সমগ্ৰ নাৰী জাতিৰ বাবে এইয়া এক অনুপ্ৰেৰণা : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 19, 2021

সমগ্ৰ নাৰী জাতিৰ বাবে এইয়া এক অনুপ্ৰেৰণা : Assamese Storyboard

 

Assamese Storyboard

🌼নাৰীৰ আত্মসন্মান পৃথিৱীৰ আটাইতকৈ অমূল্য সম্পদ🌼


🌸সমাজত আজিও এনে বহুতো নাৰী আছে, যিয়ে সদায় আনৰ পছন্দ অপছন্দ অনুসৰিয়ে জীয়াই থাকিবলৈ বাধ্য হয়। নাৰীক আজিও বহুতে ব্যক্তিগত সম্পতি হিচাপে ব্যৱহাৰ কৰে। নাৰীক লৈ বহুতে ডাঙৰ ডাঙৰ ভাষণ দিয়ে, চৰকাৰেও বহু আচনি উলিয়াইছে কিন্তু বাস্তৱত নাৰী পৰাধীন আৰু পুৰুষৰ তলতে জীয়াই থাকিব লগা হয়।Assamese Storyboard )


🌺মই যি গৰাকী নাৰীৰ পৰা অনুপ্ৰেৰণা লাভ কৰো তেওঁৰ বিষয়ে হয়তো বহুতে জানে। কিন্তু তেওঁৰ সাহস আৰু আত্মসন্মানৰ প্ৰতি থকা চিন্তাধাৰাৰ বাবে লেখাটি আগবঢ়াইছোঁ।

🏵️নাম তেওঁৰ কোমল গনাট্ৰা। ২০১২ চনত সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বৰ্তমান দিল্লীৰ মিনিষ্ট্ৰি অৱ ডিফেঞ্চত আই. এ. এছ বিষয়া হিচাপে কৰ্মৰত।


       কিন্তু প্ৰতিজন প্ৰাৰ্থীৰ সপোনৰ এই পদটো পোৱাৰ যাত্ৰা তেওঁৰ বাবেও ইমান সহজ নাছিল। কোমল গনাট্ৰাৰ বিবাহ ২৬ বছৰ বয়সত নিউজিলেণ্ড বেছদ্ এন. আৰ. আইৰ লগত হৈছিল। সেই সময়ত কোমল গনাট্ৰা ইউ. পি. এছ. চি ৰ লগতে পি.চি.এছ পৰীক্ষাৰ বাবেও তৈয়াৰী কৰি আছিল। তেওঁ গুজৰাট অসামৰিক সেৱাৰ মেন্স ৰ যোগ্যতা অৰ্জন কৰিছিল। কিন্তু সেই সময়ত তেওঁৰ স্বামীয়ে বাধা দিয়াৰ বাবে সাক্ষাৎকাৰ দিব পৰা নাছিল। অথচ সেই স্বামীয়ে বিয়াৰ ১৫ দিন পিছতেই তেওঁক এৰি নিউজিলেণ্ডলৈ গুছি গৈ আৰু কোনোদিনেই তেওঁৰ খবৰ লোৱা নাছিল।

           💮কোমল গনাট্ৰাই মৰম ভালপোৱাৰ সাতিৰতে স্বামীৰ সকলো কথা পালন কৰিছিল কিন্তু সেই ভালপোৱাৰ মানুহজনেই যেতিয়া বিশ্বাসঘাটকতা কৰিছিল সেয়া মানি লব পৰাটো তেওঁৰ বাবে ইমান সহজ নাছিল। সেই মুহূৰ্তত তেওঁৰ পৃথিৱীখন একেবাৰে ধ্বংস হৈ যোৱা যেন লাগিছিল। পৰিস্থিতি টোৰ লগত সহবাস কৰাৰ পৰিবৰ্তে প্ৰথমে তেওঁ নিজৰ ভালপোৱাৰ মানুহজনক ঘূৰাই অনাৰ চিন্তা কৰিছিল। যাৰবাবে তেওঁ নিউজিলেণ্ডৰ সকলো সংসদৰ সৈতে যোগাযোগ কৰিছিল, লগতে ভাৰত চৰকাৰৰ পৰা সহায় বিচাৰিছিল। সকলো চেষ্টা কৰিও তেওঁ বিফল হৈছিল। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়েও তেওঁক উত্তৰ দিছিল। ভাৰত চৰকাৰৰ প্ৰশাসনে ও উত্তৰ দিছিল। তেওঁৰ আইনক লৈ মানৱ অধিকাৰৰ বিৰোধ বুলি ক্ষোভ আছিল, কিয়নো পতি বেলেগ এখন দেশত থাকে আৰু পত্নী সেই দেশলৈ নিদিষ্ট আইন কানুনৰ বাবে যাব নোৱাৰে


      এটা সময়ত তেওঁ লাহে লাহে উপলব্ধি কৰিছিল_এজন মানুহক যোৰ কৰি নিজৰ কৰি লোৱাতো উচিত জানো? কি এজন মানুহৰ পিছে পিছে দৌৰি ফুৰাটো জীৱনৰ লক্ষ্য জানো?

              লাহে লাহে তেওঁ বুজিবলৈ সক্ষম হ'ল.   কাৰোবাৰ পিছে পিছে দৌৰি ফুৰাটো কেতিয়াও জীৱনৰ লক্ষ্য নহয়। প্ৰতিজন মানুহৰ নিদিষ্ট এটা লক্ষ্যৰ বাবে জন্ম হয়। সেই লক্ষ্যটোক চিনি পাব লাগিব, বিচাৰি উলিয়াব লাগিব।Assamese Storyboard )

        তেওঁ এটা কথা উপলব্ধি কৰিছিল বিবাহে নাৰীক পৰিপূৰ্ণ নবনায়। এজনী নাৰীৰ পৰিচয় কেৱল তাইৰ পতি নহয়। এজনী নাৰীয়ে নিজেই নিজৰ পৰিচয় বনাব পাৰে। মানুহৰ জীৱনত সামাজিক ব্যবস্থাৰ প্ৰয়োজন আছে, কিন্তু সেই সামাজিক ব্যবস্থা নিজৰ অস্তিত্বৰ হেঙা হ'ব নালাগে। সৰ্বপ্ৰথম নিজৰ অস্তিত্বৰ প্ৰয়োজন, তাৰ পিছতহে অন্য ব্যবস্থাই স্থান পায়।ii


                তেওঁৰ মাক দেউতাক চিন্তাত অৱসাদগ্ৰস্ত হৈ পৰিছিল। মিতিৰ কুটুম্ব সমাজ সকলোৱে মাথো এটাই প্ৰশ্ন কৰিছিল    ক' ত আছে তোমাৰ পতি? কিন্তু তেওঁৰ হাতত উত্তৰ নাছিল। কোনোবাই কথাবোৰ জানি পৰামৰ্শ দিছিল. প্ৰথমে ডিভোৰ্চ লোৱা, তাৰ পিছত আকৌ বিয়াত বহা।

                তেওঁৰ কাৰণে বিয়া হোৱাটো প্ৰধান উদ্দেশ্য নাছিল, নিজৰ হেৰাই যোৱা আত্মসন্মান ঘূৰাই পোৱাটোহে আচল উদ্দেশ্য হ ল। শহুৰৰ ঘৰৰ পৰা ওলাই গৈ নিজৰ মাক দেউতাকৰ জীৱনত ও বোজা হব নিবিচাৰিলে। এতিয়া সময় আহিছিল সৰুতে দেউতাকে দেখুওৱা সপোনটো পূৰ কৰি নিজৰ আত্মসন্মান ঘূৰাই পোৱা। কিন্তু ইউ. পি. এছ. চি ৰ পৰীক্ষাত উত্তীৰ্ণ হৈ নিজক প্ৰতিষ্ঠা কৰাটোও ইমান সহজ কথা নাছিল। বিশেষকৈ পৰীক্ষাৰ বাবে লাগতিয়াল সমল কিতাপ ইত্যাদি কিনিবৰ বাবে তেওঁ আৰ্থিক ভাৱে অসমৰ্থ আছিল। অৱশেষত এখন বহুত ভিতৰুৱা গাঁৱৰ চৰকাৰী স্কুল এখনত মাহিলী ৫০০০ টকাৰ দৰমহাৰে শিক্ষয়িত্ৰী হিচাপে জীৱনৰ প্ৰথমটো আত্মনিৰ্ভৰশীল পথত খোজ দিছিল। কিন্তু যিখন ঠাইত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত হ'ল তাত পৰীক্ষাৰ বাবে তৈয়াৰী হব পৰাকৈ কম্পিউটাৰ, স্মাৰ্টফোন, ইণ্টাৰনেট, নিউজ পেপাৰ ইত্যাদিৰ একোৰে সুবিধা নাছিল।


           মনত হাজাৰ ধুমুহা, ভগ্নপ্ৰায় হৃদয় খন লৈ অত্যন্ত প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈও তেওঁৰ প্ৰবল ইচ্ছা, সাহস, আত্মবিশ্বাস, কষ্ট আৰু চেষ্টাৰ ফলস্বৰুপে ২০১২ চনত আত্মসন্মান ঘূৰাই পোৱাৰ সপোনটো বাস্তৱায়িত হল।


                  🌹ধন্য তুমি নাৰী 🌹


           ✍️ববিতা ডি. শৰ্মা

Assamese Storyboard


এনেধৰনৰ আৰু আধ্যাত্মিক লেখা পঢ়ক এই লিংকত - www.আধ্যাত্মিক.com

Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages