ধীৰে ধীৰে হেৰাই যায় আবেলিৰ ৰ'দালি : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 6, 2021

ধীৰে ধীৰে হেৰাই যায় আবেলিৰ ৰ'দালি : Assamese Storyboard

Assamese Storyboard

সময় বৈ যায়। বোৱতী নদী হৈ। বোৱাই নিয়ে অতীতৰ স্মৃতিবোৰ। সময়ৰ সৰু সৰু সোঁতত উটি ভাহি যোৱা স্মৃতিবোৰে কেতিয়াবা কন্দোৱায়, কেতিয়াবা হহুৱায়( Assamese Storyboard )। অতীত নামৰ জোলোঙাটো হৃদয়ৰ পৰা সলকাই থ'বও নোৱাৰি। অনবৰতে ওলমি থাকে হৃদয়ৰ বিশেষ চুক‌ এটাত। মাজে মাজে সেই জোলোঙাটোত সাচি থোৱা স্মৃতিবোৰ আলফুলে বুটলি আনি পুনৰ জীয়াই তুলিবৰ মন যায় তনয়াৰ। সময়ৰ সোঁতত বৈ যোৱা মূহুৰ্তবোৰ পুনৰ উপভোগ কৰিবলৈ তাই কেতিয়াবা ব্যাকুল হৈ পৰে। আবেলিৰ ডুব যাব লোৱা বেলিটোলৈ চাই আজিও তনয়াই পুনৰ সোঁৱৰিছে তাইৰ অতীত। তাইৰ প্ৰিয় সময়বোৰ।


                আজিৰ পৰা সুদীৰ্ঘ চাৰি বছৰৰ আগতে আজিৰ দিনটোতে লুইতৰ পাৰত বহি ঠিক এনেদৰেই চাই আছিল তাই ধীৰে ধীৰে হেৰাই যোৱা আবেলিৰ ৰঙচুৱা বেলিটোলৈ। আৰু তাইৰ কাষতে বহি তাইৰ কাজলসনা দুচকুলৈ একেথৰে চাই আছিল নিয়ৰে। তাইৰ লাহী আঙুলি কেইটা লিৰিকি বিদাৰি তাইৰ চকুত চকু থৈ নিয়ৰে ব্যক্ত কৰিছিল তাইৰ প্ৰতি থকা তাৰ ভালপোৱাবোৰ। তাই লাজতে তলমূৰ কৰি তাৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। প্ৰথম প্ৰেমৰ মাদকতাই সুকীয়া। দুয়ো দুয়োকে নিস্বাৰ্থ ভাৱে ভাল পাইছিল। লুইতৰ পাৰৰ সেই বিশেষ ঠাইটুকুৰাত বহি সিঁহতে প্ৰায়েই ঘণ্টা জুৰি কথা পাতিছিল। তেনেদৰেই আৰম্ভ হৈছিল সিহঁতৰ প্ৰেম।


             ‌নিয়ৰৰ প্ৰেয়সী হিচাপে অতিবাহিত কৰা তিনিটা বছৰ তাইৰ জীৱনৰ আটাইতকৈ ভাল সময় আছিল। নিয়ৰে তাইক জীৱনটো উপভোগ কৰিবলৈ শিকাইছিল। তাইক প্ৰতিটো কামতেই উৎসাহ যোগাইছিল। তাই হাঁহিলে সি নীৰৱ হৈ একেথৰে চাই ৰৈছিল তাইলৈ। তাইৰ হাতখন তাৰ হাতৰ মুঠিত ভৰাই লৈ প্ৰায়েই কৈছিল সি " You are my lucky charm".


               নিয়ৰক নেদেখাকৈ এদিনো থাকিব নোৱাৰা মৰম আকলুৱা তনয়াই জানো ভাবিছিল, তাই নিজেই এদিন তাৰ সৈতে সম্পৰ্ক ত্যাগ কৰিব বুলি! তাইৰ সৈতে ঘটা সৰু সৰু কথাও নিয়ৰক নোকোৱালৈকে শান্তি নোপোৱা তনয়াই হয়তো কেতিয়াও ভবা নাছিল তাইৰ জীৱনৰ আটাইতকৈ ডাঙৰ ঘটনাটো নিয়ৰৰ পৰা লুকুৱাই থ'ব লগীয়া হ'ব বুলি।লুইতৰ পাৰত নিয়ৰৰ সৈতে হাতে হাত ধৰি বহি আবেলিৰ বেলিটোৰ সৌন্দৰ্য্য উপভোগ কৰা তনয়াই কেতিয়াও ভবা নাছিল সেই বেলিটোৰ দৰেই তায়ো হেৰাই যাব নিয়ৰৰ জীৱনৰ পৰা, পুনৰ উদয় হোৱাৰ প্ৰতিশ্ৰুতি নিদিয়াকৈয়ে।( Assamese Storyboard )


