এটা অভিশাপ ভৰা জীৱনৰ বহু গোপন অধ্যায় ( খণ্ড ১১ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 22, 2021

এটা অভিশাপ ভৰা জীৱনৰ বহু গোপন অধ্যায় ( খণ্ড ১১ ) : Assamese Storyboard

Assamese Storyboard

 

পৰীৰ হাঁহিটিয়ে যেন মানৱক কটাক্ষ কৰি তাৰ মনৰ ঘাঁটুকুৰা ক্ষত বিক্ষত কৰি দিলে ।তাৰ গাৰ্লফ্ৰেন্ড নাই বুলি জনাৰ পিছত পৰীয়ে বাৰু এনে আচৰণ কিয় কৰিলে !( Assamese Storyboard ! এয়া তাচ্ছিল্যৰ হাঁহি নে বিদ্ৰুপৰ ? সি একো নুবুজিলে ।মৌন হৈ সি মাথোঁ অপেক্ষা কৰিলে তাইৰ হাঁহি ম্লান পৰালৈ ...........।



*অ মাই গড, তুমি একদম বুৰ্বক হৈ আছা !

_হাঁহি সামৰি পৰীয়ে কৈছিল ।

*কি !! 

_মানৱে আচৰিত হৈ সুধিছিল ।

*মানে লাভ লাইফ অকল কি গাৰ্লফ্ৰেন্ড থাকিলেহে হয় নেকি ?

পৰীয়ে ওলোটাই প্ৰশ্ন কৰিছিল ।


এইবাৰ মানৱে আকৌ আচৰিত হৈছিল ।পৰীয়ে আচলতে কি কʼব খুজিছিল সি সঠিককৈ ধৰিব পৰা নাছিল ।তাই বাৰু কেনেবাকৈ তাৰ গোপন কথাবোৰ জানিব বিচাৰিছে নেকি ? নে তাই পৰীক্ষা কৰি চাইছে মানৱৰ অন্তৰত থুপিত হৈ থকা সুপ্ত অনুভূতিবোৰ !! তাই হয়তো উমান পাইছে তাৰ মনত ঢৌ খেলি থকা আবেগবোৰ যে অইন লʼৰাৰ দৰে নহয় । নে কেনেবাকৈ প্ৰিয়মৰ মুখৰ পৰা তাই কিবা শুনিছে !!


প্ৰিয়মৰ মনত কি আছে মানৱে তেতিয়ালৈ জনা নাছিল কিন্তু তেওঁৰ তিৰবিৰ চকুযুৰিয়ে মানৱক যেন বহু কথাই কৈ গৈছিল এনে লাগে তাৰ ..!! প্ৰথম চিনাকিৰ পৰাই কিবা এটা আপোন আপোন ভাব জাগি উঠিছিল তাৰ মনত । বিশেষকৈ প্ৰিয়মৰ মুখত "মাইনা" নামটো শুনাৰ পিছৰেপৰাই তাৰ মনত যেন ভালপোৱাৰ নতুন পুলিজোপাই গজালি মেলিছিল ।চাৰি বছৰ আগৰ অভিশপ্ত নিশাৰ অৰ্ধমৃত অনুভৱৰ সমাধি লৈ জীয়াই থকা মানৱে প্ৰিয়মৰ মাতষাৰত যেন সম্বিত ঘূৰাই পাইছিল ।ডুবিব ধৰা মানুহে যেনেকৈ পাৰৰ খেৰ কুটাকো খামুচি ধৰি সাহস নেহেৰুৱাই, চৰম হতাশাতো এটি ক্ষীণ আশাৰ কিৰণ ৰ ৰূপত মানৱে প্ৰিয়মক বাঢ়িবলৈ ধৰিছিল ।


কিন্তু প্ৰিয়ম জানো তেনেকুৱা আছিল !! আজি দুদিনৰ চিনাকিতেই জানো প্ৰিয়মক বুজাটো সম্ভৱ তাৰ বাবে ? কিন্তু মানৱে সেইবোৰ ভাবিব নোখোজে ।সি হেৰাই যাব বিচাৰে প্ৰিয়মৰ বহল বুকুৰ মাজত....অনুভৱ কৰিব বিচাৰে গৰম উশাহৰ স্পৰ্শ তাৰ শৰীৰত .....জাগ্ৰত কৰিব বিচাৰে তাৰ মনৰ সুপ্ত বাসনাবোৰ মাঁথো প্ৰিয়মৰ সান্নিধ্যত !! কʼব নোৱাৰাকৈ যেন এক অবুজ আকৰ্ষণ অনুভৱ কৰিব বিচাৰিছে সি ।পাহৰি যাব বিচাৰে সি বাস্তৱ পৃথিৱীখন যʼত প্ৰিয়মৰ সৈতে তাৰ মিলন অসম্ভৱ .... কিন্তু কল্পনাৰ জগতত তো বাধা নাই প্ৰিয়ম আৰু সি এক হৈ থকাত .....সি যে এতিয়া প্ৰিয়মকেই বিচাৰে নিজৰ প্ৰেমাস্পদৰ ৰূপত...!!!!!!!



*****************************************



*আৰ ইউ অল ৰাইট ?এম জাস্ট কিডিং বয় !!

পৰীয়ে অভিব্যক্তি অবিহনে কথাষাৰ কৈছিল ।লগতে আকৌ এবাৰ তাই খিলখিলাই হাঁহি দিছিল ।

*অ মাই গড , ইউ আৰ ছ ছিৰিয়াছ ! তোমাৰ লগত চোন একদম ধেমালি কৰিবই নোৱাৰি । মানুহ মাৰি দিবা দেই তুমি !!

 

মানৱৰ চিন্তিত মুখখনলৈ চাই তাই কৈছিল ।


মানৱে কিছু সঁকাহ পোৱা যেন পালে ।সি বুজি নাপালে পৰিবেশটো পাতলাবৰ বাবেই তাই তেনেকৈ কৈছিল নে মানৱৰ দোধোৰ মোধোৰ অৱস্থা দেখি সহানুভৱতাৰ বাবে কৈছিল !! সি এবাৰ কেৰাহিকৈ পৰীৰ ফালে চালে ।ফুটফুটীয়া ৰঙা ৰঙৰ ফ্ৰক পিন্ধি থকা ছোৱালীজনীৰ মুখমণ্ডল তেনেই মলমলগা । চকু কিচকিচিয়া কʼলা আৰু চেৱাউৰি ডাঠ !! মুখত প্ৰসাধনো নগন্য হয়তো ঘৰত থকাৰ বাবে। চুলিকোচা কান্ধলৈ পৰা ,হেনা কৰা ।বুকুত চূৰ্ণী এখনো লৈছিল কিন্তু পাতল আছিল বাবে তলৰ ফ্ৰকৰ ৰং চুৰ্ণীৰ মাজেৰে ভাঁহি আহিছিল । হয়তো বহু লʼৰাৰ বাবে তাই এগৰিকী মোহনীয়া যুৱতী ,হয়তো বহুতেই গোপনে তাইৰ সংগসুখ বিচাৰে !! কথাবোৰো ইমান বহল আৰু খোলা মনৰ যে সকলোৱে তাইৰ প্ৰতি আকৰ্ষিত হʼব ।তাইৰ মাততো অলপ কঠোৰ পিছে ,সেয়ে কিবা কʼলে খঙত কোৱা যেন লাগে !! কিন্তু তাইৰ কথাবোৰত অলপো খং ভাব নাই ।সকলো কথা মুকলিকৈ আলোচনা কৰিবলৈ বিচাৰে তাই ..!!( Assamese Storyboard )


পৰীয়ে কৈছিল , 

*ইমান ইনোচেন্ট হৈ একো লাভ নাই মানৱ ।ট্ৰাই টু বি প্ৰেক্টিকেল এন্ড হাৰ্ড ।নহ'লে সকলোৱে তোমাক হাৰ্ট কৰিব ।নিজকে চম্ভালি লবলৈ হʼলে ইমান ইমোছনেল হʼলে নচলিব ।


কথাষাৰ পিছে ঠিকেই কৈছিল তাই ।মানৱে নিজেও ফিল কৰে , সি হয়তো লগাতকৈ বেছিয়েই আবেগিক যাৰ বাবে সি নিজেই কষ্ট পাবলগীয়া হয় ।সকলো কথাই ছিৰিয়াছলি লয় আৰু টেনছন লৈ থাকিবলগীয়া হয় পিছত !!


*বাৰু বাদ দিয়া এইবোৰ , বʼলা তললৈ যাঁও ।নবৌয়ে চাগে ভাতৰ যোগাৰ কৰিছেহি ।

*ঊম বʼলা ।

মানৱেও সহজ কৈ কʼলে কথাষাৰ ।


তেনেতে , মানৱৰ চকু পৰিল পৰীৰ বেডৰ কাষত থকা সৰু টেবুল খনত আৰু টেবুল খনত থকা এলবামটিলৈ !!


*সৰুবাৰ বিয়াৰ এলবাম ?

সি উৎকন্ঠাৰে চিঞৰি দিছিল ।


*ইউ আৰ ছ চাইল্ডলাইক ।তুমি একদম বাচ্ছাৰ দৰে আছা , মানৱ !

পৰীয়ে তাৰ উৎকন্ঠা দেখি কৈছিল ।


মানৱে অলপ লাজ অনুভৱ কৰিলে আৰু সি আগুৱাই গৈ এলবামটোৰ পাত লুটিয়াবলৈ ধৰিলে ...।




**************************************



মানসীৰ বিয়াৰ এলবামটো আলফুলে হাতত লৈ মানৱ পৰীৰ বিচনাতে বহি পৰিল ।সি ফটো চাই আৰু ফটো উঠিও বহুত ভাল পায় ।বায়েকৰ বিয়াত অৱশ্যে তাৰ ভালদৰে ফটো উঠা নহলেই ।ইফালে সিফালে দৌৰি থাকোতেই গৈছিল ।তথাপি আপাহতে যি দুই এখন ফটো উঠিছিল বেয়া হোৱা নাছিল , তাৰ মতে ..!!


*এইখন আমাৰ ৰিচেপশ্যনৰ এলবাম ।তোমাৰ ফটো নাপাবা ইয়াত !

পৰীয়ে মানৱৰ উৎসুকতা দেখি কথাষাৰ কৈছিল ।


*তুমি একদম মাইন্ড ৰিডাৰ টাইপ কথা কোৱা চোন !

মানৱে আচৰিত হৈ কৈছিল ।


*ইয়াত মাইন্দ ৰিডাৰ হোৱাৰ কি কথা আছে ।তোমাৰ এক্সচাইটমেন্ট চাইহে কʼলো‌।হে হে ।

পৰীয়ে আকৌ হাঁহি দিলে ।


কিয় জানো পৰীৰ হাঁহিটোত মানৱে সহজ হʼব পৰা নাছিল ।কিবা যেন এক অস্বস্তিকৰ অনুভৱে তাক আঘাত কৰে এই হাঁহিটিয়ে।সি মাঁথো নেতা হাঁহিৰে সঁহাৰি জনালে আৰু এলবামটোত পাতবোৰ লুটিয়াবলৈ ধৰিলে ।


এলবামটোৰ প্ৰথম পৃষ্ঠাটোত আছিল মানসী আৰু ৰবীনৰ দৰা কইনাৰ সাজত একেলগে তোলা এখন মনোমোহা ছবি ...মানসী সঁচাকৈ বহুত ধুনীয়া ।সাগৰ নীলা চকুৰে সপ্ৰতিভ নয়নেৰে ফটোখনত হাঁহিৰে উজ্জ্বল হৈ আছে তাই ....লগত তাইৰ জীৱনসংগী ...ৰবীনো দেখাত ভাল ।দুয়োকে বেছ মিলিছে ।মানৱে ভাৱে আৰু পিছৰ পৃষ্ঠাবোৰ লুটিয়াবলৈ ধৰে ।


পৰীয়ে মানৱৰ ওচৰত বহি লৈছিল ।মানৱৰ অলপ অসহজ লাগিব ধৰিছিল কিন্তু মুখেৰে একো কোৱা নাছিল ।তায়ো এলবামটোত দৃষ্টি নিৱদ্ধ কৰি কৈ যাবলৈ ধৰিছিল , "এইগৰাকী আমাৰ বৰমা... শিৱসাগৰৰপৰা আহিছিল ....এইজন আমাৰ সৰু মামা... তেওঁৰ ডুবাইত বিজনেছ আছে .... এইগৰাকী আমাৰ কাজিন ....এইবাৰ মেট্ৰিক দিব ...." ইত্যাদি ইত্যাদি ...।


মানৱেও "উমম" "হুমম" কৈ গৈ আছিল । সকলোৰে ফটোবোৰ ভাল হৈছিল ।মাজে মাজে দুই এখন ফটোত কেন্দিদ লুক আছিল ।ফটোগ্ৰাফাৰে অলক্ষিতে লোৱা ফটোবোৰ বেছ ধুনীয়া হৈছিল ।পৰীয়ে নিজৰ বান্ধৱী দুজনীৰ সৈতে তোলা ফটো এখন পাঁওতে কৈছিল , "এয়া চোৱা ...ইপ্সিতা আৰু ৰেখা...মোৰ বেষ্ট ফ্ৰেইণ্ডছ .....লুকিং গৰ্গিয়াছ না ..!!"


"তোমাকো ধুনীয়া লাগিছে ।" মানৱে কিবা এটা ভাবি কʼব লাগে বুলি ভাবি ক'লে ।


"থেংক ইউ...এন্ড নাউ চি দা মষ্ট হট কাপোল অফ দা এলবাম ....প্ৰিয়ম দা আৰু তেওঁৰ গাৰ্লফ্ৰেন্ড ...চোৱা ইমান ধুনীয়া হৈছে ফটোখন ...লুক দে মেড ফৰ ইছ আডাৰ ..!!"


মানৱে হঠাৎ দুগুণ মনোযোগেৰে ফটোখন চাবলৈ ধৰিলে ।হয় , সেয়া প্ৰিয়ম ....মানৱৰ মনৰ গোপন কোঠালিত বিশেষ আসন লাভ কৰা মানুহজন .... আৰু তেওঁৰ নিচেই কাষতে এগৰাকী ৰূপহী যুৱতী ...মাদকতাময় চাৱনিৰে যিকোনো পুৰুষক শিঁহৰিত কৰিব পৰা ৰূপৰ অধিকাৰিনী !!



*তাই আমাৰ ভিতৰত সকলোতকৈ বেছি ধুনীয়া ছোৱালী ।লʼৰা হোৱা হʼলে ময়েই প্ৰপজ কৰিলো হয় তাইক ...প্ৰিয়ম দা ইজ চ লাকী ....নহয়নে মানৱ ?

_ পৰীয়ে অনৰ্গল কৈ গৈছিল ।



মনৰ কোনোবা এটা কোণত যেন বিষ অনুভৱ হʼব ধৰিছিল মানৱৰ ....!!


__________________________




( আগলৈ )


( বি. দ্ৰ. ঃ কিছু বাস্তৱ আৰু কিছু কল্পনাৰ সংমিশ্ৰণ এক ব্যতিক্ৰমী কাহিনী ৰচনাৰ প্ৰয়াস *অভিশপ্ত জীৱন* । আশা কৰোঁ সকলোৱে আদৰি লʼব ।পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব ।লগতে কিবা ভুল ক্ৰূটি দেখিলে আঙুলিয়াই দিয়ে যেন । ধন্যবাদ ।


✍️ অৰূপ )

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত
 - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages