সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( খণ্ড - ১৫ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 3, 2021

সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( খণ্ড - ১৫ ) : Assamese Storyboard

Assamese Storyboard

 

অ' , সোণ ! দেউতা আহিল নে .....? চোতালৰ পৰাই চিঞৰিলে তৰাই । মাকৰ মাতটো শুনি ৰাজীৱ উধাতু খাই ওলাই আহি মাকক সাৱতি ধৰিলে । .... কি হ'ল সোণ...? যীশুৰ লগত কাজিয়া কৰিলা নেকি....? ( Assamese Storyboard )


: মা , দাদাই মোক গালি পাৰিলে । ভৈৰৱ দাৰ কথা বৰ বেয়াকৈ কৈছে।  ভৈৰৱ দাৰ লগত ঘূৰা ফুৰা কৰিবলৈও মানা কৰিছে মোক । 


: কিয় সোণ.....? 


: ভৈৰৱ দা বোলে সমকামী । ভৈৰৱ দাৰ লগত ঘূৰিলে মানুহে বোলে মোক হাঁহিব । দাদাই এইবোৰ কথা জানিলে কেনেকৈ মা .....? দেউতাইয়ো মোক মানসিক ৰোগী বুলিহে কৈছে । 


: ভিতৰলৈ ব'লাচোন....! মই আলোচনা কৰিম কথাটো । 


        ৰাজীৱক লগত লৈ ভিতৰলৈ সোমাই আহিল তৰা । তলমূৰ কৰি বহি থকা অৰ্জুনৰ গাত হাতখন থৈ মাত লগালে । 


: শুনিছে নে....! কি শিল পৰা কপৌটোৰ দৰে বহি আছে । 


: যীশুৱে ৰাজীৱৰ বিষয়ে যিবোৰ কথা কৈছে । কথাবোৰ শুনিলে তুমিয়ো আচৰিত হবা ।


: যীশুৱে এইবোৰ কথা কেনেকৈ জানিলে....? তাক মাতকচোন....! মিছাতেই আনৰ ল'ৰা এটাৰ গাত বদনাম জাপি দিব নাপায় নহয় । 


: যীশু....! অ' যীশু...! এইফালে আহাচোন.....!  ভিতৰৰ পৰাই চিঞৰিলে অৰ্জুনে । দেউতাকে চিঞৰি থকা শুনি ৰূমটোলৈ সোমাই আহিল যীশু ।


: কিয় মাতিছিলে দেউতা....? 


: যীশু....! ভৈৰৱৰ কথা কিয় ইমান বেয়াকৈ কৈছা , তোমাৰ হাতত জানো কিবা প্ৰমাণ আছে ।  প্ৰশ্ন কৰিলে তৰাই 


: তাৰমানে তুমি ভাইটিৰ হৈ ওকালতি কৰিবা ...! মন্দিৰাহঁতক সুধিবা , আজিকালি ই কাৰ লগত অহা যোৱা কৰে ..., ক'ত ঘূৰি ফুৰে ...? 


: তাৰমানে ভৈৰৱৰ কথা বেয়াকৈ মন্দিৰাই কৈছে ...? 


: কেৱল মন্দিৰাই নহয় ,  ইয়াৰ লগৰ সকলোৱে কৈছে । ইহঁত দুটাৰ মাজত বোলে ভালপোৱাৰ সম্পৰ্ক গঢ় লৈ উঠিছে । 


: সেইটোনো কি ডাঙৰ কথা....? এই সাধাৰণ কথাটোকে কিয় ইমান ডাঙৰ কৰি পেলাইছা ....? প্ৰেম ভালপোৱাৰ কোনো লিঙ্গ নাই , নাই কোনো বয়সৰ সীমা । প্ৰেম ভালপোৱা হৈছে এক পবিত্ৰ বন্ধন । যত দুখন হৃদয়ৰ সঁচা মিলন হয় । 


: মা....! তুমি এইবোৰ কি কৈছা....? ৰাজীৱ আৰু ভৈৰৱ দুয়ো পুৰুষ । পুৰুষৰ মাজত যি প্ৰেম বা আকৰ্ষণ সৃষ্টি হয় তাক আমাৰ সমাজ ব্যৱস্থাই মানি নলয় । এতিয়াই যদি ৰাজীৱক ভৈৰৱৰ পৰা আঁতৰ কৰি আনিব নোৱাৰো । তেন্তে কিছুদিন পাছত মানুহে আমাক দেখিলে হাঁহিব , উপলুঙা কৰিব । 


: হাঁহিবলৈ দিয়া । সমাজৰ প্ৰত্যেকজন ব্যক্তিয়েই নিজৰ ইচ্ছা মতে সুখে শান্তিৰে জীয়াই থকাৰ অধিকাৰ আছে । ভৈৰৱৰ সৈতে যদি ৰাজীৱ সুখত থাকিব পাৰে তেতিয়া হ'লে মোৰ ক'বলগীয়া একো নাই । 


: তাৰমানে তুমি ৰাজীৱক support কৰিছা.....? তুমি বলিয়া হৈছা নেকি.....? 


: মই বলিয়া হোৱা নাই যীশু । তুমি হয়টো সমকামীৰ অৰ্থ ভালকৈ বুজি পোৱা নাই । সেয়ে তুমিএনেকৈ কৈছা....। 


: বুজি পাইছোঁ বাবেই কৈছোঁ মই । 


: ওহোঁ.....! বুজি পোৱা হ'লে তুমি এনেকৈ কথা নকলা হেঁতেন যীশু । সমকামিতা মানৱ যৌন অভিমুখীতাৰ অন্যতম অংশ।  পৰস্পৰৰ সন্মতিৰ দ্বাৰা দুজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ মাজত সংঘটিত হোৱা প্ৰেম - ভালপোৱা বা যৌন কাৰ্য অপৰাধ নহয় যীশু । এইটো ঠিক যে ৰাজীৱ এতিয়াও প্ৰাপ্ত বয়স্ক হোৱা নাই । 

: দেউতা , আপুনি কিয় মনে মনে আছে । আপুনিয়ো মনে মনে ভাইটিক support কৰা নাইটো ....? জাঙুৰ খাই উঠিল যীশু ।


: মই এতিয়াই একো ক'ব নোৱাৰিম যীশু । মোক অলপ সময় লাগিব । তোমাৰ কথাবোৰত যিদৰে যুক্তি আছে । সেইদৰে মাৰ কথাখিনিটো যুক্তি আছে । তৰা , এতিয়া এইবোৰ কথা ইমানতেই সামৰা ভাল নেকি.....! 


: যীশু , তুমি তোমাৰ ৰূমলৈ যোৱা । আৰু আপুনি এবাৰ খুড়াৰ ঘৰৰ পৰা আহকগৈ । সোণ ....! তুমি এইবোৰ কথা চিন্তা কৰি মন বেয়া কৰি নাথাকিবা । মই আছোঁ নহয়....! ৰাজীৱক বুকুৰ মাজত সাৱতি কপালত চুমা এটা খাই তৰা পাকঘৰলৈ সোমাই আহিল আৰু অৰ্জুনো খুড়াকৰ ঘৰলৈ ওলাই গ'ল । পঢ়াৰ টেবুলখনৰ ওচৰত বহি মাকৰ কথাবোৰ মনত পেলাই ৰাজীৱৰ বুকুখন আনন্দত ফুলি উঠিল । আনন্দত আত্মহাৰা হৈ ভৈৰৱলৈ ফোন লগালে ৰাজীৱে । 


: হেল্ল'.....! ভৈৰৱ দা.....


: কোৱা ....


: মই আজি বহুত সুখী জানা.....! 


: কিয়....? অলপ আগলৈকে দেখোঁন দুখত কান্দি আছিলা । হঠাৎ কি হ'ল তোমাৰ....? 


: কথাটো শুনিলে তুমিয়ো সুখী হ'বা ভৈৰৱ দা । 


: আৰে....! কথাটো কোৱা....! কি অকাই পকাই আছা ।


:  তোমাক ভাল পোৱাৰ বাবে মোক দাদা আৰু দেউতাই গালি পাৰিছে যদিওঁ মায়ে মোক support কৰিছে ভৈৰৱ দা । 


: Really.....! তেন্তে তুমি বহুত সৌভাগ্যৱান ৰাজীৱ । কেতিয়াবা মোৰো বৰ ভয় হয় । 


: কিয় ভৈৰৱ দা....? 


: আমাৰ এই সম্পৰ্কটোৰ কথা মই আজিলৈকে ঘৰত কোৱা নাই । কেনেকৈ ক'ম একো ভাবিয়েই পোৱা নাই । 


: এতিয়া সেইবোৰ একো নুলিয়াবা ভৈৰৱ দা । মিছাতেই ঘৰখনত হুলস্থুলীয়া পৰিবেশ এটা সৃষ্টি নকৰিবা । মই সদায় তোমাৰ হৈয়ে থাকিম ভৈৰৱ দা । 


: ময়ো তাকেই বিচাৰোঁ । 


: ভৈৰৱ দা , কথা এটা কওঁ.....!


: কোৱা....


: তুমি জাঙুৰ খাই নুঠিবা আকৌ.....! মই কি ভাবিছোঁ জানা....! মোক যদি কোনোবাই তোমাৰ পৰা আঁতৰাই ৰাখিবলৈ যত্ন কৰে তেতিয়া মই নিজকে শেষ কৰি পেলাম ভৈৰৱ দা । ( Assamese Storyboard )


: মূৰ্খৰ দৰে কথাবোৰ নকবাচোন....! মৃত্যুৱে কোনো সমস্যা সমাধান কৰিব নোৱাৰে । কাপুৰুষেহে মৃত্যুৰ কথা ভাবে , আমিটো কাপুৰুষ নহয় । আমি ইমান দুর্বল হ'লে নহব ৰাজীৱ । আমি সাহসেৰে আগবাঢ়ি যাব লাগিব । সমাজত মূৰ তুলি নিজকে সমকামী বুলি চিনাকী দিব পাৰিব লাগিব । তেতিয়াহে সমাজে আমাক বুজি পাব আৰু আঁকোৱালি ল'ব । 

: মই এইবিলাক কথা ভবাই নাছিলোঁ ভৈৰৱ দা । 


: ভাবিব লাগিব ৰাজীৱ । আমি কৰা এটা সাধাৰণ ভুলে আমাৰ জীৱনলৈ ডাঙৰ বিপদ কঢ়িয়াই আনিব । সেয়ে আমি কিছুমান কাম ধৈৰ্য সহকাৰে কৰিব লাগিব । জীৱনৰ বাটত দেখা দিয়া সমস্যাবোৰ পৰীক্ষাত অহা একো একোটা জটিল প্ৰশ্নৰ দৰে আৰু সেই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ কৰা চেষ্টাই হৈছে সংগ্ৰাম আৰু সংগ্রামেই হৈছে জীৱন । 


: হয় ভৈৰৱ দা । কিন্তু আমাৰ এই সংগ্ৰাম বৰ সহজ নহয় । 


: আমি ইয়াক সহজ কৰি তুলিব লাগিব ৰাজীৱ । সকলো সমকামী একগোট হৈ আমাৰ অধিকাৰ পাবলৈ আমি সংগ্ৰাম কৰিব লাগিব । 


       সোণ..., কাৰ লগত কথা পাতি আছা । হাতত গাখীৰৰ গিলাচটো লৈ তৰা সোমাই আহিল । মাকৰ মাতটো শুনি ফোনটো কাটি দিলে ৰাজীৱে ।


: ভৈৰৱ দাৰ লগত কথা পাতি আছিলোঁ মা ।


: গাখীৰ গিলাচ খাই লোৱা ।  গাখীৰৰ গিলাচটো ৰাজীৱৰ হাতত দি তৰা ৰূমটোৰ পৰা ওলাই আহিল । কোট কোটকৈ গাখীৰ গিলাচ খাই চকীখনত বহি ভাবিবলৈ ধৰিলে । .....কথাবোৰ হজম কৰিবলৈ শিকিব লাগিব । এইটো মানুহৰ বৰ ডাঙৰ গুণ , সকলো কথা নীৰৱে হজম কৰিব পাৰিলে জীৱন যুঁজত জয়ী হোৱাটো মোৰ বাবে সহজ হৈ পৰিব । মিছাতেই যুক্তি তৰ্ক কৰি সময়বোৰ অপচয় কৰাতকৈ জীৱনটো কিদৰে ৰঙীণ কৰি তুলিব পাৰি সেই কথা চিন্তা কৰিব লাগে.....! পৃথিৱীত এনে কোনো মানুহ নাই , যাৰ জীৱনলৈ দুখ বা সংঘাত অহা নাই । হাজাৰ দুখৰ মাজতো সুখৰ মৰিচিকা বিচাৰি মানুহ জীয়াই আছে । এইয়াই জীৱন....! জীৱন সঁচাকৈয়ে বৰ বিচিত্ৰ....!   কথাবোৰ ভাবি ভাবি খিৰিকীখন খুলি এবাৰ বাহিৰলৈ চালে ৰাজীৱে । নিশাৰ আন্ধাৰৰ মাজতো পোহৰ বিলাই ঢিমিক ধামাককৈ জ্বলি আছে সৰু সৰু তৰাবোৰ । তৰাবোৰৰ মাজতেই যেন ৰাজীৱে বিচাৰি পাইছে ভৈৰৱক ।


    তুমি জিলিকি থকা সৌ দূৰ আকাশৰ সৰু তৰা

        আৰু মই....! 

     তুমি মোৰ বাবে পূৰ্ণিমাৰ ভৰা জোন

     বাৰিষাৰ বৰষুণ....!     তুমি মোৰ বাবে সকলো ভৈৰৱ দা । মনৰ ভিতৰতে ভোৰভোৰালে ৰাজীৱে । 


: সোণ....! মই ভাত উলিয়াবলৈ লৈছোঁ । ফিল্টাৰৰ পৰা পানীখিনি ভৰোৱাহিচোন....! পাকঘৰৰ পৰাই চিঞৰিলে তৰাই । মাকৰ মাতষাৰ শুনি খিৰিকীখন জপাই পাকঘৰলৈ সোমাই গ'ল । জ্বাৰ দুটাত পানী ভৰাই টেবুললৈ উলিয়াই আনি ভাতৰ কাঁহী কেইখন টেবুললৈ উলিয়াই আনিলে ৰাজীৱে । চুপে চাপে ভাতকেইটা খাই কাঁহী বাতিখিনি সামৰি ৰাজীৱ বিচনাত উঠিল । গাৰুটোত মূৰটো পেলাই দিয়াৰ লগে লগেই ৰাজীৱৰ দুচকুলৈ টোপনি নামি আহিল । 


: ৰাজীৱ....! কিয় মোৰ কাষৰ পৰা আঁতৰি আছা....?  মোৰ কাষলৈ আহাঁ.....!


: তুমি....! কিয় বাৰে বাৰে মোক আমনি কৰিছা...? 


: এইয়া আমনি নহয় সোণ...! তোমাৰ প্ৰতি থকা মোৰ আন্তৰিকতা । তেজে তেজে বৈ যাবলৈ দিয়া মৰমৰ নৈ.....

মোৰ বুকুৰ মাজলৈ আহাঁ...! 


: ওহোঁ....! 


: অভিমান কৰিছা...! ৰাজীৱ, তুমি যেতিয়াই অভিমানী হৈ পৰা তেতিয়াই মোৰ মন আবেগিক হৈ পৰে । 


: অভিমান মই কৰা নাই ভৈৰৱ দা...! অভিমান কৰিছা তুমি...! 


: মৰমৰ মাজত লুকাই থকা তোমাৰ সেই সৰু সৰু অভিমানবোৰে মোৰ অভিমানৰ সৈতে খেলিবলৈ আৰম্ভ কৰে । 

        মৌনতাৰ মাজতেই পাৰ হৈ গ'ল কিছু সময় । লাহে লাহে ভৈৰৱ ৰাজীৱৰ কাষ চাপি আহিল । ৰাজীৱৰ কোমল দেহাটোত মৰমেৰে হাত বুলাই দিলে ভৈৰৱে । শিহৰিত হৈ উঠিল ৰাজীৱ । ভৰিৰ পৰা মূৰলৈকে চুমা যাচি ৰাজীৱৰ অন্তৰত উমি উমি জ্বলি থকা কামনাৰ জুইকুৰা দপদপাই জ্বলাই তুলিলে । ৰাজীৱে যেন পাহৰি গ'ল নিজৰ অস্তিত্ব , ভৈৰৱৰ মৰমৰ বুকুচাত উঠি বহু দূৰলৈ গতি কৰিলে । মুখেৰে বিৰবিৰাই বিছনাত চটফটাই থকা দেখি তৰাই ৰাজীৱক হেঁচুকী দিলে । সোণ.....! সোণ...! কি হ'ল সোণ...? অথনিৰে পৰা ভোৰভোৰাই আছা যে....! উচপ খাই উঠিল ৰাজীৱ ।

....কিবা বেয়া সপোন দেখিছিলা নেকি...? 


: বেয়া সপোন নহয় মা..., ভাল সপোন এটাই দেখিছিলোঁ । তুমি সকলো শেষ কৰি দিলা ....! 


: হ'ব । এতিয়া সপোনৰ ৰাজ্যত বিচৰণ কৰিব নালাগে । ভগৱানৰ নাম লৈ শুই থাকা । 


     গাৰুটো বুকুত সাৱতি আকৌ শুই পৰিল ৰাজীৱ । 



   #ক্ৰমশঃ......

Assamese Storyboard


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages