছিল। বৰ্তমান ৰদালি এতিয়া নতুন জীৱনত বহু সুখি হৈ পৰিছিল। বেদান্তক দৰে এজন সচাঁ বন্ধুৰ বাবে তাই এটি সম্পূর্ণ পৰিয়াল পাইছিল। ইয়াৰ পাছত ৰদালিয়ে নিজৰ মালকিৰ সহায়ত কম্পিউটাৰ ক্লাচ আৰম্ভ কৰিলে আৰু যাৰ বাবে আগলৈ তাই যেন ভাল চাকৰি পায়। এতিয়া ৰদালিয়ে বিদেশৰ বাট পথ আৰু বহু লোককে চিনি পাইছিল। বিদেশৰ লোকসকলৰ চিন্তা ভাৱনা আৰু জীবন নিৰ্বাহ কৰাৰ ষ্টাইল ৰদালিক এতিয়া ভাল লাগিছিল। ইয়াৰ চাফ চিকুনতাৰে ভৰা পৰিৱেশ এতিয়া ৰদালিয়ে বহুত ভাল পাইছিল। আনফালে বেদান্তৰো চাকৰি হৈছিল আৰু সি বেলেগ এটা ঘৰত থাকিবলৈ লৈছিল। আৰু প্ৰতি দেওবাৰে বেদান্তই জেদ কৰি ৰদালিক ওচৰতে ফুৰাবলৈ লৈ গৈছিল। কেতিয়াবা ৰদালিয়ে ভাৱে, তাই যেন বেদান্তৰো প্ৰেমত পৰিছে। যেতিয়া ৰদালিৰ কম্পিউটাৰ কৰ্চ সম্পূর্ণ হয়, তেতিয়া তাতে ৰদালিয়ে চাকৰি পায়। ইয়াৰ পাছত যেতিয়া ৰদালিয়ে বেদান্তক নিজৰ ভালপোৱা কথা কয়, তেতিয়া বেদান্তও ৰদালিৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু দুয়ো স্বামী স্ত্রীৰ বান্ধোনত বান্ধ খায় পৰে।
ৰদালিয়ে নিজৰ শক্তিৰ সহায়ত নিজৰ জীৱনটো সুন্দৰ কৰি তুলে। কিন্তু তাইৰ বাটটো ভুল আছিল। কাৰণ এগৰাকী মহিলা, নিজৰ স্বামী দ্বাৰা সুখী নহলে, এটা নতুন জীৱনৰ বাবে বেলেগ এজনৰ লগত পলাই যোৱাটো, আমাৰ সমাজত এই কামৰ বাবে আজ্ঞা নিদিয়ে। যদি ৰদালিয়ে পলাই যোৱাৰ সলনি নিজৰ ঘৰত থাকি, নিজৰ জীৱনটো সুন্দৰ কৰা হলে, বাস্তৱত তাই মহিলাসকলৰ মাজত জিলিকি ৰল হয়।।।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment