প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ৮ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 9, 2021

প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ৮ ) : Assamese Storyboard

Assamese Storyboard

 

প্ৰণৱ আৰু ৰিমাই সমাজৰ কুটিল সৰযন্ত্ৰত বান্ধ খাই পৰিছিল। প্ৰণৱে টকা উপাৰ্জনৰ কোনো ৰাস্তা নেদেখি দোকান এখনত চাকৰ আছিল যদিও মাহৰ অন্তত পোৱা ২০০ টকাৰে একো এটা মিলা নাছিল( Assamese Storyboard )। সেইদেখি পেহীয়েকে সেইদিনা নিজৰ হাতৰ সোনৰ খাৰুযোৰ প্ৰণৱৰ হাতত দি ক'লে-


: বোপাই তই এইযোৰ নি বিক্ৰী কৰগৈ।

: কিন্তু পেহী

: তই ছোৱালীজনীৰ অৱস্থা দেখিছনে তাইক জীয়াই ৰাখ।

: পেহী তোক এইযোৰ আইতাই মৃত্যুৰ সময়ত দিছিল তোৰ মনত আছেনে? আৰু আইতাই তোক কৈছিল- "এইযোৰ তোক দিলো সদায় পিন্ধি থাকিবি এয়া মোৰ শেষ ইচ্ছা।"

: আছে বোপাই মোৰ মনত আছে। কিন্তু মোৰ মৃত্যু হোৱা আইৰ শেষ ইচ্ছা আৰু তোৰ মৃত্যুমুখী পত্নীৰ ইচ্ছা। যা বোপাই যা।


সোনৰ খাৰুযোৰ প্ৰণৱে লৈ সোনাৰি মোহন চৰ্দাৰৰ ওচৰলৈ গ'ল। তাতেই খাৰুযোৰ বিক্ৰী কৰি ১৫,০০০ টকা পালে। সেইখিনি টকা লৈ আহি থাকোঁতে প্ৰণৱে এজনী মহিলাৰ লগত খুন্দা খালে। বাগৰি পৰা মহিলা গৰাকীক তুলিবলৈ ধৰোতে প্ৰণৱে মহিলা গৰাকীৰ মুখখন দেখি আচৰিত হ'ল। সেইজনী আন কোনো নহয় প্ৰণৱৰ মাক দেৱৰাণী চৌধুৰী। কিন্তু মাকজনী এজনী পাগলী হৈ পৰিছে। সি মাতিলে-


: মা

: যা গুচি যা। মোৰ ল'ৰা আহিব,বোৱাৰী আহিব। আমি একেলগে থাকিম। তই গুচি যা। গুচি যা ইয়াৰ পৰা।( Assamese Storyboard )

: মাঁ তোমাৰ এয়া কি হৈছে?

: হিন্দু কি মুচলমান একে আইৰ সন্তান আমাৰ মনত ভিন ভাব নাই......। থু একে আইৰ সন্তান হ'লে মোৰ ল'ৰাক আজি.....। যা গুচি যা।


মাকৰ সেই পাগলী ৰূপ দেখি প্ৰণৱ আৰু ভাঙি পৰিল। সমাজৰ প্ৰতি তাৰ ঘৃণা ভাৱ আহিল। ঘৃণা ভাৱ আহিল দেউতাকৰ প্ৰতি। এটি এটিকৈ বহুত জীৱন ধ্বংস হ'ব ওলাইছিল। কিন্তু সহায় কৰিবলৈ বা সংগ দিবলৈ কোনো নাছিল। এয়াই হয়টো জীৱন, এয়াই জীৱনৰ খেল।


আগলৈ.......................................

(প্ৰণৱ বাৰু দেউতাক আৰু সমাজৰ আগত হাৰি যাব নেকি? ৰিমা হাৰি যাব নেকি জীৱনৰ কাৱাদী খেল খনত। আৰু দেৱৰাণী চৌধুৰীৰ কি হ'ল। জানিবলৈ পঢ়িব "আমাক জীয়াই থাকিবলৈ দে"।)

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages