"মা তুমি আৰু মোক দিগদাৰ দি নাথাকিবা। বহুত অশান্তি দিছা তুমি আমাক। এতিয়া প্লিজ্ আমাক অকণমান শান্তিত থাকিবলৈ দিয়া ( Assamese Storyboard )। নহ'লে এনেকৈ হ'লে এদিন পাগল হৈ যাম আমি। যোৱা এতিয়া মই তোমাক ইয়ালৈকে থ'লো। বাকী এতিয়া ক'ত যোৱা সেইটো তোমাৰ কথা। খালি আমাক মুক্তি দিয়া।"
"বোপা, এই ৰাতিখন এই বয়সত মই ক'লৈ যাম?"
"সেইটো তোমাৰ কথা। দিনে দিনে যেতিয়া ঘৰখনত অশান্তি কৰি থাকিব পাৰা ক'ৰবাত থাকিবলৈ ঠাই অকণো নিশ্চয় বিচাৰি ল'ব পাৰিবা। আৰু যদি নোৱাৰা তেন্তে এই ফুটপাথবোৰ দেখিছা নহয় ইয়াতে পৰি থাকিবা। তোমাৰ কাৰণে তোমাৰ এই ৰূপটোৰ বাবে মই সমাজত মুখ উলিয়াব নোৱাৰা হৈছোঁ।"
"হ'ব দে বোপাই তঁহতে খালি ভালে থাকিবি। সৰুপোনাক চাবি। সুখেৰে থাক তঁহত মই আৰু কেতিয়াও তঁহতক আমনি নকৰোঁ।"
"হ'ব যোৱা। তোৰ মুখ চাবলৈ মন নাযায়।"
কথাখিনি কৈ অবিনাশ বৰুৱাই গাড়ীখন ষ্টাৰ্ট দি ভো-ভোৱাই গুছি গ'ল। এযোৰ সাধাৰণ কাপোৰ পিন্ধা ৭০ বছৰৰ উৰ্ধৰ মাতৃ মিনতি বৰুৱা সেই ফুটপাথটোতে বহি পৰিল। তেওঁৰ সকলো সপোন আজি তাচ পাতৰ ঘৰৰ দৰে ভাঙি চূৰমাৰ হৈ গ'ল। বৃদ্ধাৱস্থাৱত একমাত্ৰ পুতেকৰ পৰা লাঞ্চিতা হৈ তেওঁ মগজুয়ে কাম নকৰাৰ দৰে হ'ল। হঠাৎ যেন তেওঁৰ চাৰিওফালৰ পৃথিৱীখন চকচককৈ ঘূৰিবলৈ ধৰিলে তেওঁৰ এনে লাগিল। যেনে তেনে সকলোবোৰ সহ্য কৰি তেওঁ নিৰ্জন ৰাতি জীৱন পথত আগবাঢ়ি গ'ল।
অবিনাশ বৰুৱা মিনতি বৰুৱা আৰু টংকেশ্বৰ বৰুৱাৰ একমাত্ৰ পুত্ৰ। টংকেশ্বৰ বৰুৱা এজন অতি সৎ আৰক্ষী কনিষ্টবল আছিল। কিন্তু তেওঁ নিজৰ এই সততা আৰু নিষ্ঠাক লগত লৈ বেছিদিন জীয়াই থাকিব নোৱাৰিলে। অবিনাশ যেতিয়া ক্লাছ ৭ ৰ পৰা ৮ লৈ উত্তীৰ্ণ হয় তেতিয়াই টংকেশ্বৰ বৰুৱাৰ এটা বাহন দুৰ্ঘটনাত মৃত্যু হয়। আচলতে সেইটো কোনো দুৰ্ঘটনা নাছিল সেইটো আছিল এটা পৰিকল্পিত হত্যাকাণ্ড। আচলতে টংকেশ্বৰ বৰুৱাই তেওঁৰ ওপৰৰ অ'চি ফুকনৰ বহু অনৈতিক কাৰ্যকলাপৰ বিষয়ে গম পাইছিল আৰু তাৰ প্ৰমাণো যুগুত কৰিছিল। কিন্তু যেতিয়া অ'চি ফুকনে কথাটো গম পায় তেতিয়া তেওঁ আন এজন অফিচাৰৰ লগত মিলি টংকেশ্বৰ বৰুৱাক গাড়ীৰে চেপি মাৰি পেলায়। কিন্তু তেওঁলোকে ঘটনাটো ইমানেই ভালকৈ কৰিলে যে কোনেও একো সম্ভেদেই নাপালে। ৰক্ষকেই যেতিয়া ভক্ষক হয় তেতিয়া আৰু সৰ্বসাধাৰণ জনতাইনো কি কৰিব পাৰে? স্বামীৰ মৃত্যুৰ পাছত অকলশৰীয়া মিনতিৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল। চৰকাৰৰ পৰা পেনচনৰ টকা কেইটা পায় আছিল বাবে টকা পইছাৰ অভাৱ হোৱা নাছিল যদিও নিসংগতাই যেন মানুহগৰাকীক লাহে লাহে খুলি খুলি খাইছিল। তাৰ পিছত পৰিয়াল, মিটিৰ-কুটুম আদি সকলোৰে বুজনিত একমাত্ৰ ল'ৰাটোৰ মুখলৈ চাই তেওঁ লাহে লাহে সুস্থ হৈ উঠিল। একমাত্ৰ ল'ৰাটোৰ লগত বহুত কষ্ট কৰি তেওঁ তাক এজন সমাজৰ আগশাৰীৰ মানুহ বনালে। এতিয়া অবিনাশ বৰুৱা এজন বিখ্যাত মনোৰোগ বিশেষজ্ঞ।( Assamese Storyboard )
"ইমান কষ্ট কৰিও মোৰ সংস্কাৰৰ কোনোবা খিনিতে চাগৈ কিবা ক্ৰুতি ৰৈ গ'ল যাৰবাবে আজি মই মোৰ ল'ৰাটোৰ পৰা এনে ফল পালোঁ।" সকলো দোষ নিজৰ ওপৰতে লৈ এনেকৈয়ে ভাবি মিনতি বৰুৱায়েও লাহে লাহে জীৱন পথত অগ্ৰসৰ হ'ল।
উৰণীয়া পক্ষীৰ দৰে সময়ো উৰিবলৈ ধৰিলে। প্ৰায় এবছৰ মানৰ পিছৰ কথা। চহৰৰ বাসিন্দা অবিনাশ বৰুৱা হঠাতে গৈ এদিন গাঁৱৰ ঘৰ পালেগৈ। ইয়াৰ কাৰণ হৈছে গাঁৱত থকা সিহঁতৰ সম্পত্তি খিনি। আচলতে অবিনাশে গাঁৱত থকা সিহঁতৰ সকলোবোৰ সম্পত্তি বিক্ৰি কৰিবলৈ গৈছিল। সন্ধিয়া প্ৰায় ৮ মান বজাত সি গৈ ঘৰ পালে। ওচৰৰে খুড়াকৰ ঘৰত ভাতপানী খাই সম্পত্তিৰ সকলোবোৰ কথা-বতৰা পাতি সি নিশা প্ৰায় ১১মান বজাত শুবলৈ আহিল। আগতে যিটো সিহঁতৰ শোৱনি কোঠা আছিল সেইটোতেই আজি সি শুবলৈ ঠিক কৰিলে। বিছনাত পৰিয়েই সি দেখিলে তাৰ সন্মুখত এটা কাঠৰ বাকচ। আগতে এইটো সি দেখিছিল যদিও এতিয়া পাহৰিলে। কিনো আছে বুলি সি উঠি গৈ বাকচটো খুলিলে। বাকচটোত আন একো নাই কেৱল কাপোৰ আৰু কাপোৰ। কিন্তু কাপোৰবোৰৰ ওপৰত এটা ফাইল। ফাইল খুলি চাই সি দেখে যে সেইটো এটা ডক্তৰৰ কাগজ পত্ৰ থকা ফাইল। কাগজ পত্ৰবোৰ উলিয়াই সি পঢ়িবলৈ ধৰিলে। কাগজ বোৰ পঢ়ি তাৰ মূৰৰ ওপৰৰ আকাশখন আৰু ভৰিৰ তলত থকা মাটিখিনি যেন নোহোৱা হৈ গ'ল এনে লাগিল। কাৰণ তাত সুন্দৰ আখৰেৰে লিখা আছিল যে যেতিয়া তাৰ নবছৰ বয়সত এটা কিডনী বিকল হৈ গৈছিল তেতিয়া তাৰ মাকে তাক নিজৰ এটা কিডনী দি সুস্থ কৰি তুলিছিল।
কিন্তু মাকৰ ইমান এটা ডাঙৰ আৰু মহৎ দানৰ বিনিময়ত সি মাকক কি দিলে? এসোপামান ককৰ্থনা... এসোপামান যন্ত্ৰণা। কথাবোৰ ভাবি তাৰ নিজৰ ওপৰতে ঘৃণা উপজিল। চকুপানীৰে সি বাট নেদেখা হ'ল। বহুত সময় ভাবি গুণি সি সিদ্ধান্ত ল'লে যে সি এই সম্পত্তি বোৰ আৰু কেতিয়াও বিক্ৰী কৰাৰ কথা নাভাবে। কাইলৈ ৰাতিপুৱাই সি চহৰলৈ গৈ মাকক বিচাৰিব। তাত থকা গোটেইবোৰ অনাথ আশ্ৰম, ফুটপাথ, আশ্ৰালয় আদি সকলোতে বিচাৰিব। খালি যিকোনো প্ৰকাৰে সি মাকক বিচাৰি উলিয়াব। আৰু মাকক বিচাৰি তেওঁক ক্ষমা খুজি পুনৰ তেওঁক ঘৰলৈ ওভতাই আনিব। কথাখিনি ভাবি সি নিজৰ ভুলবোৰ দেখি আৰু তাৰ মোচনৰ পথো পাই শুই থাকিল।
ৰাতিপুৱা ৫ টা মান বজাতে শোৱাৰ পৰা উঠি সি হাত মুখ নোধোৱাকৈয়ে গাড়ীখন লৈ চহৰলৈ মানে নিজৰ ঘৰলৈ গ'ল। ৰাতিটো একেবাৰে কথাকে ভাবি ভাবি তাৰ টোপনিয়েই নাহিল সেয়ে ৰাতিপুৱাই সি ঘৰলৈ গ'ল। ঘৰ পাই সি ঘৈণীয়েক ৰেণুকাক সকলোবোৰ কাগজ পত্ৰ দেখুৱালে। সেইবোৰ চাই তায়ো নিজৰ ভুল বোৰ বুজি পালে। দুয়োটাই সিদ্ধান্ত ল'লে যে এতিয়া সিহঁতে মাকক বিচাৰি যাব। কিন্তু এনেতে সিহঁতৰ জীয়েক অশ্ৰুতাই টিভিতো লগালে। কিন্তু টিভিতোত দি থকা বাতৰিটো দেখি সিহঁত দুয়োটাই একো এটা শব্দ কৰিব নোৱাৰি এটাই আনটোৰ মূখলৈ চাব ধৰিলে।
বাতৰিটো আছিল -----
"যোৱা নিশা প্ৰায় ৭.৩০মান বজাত এখন আঠচকীয়া ট্ৰাকৰ খুন্দাত ৭০ বছৰৰ উৰ্ধৰ মিনতি বৰুৱা নামৰ বৃদ্ধ মহিলাৰ গৰাকীৰ মৃত্যু হয়। তেওঁৰ থকা বৃদ্ধাশ্ৰম খনৰ পৰাই তেওঁৰ নাম আৰু পৰিচয় পোৱা যায়। বৰ্তমান পুলিছে উদণ্ড মদৰ নিচাত মাতাল হৈ থকা ট্ৰাকৰ চালক জনক আটক কৰিছে আৰু নিহত মহিলাগৰাকীৰ বডীটো পোষ্টমৰটনলৈ প্ৰেৰণ কৰিছে।"
ক্ষন্তেকতে অবিনাশ বৰুৱা আৰু তেওঁৰ পত্নীয়ে দেখা সকলোবোৰ সপোণ ভাঙি গ'ল যিদৰে এদিন তেওঁৰ মাক মিনতি বৰুৱাই পুতেক, বোৱাৰীয়েক আৰু নাতিনীয়েকক লৈ দেখা এখন সপোণৰ ঘৰৰ সোণোৱাল সপোন ভাঙি চূৰ্ণবিচূৰ্ণ হৈ গৈছিল।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24
No comments:
Post a Comment