প্ৰেম আৰু সংঘাটে ভৰা এটি হৃদয়স্পৰ্শী কাহিনী ( খণ্ড ১০ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 3, 2021

প্ৰেম আৰু সংঘাটে ভৰা এটি হৃদয়স্পৰ্শী কাহিনী ( খণ্ড ১০ ) : Assamese Storyboard

Assamese Storyboard

 

সমৰ লাহে লাহে সুস্থ হৈ উঠিছে । দুলিয়াজানত চাকৰি  কৰাৰ ইচ্ছা সমুলি নোহোৱা হ'ল সমৰৰ । চাকৰি ইস্তফা দি ঘৰতে নিজা ববিয়াকৈ ব্যৱসায় আৰম্ভ কৰিলে ( Assamese Storyboard )। পাৰ হৈ যোৱা বেয়া সময়বোৰ উভতাই আনিব নোৱাৰিলেও আহি থকা সময়বোৰ ঘৰখনৰ কাৰনে এনিশাৰ কাৰনে নীৰ আৰু ৰাণীৰ কাৰনে কিবা কৰিব বিচাৰে । অতদিনে এনিশাই অকলে সকলোবোৰ চম্ভালি আছিল এতিয়া এনিশাৰ সহায় হব বিচাৰে সমৰ । নাজানে সমৰে এনিশাই  ক্ষমা কৰিব পাৰিবনে তাক । কিবা ক'ব বিচাৰিলেও এনিশা আঁতৰি যায় সমৰৰ ওচৰৰ পৰা । সি কেনেকৈ প্ৰমাণ দিব যে এনিশাক সি কেতিয়াও আঁতৰ কৰা নাছিল । 

ঘড়ীত তেতিয়া ৰাতি এক বজাৰ সংকেত । টোপনি অহা নাই সমৰৰ । হতাশাগ্ৰস্ত  সমৰ যেন এটি নতুন  পুৱাৰ অপেক্ষাত  ..যি পুৱাই সমৰলৈ সুখৰ বতৰা আনিব পাৰে ..সকলো পুনৰ আগৰ দৰে হৈ পৰা এটি সোণোৱালি পুৱা ।


নিৰ্মলাৰ সময়বোৰ ভালদৰে পাৰ হয় আজিকালি । ৰাণী এতিয়া দৌৰি ফুৰিব পৰা হল । দুটাকৈ নাতি নাতিনীৰ লগত সময়বোৰ কেনেকৈনো পাৰ হৈ যায় ধৰিবকে নোৱাৰে তেওঁ । সকলো ঠিক হ'ল । তথাপিও যেন ঘৰখনত  এতিয়াও প্ৰাণ আহিবলৈ বাকী । এনিশাক হয়তো তেওঁ কোনোদিনে কব নোৱাৰিব সমৰক ক্ষমা কৰিবলৈ । সকলো এনিশাৰ ওপৰত এৰি দিছে । তেওঁ  বিচাৰে এনিশা সুখেৰে থাকক ..যেনেকৈ ভালপায় তাই তেনেকৈয়ে থাকক । নিৰ্মলাই  বিচাৰে সকলোখিনি আগৰ দৰে হৈ যোৱাতো । আত্মাৰ বান্ধোন কটকটিয়া হ'লে সম্বন্ধ জানো ছিঙিব পাৰে ! সমৰৰ দেউতাকক জানো এতিয়াও পাহৰিব পাৰিছে নিৰ্মলাই ..যদিও তেওঁ ঢুকুৱা আজি ইমান বছৰ হ'ল তথাপিও দেখোন তেওঁৰ  অৱস্থিতি নিৰ্মলাই অনুভৱ  কৰে । ভগৱানৰ ওপৰত সম্পূৰ্ণ  বিশ্বাস আছে ..এদিন নিশ্চয় সকলো ভবাৰ দৰে হ'ব । ( Assamese Storyboard )


টোপনি নহাত নিৰ্মলা দুৱাৰ খুলি বাহিৰৰ বাৰাণ্ডালৈ ওলাই আহিল । প্ৰকৃতিৰ বুকুত পুনৰ শৰতৰ আগমন । টাবৰ ফুলবোৰ নিয়ৰৰ টোপালবোৰে সৌন্দৰ্য্য দুগুণে বৃদ্ধি কৰিছে ।  শেৱালিৰ সুবাসত চৌপাশ আমোলমোল । দুভাগ নিশা প্ৰকৃতিৰ এই মোহনীয়া ৰূপত নিৰ্মলা চৌধুৰী মোহ গল । অলপ সময় বাৰাণ্ডাৰ ৰেলিঙত আউজি ৰৈ থাকিল । সমৰৰ ৰূমৰ লাইট এতিয়াও   অফ হোৱা নাই ! আচৰিত  হয়  নিৰ্মলা । পিছ মুহূৰ্ত্বতে ভাৱে টোপনি অহা নাই হয়তো বাবাৰ । প্ৰত্যেকৰে মনত হয়তো এজাক ধুমুহা  বলি আছে আনে নজনাকৈ ...সংগোপনে । এটি হুমুনিয়াহ সৰি পৰে তেওঁৰ । ৰূমলৈ সোমাই আহি দুৱাৰখন জপাই বিচনাত পৰি শুবলৈ চেষ্টা কৰে নিৰ্মলাই ।

*************-*-*-**********************

২৫ বছৰৰ পাছত ...


পুৱা সোনকালে সাৰপালে তাই । বিচনাৰ পৰা নামিয়েই ৰূমটো পৰিপাটীকৈ থৈ গা ধুবলৈ গল। গা ধুই আহিয়েই গোসাই ঘৰত সেৱা জনাই জন্মদাতৃ মাক আৰু আইতাকৰ ফটো দুখনত সেৱা জনাই তাই কৈ উঠিল --- " আজি বিশেষ দিনটো তোমালোকৰ পৰা আশীৰ্বাদ বিচাৰিলো আইতা আৰু মা । যি খিনি কাম কৰিবলৈ মই আজি সংকল্পবদ্ধ .. তাৰকাৰনেও আশীৰ্বাদ কৰিবা আইতা ...মা ।" তেনেকুৱাতে পাচফালৰ পৰা তাইক কোনোবাই কৈ উঠিল -- " জন্মদিনৰ বহুত বহুত শুভকামনা মোৰ গোসানীজনী ! " পিছলৈ ঘূৰি চালে তাই ..আৰু  তাইৰ প্ৰিয় নাৰীগৰাকীক মৰমেৰে সাৱটি ধৰিলে ।        


আগলৈ ..


Assamese Storyboard


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages