একান্ত মনে সি তাইৰ চকুযুৰিলৈ চাই ৰল । কি আছে বাৰু চকু যুৰিৰ মাজত । নীলা নীলা নীলা কেৱল নীলা । নিলাভ বিশাল সমুদ্ৰৰ যেন পাৰা পাৰ নাই ( Assamese Storyboard )। এই বিশাল সমুদ্ৰৰ নীলা বিলাকৰ মাজত যেন সি এক পৰম গভীৰ প্ৰশান্তিৰে বিলীন হৈ যাব। এক গভীৰ প্ৰশান্তিত সি দুই চকু বন্ধকৰি সন্মুখৰ টেবুল খনতে গাল খন দি শুই পৰিল।
কিমান সময় থাকিল বাৰু সি..... !! তাৰ হৃদয় সমুদ্ৰত ধুমুহাৰ জোৱাৰ উঠিল। সি যে সপোনতো ভবা নাছিল, এই অকণমানি ছোৱালী জনিয়ে তাৰ হৃদয়, মন, মস্তিষ্ক আৰু সমগ্ৰ সত্ত্বাকেই অধিগ্ৰহণ কৰি পেলাব। কথা বোৰ ভাবি ভাবি তাৰ দুচকুৰে অশ্ৰু নিগৰিবলৈ ধৰিলে।তাৰ চুলিৰ মাজত দুখনি কোমল হাতৰ আলফুলিয়া স্পৰ্শই যেন তাৰ অনুভূতিৰ জগতখনক জীপাল কৰি তুলিছে। তাৰ দুচকুৱেদি ধাৰাষাৰ অস্ৰুৰ প্লাবন নামিছে। কিন্তু কিয়...? তাৰ অন্তৰৰ এই ধুমুহাৰ উমান তাই পাইছেনে বাৰু..?
পাহাৰৰ পৰা বৈ অহা চঞ্চলা, কেৱল আনন্দৰে ভৰপূৰ নিজৰাৰ দৰেই তাই। বৈ যায় আপোন পাহৰা হৈ। সৰু সৰু সকলো কামতেই কেৱল ফুৰ্তি, আনন্দ।
তাৰ গভীৰৰো গভীৰতাতহে যে লুকাই আছে এক অনন্ত প্ৰজ্ঞাৰ অসীম দীপ্তি। কোনে কব কিমান মেধা, কিমান ধৃতি, কিমান ক্ষমা, কিমান স্মৃতিৰে গঢ়া এই ছোৱালীজনী। ইমান কম সময় অথচ ইমান গভীৰ পৰিপক্ক অনুভৱ জীৱনৰ প্ৰতি। প্ৰকৃতিৰ অসীম সৌন্দৰ্য আৰু সকলোখিনিয়েই যেন এক এগৰাকী নাৰীৰ ভিতৰত থকা সকলো ৰূপেই যেন অভিব্যক্ত হৈছে তাইৰ মাজত। তাৰ ভিতৰত বাৰু তাইৰ কোনটো ৰূপ ভাল লাগে....... মমতাময়ী...... জগদম্বে.....।
এই অকণমানি ছোৱালীজনীক বাৰু সেই লৰাজনে কিয় নুবুজিলে। বুকুৰ কোনোবা খিনিত সি এক তীব্ৰ বিষ অনুভৱ কৰিলে। তাই তাক কৈছিল এদিন, কেনেকৈ তাইৰ ভালপোৱাক বুজা নাছিল আৰু পাছৰ যন্ত্ৰণাদায়ক কথা বিলাকো এদিন তাক তাই কৈছিল....। কিন্তু তেতিয়া হয়টো সি তাৰ এই পৃথিবীখনত প্ৰবেশ কৰা নাছিল।এক দ্ৰস্ত্ৰা আছিল সি। কিন্ত্ত আজি.......।
প্ৰথমতে লৰা টোৰ প্ৰতি তাৰ খং উঠিছিল ... কিয় বাৰু সি তাইক নুবুজিলে ....!!কিয় বাৰু সি তাইৰ অন্তৰত ইমান কষ্ট দিলে ? ......এই কথা বোৰে তাক খুউব আমনি কৰিছিল । তথাপিতো সি ল'ৰা টোৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে । কিন্তু কিয় ? ( Assamese Storyboard )
হয় । তাৰো কিবা কাৰণ আছে ...!! সি তাক এবাৰ প্ৰণাম জনালে ।.....
....সচাকৈ সেই দিনৰ সেই সন্ধিয়াটোত সি তাই কোৱা সেই বিশেষ কথা কেইটা হৃদয়ত লৈ প্ৰায় ৪:০০ কি:মি: ৰাস্তা পাৰ হৈ কেনেকৈ তাৰ ৰূম পাইছিলহি ..তাৰ ভাবিলে কিবা আচৰিত লাগে... ।সন্ধিয়াৰ সেই চকা মকা সময়খিনিত যেতিয়া তাই
ম'বাইলৰ wall paper খনত তাইৰ ভালপোৱা জনক দেখুৱাই কৈছিল , " আপুনি যে তাৰ নিচিনা.... আপোনাৰ যে দিঙিটো....হাতখন তাৰ নিচিনা.....।সেই কাৰণেই মই আপোনাক ভাল পাও ।" একো নোকোৱাকৈ সি মাথো এক গধুৰ মন লৈ ঘৰলৈ ঘুৰিছিল ।...কথাবোৰ ভাবি ভাবি তাৰ মনতো বিষাই উঠিছিল। হৃদয়ৰ যন্ত্ৰণাবোৰৰ মাজৰ পৰা কোনেও গম নোপোৱাকৈ যেন চকুৰ পানীবোৰ বাগৰিছিল। তাৰ মনটো খালি হৈ গৈছিল। গোটেই ৰাতি বৰষুণ ধুমুহা হোৱাৰ পাছত যে ৰাতিপুৱা ফৰকাল আকাশ খনত নতুন সূৰ্য্যৰ উদয় হোৱা উপক্ৰম হয়, প্ৰকৃতিৰ নিৰিবিলি পৰিবেশত যে পখীৰ কাকলিয়ে আনন্দেৰে অনাগত দিনটোৰ কাৰণে সকলোকে স্বাগতম জনায় তেনেদৰেই লাগিছিল তাৰ......। অন্তৰৰ পৰা গভীৰ আস্থাৰে সি তাৰ সোঁ হাতখন চকুৰ আগত দাঙি ধৰিলে। তাৰ দুচকুত ভাঁহি উঠিল, তাই তাৰ হাতত কলমেৰে হৃদয়খন আঁকি যে লিখি দিছিল ভালপোৱাৰ সেই সনাতন শব্দ কেইটা...। এক পৰম শক্তিৰ অনুভূতিৰে তাৰ মন প্ৰাণ ভৰি পৰিছিল। এই পৃথিৱীৰ যেন সি আটাইতকৈ সুখী আৰু সমৰ্থবান মানু্হ। অন্তৰৰ নিভৃতৰ পৰা কেৱল সি তাৰ সদা স্মৰণত থকা ভগবান জনক বাৰে বাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছিল। কথা বিলাক ভাবি ভাবি সি যে কিমান সময় কটালে....!!
তাইৰ মৰমিয়াল হাত দুখনিয়ে তাৰ গাল স্পৰ্শ কৰি কপালত উঠিল। এই সৃষ্টিৰ যে কিমান শক্তি ,নিৰাপত্তা আৰু মৰম সোমাই আছে এই কোমল হাত দুখনিত। সৃষ্টিৰ এই সনাতন স্পৰ্শই চাগৈ সনাতন কালৰ পৰাই মানৱক লৈ গৈছে উতৰণৰ পৰা উত্তৰণলৈ.... কলা , বিজ্ঞান,সংস্কৃতি আৰু আধ্যাত্মিকতালৈ......।।
সন্ধিয়া নামঘৰত ডবা কোব মৰাৰ শব্দত শুনি সি চকু মেলি তাইৰ চকুলৈ চালে..... কিমান আনন্দ, শক্তি, কৰুণা এই প্ৰেমৰ চকুজুৰি।
অন্তৰৰ যি ভালপোৱাই তাইক দুখ আৰু যন্ত্ৰণা ৰে কন্দুৱালে, সেই প্ৰিয়জনক হেৰুৱাইও ক্ষমাৰে মহিমামণ্ডিত হৈ আন এজনৰ মাজত সেই প্ৰেমকেই বিচাৰিছে.....
এবাৰ থান - বান হোৱা হৃদয় খনিক যোৰা লগাই জীয়াই তুলিছে আন এজনক ...।...তাৰ দৰে পথ ক্লান্ত ভাগৰুৱা এজন পথিকক ।....
তাইৰ আনন্দ বাৰু কোন খিনিত... দিয়াত...
আনকি জীয়াই তোলাত ...আনৰ জীৱনটো সজীৱতাৰে প্ৰাণৱন্ত কৰি তোলাত...
হয়, ভগৱান শ্ৰী কৃষ্ণই গীতাত কোৱা স্মৃতি, মেধা ধৃতি আৰু ক্ষমাৰে ,সেই দৈৱিক শক্তিৰ যেন তাই এক অপূৰ্ব জ্যোতিৰ্ময় আভা....।
কোন বাৰু তাই ? সি তাইৰ দুচকুলৈ চাই ৰ'ল । কেৱল নীলা নীলা আৰু নীলা। বিশাল সমুদ্ৰৰ নীলা বোৰৰ মাজত যেন সি নিজকে বিলীন কৰি দিলে। নীলা আকাশ, নীলা বিশাল সমুদ্ৰ....।।
সন্ধিয়াৰ ...পবিত্ৰ সময়খিনিত গোঁসাইঘৰত জ্বলি উঠিছে বন্তি গছি।। সন্ধ্যা প্ৰাৰ্থনাৰ এটি আপোন সুৰ যেন ৰিনিকি ৰিনিকি ভাঁহি আহিছে....।
অন্তৰেৰে সি সেই ভগৱান জনক কোনেও গম নোপোৱাকৈ সেৱা এটি জনাই চকী খনত আউজি বহিল। সি বাৰু কি দেখিছে , তাইৰ দুচকুত ? তাইৰোঁ বাৰু তাৰ নিচিনাকৈ চকুৰ পানীৰে হৃদয়খন ধুৱাই গৈছিল নেকি ? ....
সি তাইৰ চল চলীয়া চকু যুৰি লৈ একে থৰে চাই ৰ' ল।
- কৃষ্ণা প্ৰিয়া❤️
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24
No comments:
Post a Comment