             সিদিনা আছিল নিয়ৰৰ জন্মদিন। সি তনয়ালৈ অপেক্ষা কৰি ৰৈ আছিল সিহঁতৰ প্ৰিয় ঠাইটুকুৰাত। তনয়া কিছু পলমকৈ গৈছিল সিদিনা। তাক প্ৰথমতে জন্ম দিনৰ শুভেচ্ছা জনাই বহু সময় একো নোকোৱাকৈয়ে বহি ৰৈছিল তাই। সি বাৰে বাৰে প্ৰশ্ন কৰিছিল যদিও তাই একো কোৱা নাছিল।‌ অৱশেষত ‌তাই থিয় হৈ ইচ্ছাকৃতভাৱে বহুতো কটু কথা কৈছিল নিয়ৰক। তাৰ দৰে উচ্চ চিন্তা নথকা, নিজৰ কেৰিয়াৰক লৈ একো চিন্তা নথকা ল'ৰাৰ সৈতে থাকিব নোৱাৰো বুলি কৈ গুছি গৈছিল তাৰ কাষৰ পৰা। কথাখিনি কওঁতে তাৰ চকুলৈ চোৱাৰ সাহস নাছিল তাইৰ। ওভতি অহাৰ বাটত তাইৰ দুচকুৱেদি সৰসৰকৈ নিগৰিছিল চকুপানী। তাইক lucky charm বুলি ভবা নিয়ৰক কবলৈ সাহসেই নাছিল যে তাই এই পৃথিৱীত মাথো কেইটামান মাহৰ আলহী। কেইদিনমানৰ পৰা অসুস্থতাত ভোগা তনয়াৰ তেজ পৰীক্ষা কৰাওঁতে ফলাফল আহিছিল যে তাই ব্লাড কেণ্সাৰত আক্ৰান্ত। নিয়ৰৰ জন্মদিনৰ দিনাখনেই সিহঁতৰ তিনি বছৰীয়া সম্পৰ্ক শেষ কৰি মাক দেউতাকৰ সৈতে ৰাওনা হৈছিল গুৱাহাটীলৈ। নিয়ৰে তাইৰ সৈতে যোগাযোগ কৰিবলৈ বহুত চেষ্টা কৰিছিল যদিও তাই কেতিয়াও যোগাযোগ নকৰিলে। তাইক নিজৰ প্ৰেৰণা বুলি ভবা নিয়ৰে তাইক ইমান অসহায় আৰু দুৰ্বল ৰূপত দেখাটো তাই কেতিয়াও নিবিচাৰে। গুৱাহাটীত কেইদিনমান চিকিৎসা কৰোৱাৰ পিছত উৰা মাৰিছিল দিল্লীলৈ। 

                  

                আজি এবছৰ মানেই হ'ল তাই দিল্লীৰ কেণ্সাৰ হাস্পাতালৰ বিছনা এখনত শুই শুই তনয়াই মৃত্যুৰ ক্ষণ গণি আছে। মৃত্যুৰ আগমূহুৰ্তত তাই হাস্পাতালৰ খিৰিকী এখনেৰে চাই আছে ডুব যাব লোৱা বেলিটোলৈ। নিয়ৰে তাইক দিয়া শ্ৰীকৃষ্ণৰ সৰু মূৰ্তিটো তাই এখন হাতত তুলি ল'লে।  তাই অনুভৱ কৰিছে এই বেলিটোৰ দৰেই তাইৰ উশাহবোৰো লাহে লাহে ডুব গৈছে। মৃত্যুৰ বুকুত। মূৰ্তিটো তাই আলফুলে বুকুত সাবটি ল'লে। লাহে লাহে পশ্চিমৰ আকাশত বেলিটোৱে মেলানি মগাৰ দৰে তাইৰ জীৱনটোৱেও মেলানি মাগিলে।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

Assamese Storyboard


জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages