- তুমি মোক বিশ্বাস কৰা নে নিয়ৰ ?
- কিয় সুধিলা ?
- তুমি বিশ্বাস কৰা নিয়ৰ , এই হত্যাকাণ্ড ত মই জড়িত নাই । কিন্তু মোৰ আঙুঠি টো !( Assamese Storyboard )
- কিন্তু আঙুঠি টো আনিলে কোনে ?
- সেয়া মই ও নাজানো ! কিন্তু মোৰ আঙুঠি যেতিয়া মই দুখী হ'ম ।
- তুমি চিন্তা নকৰিবা । এতিয়ালৈকে মই এই আঙুঠি টো চিনি পাওঁ বুলি কোৱা নাই !
- এটা কাম কৰা নিয়ৰ , তুমি কৈ দিয়া
- কি !
- যে সেই আঙুঠি টো ৰাধিকা নামৰ এজনী ছোৱালী ৰ ।
- তুমি পাগল হৈছা নেকি !
- তেন্তে কি কৰিম মই !
- তুমি কোনোবা অচিনাকী ঠাইলৈ গুচি যোৱা ।
- মই ইমান নিষ্ঠুৰ হ'ব নোৱাৰো নিয়ৰ যে তোমাক এৰি মই ফচাই যাম ।
- নাজানো ৰাধিকা এইবোৰ কি হ'ব ধৰিছে । সকলো ফালে আন্ধাৰ দেখিছোঁ । পোহৰৰ সুৰুঙা এটা ও পোৱা নাই ।
- পোহৰ হ'ব নিয়ৰ , অপৰাধী ওলাৱ ।মোৰ সন্দেহ এজনী মানুহৰ ওপৰত হৈছে ।
- কাৰ ওপৰত ?
- মোৰ মাৰ ওপৰত ।
- কিন্তু !
- নিয়ৰ মই এতিয়া যাও । তুমি অলপ ধৰ্য্য ধৰা । অতি সোনকালেই মই তোমাক ইয়াৰ পৰা উলিয়াই নিম ।
- ৰাধিকা !
- অহ , নিয়ৰ তোমাক মই কথা দিলোঁ ।
কথা খিনি কৈ ৰাধিকা বতাহৰ গতি বেগত তাৰ পৰা ওলাই গৈছিল ।
মেডিকেলৰ বিচনাত শুই আছিল নিয়ৰ ৰ মাক । ওচৰতে বহি আছে সেই দুৰ্ভগীয়া মানুহ জন ।মানে নিয়ৰ ৰ দেউতাক ।মাকে মাত্ৰ চকু কেইটা মেলি দেউতাকৰ ফালে চাই আছে ।টোপ টোপ কৈ বাগৰিছে চকু পানী এজনী দুৰ্ভগীয়া মাতৃৰ । ননীমোহন কাকতিয়ে হাতত থকা ৰুমাল খনৰে চকুপানী বোৰ মছি দিছে ।
- নাকান্দিবা , তুমি ভাল হবা নহয় ! মই থাকোঁতে তোমাক আগত যাৱ নিদিওঁ । এহ , তুমি এনেই চিন্তা বোৰ কৰা । মই আমাৰ ল'ৰা ৰ ওচৰৰ পৰা আহিছোঁ । সি ভালেই আছে । সি হত্যা কৰা নাই । আমাৰ লৰাই নিগনি এটাই মাৰিব নোৱাৰে । আৰু সি মানুহ মাৰিব ! হ'ব ই নোৱাৰে । তুমি কান্দি কিয় আছা ! তুমি জানাই দেখোন তুমি কান্দিলে মই বেয়া পাওঁ । সেই যে তাহানিতে তোমাক আমাৰ ওচৰ চুবুৰীয়া নবৌ হতে কৈছিল " কবিতা , তুমি মানুহ জন কিন্তু ভাগ্য কৰি পাইছা " মই জানো তোমাক কষ্ট দিব পাৰোঁ ! মই জানো তুমি দুখত থকাটো সহ্য কৰিব পাৰোঁ !
কথা খিনি কওতে ননীমোহন কাকতিয়ে হৃদয়ৰ কোনোবা খিনিত বৰ আঘাট পাইছিল । শব্দ বোৰ ওলাই আহিব খোজা নাছিল । বৰ কষ্ট হৈছিল ।
- শুনা নিয়ৰে মোক কৈছে । দেউতা মাক ভাল কৰি সোনকালেই ঘৰলৈ লৈ যোৱা । আৰু তোমালোকে মোৰ কইনা বিচাৰিবা । মই বিয়া পাতিম ! মা আৰু তুমি নাতি পোৱালীৰ লগত উমলিব লাগিব । তোমালোকক গুৱাহাটী ত লৈ আহিম । ঘৰৰ চৌহদত এখন বাগিছা বনাম । বাগিছা ৰ নানা ৰঙীন ফুলৰ মাজত তোমালোকে নাতি পোৱালি ক উমালবা । এই কিমান ভাল লাগিব এবাৰ ভাৱি চোৱা ! এবাৰ ভাৱি চোৱা ! আমি বহুত সুখী হ'ম কবিতা , বহুত সুখী হ'ম ,,,,,,,,
নাই আৰু নোৱাৰিলে । কিমান অভিনয় কৰিব ! ধৰা দিলে নিজৰ আৱেগৰ ওচৰত । হুকহুকাই কান্দি উঠিছিল ননীমোহন কাকতিয়ে । কান্দি কান্দি পত্নীৰ হাত খনত নিজৰ কপাল খন লগাই দিছিল ।
- মোৰ কাৰনে ভাল হোৱা তুমি ! এই বুঢ়া বয়সত অকলে এৰি যাৱলৈ কিয় ওলাইছা ! তুমি স্বাৰ্থপৰ নহবা কবিতা , তুমি স্বাৰ্থপৰ নহবা ।
মৰমে বহুৱাই
মৰমে কন্দুৱাই
মৰমে পগলা কৰে ।
বৰ মৰ্মান্তিক , মেডিকেল ত প্ৰায় এনেকুৱা দুখৰ ঠুনুকা বালিঘৰৰ সৃষ্টি হয় , বহুত আশা সপোন মৰহি যায় এই মেডিকেল ৰ বিছনা ত ।
ইতিমধ্যে আৰক্ষীৰ এটা দল পলাশ ভাড়া থকা ঘৰটো লৈ গৈছিল । ভাড়া ঘৰৰ মালিক ক আৰক্ষীৰ দলটোৱে লগ কৰিলে ।
- ছাৰ পলাশ হত্যাকাৰী ক আপোনালোকে বিচাৰি পালে নে ?
- নাই পোৱা । সেই কাৰণে আমি আপোনাৰ ওচৰত আহিছোঁ । কাৰন এটা ফোন কলতে এজন মানুহক আমি হত্যাকাৰী বুলি চিনাক্ত কৰিব নোৱাৰোঁ ।
- হয় ঠিকেই কৈছে ছাৰ ।
- বাৰু দুৱৰা আপুনি কথা এটা কওকচোন !
- হয় সোধক ছাৰ !
- পলাশ আপোনাৰ ঘৰত থকাৰ কিমান বছৰ হ'ল ?
- প্ৰায় চাৰি বছৰ মান হ'ল ছাৰ ।
- ল'ৰা জনৰ আচাৰ , ব্যৱহাৰ কেনে আছিলে ?
- মই টো ভালে দেখিছোঁ ছাৰ ।
- উম , বাৰু এইটো ঘৰত মাজে মাজে সময়ে বেলেগ বেলেগ মানুহ আহিছিল নেকি ?
- হয় , প্ৰায়ে আহিছিল ছাৰ ।
- আপুনি তাৰ মাজৰ কাৰোবাক চিনি পায় ?
- মই প্ৰায় সময় নিজৰ কামতে ব্যস্ত থাকো ছাৰ । তেনেকে কাৰো লগত চিনাকী হোৱা নাই ।
- উম , ইয়াত পাৰ্টি হয় নেকি মাজে সময়ে ?
- সঘনাই হৈছিল ছাৰ ।
- পলাশ ৰ হত্যা কাণ্ডৰ দিনা ও হৈছিল নেকি ?
- মাজতে এসপ্তাহ মান হোৱা নাই ছাৰ ।
- বাৰু পলাশে কি কাম কৰিছিল আপুনি গম পায় নেকি ?
- সবিশেষ নাজানো , কিন্তু ব্যক্তিগত খণ্ডৰ অফিচ এটাত কৰে বুলি মোক সি কৈছিল ।
- বাৰু পলাশৰ ৰুমত হোৱা পাৰ্টি ৰ কিবা ফটো বা ভিডিঅ' ফুটেজ আপোনাৰ লগত আছে নেকি ?
- ফটো ! ৰব মোৰ ভন্টিৰ ওচৰত আছে নেকি সোধো ।( Assamese Storyboard )
কিছু সময় পাছত মানুহ জনে নিজৰ ভনীয়েক ক লৈ আহিলে । পুলিচ দেখি অলপ ভয় খাইছিল তেনেতে বৰুৱা ই মাত লগালে ।
- আহা , ভয় কৰিবলগীয়া একো নাই ! নামি কি তোমাৰ ?
- মল্লিকা ! মল্লিকা গগৈ ।
- বৰ ধুনীয়া নাম ।বাৰু তোমাৰ মোবাইল ত পলাশ ৰ ৰুমত হোৱা পাৰ্টি ৰ কিবা ভিডিঅ' বা ফটো আছে নেকি ?
- অ , অ আছে । তাৰ বাৰ্থ দে পাৰ্টিৰ দিনা খনৰ ।
- অ বঢ়িয়া । তুমি মোক ভিডিঅ' চেন্ট কৰা ।
মল্লিকা ই অফিচাৰ বৰুৱাক ভিডিঅ'টো চেন্ট কৰিলে । আৰু বৰুৱা যাৱলৈ ওলাল ।
- মিষ্টাৰ গগৈ আমি এতিয়া আহো । কিবা প্ৰয়োজন হ'লে আপোনাক আমি বিচাৰিম ।
- ঠিক আছে ছাৰ ।
বৰুৱা ই এটা হুমুনিয়াহ এৰিলে । দেখা যাওক এতিয়া খেল খন কি হয় ।
নিজৰ কোঠাৰ বিছনা খনত বুকুত গাৰু এটা সাৱটি ৰাধিকা ই শুই শুই ভাৱি আছে কেনেকৈ নিয়ৰক নিৰপৰাধী সজাৱ পৰা যায় ! তাইৰ মাকৰ প্ৰতি তাইৰ ঘৃনা লাগিছিল কাৰন মাকে তাইৰ লগত ইমান খিনি কৰাৰ পাছটো পৰিকল্পিত ভাৱে পলাশক হত্যা কৰি কেনেকৈ তাইৰ আঙুঠি টো তাত থৈ তাইক ফচাব বিচাৰিছে ! তাইৰ মাকৰ মৃত্যুৰ পাছত তাইৰ দেউতাকে বিয়া পাতিছিল । সেই সময়ত ! তাই কলেজত পঢ়ি আছিলে । ঘৰ খনত এজনী গাভৰু ছোৱালী থকাৰ পাছটো দেউতাকে বিয়া পাতিব বিচৰা কথাটো শুনি ও প্ৰতিবাদ কৰা নাছিল । ভাৱিছিল তাইৰ মাকৰ দুখ বোৰ পাহৰি যোৱাৰ কাৰনে হয়টো দেউতাকে বিয়া পাতিব বিচাৰিছিল । তাইৰ মাহী মাক জনী তাতকৈ বয়সত দহ/বাৰ বছৰ মানৰ হে ডাঙৰ হ'ব । তথাপি তাই হেৰাই যোৱা মা শব্দটো ঘূৰাই পাইছিল । নিজৰ মাকৰ নিচিনা ভাৱিছিল ।
- অহ, মই শুই আছ !
মাক সোমাই আহিছিল তাইৰ কোঠালৈ ।
- অহ
- তোৰ লগত কথা এটা আছে ।
- কোৱা মা ।
- তই কাইলৈ ৰাতিপুৱা গাৱৰ জেঠাইৰ ঘৰলৈ যাৱ লাগিব ।
- কিয় মা ?
- তই ইয়াত থকাটো মই বিচৰা নাই ।
- কিয় ?
- কোন মূহুৰ্তত পুলিচে আহি তোক ধৰিব ঠিকনা নাই ।
- মোক ধৰিলে কি হ'ব মই টো হত্যাকাৰী নহয় ।
- মই নুবুজ কিয় , মুঠৰ ওপৰত তই কাইলৈ ৰাতিপুৱা যাৱ লাগিব ।
- ঠিক আছে , মোক পুলিচে ধৰিব ! কিন্তু তোমাৰ কিয় ভয় লাগিছে ।
- তোক পুলিচে ধৰিলে মই ও ফচিম । কথাষাৰ মনত ৰাখিবি ।
- সেই কাৰণে ঘটনাবোৰ কৰা ৰ আগত ভাৱি চিন্তি চাব লাগে ।
- সেই কাৰনে টো চিন্তা হৈছে । কথাবোৰ সহজ ভাৱে লৈ পেলালো ।
কথা খিনি কৈ মাক ৰুমৰ পৰা ওলাই গ'ল ।
" সহজ ভাৱে লৈ পেলালো মানে ! তাৰমানে এই হত্যাকাণ্ড !!!"
ক্ৰমশঃ © ৰাগ ৰঞ্জন
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7
(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment